04/04/2025
শ্ৰদ্ধাভাজনেষু
জয় জয়তে আন্তৰিক অভিনন্দন গ্ৰহণ কৰিব ! আপোনাক জনাবলৈ পাই অতি আনন্দিত হৈছো যে বৰহোলা অঞ্চলৰ প্ৰাণকেন্দ্ৰস্বৰূপ শিক্ষাৰ কঠিয়াতলী বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ইতিমধ্যে ৰূপালী জয়ন্তী (১৯৭৮) আৰু সোণালী জয়ন্তী (২০০৫) সফলতাৰে অতিক্ৰম কৰি আগন্তুক ২০২৯ বৰ্ষত গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী উদযাপনৰ দিশত অগ্ৰসৰ হৈছে। এই মহান ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'বলৈ পৰমপিতাই আমাৰ সকলোকে সৌভাগ্যবান কৰি তোলক, অফুৰন্ত কৰ্মশক্তি আৰু উৎসাহ-উদ্দীপনাৰে উজ্জীৱিত কৰি তোলক- আজি এই মুহুৰ্তত এয়াই আমাৰ প্ৰাৰ্থনা।
মহোদয়,
এই আপাহতে আপোনাৰ ওচৰত নিবেদন জনাওঁ যে উক্ত মহাৰজত জয়ন্তী উদযাপনৰ উদ্দেশ্য আগত ৰাখি বিভিন্ন দিশৰ প্ৰস্তুতিৰ ক্ষেত্ৰত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণ অৱধাৰিতভাৱে অপৰিহাৰ্য্য। সেয়েহে আমাৰ এই মহান শিক্ষানুষ্ঠানটিৰ ৭১ তম প্ৰতিষ্ঠা দিৱসৰ দিনটোতে বিদ্যালয় চৌহদস্থিত মুক্তিযোদ্ধা ৰূপেশ্বৰ পাঠক সোঁৱৰণি প্ৰেক্ষাগৃহত এখনি প্ৰাক্তন শিক্ষাৰ্থী সকলৰ এখনি সমাৰোহ আহ্বান কৰা হৈছে। অহা ০৫ এপ্ৰিল, ২০২৫ তাৰিখ শণিবাৰে অনুষ্ঠিতব্য প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে জেউতি চৰোৱাকৈ আয়োজিত উক্ত সমাৰোহত আপোনাৰ অংশগ্ৰহণৰ লগতে বহুমূলীয়া দিহা-পৰামৰ্শেৰে আমাৰ আহ্বায়কমণ্ডলীক উদ্বুদ্ধ কৰি তুলিবহি বুলি আমি একান্তই আশাবাদী হৈ ৰ'লো।
পত্ৰৰ জৰিয়তে জনোৱা নিমন্ত্ৰণত ৰৈ যোৱা নিমন্ত্ৰণজনিত ক্ৰটিমাৰ্জনাৰ প্ৰাৰ্থনাৰে-
আহ্বায়কমণ্ডলীৰ হৈ
বুদ্ধীন্দ্ৰনাথ হাজৰিকা, সভাপতি
ড৹ ৰাণা বৰা, কাৰ্যকৰী সভাপতি
প্ৰদীপ ৰাজখোৱা, উপ-সভাপতি
পদ্ম ৰাজখোৱা, উপ-সভাপতি
কল্যাণ হাজৰিকা, উপ-সভাপতি
নবীন শইকীয়া, উপ-সভাপতি
ৰঞ্জিত সন্দিকৈ, উপ-সভাপতি
দিপাংক বৰা, উপ-সভাপতি
দিগন্ত বৰা, প্ৰধান সম্পাদক
দীপাংকৰ পূজাৰী , সম্পাদক
যামিনী মোহন বৰুৱা, সম্পাদক
প্ৰদ্যুম্ন চুতীয়া , সম্পাদক
দেবজিত সোনোৱাল, সম্পাদক
ছত্ৰজিৎ যাদব, সম্পাদক
অমৰ সিং পিন্সা, সম্পাদক
ধৰ্মেন্দ্ৰ বৰা, সম্পাদক
অমল সোনোৱাল, সম্পাদক
আল্পনা হাজৰিকা, সম্পাদক
ড৹ শিৱাণী ফুকন, সম্পাদক
মাধুৰ্য পাঠক, সম্পাদক
অজয় শইকীয়া, সম্পাদক
দিপাংক ৰ শইকীয়া, সম্পাদক
প্ৰাক্তন ছাত্ৰ কোষ, বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়
সভাৰ স্থান: মুক্তিযোদ্ধা ৰূপেশ্বৰ পাঠক সোঁৱৰণি প্ৰেক্ষাগৃহ, বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদ
দিনাংক: ০৫-০৪-২০২৫
সময়: পুৱা ১১:০০ বজাত