মাতৃভাষাৰ জৰিয়তে শিক্ষাদানৰ বাবে বিভিন্ন শিক্ষাবিদে আগবঢ়োৱা পৰামৰ্শ উপলব্ধি কৰি, কণ কণ শিশুসকলক মাতৃভাষাৰ মাধ্যমেৰে জ্ঞান দিয়াৰ উদ্দেশে ‘বাৰেকুৰিত ‘জাতীয় বিদ্যালয়, বাৰেকুৰি’ নামেৰে এখন জাতীয় বিদ্যালয় প্রতিষ্ঠা কৰা হ’ল ৷ লগতে ইংৰাজী মাধ্যমৰ ব্যাপক প্ৰসাৰ আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইংৰাজী ভাষা অংকুৰ শ্ৰেণীৰ পৰা বাধ্যতামূলক হিচাপে শিকোৱাৰ ব্যৱস্থা কৰা হৈছে। প্ৰাক্-প্রাথমিক পৰ্যায়ত
‘মণ্টেছৰী পদ্ধতি’ৰে শৈক্ষিক সঁজুলিৰ ব্যৱহাৰ কৰি শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছে। শিক্ষাৰ মাধ্যম অসমীয়া৷ ছাত্ৰ-ছাত্ৰীসকলক প্রাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে।
বিদ্যালয়ৰ লক্ষ্যঃ
সৎ-সাহসী, নম্র, বিনয়ী, নিয়মানুবর্তিতা গ্রহণত আগ্রহী সু-নাগৰিক হিচাপে গঢ়ি তোলা। ছাত্র-ছাত্ৰীসকলৰ চৰিত্ৰ গঠন আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে আন্তৰিকতাৰে চেষ্টা কৰা হ’ব।
বিদ্যাৰ্থীসকলৰ শিক্ষাৰ বিষয়ে সময়ে সময়ে অভিভাৱকসকলৰ লগত আলোচনা কৰাৰ ব্যৱস্থা কৰা হ'ব।
গতিকে জাতীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কৰা এই প্ৰচেষ্টাত সকলোকে সহায় সহযোগ তথা সুদিহা-পৰামৰ্শ আগবঢ়াবলৈ বিনীতভাৱে আহ্বান জনোৱা হ’ল ৷ ৰাইজৰ সঁহাৰি আৰু সমাদৰ পালে ‘জাতীয় বিদ্যালয়, বাৰেকুৰি’ক এখন পূর্ণাঙ্গ বিদ্যালয় হিচাপে গঢ়ি তোলা হ’ব।
বিদ্যালয়ৰ প্ৰতিজ্ঞাঃ
ভাৰতবৰ্ষ আমাৰ দেশ আৰু সকলো ভাৰতীয় নাগৰিক আমাৰ ভাই-ককাই, বাই-ভনী৷ মই মোৰ দেশক ভালপাওঁ আৰু মোৰ দেশৰ ঐতিহ্যৰ বাবে গৌৰৱান্বিত। মই মোৰ দেশৰ তথা জাতিৰ উন্নতিৰ বাবে প্রতিশ্রুতিবদ্ধ। মই মোৰ পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰী আৰু সকলো বয়সস্থ নাগৰিকক সন্মানজনক ব্যৱহাৰ কৰিবলৈ প্রতিশ্রুতিবদ্ধ। মই ইতৰ প্ৰাণীসকলৰ প্ৰতিও দয়া প্ৰদৰ্শন কৰিম। মই ভক্তিভাৱে ঈশ্বৰক, মোৰ দেশক আৰু মোৰ দেশৰ জনগণৰ সেৱা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছো।