73 No Dulia Gaon LPS

73 No Dulia Gaon LPS UDISE - 18170115102 ।। লক্ষ্য আমাৰ আকাশ চুৱাৰ, আনিম সমাজলৈ নতুন জোৱাৰ ।।

বিদ্যালয়ৰ মুকলি মঞ্চ 'তেঁ‌তেলী তলৰ তীকি'-ত ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈ যোৱাবছৰৰ দৰেই এইবাৰো গ্ৰন্থমেলাত ড° বিনোদ কুমাৰ গগৈ ছাৰ...
04/12/2025

বিদ্যালয়ৰ মুকলি মঞ্চ 'তেঁ‌তেলী তলৰ তীকি'-ত ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈ যোৱাবছৰৰ দৰেই এইবাৰো গ্ৰন্থমেলাত ড° বিনোদ কুমাৰ গগৈ ছাৰে বহুকেইখন মূল্যবান গ্ৰন্থ যোগান ধৰে। মধ্য যোৰহাট শিক্ষাখণ্ডৰ পশ্চিম টীয়ক মণ্ডলৰ সমন্বয়ক নিৰ্মালি দত্তৰ উদ্যোগত এই মঞ্চক মণ্ডল পৰ্যায়লৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা হৈছে। ছাৰে আগবঢ়োৱা এই গ্ৰন্থসমূহ মণ্ডলৰ ছাত্ৰ-ছাত্ৰীৰ মাজলৈ সোনকালেই লৈ যোৱা হ'ব।

উল্লেখ্য যে ছাৰৰ অনুদানেৰেই অনাগত দিনত তেঁ‌তেলী তলৰ তীকি মঞ্চৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক বিশেষ প্ৰতিযোগিতা আয়োজন কৰা হ'ব।

এইবৰ্ষত ছাৰে আগবঢ়োৱা গ্ৰন্থৰাজী হ'ল -

১) আধুনিক অসমীয়া সহজ প্ৰায়োগিক অভিধান - ড° পৱিত্ৰপ্ৰাণ গোস্বামী - বনলতা
২) ভাৰতৰ বনৰীয়া জন্তু - ফটিক চন্দ্ৰ গগৈ - অসম প্ৰকাশন পৰিষদ
৩) শিশুনাট্য সম্ভাৱ - সম্পাঃ হৃষীকেশ গোস্বামী - অসম শিশু সাহিত্য ন্যাস
৪) ইমান যে উদ্ভিদ - দিগন্ত ওজা - অসম প্ৰকাশন পৰিষদ
৫) আমাৰ পৃথিৱী - দিগন্ত ওজা - অসম প্ৰকাশন পৰিষদ
৬) আমাৰ বেলিটো - দিগন্ত ওজা - অসম প্ৰকাশন পৰিষদ
৭) অৰণ্যৰ উকি - অনুঃ বিকাশ দিহিঙ্গীয়া - অসম প্ৰকাশন পৰিষদ
৮) জ্ঞান বিজ্ঞানৰ সঁ‌ফুৰা - বনলতা
৯) শ্বিচকিন, মই আৰু বহুতো - অনুঃ নিশি বৰকটকী -
১০) ছাত্ৰ-ছাত্ৰীৰ কঠিন প্ৰশ্ন জ্ঞানীসকলৰ সহজ উত্তৰ - অনুঃ মানিক পাল - বনলতা
১১) ৰাষ্ট্ৰবীৰৰ জীৱনী - ভৱানন্দ ৰাজখোৱা, কমলেশ্বৰ চলিহা - অসম প্ৰকাশন পৰিষদ
১২) জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিশু কবিতা - অসম প্ৰকাশন পৰিষদ
১৩) বিশ্বৰ বিভিন্ন দেশৰ নিৰ্বাচিত এমুঠি নিচুকনী গীত - ড° প্ৰাণজিৎ বৰা
১৪) অকণমানি কোঁ‌ৱৰ - অনুঃ নিৰুপমা বৰগোহাঞি
১৫) প্ৰকৃতিৰ বিচিত্ৰ সাধু - মানস প্ৰতিম দত্ত - জাগৰণ সাহিত্য প্ৰকাশন
১৬) চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু - মানস প্ৰতিম দত্ত - জাগৰণ সাহিত্য প্ৰকাশন
১৭) কিতাপ পঢ়াৰ আনন্দ - হোমেন বৰগোহাঞি - ষ্টুডেণ্ট ষ্টৰচ
১৮) অসমৰ জনজাতীয় সাধু - ৱাশ্বিংটন ৰাভা হাটো - নয়নতৰা প্ৰকাশন
১৯) শিশু কিশোৰৰ যৌন শিক্ষা - ৰক্তিম গোস্বামী - অসম পাবলিচিং কোম্পানী
২০) আদৌ - নিতুপৰ্ণ ৰাজবংশী - বনলতা
২১) www.ঘনজংঘল.কম - অনুঃ শান্তনু তামূলী - নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া

যোৱা তিনিদিন ধৰি জিলাভিত্তিত তিতাবৰস্থিত Jorhat DIET ত অনুষ্ঠিত হোৱা Teachers Conclave ত ৰাজ্যিক পৰ্যায়লৈ আমাৰ বিদ্যালয়ৰ...
16/10/2025

