অসমীয়া বিভাগ : তেজপুৰ বিশ্ববিদ্যালয় ৷ Dept. of Assamese : Tezpur University

  • Home
  • India
  • Tezpur
  • অসমীয়া বিভাগ : তেজপুৰ বিশ্ববিদ্যালয় ৷ Dept. of Assamese : Tezpur University

অসমীয়া বিভাগ : তেজপুৰ বিশ্ববিদ্যালয় ৷ Dept. of Assamese : Tezpur University The Department was established in 2019, started P.G. program in 2020, and Ph.D. program in 2022.

আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত 'Research and Publication Ethics' শীৰ্ষক এটি বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। উক্ত বক...
17/09/2026

আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত 'Research and Publication Ethics' শীৰ্ষক এটি বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। উক্ত বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰালৰ উপ-গ্ৰন্থাগাৰিক ড° গৌতম শৰ্মা। অসমীয়া বিভাগৰ গৱেষকসকলৰ লগতে স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰী আৰু বিভাগৰ শিক্ষকসকল উপস্থিত থাকে।

তেজপুৰ বিশ্ববিদ‍্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰী ঋষিকন‍্যা বাৎস‍ই " অসমীয়া চলচ্চিত্ৰৰ ভাষা (২০০০-২০২০): ডিজিটেল সঁজুলিৰ...
10/09/2026

তেজপুৰ বিশ্ববিদ‍্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰী ঋষিকন‍্যা বাৎস‍ই " অসমীয়া চলচ্চিত্ৰৰ ভাষা (২০০০-২০২০): ডিজিটেল সঁজুলিৰ সহায়েৰে এক চিহ্নবিজ্ঞানভিত্তিক অধ্যয়ন" শীৰ্ষক বিষয়ৰ গৱেষণাৰ অন্তত ১৪/০৭/২০২৬ তাৰিখে বিশ্ববিদ‍্যালয়ৰ পৰা সন্মানীয় 'ডক্টৰ অৱ ফিল’ছফী' (Ph.D.) ডিগ্ৰী লাভ কৰে। তেজপুৰ বিশ্ববিদ‍্যালয়ৰ অসমীয়া বিভাগৰ পৰা Ph.D. ডিগ্ৰী লাভ কৰা তেখেত প্ৰথমগৰাকী গৱেষক। সহযোগী অধ‍্যাপক ডঃ সুব্ৰতজ‍্যোতি নেওগৰ তত্ত্বাৱধানত তেখেতে এই গৱেষণা কৰ্মটি সফলতাৰে সম্পন্ন কৰে।

ঋষিকন্যা বাৎসৰ লগতে তত্ত্বাৱধায়ক সহযোগী অধ‍্যাপক ডঃ সুব্ৰতজ‍্যোতি নেওগলৈ বিভাগৰ তৰফৰ পৰা অভিনন্দন আৰু শুভেচ্ছা।

তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগ আৰু অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত ১০ ছেপ্টেম্বৰৰ পৰা ১২ ছেপ্টেম্বৰ ২০২৬ লৈকে হ'বলগীয়া ...
10/09/2026

তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগ আৰু অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত ১০ ছেপ্টেম্বৰৰ পৰা ১২ ছেপ্টেম্বৰ ২০২৬ লৈকে হ'বলগীয়া গ্রন্থমেলাৰ উদ্বোধনী অনুষ্ঠান আজি ইংৰাজী বিভাগত অনুষ্ঠিত হয়। এই অনুষ্ঠানত উপস্থিত থাকে মানৱিকী আৰু সমাজবিদ্যা অনুষদৰ ডীন অধ্যাপক চন্দন কুমাৰ শৰ্মা, বিশিষ্ট কবি, ঔপন্যাসিক দিলীপ ফুকন, বিশিষ্ট অনুবাদক, গল্পকাৰ জয়ন্ত কুমাৰ চক্ৰৱৰ্তী। এই অনুষ্ঠানত গ্ৰন্থমেলাত অংশগ্ৰহণ কৰা গ্ৰন্থ প্ৰকাশকসকলৰ লগতে বিশ্ববিদ্যালয়ৰ বহুসংখ্যক শিক্ষক, গৱেষক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

