01/08/2026
এই পেজতো মই Bikramjit Axom {Pachani} য়ে পৰিচালিত কৰি আহিছিলো।
এফ এম বিৰিণাশায়েক মধ্য ইংৰাজী বিদ্যালয়।
সকলোৰে বাবে এইখন এখন বিদ্যালয়,কিন্তু মোৰ বাবে দ্বিতীয় ঘৰ আছিল।পাৰিবাৰিক সমশ্যাৰ বাবে এৰি আহিব লগা হল।তাত তিনি বছৰ এক মাহ মোৰ কাৰ্যকাল আছিল।কিনো কম তাৰ বিষয়ে,কৈ শেষ কৰিব নোৱাৰো।তথাপিও অলপ মিঠা অভিজ্ঞতা মনৰ পৰা কাহানিও মচিব নোৱাৰো।
প্ৰথম দিনা,01/06/2023
প্ৰথমে ভাবিছিলো কত আহিলো মই,ইমান লৰা ছোৱালী,ইমান ডাঙৰ স্কুল।মাথা ঘূৰাই গল দেখিয়ে।সোমাই গৈ কমন ৰুম গলো ,সকলো বহি আছে,সকলোৱে মোলৈ ছাইছে, মই তাত জইন কৰিম বুলি গম পাই সকলোৱে কৈছিল বৰ ভাল কথা,কিবা এটা ভাল লাগিছিল তেতিয়া,এদিন দুদিন কৈ গৈ আছে দিনবোৰ,কাম একো নাই,অকল বহি থাকো, বৰ আমনি দায়ক আছিল দিনকেইটা, ঘৰৰ বাবাই কলে ভাল লগা নাই যদি ৰিজাইন দে,মইয়ো ভাবিলো হয় কথাটো,আহি ছাৰ হতক কলো,সকলোৱে বাধা দিলে স্কুলত, বিশেষঃ কৈ মহন্ত ছাৰ,গগৈ ছাৰ, চন্দ্ৰম বাইদেউৱে আনতকে অলপ বেছিকৈয়ে বুজালে,কাৰণ সুধিলে সকলোৱে, কলো একো কাম বন নাই,আমনি লাগিছে ,এনেকৈ মই পাগল হৈ যাম।তেতিয়া মহন্ত ছাৰে কলে কম্পিউটাৰ কাম জানা নাই,মই কলো জানো,লগা লগ মোক ই ক্লাছ ৰুম ৰ সম্পূৰ্ণ দায়িত্ব মোক দি দিলো, অলপ অলপ ভাল লগা হল,লাহে লাহে দুই এটা কাম মই নিজেই বঢ়াই গলো,লৰা ছোৱালী বোৰ খুব কম দিনৰ ভিতৰত মোৰ লগত মিলি গল,খুব ভাল সম্পর্ক এটা গঢ় লৈ উঠিল আমাৰ মাজত লগতে ৰান্ধনী বাইদেউ হতৰ লগতো।সকলোৰে লগত দিনক দিনে মৰম চেনেহবোৰ বাঢ়িব ধৰিলে🥰🥰
Ranjan Jyoti Mahanta --মোৰ প্ৰথম প্ৰধান শিক্ষক।খুৱ চাফা আৰু নিকা অন্তৰৰ এজন মানুহ,হাঁহি ফুৰ্তি কৰি খুব ভাল পাই,সকলোৰে লগত মিলি যায়,মোৰ লগত সম্পৰ্ক বহু কেইটা,পিতৃ, বন্ধু,ভায়েকৰ সম্পৰ্ক,সময়ে সময়ে সম্পৰ্ক বোৰ সলনি হৈ থাকে,সকলোৰে লগত খুব মিলি থাকে।মোৰ লগত সকলো ধৰণৰ কথা আলোচনা কৰে।মোৰ সকলো বিপদতে ছাৰৰ অৰিহণা বহুত।ছাৰৰ খং মুঠেই নুঠে,কিন্তু শ্ৰেণী কোঠাত বুজাই থাকোতে যদি কোনোবাই মন নিদিয়ে হল আৰু,তেতিয়া কিন্তু ছাৰৰ খং চৰম পয্যায় পায়গৈ।
