17/05/2026
"খেলপথাৰৰ সেই চিনাকি ধূলি-বালি আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ জয়ধ্বনি... 📣🏆
আজি ফেচবুকৰ টাইমলাইনত আকৌ এবাৰ প্ৰাণ পাই উঠিল নৱদীপ আদৰ্শ বিদ্যাপীঠৰ চতূবিংশতিতম বাৰ্ষিক ক্ৰীড়াৰ বঁটা বিতৰণী সভাৰ এটি মধুৰ ক্ষণ। শ্ৰেণীকোঠাৰ কিতাপ-কলমৰ পৃথিৱীখনৰ পৰা ওলাই খেলপথাৰত সিহঁতৰ সেই মুক্ত আকাশ চুব খোজা উছাহখিনিয়ে আমাকো যেন কৈশোৰলৈ ঘূৰাই লৈ গৈছিল।
ট্ৰফী বা মেডেল হাতত লৈ সিহঁতে যেতিয়া আশীৰ্বাদ ল’বলৈ দৌৰি আহিছিল, তাতকৈ ডাঙৰ পুৰস্কাৰ এজন শিক্ষকৰ বাবে একো হ’ব নোৱাৰে। এই স্মৃতিবোৰ সঁচাকৈয়ে অমূল্য। 🌸
#স্মৃতিৰ_অৰ্ঘ্য #নৱদীপ_আদৰ্শ_বিদ্যাপীঠ "