আজি ইংৰাজী ৮ ছেপ্তেম্বৰ ২০২৬ তাৰিখে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত ভূপেন হাজৰিকা দেৱৰ জন্ম শতবৰ্ষ উপলক্ষে তথা শিক্ষ...
08/09/2026

আজি ইংৰাজী ৮ ছেপ্তেম্বৰ ২০২৬ তাৰিখে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত ভূপেন হাজৰিকা দেৱৰ জন্ম শতবৰ্ষ উপলক্ষে তথা শিক্ষাগুৰুসকলক শিক্ষক দিৱসৰ সম্ভাষণ জনোৱাৰ উদ্দেশ্যে এটি অনুষ্ঠানৰ আয়োজন কৰা হয়। স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী কংকনা বৰাৰ দ্ধাৰা পৰিৱেশিত বৰগীতৰ পিছতেই স্নাতকোত্তৰ মহলাৰ ছাত্ৰ - ছাত্ৰীসকলৰ দ্বাৰা ভূপেন হাজৰিকাৰ প্ৰতি শ্রদ্ধার্ঘ্য জনাই সমবেত সংগীতেৰে সভাখন আৰম্ভ হয়। তদুপৰি, এইবৰ্ষৰ ৫ ছেপ্তেম্বৰ তাৰিখে বিশ্ববিদ্যালয় বন্ধ থকা হেতুকে এই অনুষ্ঠানতে বিভাগৰ শিক্ষাগুৰুসকলক বিপণন সামগ্ৰীৰ পৰিৱৰ্তে হাতেৰে নিৰ্মিত বিভিন্ন সামগ্ৰীৰে সম্বৰ্দ্ধনা জনোৱা হয়।
অবিনাশ বৰাই আঁত ধৰা এই অনুষ্ঠানত বিভাগীয় প্ৰধান ড০ বিনীতা দেৱ চৌধুৰীয়ে ভূপেন হাজৰিকাৰ গীতত সমাজৰ নানা দিশ, মানুহ আৰু মানৱতা তথা সমগ্ৰ অসমৰ ছবি এখন কিদৰে প্ৰতিফলিত হৈ থাকে সেই বিষয়ে বক্তব্য প্ৰদান কৰে। অধ্যাপক ড০ সুব্ৰত জ্যোতি নেওগে শিক্ষক হিচাপে ভূপেন হাজৰিকাক মূল্যায়ণ কৰিব পৰাৰ সম্ভাৱনা ছাত্ৰ- ছাত্ৰীসকলৰ আগত ব্যক্ত কৰে। তথা বিভাগৰ ছাত্ৰ-ছাত্ৰী , গৱেষক তথা শিক্ষাগুৰুসকলৰ বক্তৃতা , আবৃত্তি, গীত-নৃত্য , খেল-ধেমালি, অভিনয় আদি পৰিৱেশনেৰে অনুষ্ঠানটো জীপাল হৈ উঠে ।

সাঁচিপতীয়া পুথি পঠন আৰু পাঠ-সমীক্ষা বিষয়ক কৰ্মশালা ভাৰতীয় জ্ঞান পৰম্পৰা অধ্যয়নৰ ক্ৰমৱৰ্ধমান গুৰুত্ব বৃদ্ধিৰ সময়তে বিগত ক...
31/08/2026

