Ranipukhuri CRC

Ranipukhuri CRC Educational, Co-educational

APPC - Assessment Papers Preperation Committee (Formerly known as EAAPPC- Evaluation and Assessment Papers Preperation C...
19/06/2026

APPC - Assessment Papers Preperation Committee (Formerly known as EAAPPC- Evaluation and Assessment Papers Preperation Committee) has released the Assessment Time Schedule for 1st Formative Assessment 2026-27.

Periodic Assessment Test (PAT) has been successfully concluded in the schools under the jurisdiction of Ranipukhuri Clus...
18/06/2026

Periodic Assessment Test (PAT) has been successfully concluded in the schools under the jurisdiction of Ranipukhuri Cluster as per schedule.

9th Jun - 12 Jun, 2026 --> Class III, IV and V

16th Jun, 2026 --> Class VI, VII and VIII

PAT ৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীৰ শিকণ ঘটি চিনাক্ত কৰিব পাৰোঁ আৰু যি স্তৰত সহায়ৰ প্ৰয়োজন তাত সঠিক সহায় আগবঢ়াব পাৰোঁ।

17/06/2026
ৰাণীপুখুৰী ক্লাষ্টাৰৰ অধীনস্থ সকলো বিদ্যালয়তে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলৰ সহযোগত বিশ্ব পৰিবেশ দিৱ...
11/06/2026

ৰাণীপুখুৰী ক্লাষ্টাৰৰ অধীনস্থ সকলো বিদ্যালয়তে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলৰ সহযোগত বিশ্ব পৰিবেশ দিৱস 🌲🌴 (০৫.০৬.২০২৬) উদযাপন কৰা হয়।


ভাৰতবৰ্ষত মিছন লাইফ (Eco Club for Mission LiFE - Lifestyle for Environment)-ৰ অধীনত গঠিত ইকো ক্লাবসমূহে ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ 🌲🌴 সজাগতা আৰু দায়িত্ববোধ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰত চৰকাৰে আৰম্ভ কৰা মিছন লাইফে মানুহক দৈনন্দিন জীৱনত পৰিৱেশ-অনুকূল অভ্যাস গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। ইকো ক্লাবসমূহে গছপুলি ৰোপণ ☘️🌵☘️, পৰিচ্ছন্নতা অভিযান, আৱৰ্জনা ব্যৱস্থাপনা, পানী সংৰক্ষণ 💦 কাৰ্যসূচী আৰু সজাগতা সমদল আয়োজন কৰি ছাত্ৰ-ছাত্ৰী আৰু সমাজক প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে উদ্বুদ্ধ কৰে।

বিশ্ব পৰিৱেশ দিৱস-২০২৬ ইকো ক্লাবসমূহৰ বাবে সেউজীয়া 💚, পৰিষ্কাৰ আৰু বহনক্ষম ভৱিষ্যৎ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি অধিক শক্তিশালী কৰাৰ এক বিশেষ সুযোগ। সামূহিক প্ৰচেষ্টা আৰু পৰিৱেশ-দায়বদ্ধ জীৱনশৈলীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে ইতিবাচক পৰিৱেশগত পৰিৱৰ্তনৰ দূত হিচাপে কাম কৰিব পাৰে আৰু মিছন লাইফৰ লক্ষ্যসমূহ বাস্তৱায়নত অৰিহণা আগবঢ়াব পাৰে।

শৈক্ষিক সম্বৰ্দ্ধনা অনুষ্ঠানৰ সফল সামৰণি (ফটসমূহত থকা ফ্লেক্সবোৰ কম্পিউটাৰৰ সহায়ত লগোৱা হৈছে):-ৰাণীপুখুৰী মণ্ডল সমল কেন...
30/05/2026