Dilip Hsndique--মোৰ জীৱনৰ দ্বিতীয় প্ৰধান শিক্ষক।দেখাত খঙাল,কিন্তু প্ৰকৃততে বহুত কোমল অন্তৰৰ এজন লোক,খাই ভাল পাই ছাৰে, কামলৈ কোনো দিন ভয় নকৰে,প্ৰথমে যেতিয়া প্ৰধান ৰ দায়িত্ব লৈছিল,ভাবিছিলো কি হব এতিয়া আমাৰ,কিন্তু আমি ভুল আছিলো,আমি ভবাৰ দৰে নহল ছাৰ,মোৰ ঘৰুৱা কিবা বিপদ হলে মোক কোনো দিন ৰাখি নথৈ সোনকালেই পঠাই দিছিল সদায় ঘৰলৈ,কিবা কাম এটা শেষ নোহোৱালৈকে লাগি থাকে,শেষ হলেহে শান্তি পায়, ছাৰে প্ৰায়ে মোক কয়--বিক্ৰম হেৰিটো হেৰিতে আছে আনি দিয়াচোন😃😃পিছে মইয়ো বুজি নাপাওঁ😃😃
দুইজন প্ৰধানৰে উপকাৰ মই কাহানিও পাহৰিব নোৱাৰো,মোক কোনো দিন একো শাৰীৰিক গধুৰ কাম দি নাপালে,প্ৰয়োজন ত নিজে কৰিব,কিন্তু মোক নিদিয়ে(কয় তুমি নোৱাৰা এইবোৰ)সঁচাই কথাবোৰ ভাবি বুকু বিষাই গৈছে মোৰ😭😭
Nobin Gogoi--(বাদ দিয়া হে)
ছাৰ মাতটো ডাঙৰ,নিকা অন্তৰ,যি কব মুখৰ আগত কব,খাই খুব ভাল পাইছিল,কিন্তু আজিকালি অলপ কমালে বাৰু,ওজন এশ উৰ্ধত হলেই খাবলৈ কমাই,আমাৰ আচল চাহ কাপৰ আমেজ গগৈ ছাৰ অবিহনে সেমেকা,কি কোনো বস্তু ছাৰে বনাওতে খুব সোনকালে আৰু খুব চাফ চিকুনকৈ বনাইছিল,ছাৰে যিটো সোৱাদ লগাই চাহ কাপ বনাই,আমি বনালে তেনেকুৱা কাহানিও নহয়,কি মৰম মিহলাই নাজানো।ঘৰত ছাৰৰ বিভিন্ন ধৰণৰ ফল আছে,আমাক মাজে মাজে আনি দি সোৱাদ দি থাকে,মই আৰু সেইবোৰ নাপাম,মাথোঁ অনুভৱ হে কৰিব পাৰিম আৰু।আৰু এটা কথা কিবা যদি বনাই প্ৰথম কিন্তু টেষ্ট কৰিবলৈ সদায় মোকে মাতে আৰু আমাৰ দৰমহা সদায় গগৈ ছাৰে সুমুৱাই দিয়ে😃😃ভালে থাকক ছাৰ সদায়।
Nasim azad--বৰ শান্ত প্ৰকৃতিৰ ছাৰৰ স্বভাৱ,গা অলপ অলপ বেয়া হৈ থাকে,কিন্তু ছাৰৰ চিন্তাই বেছি গা বেয়া কৰে,আজিকালি অলপ এলাহ হৈছে ছাৰৰ,যিকোনো কথা মোৰ লগত পাতে,কৰবাত গলে মোক লগত লৈ যায় মাজে মাজে,ঘৰত খুৱাই খুব ভাল পাই,বাইদেৱে বৰ সুন্দৰ খানা বনাই,বহু বাৰ সোৱাদ লৈছো মই।কিবা সৰু সৰু অসুবিধা হলে মোৰ লগতে আলোচনা কৰে।লৰা ছোৱালীক পিটিব নোৱাৰে,এনে বেত ডাল দেখাই ভয়হে খুৱাই😃ভালে থাকক সদায়।
Ranjana dutta--দেখাত কিন্তু বাইদেউ খঙাল,কিন্তু তেনে নহয়,পেটত একো নথৈ মুখৰ আগতে কৈ দিয়ে,মই যেতিয়া প্ৰথম স্কুলত বাইদেউক দেখা পাইছিলো,বাইদেৱে মোলৈ যেনেকৈ চাইছিল,মোৰ আজিয়ো মনত আছে,সচাই কিন্তু ভয় লাগিছিল সেইদিনা,কিন্তু পাছত বহুত ভাল হৈ গল মোৰ লগত,খুব মৰম কৰিছিল মোক,বহু ভাল ভাল উপদেশ দি গৈছিল মোক।চাহ খাবলৈ প্ৰায়ে কিবা কিবি লৈ আহিছিল আমালৈ।
Chandrama Kalita--সদায় ষ্টাইল কৰি ভাল পাই,মহিলা বুলিলেতো অলপ চলপ সকলোৱে কৰে,কিন্তু বাইদেউ অলপ সুকীয়াকৈ সাজি কাঁচি ভাল পাই,দেখাত সাধাৰণ...কিন্তু বহু সুপ্ত প্ৰতিভা আছে,ইংৰাজী ত কবলৈ গলে multi-talented...এনে বাইদেউ অলপ হিচাবি,কিন্তু ঘৰলৈ গলে খুৱাই ভাগৰাই দিয়ে,যি যত থাকে চব উলিয়াই আনে,আৰু এটা বাইদেউ বিশেষ গুণ আছে,সেইটো হল বাইদেউ এটা অন্তৰখুলা বিশেষ হাঁহি আছে,যিটো হাঁহি শুনিবলৈ আমি সকলোৱে বাট চাওঁ সদায়,যিটো মোৰ সদায় মনত থাকিব🥺😃
Momi Dutta --অলপ গহীন গম্ভীৰ,কথাত শালীনতা(খং য়ো আছে কিন্তু,মোৰ ক্ষেত্ৰত দেখা নাপালো কোনোদিন),সম্পৰ্কত মোৰ বা,মইয়ো নিজৰ বা দৰে শ্ৰদ্ধা আৰু ভাল পাওঁ,মোক কিবা কথা কলে সদায় নিজৰ আন্তৰিকতা কিনি দেখো,যেন নিজৰ ভায়েকৰ কিবা কৈছে🥰নিজৰ দায়িত্ব বোৰ সদায় সুচাৰুভাৱে পালন কৰে,কথা কৈ শেষ কৰিব নোৱাৰো সকলোৰে বিষয়ে🥺মোক কাৰণে সদায় ঢাল হৈ থাকে,শাসনো কৰিছিল অলপ নিজৰ ভায়েক হিচাপে🥰
Rajashri Devi --বৰ শান্ত শিষ্ট প্ৰকৃতিৰ,কথা কেলেই যেন দুখ পাব,অন্তৰ খন বৰ কোমল,আগতে তো অলপ কিবা কথাত দুখ লাগিলেই চকু পানী ওলাই,আজিকালি বাৰু অলপ টান হৈছে😃😃সম্পৰ্কত মোৰ ডাঙৰ ভন্টি,মাটো বাইদেউ বুলি কিন্তু ভাবো ভন্টি বুলি,মোকো কিন্তু নিজৰ ককায়েকৰ গতেই সন্মান কৰিছিল।সকলো সদায় সুখ শান্তিত থকাটোৱে কামনা কৰো।ঘৰুৱা সকলো সমস্যা আওকান কৰি সদায় নিৰ্ধাৰিত সময়ত স্কুল পাইছিলহি,মই খাইছো নাইখোৱা সদায় মন কৰিছিল,সেইটো কাম কিন্তু সকলোৱে ভাবিছিল দেই,বিক্ৰমে পালে নাই🥺🥺😭
Makhan Mayur Tahu--মোৰ দাদা,বন্ধু সকলো,টাহু হয় কিন্তু,কোটাত পোৱা নহয় দেই,বহুত প্ৰতিভা আছিল ছাৰৰ,শব্দ গাঁথনি ছাৰৰ নিচিনা দেখা নাই মই,ইমান যে বনাব পাৰে,স্কুলত কিহবা অনুষ্ঠান এটা হলে মোলৈ ৰৈ নাথাকেই,আগ ভাগ লৈ আজৰি কৰি থয়,যিকোনো কাম নিখুঁত ভাবে কৰে,কাপোৰ কানি সদায় সুন্দৰকৈ পৰিধান কৰি আহে,ছাৰ য়ু মোৰ দৰে কিছুমান ঘৰুৱা অসুবিধা ৰ বাবে ইয়াৰপৰা অব্যাহতি ললে।বহু বাৰ মিছিং সম্প্ৰদায়ৰ ভাল ভাল বস্তুৰ সোৱাদ দিলে।কাকো পাহৰিব নোৱাৰা কোনোদিন🥰