সাঁচিপতীয়া পুথি পঠন আৰু পাঠ-সমীক্ষা বিষয়ক কৰ্মশালা

ভাৰতীয় জ্ঞান পৰম্পৰা অধ্যয়নৰ ক্ৰমৱৰ্ধমান গুৰুত্ব বৃদ্ধিৰ সময়তে বিগত কেইটামান বছৰৰ দৰে এইবেলিও তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে “সাঁ‌চিপতীয়া পুথি পঠন আৰু পাঠ-সমীক্ষা” শীৰ্ষক পাঁ‌চদিনীয়া কৰ্মশালা এখনি সফলতাৰে সম্পন্ন কৰে। এই কৰ্মশালাৰ আজি অনুষ্ঠিত সামৰণী অনুষ্ঠানত পাণ্ডুলিপিৰ তথ্য নথিভুক্তকৰণ (manuscript documentation) আৰু পাণ্ডুলিপি ডিজিটাইজেশ্বন বিষয়ত দুটি মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে ক্ৰমে পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ Schoenberg Institute of Manuscript Studies -অৰ কিউৰেটৰ, কলা-ঐতিহাসিক ড০ লীন ৰেনছম আৰু ‘ডিজিটাইজিং আছাম' প্ৰকল্পৰ মুৰব্বী, বিশিষ্ট লেখক-সাংবাদিক মৃণাল তালুকদাৰে। অনুষ্ঠানটি উদ্বোধন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক পৰিক্ৰমাৰ ডীন, অধ্যাপক অসীম জ্যোতি ঠাকুৰে, তেখেতে অসমৰ শতিকা-পুৰণি সাঁ‌চিপতীয়া পুথিসমূহৰ বৈজ্ঞানিক সংৰক্ষণত গুৰুত্ব আৰোপ কৰে। অনলাইনযোগে প্ৰদান কৰা ড° লিন ৰেমছমৰ “Manuscript Studies in the Digital Age: Cataloging the World's Manuscripts” শীৰ্ষক বক্তৃতাত তেখেতে পাশ্চাত্য পাণ্ডুলিপি পৰম্পৰাৰ ওপৰত আলোকপাত কৰি পুথিসমূহৰ ডিজিটেল তথ্য নথিভুক্তকৰণ আৰু নতুন ছাত্ৰ-ছাত্ৰী, গৱেষকক এই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ প্ৰেৰণা যোগায়। মৃণাল তালুকদাৰে ‘ডিজিটাইজিং আছাম’ শীৰ্ষক প্ৰকল্পৰ আঁত ধৰি পুথিৰ ডিজিটাইজেচন সম্পৰ্কীয় বিভিন্ন দিশৰ আলোকপাত কৰে আৰু ডিজিটাইজেচনৰ লগত জড়িত বিভিন্ন প্ৰত্যাহ্বানৰ লগতে ইয়াৰ সাংগঠিনক দিশসমূহ আঙুলিয়াই দিয়ে। এই প্ৰকল্পত তেখেতেক অসমৰ বিভিন্ন মহাবিদ্যালয়/বিশ্ববিদ্যালয়ে কৰা সহযোগিতাৰ শলাগ লয়। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ মানৱিকীবিদ্যা আৰু সমাজ বিজ্ঞান বিদ্যাপীঠৰ ডীন অধ্যাপক চন্দন কুমাৰ শৰ্মাই কয় যে- প্ৰাক্‌-আধুনিক সাঁচিপতীয়া পুথিৰ এটা সমৃদ্ধিশালী ইতিহাস আছে আৰু ই এক বহুবিষয়ক(multidisciplinary) গৱেষণাৰ বিষয় হ’ব পাৰে। যোৱা ২৬ আগষ্ট তাৰিখৰ পৰা আৰম্ভ হোৱা এই পাঁচদিনীয়া কৰ্মশালাত সমল ব্যক্তিৰূপে উপস্থিত আছিল জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, নলবাৰীৰ প্ৰবক্তা, পাঠ-সমীক্ষাৰ গৱেষক ড° ৰাজতৰঙ্গিনী। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অসমৰ সাঁচিপতীয়া পুথিৰ পৰিচয়, লিপি, সচিত্ৰ পুথি, পুথিৰ সঁ‌জুলি, পুথি একোখনৰ সময় নিৰূপণৰ কৌশল, সংৰক্ষণ আৰু পাঠ-সমীক্ষা সম্পৰ্কত এলানি বক্তৃতা প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক সাঁচিপতীয়া পুথিৰ পাঠ আধুনিক অসমীয়ালৈ লিপ্যন্তৰ কৰায়। কৰ্মশালাখনিত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত আকাংক্ষা তামুলী, চন্দ্ৰিমা ৰাভা আৰু অবিনাশ বৰাই কৰ্মশালাৰ অভিজ্ঞতা সম্পৰ্কে মত ব্যক্ত কৰে। শলাগৰ শৰাই আগবঢ়াই বিভাগৰ সহকাৰী অধ্যাপক ড° সঞ্জীৱ পল ডেকাই, উপস্থিত সকলোকে ধন্যবাদ জনোৱাৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ে ২০১৬-১৭ বৰ্ষতে সাঁচিপতীয়া পুথি আৰু আপুৰুগীয়া ছপাপুথি ডিজিটাইজ কৰাৰ ক্ষেত্ৰত উদ্যোগ লোৱাৰ কথা দোহাৰে। অসমীয়া বিভাগীয় প্ৰধান অধ্যাপক বিনীতা বৰা দেৱচৌধুৰীয়ে আদৰণী ভাষণ প্ৰদান কৰা সভাখনত তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষক-শিক্ষাৰ্থীসকলৰ লগতে বিশ্ববিদ্যালয়ৰ কেইবাগৰাকী অধ্যাপক-অধ্যাপিকা, অনা-শিক্ষক কৰ্মচাৰী আৰু গৱেষক-শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানৰ আঁত ধৰে বিভাগৰ গৱেষক শিক্ষাৰ্থী উপাসনা বৰাই।