শৈক্ষিক সম্বৰ্দ্ধনা অনুষ্ঠানৰ সফল সামৰণি (ফটসমূহত থকা ফ্লেক্সবোৰ কম্পিউটাৰৰ সহায়ত লগোৱা হৈছে):-
ৰাণীপুখুৰী মণ্ডল সমল কেন্দ্ৰ (CRC)ৰ উদ্যোগত আৰু ৰাণীপুখুৰী প্ৰাথমিক শিক্ষক গোটৰ সহযোগত বৃহত্তৰ ৰাণীপুখুৰী অঞ্চলৰ পৰা 2026 বৰ্ষৰ HSLC আৰু AHSEC ৰ চূড়ান্ত পৰীক্ষাত 75% বা ততোধিক নম্বৰেৰে উত্তীৰ্ণ হোৱা কৃৰ্তি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্দ্ধনা জনোৱা হয় । এই অনুষ্ঠানটিত মুঠ 15 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানটিত সভাপতিৰ আসন অলংকৃত কৰে ৰাণীপুখুৰী প্ৰাথমিক শিক্ষক গোটৰ সভাপতি তথা ভৰালীকাষ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্মানীয় ছোৰহাব আলী ডাঙৰীয়াই । অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে দৈপাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক সন্মানীয় দাউদুৰ ৰহমান ডাঙৰীয়া । লগতে উপস্থিত থাকে কৃৰ্তি ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক-অভিভাৱিকাসকল । ৰাণীপুখুৰী মণ্ডলৰ সৰহ সংখ্যক শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতি আৰু সক্ৰিয় সহযোগেৰে আজিৰ সম্বৰ্দ্ধনা অনুষ্ঠানটি সফলভাবে অনুষ্ঠিত হৈ যায় ।
সম্বৰ্দ্ধনা জনোৱা ছাত্ৰ-ছাত্ৰীসকলৰ নাম :-
1. Ruksana Parbin – HS - 90.8% - Chenibari Anchalik Higher Secondary School
2. Azmina Sabana Choudhuri – HS – 86% - Maryam Azmal Sr. Secondary School
3. MINARA KHATUN – HS – 81.8% - Jangalpara Sr. Secondary School
4. Masuma Parbin – HS – 83.8% - Maryam Azmal Sr. Secondary School
5. Romiza Siddika - HS – 82.4% - Maryam Azmal Sr. Secondary School
6. Nazmin Nehar – HS – 80.4% - Maryam Azmal Sr. Secondary School
7. AFRUJ ZAMAN – HS – 79% - Chenibari Anchalik Higher Secondary School
8. KOKILA KHATUN – HS – 80% - SANKARDEV SISHU VIDYA NIKETAN, BHERBHERI
9. IRINA PARBIN – HS – 83.8% - Chukabahi Jatiya Vidyalaya
10. Farhin Ara Begum – HS – 81.8% - Maryam Azmal Sr. Secondary School
11. Masuma Khatun – HS – 76.2% - Maryam Azmal Sr. Secondary School
12. TAKMINA KHATUN – HS – 81.6% - Chenibari Anchalik Higher Secondary School
13. Ashique Rabbani – CBSE Class X – 91.2% - PM SHRI JNV, Udalguri
14. Beautiara Begum – CBSE Class X – 89.2% - PM SHRI JNV, Udalguri
15. MASFIK ALOM – CBSE Class X – 86% - PM SHRI JNV, Udalguri
(বি:দ্ৰ: - উপৰোক্ত তথ্য সমূহ নিৰ্দিষ্ট চুবাৰ অন্তৰ্গত বিদ্যালয় প্ৰধানৰ পৰা সংগ্ৰহ কৰা হৈছে।)

অনুষ্ঠানটি সুকলমে পৰিচালনা কৰাত সহযোগ কৰা সকলো চাৰ-বাইদেউলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ।
ছাত্ৰ-ছাত্ৰী সকলৰ উজ্বল ভৱিষ্যত ও নিজ নিজ লক্ষ্যত উপনীত হওঁক তাৰে কামনা কৰিলোঁ।

স্থান – ৰঙ্গমঞ্চ প্ৰাঙ্গন, ৰাণীপুখুৰী উচ্চচ মাধ্যমিক বিদ্যযালয়
তাৰিখ – 30/05/2026.
(অনুষ্ঠানটিত চাহ-বিস্কুটৰ ব্যৱস্থা কৰে ৰাণী পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সন্মানীয় দিলোৱাৰ হুছেইন চাৰে। কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে Packet Lunch ৰ ব্যৱস্থা কৰে মধ্য ভোলাবাৰী প্ৰা:বি: ৰ সহকাৰী শিক্ষক Rajibul Riyaz চাৰে।

আজি ইং ২৩/০৫/২০২৬ তাৰিখ শনিবাৰে দুপৰীয়া ১২:০০ বজাত ৰাণীপুখুৰী CRC Head Quarter ত ৰাণীপুখুৰী শিক্ষক গোটৰ সভাপতি মঃ ছোৰহা...
23/05/2026

