Teok Rajabari Higher Secondary School, Official

  • Home
  • India
  • Teok
  • Teok Rajabari Higher Secondary School, Official
Directions Website

Teok Rajabari Higher Secondary School, Official A premier educational institution of East Jorhat

আজি আমাৰ বিদ্যালয়ত এচিয়ান বক্সিঙত স্বৰ্ন পদক পাই দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলিনা বৰগোহাঁইক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰো৷ছাত্...
03/10/2026

আজি আমাৰ বিদ্যালয়ত এচিয়ান বক্সিঙত স্বৰ্ন পদক পাই দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলিনা বৰগোহাঁইক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰো৷ছাত্ৰছাত্ৰীক তেখেতৰ এই সাফল্যই অনুপ্ৰেৰণা দিব৷আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিলো৷

শাশ্বত জুবিন: প্ৰকৃতিৰ বুকুত এক নীৰৱ শ্ৰদ্ধাঞ্জলিআজি টীয়ক ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ পকী দেৱালত কেইগৰাকীম...
24/09/2026

শাশ্বত জুবিন: প্ৰকৃতিৰ বুকুত এক নীৰৱ শ্ৰদ্ধাঞ্জলি
আজি টীয়ক ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ পকী দেৱালত কেইগৰাকীমান ছাত্ৰৰ দ্বাৰা অংকিত জুবিন গাৰ্গৰ এক প্ৰতিচ্ছবি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।
প্ৰতিচ্ছবি উন্মোচনৰ সেই বিশেষ ক্ষণটি এক অপূৰ্ব আৰু ভাবগম্ভীৰ পৰিৱেশেৰে মুখৰিত হৈ পৰে। ঠিক সেই মুহূৰ্ততে আকাশত প্ৰত্যক্ষ হ’ল এক অপৰূপ প্ৰাকৃতিক দৃশ্য— যেন নীলাকাশৰ কোলাত প্ৰকৃতিয়ে স্বয়ং শিল্পীগৰাকীৰ প্ৰতি নিবেদন কৰিলে এক অপার্থিৱ শ্ৰদ্ধাঞ্জলি।
জুবিন গাৰ্গৰ প্ৰকৃতি, মুক্ত আকাশ আৰু জীৱনৰ প্ৰতি থকা নিবিড় অনুৰাগৰ গভীৰ অনুভূতিবোৰ সেই ক্ষণত যেন পুনৰ প্ৰাণৱন্ত হৈ উঠিল। শাৰীৰিকভাৱে তেওঁ আমাৰ মাজত অনুপস্থিত যদিও তেওঁৰ কালজয়ী গীত, সৃষ্টিশীল সাধনা, প্ৰকৃতিৰ প্ৰতি অনুৰাগ আৰু মানৱপ্ৰেম প্ৰতিগৰাকী অনুৰাগীৰ হৃদয়ত চিৰপ্ৰবাহমান হৈ ৰ’ব।🙏🙏🙏

22/09/2026

‘Earn and Learn Drive’ at our school

শিক্ষা → দক্ষতা → ব্যৱহাৰিক প্ৰয়োগ →কৰ্ম সংস্কৃতি— উদ্যোগী মানসিকতা → সঞ্চয়ৰ অভ্যাস → ভৱিষ্যৎ জীৱিকা সৎ নাগৰিক  → সমাজ...
22/09/2026

শিক্ষা → দক্ষতা → ব্যৱহাৰিক প্ৰয়োগ →কৰ্ম সংস্কৃতি— উদ্যোগী মানসিকতা → সঞ্চয়ৰ অভ্যাস → ভৱিষ্যৎ জীৱিকা সৎ নাগৰিক → সমাজৰ উন্নয়ন৷: বিদ্যালয়ৰ প্ৰয়াস।

আমাৰ বিদ্যালয়ত টীয়ক 'ব্ৰহ্মকুমাৰী'ৰ দ্বাৰা অনুষ্ঠিত নিচামুক্তি অভিযানৰ কিয়দংশ। (১৪/০৮/২০২৬)
15/08/2026

আমাৰ বিদ্যালয়ত টীয়ক 'ব্ৰহ্মকুমাৰী'ৰ দ্বাৰা অনুষ্ঠিত নিচামুক্তি অভিযানৰ কিয়দংশ। (১৪/০৮/২০২৬)

বানাক্ৰান্ত ছাত্ৰ-ছাত্ৰীলৈ পাঠ্যপুথিৰ পুনৰ বিতৰণ আৰু মুখ্য মন্ত্ৰীৰ নিযুত মইনা আচনিৰ বাবে প্ৰ-পত্ৰ বিতৰণ অনুষ্ঠানত মৰিয়...
08/08/2026

বানাক্ৰান্ত ছাত্ৰ-ছাত্ৰীলৈ পাঠ্যপুথিৰ পুনৰ বিতৰণ আৰু মুখ্য মন্ত্ৰীৰ নিযুত মইনা আচনিৰ বাবে প্ৰ-পত্ৰ বিতৰণ অনুষ্ঠানত মৰিয়নি সমষ্টিৰ মাননিয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ লগতে অনান্য বিশিষ্ট ব্যক্তিসকল। সভাত আমাৰ বিদ্যালয়ৰ লগতে অঞ্চলটোৰ আন বিদ্যালয় সমূহৰো পাঠ্যপুথি পুনৰ বিতৰণ কৰা হয়।

জুলাই মাহৰ বানপানীত ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয়ৰ দাঁতিকাষৰীয়া অঞ্চল তথা ছাত্ৰ-ছাত্ৰীৰ মাজত বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা ক...
02/08/2026

জুলাই মাহৰ বানপানীত ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয়ৰ দাঁতিকাষৰীয়া অঞ্চল তথা ছাত্ৰ-ছাত্ৰীৰ মাজত বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা কিঞ্চিত সহায়ৰ হাত।

আমাৰ সফল ছাত্ৰ-ছাত্ৰী (আৰু বহুতো), আমাৰ গৌৰৱ। (২৯/০৬/২০২৬)
01/07/2026

আমাৰ সফল ছাত্ৰ-ছাত্ৰী (আৰু বহুতো), আমাৰ গৌৰৱ। (২৯/০৬/২০২৬)

01/07/2026

যোৱা ২৯ জুন ২০২৬ তাৰিখে বিদ্যালয়ত অনুষ্ঠিত হোৱা নবাগত আদৰণী সভা আৰু কৃতি ছাত্ৰ-ছাত্ৰী ৰ সম্বৰ্ধনা অনুষ্ঠান। অনুষ্ঠানত অন্যান্য কাৰ্যক্ৰমৰ লগতে অসমৰ সন্মানীয় মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সংগ্ৰাম, অধ্যৱসায় আৰু সফলতা সামৰি এখনি চুটি আলেক্ষ পৰিবেশন কৰা হয়।

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক-মানসিক সুস্বাস্থ্যৰ বাবে সূৰ্য্য নমস্কাৰৰ প্ৰশিক্ষণ তথা অনুশীলন কৰোৱা হয়। ইয়াৰোপৰি ছা...
10/06/2026

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক-মানসিক সুস্বাস্থ্যৰ বাবে সূৰ্য্য নমস্কাৰৰ প্ৰশিক্ষণ তথা অনুশীলন কৰোৱা হয়। ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীক আত্মপ্ৰত্যয়মূলক ইতিবাচক বাক্য দৈনিক শোৱাৰ সময়ত আওঁৰাবৰ কাৰণে মাৰ্গদৰ্শন কৰোৱা হয়।

Address

Teok Rajabari
Teok
785112

Alerts

Be the first to know and let us send you an email when Teok Rajabari Higher Secondary School, Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category