Save Us-Education/চাকৰিৰ খবৰ

Save Us-Education/চাকৰিৰ খবৰ Save Us- is not a Group or related to any kind of organization. Its a dream of seeing my place devel

06/06/2023

জুবিন গাৰ্গে তেওঁৰ অনুৰাগী এজনক কিবা এটা উপদেশ দিয়ালৈ ইমান হাহাঁকাৰ কিয় নিউজত ? কি বেয়া কথা কলে জুবিন গাৰ্গে । আপোনালকে জোনমণি ৰাভাৰ কেছৰ ওপৰত কিয় এইবিলাক দেখাই পানী ধালি আছে ।

চাকৰিৰ খবৰপিংক ভিলেজ, টিহু কাপোৰ দোকানৰ বাবেচেলচ মেনৰ  প্ৰয়োজনখোৱা লোৱা/থকাৰ সুবিধা আছে।ইচ্ছুক জনে তলৰ দিয়া নম্বৰত যোগায...
16/04/2022

চাকৰিৰ খবৰ
পিংক ভিলেজ, টিহু কাপোৰ দোকানৰ বাবে
চেলচ মেনৰ প্ৰয়োজন
খোৱা লোৱা/থকাৰ সুবিধা আছে।
ইচ্ছুক জনে তলৰ দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে।
8309722074

06/03/2022
চাকৰিৰ খৱৰlast date to receive application is- 25th-June-2020 JOB : OFFICE OF THE CHAIRMAN, STATE LEVEL POLICE RECRUITME...
06/06/2020

চাকৰিৰ খৱৰ

last date to receive application is- 25th-June-2020

JOB : OFFICE OF THE CHAIRMAN, STATE LEVEL POLICE RECRUITMENT BOARD, ASSAM

31/12/2019

Congratulations to all who has Cleared Assam TET examination in 2019 👍 and those who couldn't, Don't feel low, You can do well next time ✌

04/05/2019

Govt. has announced to schedule TET Exam in Sept 2019 - Save Us Assam Jobs Alert

Great book for all the competitive exams under Govt of Assam.
26/02/2019

Great book for all the competitive exams under Govt of Assam.

13/01/2019



#ক'বলৈ ভয় নকৰো, কৰা নাই৷ #

অসমলৈ চল্লিশ লাখ বাংলাদেশী একেলগে, একেদিনাই অহা নাই৷ মুচীৰ পৰা ফুচ্‌কা বেপাৰীলৈ, কচাইৰ পৰা মিস্ত্ৰীলৈ সকলো বৃত্তিতে মেটেকাৰ দৰে বাঢ়ি অহা সেইজাকক কোনো অসমীয়াই আগতে দেখা নাছিল নেকি? কালিৰে পৰা হঠাৎ জাতীয়তাবাদী হৈ পৰা হে মহান অসমীয়াসকল! সেই বিদেশীগালে আহি আপোনাৰ সোণৰ অসমখন ছাৰখাৰ কৰি পেলালে বা পেলাব বুলি ভবাত আপত্তি নাই, জাতি-মাটি-ভেঁটি খহাবহি বুলি ভবাতো আপত্তি নাই৷ কিন্তু নিজৰ জাতিটোৰ বাবে আপুনিনো কি কৰিছে? নিজৰ সন্তানক অসমীয়া মাত কথা শিকাইছেনে? গাঁৱৰ পৰিবেশৰ লগত চিনাকী কৰাই দিছেনে? অসমখন কি, কিয় ভাল পাব লাগে বুজাইছেনে? অসমৰ বাৰে-বৰণীয়া জনগোষ্ঠীৰ কথা কৈছেনে, কৈছেনে সোতৰবাৰতো মোগলে পৰাজিত কৰিব নোৱাৰা অসমৰ সাধুকথা যেন লগা ইতিহাস, দেশদ্ৰোহিতাৰ বুৰঞ্জী আৰু প্ৰাকৃতিক সম্পদবোৰৰ কথা৷ বিহুৱে সংক্ৰান্তিয়ে পৰম্পৰাবোৰ পালন কৰিছেনে নে কেৱল ফেচবুকত তালফাল লগাই দেশ উদ্ধাৰিব খুজিছে? প্ৰতিখন ঘৰেই অসমীয়া কওঁক, অসমীয়া হওঁকচোন৷ চাওঁ, কোন বিদেশীয়ে অসমৰ জাতি-মাটি খহায়হি৷ শিকাওকচোন নিজৰ সন্তানক পুৰণি গীত মাত৷ জ্যোতি, বিষ্ণু, পাৰ্বতী প্ৰসাদ, ৰূদ্ৰ বৰুৱা, অম্বিকাগিৰি, শংকৰ-মাধবৰ কথা৷ পাৰিব, নোৱাৰে৷ কাৰণ অসমত অসমীয়া হোৱাই আটাইতকৈ কঠিন৷ মই আহোম, মই কলিতা, মই বড়ো, মই ৰাভা৷ আমিনো ক'ত অসমীয়া৷ তাৰ বাদেও বামুণীয়া, শংকৰীতো আছেই৷ ধুবুৰীৰ পৰা তিনিচুকীয়ালৈকে অসমৰ বিস্তৃতি বুলি মনেৰে স্বীকাৰ কৰিছেনে? কাৰ্বি আংলং আৰু ডিমা হাচাও যে নাগালেণ্ডত নহয় জানেনে?
হেৰৌ ভেঁটি খহাবলৈ লোকে কেতিয়া সুযোগ পায়, যেতিয়া নিজৰ ভেঁটি সোলোক ঢোলোক হয়৷ মিঞাই জোৰ জবৰদস্তি আপোনাৰ ঘৰৰ কাম কাঢ়ি লোৱা নাই৷ পথাৰৰ কামৰ পৰা গাড়ী চলোৱালৈকে সিহঁতে যি কৰে, নিষ্ঠাৰে কৰে৷ অসমীয়া এচাম ডেকাই তিনিআলিত কেৰম বৰ্ড টুকুৰিয়াই থাকিব, কিন্তু ঘৰৰ বাৰীত কোৰ এচাব নেমাৰে৷ মিঞাৰ পোৱালিয়ে ছবছৰতে গাড়ীৰ হেন্দীমেন হয়গৈ৷ আমাৰ ল'ৰাক আমি মাটি বেচি বাইক কিনি দিওঁ৷ সেই মাটিত মিঞাই ঘৰ সাজি হাঁহে কুকুৰাই, শাকে-পাচলিৰে গজগজীয়া হয়৷ শুনিবলৈ বেয়া হ’লেও সঁচা যে অসমৰ মানুহৰ অকৰ্মন্যতাই লাখ লাখ বাংলাদেশীক জীৱিকাৰ সন্ধান দিছে৷ আমি সিহঁতক ভাতে মৰাৰ ব্যবস্থা কৰিছোনে? কৰা নাই৷ আমি আন্দোলন কৰি মৰিছো৷ ধৰ্ণা দি লেবেজান হৈ বাংলাদেশী মিঞাৰ ৰিক্সাতে উঠি ঘৰলৈ উভটিছো৷

মই সেই কলংকিত বিধেয়কৰ ঘোৰ বিৰোধিতা কৰোঁ৷ কিন্তু ৰাজআলিত নাঙঠ নহওঁ৷ প্ৰফাইলতো ক'লা ৰং নেসানোঁ৷ অসমীয়া ক'ম, অসমীয়া হ'ম৷ সন্তানক অসমীয়া পঢ়ুৱাম, অসমীয়া কি বুজাম, পৰালৈকে লাও বেঙেনা ঘৰতে ৰুম৷

আৰু টকাৰ লোভত অন্তত: বহি:ৰাজ্যৰ তেজপিয়াক মাটি নিবিকোঁ৷ চল্লিশ লাখ নেলাগে, চল্লিশ কোটিয়েও একো কৰিব নোৱাৰে, যদিহে নিজে অসমীয়া হ'ম বুলি ভাবিছেঁ৷ ফেচবুকত বানান ভুল কৰা অথচ শুধৰাই দিলে বেয়া পোৱাসকল, সন্তানক চাহাব-মেম বনাই অসমীয়া নক’বলৈ শিকোৱাসকলৰ জাতি-মাটি-ভেঁটিৰ প্ৰতি কালিৰে পৰা প্ৰেম দেখি থু পেলাইছোঁ৷ (মাধ্যমৰ কথা অনা নাই কিন্তু৷ ইংৰাজী পঢ়িও অসমীয়া হ’ব পাৰি, হৈছে বহুতেই)

আগতে নিজে অসমীয়া হওঁক,
বেজবৰুৱাৰ উদ্ধৃতি দিয়াসকলকো RIP জনালোঁ৷ সেইজনাই নিজৰে সন্তানবোৰক বঙালীৰ পৰা অসমীয়া কৰিব নোৱাৰিলে৷ বাংলাভাষাতহে সিহঁতৰ পৰা চিঠি-পত্ৰ পালে৷ আৰু পালে বাবা সম্বোধন৷ সেয়ে আজিও লেতেৰা সাহিত্যৰ বেপাৰী মখাৰ পো-জীবোৰে অসমীয়া নেজানে, নিশিকে৷ মুখত ইংলিচ্ ফুটাব পাৰিলেহে মধ্যবিত্ত অসমীয়াই জনম সাৰ্থক হ’ল বুলি ভাবে৷ দোকান দি চল্লিশ হাজাৰ ঘটা ডেকাতকৈ, কোম্পানীত চিকিউৰিটিৰ "চাকৰি" কৰোতাসকলৰ কদৰ অসমত বেচি৷

দেউতা সম্বোধনটোকে নিজৰ সন্তানৰ মুখত ফুটাব নোৱাৰা মানুহে আকৌ অন্য অসমীয়াক মাতৃভাষাৰ উপদেশবাণী দিয়ে৷ আমি তেনে উপদেশ বাণী পঢ়িবলৈ পালে "কেলা" বুলিহে কওঁ৷

অশ্লীল শব্দ ব্যৱহাৰৰ বাবে মই ক্ষমাপ্ৰাৰ্থী নহওঁ৷ গণিকাৰ দৰে নিজৰ আত্মা বিক্ৰী কৰা ৰজাৰ কাৰবাৰবোৰ হে প্ৰকৃততে অশ্লীল৷
বেশ্যাৰো আত্মসন্মান থাকে৷ আমাৰ বিক্ৰী যোৱা ৰজাৰতো নাক, কাণ, আত্মা একোৱেই নাই!!

বিঃদ্ৰঃ অসমীয়া মানে অসমীয়াই৷ মই ইয়াত কোনো হিন্দু মুচলিমৰ কথা কোৱা নাই৷ মোৰ বাবে বাঘ হাজৰিকা যি, লাচিতো সি৷ মালিক চাৰ যি, ভবেন শইকীয়া চাৰো একেই৷

Guys Please apply Last date for application - 31/1/2019Best wishes Save Us
04/01/2019

Guys Please apply

Last date for application - 31/1/2019

Best wishes
Save Us

Address

Tihu
781371

Telephone

+918978572174

Website

Alerts

Be the first to know and let us send you an email when Save Us-Education/চাকৰিৰ খবৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Save Us-Education/চাকৰিৰ খবৰ:

Shortcuts

Share