আজি ইং ২৩/০৫/২০২৬ তাৰিখ শনিবাৰে দুপৰীয়া ১২:০০ বজাত ৰাণীপুখুৰী CRC Head Quarter ত ৰাণীপুখুৰী শিক্ষক গোটৰ সভাপতি মঃ ছোৰহাব আলী ডাঙৰীয়াৰ সভাপতিত্বত কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কল্যাণৰ উদ্দেশ্যে এটা ট্ৰাষ্ট গঠন (পুনৰুজ্জীৱিত) কৰাৰ বাবে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয় আৰু নিম্নোল্লিখিত প্ৰস্তাৱ সমূহ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়।

১ম প্ৰস্তাৱ - আজিৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে ৰাণীপুখুৰী মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ কল্যাণাৰ্থে গঠন কৰা ট্ৰাষ্টখন "ৰাণীপুখুৰী শিক্ষক কল্যাণ ট্ৰাষ্ট" (Ranipukhuri Teachers Welfare Trust) নামেৰে নামাকৰণ কৰা হওঁক।

২য় প্ৰস্তাৱ - আজিৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে "ৰাণীপুখুৰী শিক্ষক কল্যাণ ট্ৰাষ্ট" ৰ সমিতিখন তলত দিয়া ধৰণে সৰ্বসন্মতিক্ৰমে গঠন কৰি দিয়া হওঁক।
১/ সভাপতি - Julfikkar Ali ( জ্যেষ্ঠ সহকাৰী শিক্ষক, ৰাণীপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়)
২/ সম্পাদক - Jiaur Rahman (প্ৰধান শিক্ষক, ১ নং ঝাৰগাওঁ হজিচুবা প্ৰাথমিক বিদ্যালয়)
৩/ কোষাধ্যক্ষ - Zulfikkar Ali (সহ শিক্ষক, ৰাণীপুখুৰী প্ৰাথমিক বিদ্যালয়)
৪/ সদস্য-সদস্যা - বিদ্যালসমূহৰ বাকী থকা সকলো শিক্ষক-শিক্ষয়িত্ৰী।

তদুপৰি সমিতিৰ নীতি - নিয়ম, সদস্য-সদস্যাৰ বৰঙণি আদিৰ প্ৰস্তাৱ সমূহ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়।

মণ্ডল পৰ্য্যায়ত গ্ৰহণ কৰা অন্যান্য প্ৰস্তাৱ/সিদ্ধান্ত -

১/ আজিৰ সভাত হোৱা আলোচনা অনুসৰি ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (HSSLC)ত ৭৫% বা তাতোকৈ বেছি নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ ৰাণীপুখুৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলক মণ্ডল সমল কেন্দ্ৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা বাবে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয়। Tentative Date: ৩০/০৫/২০২৬, শনিবাৰ)।

২/ আলোচনা মৰ্মে সিদ্ধান্ত লোৱা হয় যে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহ-বিদ্যায়তনিক (Co-scholastic) দিশৰ বিকাশৰ উদ্দেশ্যে বিভিন্ন প্ৰতিযোগিতামূলক ক্ৰিয়া-কলাপেৰে ২০ জুন/২০২৬ তাৰিখে মণ্ডল পৰ্যায়ত ৰাভা দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

৩/ বিবিধ।

আজিৰ সভাত চাৰ-বাইদেউ সকলৰ বাবে লঘূ আহাৰৰ ব্যৱস্থা কৰে নাখাট ভূল্লিচুবা মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষক মাননীয় Mehbub Ali ডাঙৰীয়াই।

বিদ্যালয়ৰ প্রতঃসভাত নিয়মীয়াকৈ অংশ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলে পৰিষ্কাৰ-পৰিচ্ছন্নতা , নিয়মানুৱৰ্তিতা, সময়নিষ্ঠ আদি গুণৰ ...
21/05/2026

বিদ্যালয়ৰ প্রতঃসভাত নিয়মীয়াকৈ অংশ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলে পৰিষ্কাৰ-পৰিচ্ছন্নতা , নিয়মানুৱৰ্তিতা, সময়নিষ্ঠ আদি গুণৰ অধিকাৰী হ'ব পাৰে ।

