12/07/2024
াঠ্যক্ৰম_নহয়,লগতে প্ৰশিক্ষণৰ ব্যৱস্থা।
শিক্ষা: শিক্ষক: পাঠ্যক্ৰম: ছাত্ৰ-ছাত্ৰী
আধুনিক প্ৰযুক্তি কৌশল: আৱাস: খেল ধেমালি: খাদ্য: আৰু যাতায়তৰ ব্যৱস্থা
প্ৰতিবন্ধী ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত এক নিৰন্তৰ গৱেষণা: ঈৰদা প্ৰায়োগিক বিজ্ঞান বিদ্যালয় চৌহদত চলাই থকা হৈছে
প্ৰশিক্ষণ কেন্দ্ৰ:
১) শ্ৰেণীকোঠাৰ প্ৰযুক্তি কৌশল প্ৰশিক্ষণ:
(শ্ৰেণীকোঠাৰ কম্পিউটাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অফ-অন, পাৱাৰ পইন্টৰ সজুঁলি নিয়ন্ত্ৰণ, শব্দ নিয়ন্ত্ৰণ, পোহৰ নিয়ন্ত্ৰণ, বহা আসনৰ ব্যৱস্থাপনা ইত্যাদি স্কেনাৰৰ সৈতে)
২) চাফ-চিকুণ প্ৰশিক্ষণ:
(বিছনাৰ কাপোৰ, ইউনিফৰ্ম, ছাত্ৰ-ছাত্ৰী নিৱাসত পিন্ধা কাপোৰ, খেলা কাপোৰ, আজৰি সময়ত ব্যৱহাৰ কৰা কাপোৰ আদিৰ নিয়মানুৱৰ্তিতা, এটি স্কেনাৰৰ সৈতে)
৩) ক্ষুদ্ৰ ব্যৱসায় প্ৰশিক্ষণ:
(এখন সৰু কেন্টিনৰ ব্যৱস্থা: টেবিল, এটি ৰঙ বিৰঙৰ ছাতি, কেইপদমান প্ৰয়োজনীয় ৰন্ধন সামগ্ৰীৰ লগতে এটি স্কেনাৰৰ সৈতে)
৪) ই-ৰিক্সা: ড্ৰাইভিং প্ৰশিক্ষণ:
(স্থানীয় ছাত্ৰ-ছাত্ৰী সকলৰ যাতায়তৰ বাবে এটি স্কেনাৰৰ সৈতে)
প্ৰতিটো পদক্ষেপতে স্কেনাৰৰ সৈতে এই কাৰণেই যে প্ৰশিক্ষণৰ সময়চোৱাত তেওঁলোকক চৌহদৰ ভিতৰৰ ব্যৱস্থাপনাৰ বাবে আৰু প্ৰশিক্ষণৰ অন্তত চৌহদৰ বাহিৰত নিজাববীয়াকৈ ব্যৱসায়িক ভিত্তিত চলাবলৈ অনুমোদন জনোৱা হ'ব।
চৌহদৰ বাহিৰত প্ৰথম এটি নিৰ্ধাৰিত সময়ৰ বাবে চৌহদৰ ভিতৰত থাকি চলাবলৈ অনুমোদন আৰু পৰৱৰ্তীকালত নিজে নিজৰ ওপৰত নিৰ্ভৰশীল হৈ চলাবলৈ বিচাৰিলে বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱক সকলৰ সন্মতি সাপেক্ষে প্ৰমাণ পত্ৰ সহ অনুমোদন জনোৱা হ'ব।
আমাৰ শ্লোগান
আমিও পাৰো: WE CAN
WE CAN: WE CAN: WE CAN
ধন্যবাদৰে
প্ৰচাৰ সম্পাদক
বুবু অসম