সদ্যঘোষিত UGC-NET পৰীক্ষাত তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিকৰ আকাংক্ষা তামুলী আৰু অবিনাশ ব...
30/08/2026

সদ্যঘোষিত UGC-NET পৰীক্ষাত তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিকৰ আকাংক্ষা তামুলী আৰু অবিনাশ বৰাই সন্মানীয় জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপ (NET-JRF) লাভ কৰি বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সন্মানজনক পৰীক্ষাত বিভাগটোৰ মুঠ দহগৰাকী শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ উল্লেখনীয় কৃতিত্ব প্ৰদৰ্শন কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, আকাংক্ষা তামুলী আৰু অবিনাশ বৰাই JRF লাভ কৰাৰ লগতে প্ৰিয়ম নেওগ, কংকনা চুতীয়া আৰু চন্দ্ৰিমা ৰাভাই সহকাৰী অধ্যাপক (NET) আৰু পিএইচ.ডি.ৰ (PhD) বাবে যোগ্যতা অৰ্জন কৰে। আনহাতে, দীপিকা ৰাভা, প্ৰিয়দৰ্শিনী বৰা, পূজা ভূঞা, আশিক মুণ্ডা আৰু অনুৰাগ ডেকাই পিএইচ.ডি.ৰ (PhD) বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়। স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়নৰত অৱস্থাতে বিভাগটোৰ শিক্ষাৰ্থীসকলে দেখুওৱা এনে সাফল্যত তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ গৌৰৱান্বিত।

হে নতুন নমস্কাৰ!যুগে যুগে আহ তই দেশে দেশে ভাহ তইভোঁহাৰি-বিদাৰি ফালিপুৰণি সংস্কাৰ।          - জ্যোতিপ্ৰসাদ আগৰৱালা       ...
20/08/2026

হে নতুন নমস্কাৰ!
যুগে যুগে আহ তই দেশে দেশে ভাহ তই
ভোঁহাৰি-বিদাৰি ফালি
পুৰণি সংস্কাৰ।
- জ্যোতিপ্ৰসাদ আগৰৱালা

যোৱা ইং ১৯ আগষ্ট ২০২৬ তাৰিখ বুধবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিকৰ নৱাগতসকলক বিভাগলৈ আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ উদ্দেশ্যে 'ন-কুঁহি' শীৰ্ষক আদৰণী সভাৰ আয়োজন কৰা হয়। স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিকৰ অবিনাশ বৰা আৰু আকাংক্ষা তামুলীয়ে আঁত ধৰা সভাখন স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ- ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে আৰম্ভ হয়।

বিভাগীয় প্ৰধান ড০ বিনীতা বৰা দেৱ চৌধুৰী, অধ্যাপক ড০ সুব্ৰত জ্যোতি নেওগ, ড০ জুৰি দত্ত, ড০ সঞ্জীৱ ডেকা, ড০ জ্যোতিস্মান দাস আৰু ড০ স্বপ্না ৰাণী বৰা উপস্থিত থকা সভাখনত বিভাগৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰী , গৱেষক তথা শিক্ষাগুৰুসকলৰ বক্তৃতা, কবিতা আবৃত্তি, গীত-নৃত্য আদি পৰিৱেশনেৰে অনুষ্ঠানটো জীপাল হৈ উঠে। উল্লেখযোগ্য যে এই অনুষ্ঠানতে নৱাগত আদৰণী সভাৰ সৈতে সংগতি ৰাখি বিভাগীয় চ’ৰাৰ উদ্যোগত নৱাগতসকলৰ মাজত আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ বঁটাসমূহো প্ৰদান কৰা হয় । লগতে ২০২৬ বৰ্ষৰ শ্ৰেষ্ঠ নৱাগতৰ খিতাপ দেৱাশিস হাজৰিকা আৰু শ্ৰেষ্ঠ পৰিৱেশকৰ খিতাপ বসন্ত বৰালৈ আগবঢ়োৱা হয়।

তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ আৰু জে বি প্ৰডাকচন, তেজপুৰৰ সহযোগত ১৬ আগষ্ট, ২০২৬ তাৰিখে বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণ...
20/08/2026

তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ আৰু জে বি প্ৰডাকচন, তেজপুৰৰ সহযোগত ১৬ আগষ্ট, ২০২৬ তাৰিখে বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ ‘জলছবি’ উপন্যাসৰ আধাৰত নিৰ্মিত তথা অবিনাশ শৰ্মাৰ দ্বাৰা পৰিচালিত নাটক ‘জলছবি’ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানৰ উদ্বোধনী অধিৱেশনত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক বীৰেণ দাস উপস্থিত থাকি অনুষ্ঠানটো উদ্বোধন কৰে। উদ্বোধনী ভাষণত তেখেতে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এই সৃষ্টিশীল উদ্যোগৰ শলাগ লয়৷ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক বিনীতা বৰা দেৱচৌধুৰীয়ে আদৰণী ভাষণ আগবঢ়োৱাৰ পাছতে অনুষ্ঠানটোৰ সমল ব্যক্তি হিচাপে উপস্থিত থকা বিশিষ্ট পৰিচালক, সংগীত নাটক অকাডেমি বঁটাপ্ৰাপক অবিনাশ শৰ্মাৰ এক পৰিচয় আগবঢ়ায় তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড০ সুব্ৰত জ্যোতি নেওগে৷ তাৰ পিছতে প্ৰায় ১ ঘণ্টা ৩০ মিনিট দৈৰ্ঘ্যৰ ‘জলছবি’ নাটকখন মঞ্চস্থ কৰা হয়। অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস ‘জলছবি’ৰ কাহিনীক নাট্যৰূপ দিয়া এই প্ৰযোজনাই সাহিত্যকৰ্মৰ নাটকীয় অভিযোজনাৰ সম্ভাৱনাক সুন্দৰভাৱে উন্মোচিত কৰিছে। সাহিত্যকৰ্মৰ নাটকীয় অভিযোজনা বৰ্তমানৰ নাট্যচৰ্চাৰ এক গুৰুত্বপূৰ্ণ দিশ আৰু সাহিত্যিক আখ্যানক মঞ্চৰ ভাষালৈ ৰূপান্তৰ কৰাৰ এক সৃষ্টিশীল প্ৰয়াসৰ সাক্ষী হয় তেজপুৰ বিশ্ববিদ্যালয়৷ নাটকখনত অভিনয় কৰে বিশিষ্ট অভিনেতা জাহানাৰা বেগম, জনক নাথ, চৰ্চিকা চৌধুৰী আৰু মুন ডেকাই৷ নাট্য প্ৰদৰ্শনৰ শেষত পৰিচালক অবিনাশ শৰ্মা আৰু অভিনেতা জাহানাৰা বেগমৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠানৰো আয়োজন কৰা হয়৷ অন্তৰংগ আলাপ অনুষ্ঠানত পৰিচালক অবিনাশ শৰ্মাই নিজা অভিজ্ঞতাৰে নাটকীয় অভিযোজনা সম্পৰ্কীয় বিভিন্ন দিশ ব্যাখ্যা কৰাৰ লগতে ‘জলছবি’ উপন্যাসক নাট্যৰূপ দিয়াৰ অভিজ্ঞতা সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰে৷ তেখেতৰ মন্তব্য অনুসৰি- ‘‘উপন্যাস এখন নাটকলৈ অভিযোজনা কৰোঁতে বহু নতুন দিশৰ সংযোগ কৰা হয়, বহু উপাদান বাদ দিব লগাও হয়৷ উপন্যাসৰ বৰ্ণনা নাটকত সংলাপ বা ক্ৰিয়ালৈ ৰূপান্তৰ কৰা হয় বুলি তেখেতে জলছবি উপন্যাসখনৰ বিভিন্ন উদাহৰণেৰে ব্যাখ্যা কৰে৷ উপন্যাসৰ বহু উপাদান মূলৰ প্ৰতি বিশ্বস্ত হৈ কেতিয়াবা অন্যধৰণে উপস্থাপন কৰা হয়, এই সকলোবোৰ হৈছে নাট্যকাৰৰ স্বাধীনতা’’৷ ‘জলছবি’ৰ নাটকীয় অভিযোজনাৰ ক্ষেত্ৰতো তেখেতে এই সৃষ্টিশীল স্বাধীনতা লাভ কৰাৰ কথা উল্লেখ কৰে। লগতে উপন্যাসখনৰ লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ পৰা এই অভিযোজনাৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰি লাভ কৰাৰ কথাও তেখেতে প্ৰকাশ কৰে। নাট্যৰূপ দিয়াৰ সময়ত সময় আৰু স্থানৰ সীমাবদ্ধতাৰ প্ৰতি সচেতন হ’বলগীয়া হয় বুলি উল্লেখ কৰি তেখেতে কয় যে উপন্যাসৰ ক্ষেত্ৰত সময় আৰু স্থান বিস্তাৰৰ যথেষ্ট স্বাধীনতা থাকে, কিন্তু নাটকৰ ক্ষেত্ৰত প্ৰদৰ্শনৰ সময় আৰু দৰ্শকৰ গ্ৰহণক্ষমতাৰ সৈতে সামঞ্জস্য ৰাখি আখ্যানৰ নিৰ্বাচন আৰু সংকোচন কৰিবলগীয়া হয়। ‘জলছবি’ৰ প্ৰসংগত তেখেতে স্পষ্ট কৰে যে নাটকখন কেৱল ৰোগটোক কেন্দ্ৰ কৰি নিৰ্মিত নহয়। তাৰ সলনি এই ৰোগৰ সময়ত বৃদ্ধাগৰাকীৰ যত্ন লোৱা মহিলাগৰাকীৰ অভিজ্ঞতা আৰু যত্নৰ সমগ্ৰ প্ৰক্ৰিয়াটোৱেই নাটকখনৰ অন্যতম কেন্দ্ৰীয় বিষয়। অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, গৱেষক-গৱেষিকা, শিক্ষাৰ্থী তথা নাট্যপ্ৰেমীসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৰ আঁত ধৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ভাস্কৰ জ্যোতি বৰাই৷

