22/09/2023
আজি ইং 22 ছেপ্টেম্বৰ,2023 তাৰিখে তালাপৰ ৰামেশ্বৰলাল মোদী হিন্দী মধ্য ইংৰাজী বিদ্যালয়ত DIET তিনিচুকীয়াৰ অধক্ষ্যা শ্ৰী যুক্তা সঞ্চিতা গগৈ, জিলা আঁচনি বিষয়া শ্ৰীযুত দীপক বৰগোহাঁই, DIET তিনিচুকীয়াৰ জেষ্ঠ প্ৰবক্তা শ্ৰীযুত চন্দ্ৰকুমাৰ দাহাল, শ্ৰীযুত দীলুমণি চাংমাই, শ্ৰীযুক্তা নিজৰা পাইককে প্ৰমুখ্য কৰি BRP কাকপথাৰ, তালাপ আৰু খোবাঙৰ CRCC ৰ উপস্থিতিত তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষাখণ্ডৰ তালাপ আৰু খোবাং মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়সমূহৰ শিক্ষকসকলৰ মাজত আগন্তুক গুনোৎসৱ, NAS, NEP 2020 ৰ এক অবিচ্ছেদ্য অংশ FLN ৰ লগতে বিভিন্ন শৈক্ষিক দিশৰ ওপৰত এখনি মত বিনিময় সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত শিক্ষা বিষয়া সকলে শিক্ষকসকলক কিদৰে ছাত্ৰ - ছাত্ৰীসকলক আগুৱাই নিব পাৰি তাৰ বহুখিনি মূল্যবান দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে FLN ৰ গুৰুত্বতাৰ বিষয়ে সুন্দৰভাৱে আলোকপাত কৰে।