22/06/2026
গৌৰৱৰ মুহূৰ্ত : আমাৰ নিকেতনৰ শিক্ষাৰ্থীৰ সাফল্য
চেঙাপথাৰ সূৰুজমুখী যুৱ সংঘৰ উদ্যোগত আৰু চেঙাপথাৰবাসীৰ সহযোগত অনুষ্ঠিত বিষ্ণু প্ৰসাদ ৰাভা দিৱস উপলক্ষে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত আমাৰ নিকেতনৰ শিক্ষাৰ্থীসকলে উজ্জ্বল সাফল্য লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা
প্ৰথম স্থান – কস্তুৰী ভূঞা
দ্বিতীয় স্থান – হেপী মৰাণ
কবিতা আবৃত্তি প্ৰতিযোগিতা
প্ৰথম স্থান – পোহৰলক্ষী মৰাণ
কুইজ প্ৰতিযোগিতা
দ্বিতীয় স্থান – হেপী মৰাণ
কস্তুৰী ভূঞা আৰু
সুদক্ষিণা ভূঞা
শ্ৰীমন্ত মৰাণ
ইয়াৰ উপৰিও, কুলিপথাৰ গাঁও যুৱক সংঘ, সদৌ মৰাণ ছাত্ৰ সন্থা কুলিপথাৰ শাখা সমিতি, অসম মৰাণ সভা, মৰাণ জাতীয় মহিলা পৰিষদ কুলিপথাৰ শাখা সমিতি আৰু গাঁওবাসীৰ সহযোগত অনুষ্ঠিত ৰাভা সংগীত প্ৰতিযোগিতাত—
প্ৰথম স্থান – কস্তুৰী ভূঞা
দ্বিতীয় স্থান – পৰিতৃপ্তি গগৈ
আনহাতে, A.G. Creation, তিনিচুকীয়াৰ উদ্যোগত কহুৱা পৰ্যটন শিবিৰ, মতাপুং মাগুৰীবিলৰ সমীপত অনুষ্ঠিত ৰাভা সংগীত প্ৰতিযোগিতাতো—
প্ৰথম স্থান – কস্তুৰী ভূঞা
দ্বিতীয় স্থান – পৰিতৃপ্তি গগৈ
সকলো কৃতী শিক্ষাৰ্থীলৈ আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ এই সাফল্যে আমাৰ নিকেতনৰ গৌৰৱ বৃদ্ধি কৰাৰ লগতে আন শিক্ষাৰ্থীসকলকো অনুপ্ৰাণিত কৰিব।