Nitumoni Phukan--এ বিন্দাচ বুলি কথা জে এষাৰ আছে বাইদেউ লগত সুন্দৰকৈ মিলে,একদম ভং ভংগীয়া,মুখত যি আহে চিধা কৈ দিয়ে,আগতে স্কুল আহোতে যে কিমান গৰু ছাগলী মহতিয়াই থৈ আহে😂😂আহি সকলোকে কয়হি,মাতটো যিমানেই ডাঙৰ,অন্তৰখন সিমানেই কোমল।বেছি দিন নাপালো, কিন্তু সকলোৰে অন্তৰত সোমাই পৰিল।
Abhijit kachari ---খুব শান্ত খুহুতিয়া স্বভাৱৰ এজন লোক,এতিয়া পিছে টাহু ছাৰৰ বহুতো দায়িত্ব কছাৰী ছাৰে লয়, কেতিয়াবা কেতিয়াবা ছাৰ অকল নিজৰ পৃথিৱী খনতে থাকে,কিছুমান আকস্মিক ঘটনা কেৱল ছাৰৰ লগতহে ঘটে,কিবা লটি ঘটি হৈ যায়,ছাৰৰ হৈ থকা অসুবিধা সমূহ যেন ভগৱানে সোনকালে আঁতৰাই নিয়ে।মোক সদায় নিজৰ ভাই বন্ধুৰ দৰে মৰম কৰিছিল🥰
Johimoni Bora --{আমাৰ neno গাড়ীখন)
মাটো বাইদেউ বুলি কিন্তু ভাবো বন্ধু বুলি,সৰু মাত,নম্ৰ,সহজ সৰল স্বভাৱৰ,খুব কম দিনতে আপোন হৈ পৰিল,জোনেই যি কক হাঁহিটো থাকিবই মুখত,মন বেয়া হলে চেলাউৰী ওপৰলৈ দাং খাই থাকে, মই বুজি পাওঁ অলপ।মানুহজন মানে সমীৰ দা খুব ফ্রেণ্ডলি, মানুহৰ লগত খুব সোনকালে মিলিব পাৰে,মই বৰ কম দিনৰ ভিতৰত ঘৰুৱা হৈ পৰিছিলো,সকলো ভালে থাকক।
Songita Saikia --আমাৰ স্কুলত আটাইতকৈ সৰু ছোৱালীজনী,শান্ত,নম্ৰ,... মই পিছে মোৰ সৰু ভনী জনী বুলিয়ে ভাবো,মোকো ককায়েকৰ দৰে সন্মান কৰে,আগতে সদায় জিৰণি চৰাতে অকলে অকলে আজাদ চাৰলৈ ৰৈ থাকে,মই সদায় চাই আহো, কেতিয়াবা দেখিলে মাত দি আহো, কেতিয়াবা আকৌ ঘূৰি যোৱা গাড়ী দেৰি হলে মই অলপ ৰৈ দিও, ভাৱে মই বহুত কিবা কিবা কৰিছো, কিন্তু সেইকন দায়িত্ব ককায়েক হিচাপে,বেছি দিন নাপালো, কিন্তু বহুত আপোন হৈ গল।
Gyan Deep --আমাৰ CRCC,কিন্তু মোক ককায়েক বুলিয়ে ভাবে মই নিজৰ ভাতৃ বুলিয়ে ভাবো,সহজ সৰল,গহীন গম্ভীৰ বৰ শান্ত প্ৰকৃতিৰ লৰা,তাৰ ডাঙৰ মাত আজিলৈকে শুনাই নাপালো, সদায় আহি মোক দেখা লগে লগে ধুনীয়া হাঁহি এটা মাৰি বিক্ৰমদা বুলিয়ে মাতে, বৰ ভাল লাগে,বহু সৰু সুৰা স্কুলৰ কিবা কামত কৰিব লগা থাকিলে মোলৈকে ফোন কৰে আৰু মইয়ো যিমান পাৰো কৰিবলৈ চেষ্টা কৰো,আৰু ভালো লাগে মোৰ।সদায় সুখত থকা।
