30/10/2024
আজি চি কে বি হাইস্কুল, বলমাৰ সহ:প্ৰধান শিক্ষক আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰী যুত ৰূপাংক শৰ্মা পাঠক ছাৰৰ অৱসৰ গ্ৰহণৰ দিনটো স্মৰণীয়ৰূপত উদযাপন কৰা হয়। বিদ্যালয়ৰ NCC কেডেটৰ নেতৃত্বত ছাত্র ছাত্ৰী দুশাৰী
সন্মান শৃংখলৰ মাজেৰে ছাৰক বিদ্যালয়লৈ আদৰি অনা হয়।
আজিৰ সভাত সভাপতিত্ব কৰে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি মহাবিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাক্তন প্ৰৱক্তা তথা জ্ঞানপীঠ একাডেমীৰ বৰ্তমানৰ অধ্যক্ষ,আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্র শ্ৰীযুত ৰাফেল শইকীয়া ছাৰে। বিশিষ্ট অতিথি হিচাপে মঞ্চ শুৱনি কৰে বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক সূৰ্য হাতীবৰুৱা ছাৰ,অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত নৱ বৰুৱা ছাৰ আৰু বিদ্যালয়ৰ উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত যোগেন্দ্ৰ নাথ বৰুৱা দেৱে।
ইয়াৰ উপৰিও বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত বুদ্ধিন্দ্ৰ নাথ শইকীয়া ছাৰ , বিদ্যালয়ৰ আৱসৰপ্ৰাপ্ত শিক্ষক,সমাজকৰ্মী প্ৰবীণ চুতীয়া দেৱ, শিক্ষক সমাজকৰ্মী প্ৰদীপ গগৈ ছাৰ, ৯ নং বলমা গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ বৰুৱা, শিক্ষা বিভাগৰ বিশেষ দ্বায়িত্বত থকা শ্ৰীযুতা দীপ্তি শইকীয়া বাইদেউ, কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ বিষয়ববীয়া, অভিভাৱক শিক্ষক গোটৰ বিষয়ববীয়া,বিদ্যালয় মাতৃগোটৰ বিষয়ববীয়া, যথেষ্ঠ সংখ্যক অভিভাৱক, প্ৰাক্তন ছাত্ৰী ছাত্ৰী উপস্থিত আছিল।
সভাৰ আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয় প্ৰধান শ্ৰীযুত বিপিন ওজা দেৱে। বিদ্যালয়ৰ সম্বৰ্ধনা অনুষ্ঠানৰ স্মাৰক পত্ৰ পাঠ কৰে প্ৰধান শিক্ষক মহোদয়ে। ছাত্র একতা সভা, শ্ৰেণী ভিত্তিক সম্বৰ্ধনা আৰু প্ৰাক্তন ছাত্র ছাত্ৰী সকলেও পৃথক ভাবে নিজ নিজ সম্বৰ্ধনা জ্ঞাপন কৰে।
বলমা অঞ্চলৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান বলমা প্ৰগতিশীল যুৱ মঞ্চৰ বিষয়ববীয়া সকলেও ছাৰক সম্বৰ্ধনা জ্ঞাপন কৰে।
আবেগ ভৰা স্মৃতি ৰোমন্থন কৰি বহুজনে নিজ নিজ বক্তব্যৰে ছাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
ছাৰৰ সমৰ্পিত অৱদানখিনি চি কে বি হাইস্কুল পৰিয়াল তথা সমগ্ৰ অঞ্চলটিয়ে সদায় মনত ৰাখিব।
ছাৰ সুস্বাস্থ্যৰ অধিকাৰী হৈ কৰ্মময় দীৰ্ঘজীৱনৰ গৰাকী হৈ থাকক সদায়। বিদ্যালয়ৰ ছাত্ৰ শিক্ষক আৰু কৰ্মচাৰীৰ বাবে আপুনি অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব।