Govt. Girls' HS & MP School, Tezpur

Govt. Girls' HS & MP School,  Tezpur Open for all Alumni and wellwisher og GGRLS,TEZPUR

14/11/2023

" শিশু দিৱস "
১৪ নৱেম্বৰ, ২০২৩

নৱ নিৰ্বাচিত ছাত্ৰী একতা সভাৰ বিদ্যালয়ৰ প্ৰথম কাৰ্য্যসূচী। শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দৰ সহযোগত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত আজিৰ এই অনুষ্ঠানত বি.এড্. প্ৰশিক্ষাৰ্থী সকলেও সহযোগিতা আগবঢ়াই।
বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা "শিশু দিৱস "-ত শিক্ষক শিক্ষয়িত্ৰী আৰু বি.এড্. প্ৰশিক্ষাৰ্থী সকলে এক ব্যতিক্ৰমী পুৰণি গানেৰে মঞ্চ সুশোভিত কৰে।
এক অনন্য ৰসৰ সমাহাৰেৰে শিক্ষয়িত্ৰী মণিকঙ্কনা বৰা, ৰীতা দেৱী, মুক্তা উপাধ্যায়, মায়াশ্ৰী বৰুৱা নেওগ, শিক্ষক জিতুমণি বৈশ্য, নিপু ভূঞাই ছাত্ৰীসকলক গানৰ মায়াজালেৰে , ভৰত বসুমতাৰী মহাশয়ৰ বাঁহী বাদনেৰে আৰু সংগীতা দেৱীৰ নৃত্যৰে এক মোহাচ্ছন্ন পৰিৱেশ সৃষ্টি কৰে।
ছাত্ৰীসকলেও কৃতজ্ঞতাপূৰ্বক অনুষ্ঠানেৰে সকলোকে আপ্লুত কৰে।

চৰকাৰৰ নিৰ্দেশনা মৰ্মে , ১ চেপ্তেম্বৰ, ২০২৩ ৰ পৰা ১১ ডিচেম্বৰ, ২০২৩ লৈ অনুষ্ঠিত হৈ থকা ভাৰতীয় ভাষা উৎসৱৰ লগত সংগতি ৰাখি...
07/11/2023

চৰকাৰৰ নিৰ্দেশনা মৰ্মে , ১ চেপ্তেম্বৰ, ২০২৩ ৰ পৰা ১১ ডিচেম্বৰ, ২০২৩ লৈ অনুষ্ঠিত হৈ থকা ভাৰতীয় ভাষা উৎসৱৰ লগত সংগতি ৰাখি ৰন্ধন প্ৰণালী, খাদ্য আৰু সংস্কৃতিৰ ওপৰত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অধ্যক্ষ ৰূপম কুমাৰ বৰাই উদ্বোধন কৰা
প্ৰতিযোগিতা খন স্নাতক শিক্ষয়িত্ৰী পিংকী গগৈ আৰু কৃষ্ণা বৰাৰ তত্ত্বাৱধানত তথা বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত সফলতাৰে ৰূপায়ণ কৰা হয়।
যোগৰঞ্জন নাথে পৰিচালনা কৰা কুইজ প্ৰতিযোগিতা খনত ( ক শাখা - ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ, আৰু খ শাখা - নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ) দিপাংকৰ বৰাই স্ক'ৰাৰ আৰু সুমিত কুমাৰ চৌহান, লক্ষজ্যোতি নাথে বৈদ্যুতিন ব্যৱহাৰত সহযোগিতা আগবঢ়াই - ইয়াৰোপৰি বিশেষভাৱে পল্লৱী গগৈ, মণিকঙ্কনা বৰা, সংগীতা দেৱী আৰু মৌচুমী দেৱীয়ে সহযোগিতা আগবঢ়াই ।
প্ৰতিযোগিতাৰ সফল সমাপ্তিত দুয়োটা শাখাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত দলকেইটিক পুৰস্কৃত কৰা হয়।

https://youtu.be/gFzH_foYR0k?si=Dt84B_wEQwPa8h2D
04/11/2023

https://youtu.be/gFzH_foYR0k?si=Dt84B_wEQwPa8h2D

CM Himanta Biswa Sarma Distributes Hockey Sticks | কথা মতেই কাম, মামা হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ একাংশ ছাত্ৰীক কথা দিছিল তেজপুৰলৈ যাওতে। আৰু প্.....

*Vigilance Awareness Week- 2023* ৰ লগত সংগতি ৰাখি, আজি ৪ নৱেম্বৰ, ২০২৩ তাৰিখ; শনিবাৰে *কানাড়া বেঙ্ক, তেজপুৰ শাখা* ৰ উদ্...
04/11/2023

*Vigilance Awareness Week- 2023* ৰ লগত সংগতি ৰাখি, আজি ৪ নৱেম্বৰ, ২০২৩ তাৰিখ; শনিবাৰে *কানাড়া বেঙ্ক, তেজপুৰ শাখা* ৰ উদ্যোগত আমাৰ বিদ্যালয়ত এখনি *"ৰচনা প্ৰতিযোগিতা"* অনুষ্ঠিত হয়।
কানাড়া বেঙ্ক, তেজপুৰ শাখাৰ তৰফৰ পৰা জেষ্ঠ শিক্ষক গোবিন্দ গয়াৰী, জ্ঞানমণি বৰা, নাচিফা আলম আৰু পিংকি গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে।
"ৰচনা প্ৰতিযোগিতা" - ত স্থান প্ৰাপ্ত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানৰ ছাত্ৰী সকলক বটাৰ লগতে একোখনকৈ প্ৰমাণ পত্ৰও প্ৰদান কৰা হয়।

আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্মদিন উপলক্ষে শ্ৰদ্ধাঞ্জলি
08/09/2023

আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্মদিন উপলক্ষে শ্ৰদ্ধাঞ্জলি

Address

Ward No 6, TMB
Tezpur
784001

Website

Alerts

Be the first to know and let us send you an email when Govt. Girls' HS & MP School, Tezpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category