Dipankar dutta--মোৰ জীৱনৰ এজন বিশেষ ব্যক্তি,মই দাদা বুলিয়ে ভাবো আৰু মোকো নিজৰ ভাই বুলিয়ে ভাবে,তিতাবৰৰ মোৰ যি কোনো অসুবিধাত প্ৰথম আহে দীপাংকৰ দাৰ নাম,বহুতো কথা মোৰ লগত পাতে,মইয়ো প্ৰায় সকলো কথাই জনাওঁ,সকলো ইমান ঘৰুৱা হৈ কেতিয়া পৰিল গমেই নাপালো।দীপাংকৰ দা সদায় মোৰ লগত লগৰ দৰে থাকে।বহুত হাঁহি ধেমালি কৰিলো যিবোৰ কাহানিও পাহৰিব নোৱাৰো।
ৰান্ধনী বাইদেউ সকল---তেওঁলোক মোৰ জীৱনত ভাল ভূমিকা গ্ৰহণ কৰিলে,সকলোৱে মোৰ লগত হাঁহি ফূৰ্তি কৈ থাকে,নিজে নাখাইয়ো মোক খুৱাইছিল,ভাজি খাই ভাল পাওঁ বাবে সদায় মোলৈ ভাজি অলপ আনতকৈ বেছিকে দিছিল,কিবা বস্তু এটা ঘৰৰ পৰা তেওঁলোকে আনিলেয়ো মোলৈ এটা ভাগ সদায় ৰাখিছিল,সেইবোৰ কাহানিও পাহৰিব নোৱাৰো মই🥺🥺সকলোৱে নিজৰ আপোন মানুহৰ দৰে সদায় মৰম কৰিছিল।সকলো ভালে থাকক।
বাকী লৰা ছোৱালী বোৰৰ কথানো কি কম,অকল মোৰ লগতেই থাকে সিহঁত,মোৰ নিজৰে আছিল সকলো,সকলোৱে সকলো কথা মোক লগত পাতিছিল,যি কওঁ তাকে শুনিছিল,মই কিবা এটা কলে কোনেয়ো না শব্দটো কোৱা নাছিল, মইয়ো যিমান পাৰি সিমানেই মৰম কৰিছিলো সকলোকে,কেতিয়াও পাহৰিব নোৱাৰিম সিঁহতক।
বহুতো অভিভাৱকৰ মোৰ লগত এটা ভাল সম্পৰ্ক গঢ় লৈ উঠিছিল,লৰা ছোৱালীৰ বিষয়ে কিবা কথা থাকিলে সদায় মোলৈকে ফোন কৰিছিল,আৰু লৰা ছোৱালী বোৰ যদি স্কুলত কিবা কাৰণত দেৰি হৈছিল ঘৰ যোৱাত তেতিয়া মোৰ লগত আছে বুলি কলে একো চিন্তা নকৰিছিল,বহুত বিশ্বাস কৰিছিল মোক।
অভিভাৱকৰ লগতে সমূহ বিৰিনাচায়েক গাঁও পঞ্চায়ত ৰ সকলো সদস্যলৈ বহুত বহুত ধন্যবাদ🙏🙏🙏
আৰু লগতে Akshar Foundation ৰ সকলো কৰ্মকৰ্তালৈ বহুত বহুত ধন্যবাদ, সকলোৰে লগত ইমান এটা ভাল সম্পৰ্ক গঢ় লৈ উঠিছিল যিবোৰ মোৰ সদায় হৃদয়ংগম হৈ ৰব🥰আমাৰ স্কুল খন আগুৱাই নিয়াত এখেতসকৰৰ অৰিহণা বহুত।
তিতাবৰ BEEO অফিচৰ সকলো লোক মোৰ লগত খুব ভাল আছিল,বিশেষ কৈ দ্বীপজ্যোতি বাইদেউ,সঞ্জীৱ ছাৰ,দীপাংকৰ দা,অলটাফ দা,দাস দা আৰু বহু কেইজন,সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ।ভগৱানে সকলোৰে মংগল কৰক।
আৰু বহুত আছিল,যিবিলাক কৈ বা লিখি শেষ কৰিব নোৱাৰিম।
আজিৰ পৰা এক নতুন যাত্ৰা আৰম্ভ🙏🙏
শেহত সকলোলৈকে এটাই কথা কওঁ,যদি কিবা কথাত কেতিয়াবা কাবাৰ অন্তৰত দুখঃ দিছিলো নিজৰ বুলি ভাবি যেন ক্ষমা কৰে🙏🙏🙏