The Taxila School -TTS

The Taxila School -TTS Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from The Taxila School -TTS, School, Dhalaibil Panigaon Road, Tezpur.

Glimpses of the teachers day celebration at The Taxila School (TTS)
06/09/2026

Glimpses of the teachers day celebration at The Taxila School (TTS)

আজি আমাৰ বিদ্যালয়ৰ অধ্যক্ষা শ্রীযুতা অৱন্তী ভাগৱতীৰ এখনি কাব্য সংকলন "অনুভৱৰ সীমনাত" উন্মোচিত হয়। উক্ত অনুষ্ঠানত অৰ্চনা ...
29/11/2025

আজি আমাৰ বিদ্যালয়ৰ অধ্যক্ষা শ্রীযুতা অৱন্তী ভাগৱতীৰ এখনি কাব্য সংকলন "অনুভৱৰ সীমনাত" উন্মোচিত হয়। উক্ত অনুষ্ঠানত অৰ্চনা হাজৰিকা বৰুৱাৰ "জুবিন গাৰ্গৰ এশটি গীতৰ সংকলন" পুথি এখনও উন্মোচন কৰা হয়। উত্তৰ জামুগুৰি লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত সাহিত্যৰ লগত জড়িত বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। শ্রীযুতা অৱন্তী ভাগৱতীক আমি অভিনন্দন জ্ঞাপন কৰিছো আৰু ভৱিষ্যতেও সৃষ্টিশীল কামৰ জড়িয়তে নিজৰ লগতে সমাজক সমৃদ্ধ কৰি যাবলৈ শুভেচ্ছা জনাইছো।

অসমৰ সংগীত জগতৰ নক্ষত্ৰ আমাৰ  সকলোৰে অতি মৰমৰ আৰু শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ  কালি আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গ'ল...
20/09/2025

অসমৰ সংগীত জগতৰ নক্ষত্ৰ আমাৰ সকলোৰে অতি মৰমৰ আৰু শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ কালি আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গ'ল! তেখেতৰ অকাল বিয়োগ অসমীয়া জাতিৰ বাবে অপূৰণীয় ক্ষতি।তেখেতৰ বিয়োগত আমি অত্যন্ত মৰ্মাহত হৈছো। আজি আমাৰ বিদ্যালয়ত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰে আমাৰ অতি মৰমৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনাৰে প্রার্থনা কৰা হয়!

Celebration of World Environment Day at The Taxila School 🌍🌿
05/06/2025

Celebration of World Environment Day at The Taxila School 🌍🌿

22/01/2025

Annual Meet The Taxila School -TTS

Glimpses of the "Gramalok" programme organised by The Taxila School -TTS in association with Sahitya Akademi
17/01/2025

Glimpses of the "Gramalok" programme organised by The Taxila School -TTS in association with Sahitya Akademi

Glimpses of the 1st Annual Meet of The Taxila School -TTS
17/01/2025

Glimpses of the 1st Annual Meet of The Taxila School -TTS

2023 চনত প্ৰতিষ্ঠা কৰা 'The Taxila School'ৰ এইটো দ্বিতীয়টো বিদ্যায়তনিক বর্ষ। জামুগুৰি হাটৰ ধলাইবিলত নতুনকৈ জন্ম লাভ কৰা ...
06/01/2025

2023 চনত প্ৰতিষ্ঠা কৰা 'The Taxila School'ৰ এইটো দ্বিতীয়টো বিদ্যায়তনিক বর্ষ। জামুগুৰি হাটৰ ধলাইবিলত নতুনকৈ জন্ম লাভ কৰা আমাৰ বিদ্যালয়খনে অহা ইং ১১/০১/২০২৫ তাৰিখ শনিবাৰে পোন প্ৰথমবাৰৰ বাবে বিদ্যালয়ৰ বাৰ্ষিক অধিবেশন খন অনুষ্ঠিত কৰাৰ মানসেৰে বিভিন্ন খেল -ধেমালী, সাহিত্য,নাচ-গান আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। অহা শনিবাৰে, দিনৰ ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা বিদ্যালয়ৰ মূল সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই। আমাৰ বাবে গৌৰৱৰ বিষয় যে মূল সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব সু-বক্তা , তাৰ্কিক,সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ সমন্বয়ক , ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ professor of practice , শ্ৰীযুত দিগন্ত বিশ্ব শৰ্মা ।
ইয়াৰ লগতে আমি সকলোকে জনাবলৈ পায় অত্যন্ত গৌৰৱ বোধ কৰিছো যে সাহিত্য অকাডেমী আৰু আমাৰ বিদ্যালয়ৰ সৌজন্যত " গ্ৰামালোক" শীর্ষক এক স্থানীয় সাহিত্যিক সকলৰ বাৰ্তালাপ অনুষ্ঠান অনুষ্ঠিত কৰাৰো মানস কৰা হৈছে। এই অনুষ্ঠানটো ১১ জানুৱাৰী তাৰিখে মূল সভাৰ ঠিক পিছতে দিনৰ 2 বজাৰ পৰা অনুষ্ঠিত হ'ব। সমূহ অভিভাৱক-অভিভাৱিকাৰ লগতে বৃহত্তৰ জামুগুৰিবাসী ৰাইজৰ সহযোগিতা আৰু উপস্থিতি আমি বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিলো।

Address

Dhalaibil Panigaon Road
Tezpur
784182

Telephone

+918486856856

Website

Alerts

Be the first to know and let us send you an email when The Taxila School -TTS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to The Taxila School -TTS:

Shortcuts

Share

Category