21/09/2026
সংগীত জগতৰ মহান শিল্পী, যুৱপ্ৰজন্মৰ প্ৰেৰণাৰ উৎস তথা অসমৰ সাংস্কৃতিক জগতৰ এক উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গৰ সৃষ্টিশীলতা, মানৱীয়তা আৰু শিল্পীসত্তাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি মহাবিদ্যালয়ত জুবিন দিৱস উদযাপন কৰা হয়।
অনুষ্ঠানৰ আৰম্ভণিতে NSS Unit-ৰ উদ্যোগত, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু স্থানীয় গাঁওবাসীৰ সহযোগত “স্বচ্ছতা হি সেৱা” (Swachhata Hi Seva) অভিযানৰ অংশ হিচাপে এক পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান অনুষ্ঠিত কৰা হয়। ছাত্ৰ-ছাত্ৰী, ছাত্ৰ একতা সভা আৰু স্থানীয় গাঁওবাসী আৰু শিক্ষক-কৰ্মচাৰীৰ সক্ৰিয় অংশগ্ৰহণেৰে পৰিৱেশ পৰিষ্কাৰ কৰি স্বচ্ছতা, দায়িত্ববোধ আৰু সামাজিক সেৱাৰ এক সুন্দৰ বাৰ্তা প্ৰদান কৰা হয়।
ইয়াৰ পিছতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পবৃষ্টিৰে মহান শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তেওঁৰ সংগীত, মানৱতাবাদ আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাক সোঁৱৰণ কৰি উপস্থিত সকলোৱে তেওঁৰ আদৰ্শ আৰু সৃষ্টিৰাজিৰ প্ৰতি সন্মান জ্ঞাপন কৰে।
“সেৱা সংকল্প অভিযান”ৰ এক অংশ হিচাপে এখন ভাষণ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। দিনটোৰ কাৰ্যসূচীৰ অন্তত অনুষ্ঠিত হয় মনোমোহা সাংস্কৃতিক অনুষ্ঠান “মায়াবিনী দুপৰীয়া”। সংগীত, নৃত্য আৰু বিভিন্ন সাংস্কৃতিক পৰিৱেশনেৰে মুখৰিত হৈ পৰে মহাবিদ্যালয়ৰ পৰিৱেশ। জুবিন গাৰ্গৰ গীত আৰু সৃষ্টিৰে অনুপ্ৰাণিত সাংস্কৃতিক পৰিৱেশনসমূহে অনুষ্ঠানটোক অধিক আকৰ্ষণীয় আৰু স্মৰণীয় কৰি তোলে।