14/08/2026

অসমীয়া বিভাগ : তেজপুৰ বিশ্ববিদ্যালয় ৷ Dept. of Assamese : Tezpur University in collaboration with JB Production, Tezpur, invites you to a special programme featuring a talk on “Theatre Adaptation” followed by a theatrical performance of Jalachabi, based on the acclaimed novel by noted Assamese writer Anuradha Sharma Pujari.

🎙️ Shri Abinash Sarma, Sangeet Natak Akademi Award-winning Theatre Director, will deliver the talk on Theatre Adaptation, followed by the performance of Jalachabi.

📅 Date: 16 August 2026
📍 Venue: KBR Auditorium, Tezpur University

🕔 5:00 PM — Inaugural Session & Talk on Theatre Adaptation
🕕 6:00 PM — Theatrical Performance of Jalachabi
⏱️ Duration: Approximately 55 minutes

✨ Join us for an engaging evening celebrating Assamese literature, theatre and the art of adaptation!

সদ‍্যঘোষিত NE SLET,2026 পৰীক্ষাত তেজপুৰ বিশ্ববিদ‍্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ সফলতাসফলতা লাভ কৰা প্ৰতিগৰাকীলৈ ব...
07/08/2026

সদ‍্যঘোষিত NE SLET,2026 পৰীক্ষাত তেজপুৰ বিশ্ববিদ‍্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ সফলতা

সফলতা লাভ কৰা প্ৰতিগৰাকীলৈ বিভাগৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিলোঁ।

Address

Tezpur University
Tezpur
784028

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm

Alerts

Be the first to know and let us send you an email when অসমীয়া বিভাগ : তেজপুৰ বিশ্ববিদ্যালয় ৷ Dept. of Assamese : Tezpur University posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to অসমীয়া বিভাগ : তেজপুৰ বিশ্ববিদ্যালয় ৷ Dept. of Assamese : Tezpur University:

Shortcuts

Share

Category