যোৱা তিনিদিন ধৰি জিলাভিত্তিত তিতাবৰস্থিত Jorhat DIET ত অনুষ্ঠিত হোৱা Teachers Conclave ত ৰাজ্যিক পৰ্যায়লৈ আমাৰ বিদ্যালয়ৰ 'তেঁ‌তেলী তলৰ তীকি' - মুকলি মঞ্চ তথা প্ৰকল্পটো প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে।

অভিনন্দন আমাৰ সকলোলৈ, যিসকলৰ 'তেঁ‌তেলী তলৰ তীকি'-লৈ সহযোগেএই মুকলি মঞ্চখনৰ প্ৰসাৰত অৰিহণা যোগাইছে। লগতে ছাত্ৰ-ছাত্ৰীসকলোলৈ, যিসকলে নিজৰ সুপ্ত প্ৰতিভা চৰ্চাৰ বাবে এই মঞ্চখন 'নিজৰ' বুলি লৈছে।

এই চৰ্চাৰ বাবে মঞ্চখনত প্ৰতি মঙ্গলবাৰ, বৃহস্পতিবাৰে (Mid Day Meal ৰ পিছত) আৰু শনিবাৰে মুকলি থাকিব। সকলোৱে এইদৰেই মঞ্চখনত চৰ্চা অব্যাহত ৰাখিব বুলি আশাবাদী।

Ranoj Pegu Himanta Biswa Sarma
District Administration, Jorhat
Samagra Shiksha Jorhat
Department of Education

শ্ৰদ্ধাঞ্জলি . . . .     প্ৰতি,    জুবিন গাৰ্গ!!এনেকুৱা এটা দিনো যে আহিব পাৰে কোনেও কাহানিও কল্পনা কৰা নাছিল। কায়িকভাবে ...
20/09/2025

শ্ৰদ্ধাঞ্জলি . . . . প্ৰতি, জুবিন গাৰ্গ!!

এনেকুৱা এটা দিনো যে আহিব পাৰে কোনেও কাহানিও কল্পনা কৰা নাছিল। কায়িকভাবে নোহোৱা হ'লো জুবিন গাৰ্গ থাকিব সদায়।

আজি ইং ০২-০৬-২০২৫ তাৰিখে Bharti Airtel Foundation-এ যোৰহাট জিলা ভিত্তিত আয়োজন কৰা Maths Wizard আৰু Spell Wizard ত জিলাখন...
02/06/2025

আজি ইং ০২-০৬-২০২৫ তাৰিখে Bharti Airtel Foundation-এ যোৰহাট জিলা ভিত্তিত আয়োজন কৰা Maths Wizard আৰু Spell Wizard ত জিলাখনৰ ভিতৰত দুয়োটা ভাগতে প্ৰাথমিক পৰ্য্যায়ত বিজয়ী হিচাপে আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনে ক্ৰমে দেৱাশীষ বৰুৱা (পঞ্চম শ্ৰেণী) আৰু অনিৰ্বাণ কাশ্যপ শইকীয়া (তৃতীয় শ্ৰেণী)-এ। দুয়োলৈ বহুত মৰম আৰু শুভেচ্ছা।

উল্লেখ্য যে, যোৱাবছৰো এই Maths Wizard প্ৰতিযোগিতাত জিলাভিত্তিক শ্ৰেষ্ঠ পুৰস্কাৰ আমাৰ বিদ্যালয়ৰ মনস্বী বৰুৱাই লাভ কৰিছিল।

Samagra Shiksha Jorhat
District Administration, Jorhat
MyGov Assam
Ministry of Education
Department of Education
Ranoj Pegu
Himanta Biswa Sarma
Bikash Dihingia
Parash Goswami

মধ্য যোৰহাট খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত যোৱা অনুষ্ঠিত হোৱা পঞ্চম শ্ৰেণীৰ প্ৰতিভা সন্ধানী পৰীক্ষাত আমাৰ বিদ্যা...
08/04/2025

মধ্য যোৰহাট খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত যোৱা অনুষ্ঠিত হোৱা পঞ্চম শ্ৰেণীৰ প্ৰতিভা সন্ধানী পৰীক্ষাত আমাৰ বিদ্যালয়ৰ ছাত্ৰী - জীনা টাইডে তৃতীয় স্থান পাই বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনে।

জীনালৈ বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। কিতাপৰ সতে সম্পৰ্ক যাতে অটুট থাকে তাৰে কামনা কৰিলো।

District Administration, Jorhat
Samagra Shiksha Jorhat
Hemchandra Taid
Bikash Dihingia
Ranoj Pegu
Himanta Biswa Sarma
Hemonta Kumar Doley
B-uti Bora
Bharti Airtel Foundation
MyGov Assam
Ministry of Education
Department of Education

ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পুনৰ A+Samagra Shiksha Jorhat District Administration, Jorhat Bharti Airtel Foundation MyGov A...
27/03/2025

ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পুনৰ A+

Samagra Shiksha Jorhat
District Administration, Jorhat
Bharti Airtel Foundation
MyGov Assam
Ministry of Education
Department of Education
Ranoj Pegu
Himanta Biswa Sarma
Bikash Dihingia

Address

Kakojan Dulia Gaon, Kakojan
Teok
785107

Opening Hours

Monday 9am - 2pm
Tuesday 9am - 2pm
Wednesday 9am - 2pm
Thursday 9am - 2pm
Friday 9am - 2pm
Saturday 9am - 12pm

Telephone

+918472048451

Website

Alerts

Be the first to know and let us send you an email when 73 No Dulia Gaon LPS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to 73 No Dulia Gaon LPS:

Shortcuts

Share

Category