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চৰকাৰে যোগান ধৰা বিনামূলীয়া ঐক্যপোছাক বিতৰণ।শিক্ষাবৰ্ষ: ২০২৬-২৭
17/05/2026

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চৰকাৰে যোগান ধৰা বিনামূলীয়া ঐক্যপোছাক বিতৰণ।
শিক্ষাবৰ্ষ: ২০২৬-২৭

15/05/2026

(Shared from Akash Acharjee Sir )
🙏❣️শিক্ষক থাকিলেই....সুন্দৰ ভৱিষ্যত থাকিব...❣️🙏

❤️“মাতৃৰ পিছত যদি কোনোবাই সঁচাকৈ বুজে…
তেন্তে তেওঁ হৈছে শিক্ষক।” কাৰণ মাতৃয়ে জীৱন জীয়াই থাকিবলৈ শিকায়…আৰু শিক্ষক মানুহ হ’বলৈ শিকায়…

📌আজিৰ শ্ৰেণীকোঠাৰ আটাইতকৈ ডাঙৰ সমস্যা:
❌ শিশুৱে পাঠত মন নিদিয়ে।
❌ শিক্ষকৰ কথাবোৰক গুৰুত্ব নিদিয়ে।
❌ টানকে কোৱা কথাক শত্রুতা বুলি ভাবে।
❌শিক্ষাৰ প্রকৃত মূল্য নুবুজে।

📌সত্য / সমাধান:

✅ শিক্ষকে প্ৰতিটো শিশুক বুজিবলৈ চেষ্টা কৰে।
✅ টানকে কোৱা কথাৰ আঁৰত থাকে তোমালোকৰ ভৱিষ্যৎ সুধাৰিবলৈ কৰা চেষ্টা।
✅ প্ৰতিটো শিশুৰ পিছত শিক্ষকৰ পৰিশ্ৰম লুকাই থাকে।
✅ সেই গুণবোৰেই তোমালোকক উত্তম মানুহ বনায়।

❣️এজন শিক্ষকৰ পৰিশ্ৰম:

🙏প্ৰতিদিনে ৩০-৪ জন শিশুৰ সৈতে থিয় দিয়া।
🙏প্ৰত্যেকৰে বেলেগ পৃথিৱী, পৃথক চিন্তা, পৃথক সমস্যা…
🙏কেতিয়াবা টানকে কোৱা, কেতিয়াবা মৰমৰে বুজোৱা, কেতিয়াবা তোমাৰ কম নম্বৰ দেখি তোমাতকৈও অধিক দুখ পোৱা…এই সকলো বোৰ কেৱল তোমালোকৰ বাবে, নিজৰ বাবে নহয়।

💔কটু কিন্তু সত্য কথা…
যিদিনা তুমি শিক্ষকৰ সন্মান এৰি দিবা…
সিদিনা তুমি নিজৰ ভৱিষ্যতৰ ভেটিটো দুৰ্বল কৰি দিবা…

💔আজিৰ যিসকল ভাল মানুহ ডাঙৰ ডাক্তৰ, বিষয়া, ইঞ্জিনিয়াৰ হৈছে, তেওঁলোকৰ সফলতাৰ আঁৰত এজন নহয় এজন শিক্ষকৰ পৰিশ্ৰম নিশ্চয় লুকাই থাকে…

🙏“যদি শিক্ষক নাথাকিলেহেঁতেন, তেন্তে আমি কেৱল পঢ়া-লিখা জানিলোহেঁতেন, কিন্তু ভাল মানুহ হ’ব শিকিব নোৱাৰিলোহেঁতেন…”

❤️“গতিকে ছাত্ৰ ছাত্ৰী সকলে মন কৰিবা যিজন শিক্ষকক আজি তুমি IGNORE কৰি আছা…
সেইজনেই কাইলৈৰ বাবে তোমাৰ পৰিচয় গঢ়ি তোলাৰ চেষ্টাত বৰ্তী আছে…”

Address

Vill Bholabari, PO Ranipukhuri
Udalguri
784190

Opening Hours

Monday 11:30am - 2:05pm
Tuesday 11:30am - 2:05pm
Wednesday 11:30am - 2:05pm
Thursday 11:30am - 2:05pm
Friday 11:30am - 2:05pm
Saturday 11:30am - 1pm

Website

Alerts

Be the first to know and let us send you an email when Ranipukhuri CRC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category