নিৰবিল চুক প্ৰাথমিক বিদ্যালয়

  • Home
  • India
  • Sonari
  • নিৰবিল চুক প্ৰাথমিক বিদ্যালয়

নিৰবিল চুক প্ৰাথমিক বিদ্যালয় 📚📖শিক্ষাই প্ৰগতিৰ আধাৰ📝📒

25/05/2026

আমাৰ বিদ্যালয়ৰ শাকনিবাৰী

19/11/2025

"বননি" ৰ উদ্যোগত প্ৰতিবছৰে আয়োজিত হোৱা বন্ধু বিদ্যালয়ৰ এই বৰ্ষৰ আমাৰ বিদ্যালয়ৰ অনুষ্ঠানৰ কিছু কিছু দৃশ্য ৰাজি।

14/08/2025

স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰে নিৰবিল চুকৰ কনমানিহঁত।

05/06/2025

বিশ্ব পৰিৱেশ দিৱসত প্ৰকৃতিৰ সৈতে কলৰৱ নিৰবিল চুকৰ শিশুৰ লগতে কৰ্ম ব্যস্ততাৰে ক্লান্ত অৱসাদৰ বাবে এটি প্ৰীতি ভোজ।

যোৱা ইংৰাজী ৩১/০৫/২০২৫ তাৰিখে বৰহাট মণ্ডল সমল কেন্দ্ৰৰ মাহেকীয়া সভাখন এইবাৰ নিৰবিল চুক প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা...
02/06/2025

যোৱা ইংৰাজী ৩১/০৫/২০২৫ তাৰিখে বৰহাট মণ্ডল সমল কেন্দ্ৰৰ মাহেকীয়া সভাখন এইবাৰ নিৰবিল চুক প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়।

চহা কৃষক আৰু পৰিশ্ৰমী ৰাইজৰ উচাহৰ মাজেৰে বিদ্যালয় পৰিচালনা সমিতিৰ অক্লান্ত প্ৰচেষ্টা আৰু বিদ্যালয়ৰ শিক্ষকদ্বয়ৰ অনুশাস...
27/03/2025

চহা কৃষক আৰু পৰিশ্ৰমী ৰাইজৰ উচাহৰ মাজেৰে বিদ্যালয় পৰিচালনা সমিতিৰ অক্লান্ত প্ৰচেষ্টা আৰু বিদ্যালয়ৰ শিক্ষকদ্বয়ৰ অনুশাসন তথা পৰিকল্পনাৰ তুলিকাৰে কণ কণ বিদ্যাৰ্থীসকলে অঙ্কন কৰা গুণোৎসৱৰ সফলতাৰ প্ৰতিচ্ছবিখন ।
বিদ্যালয়ৰ এনে সফলতাই নিৰবিল চুক প্ৰাথমিক বিদ্যালয় পৰিয়ালৰ সমূহ সদস্য-সদস্যাৰ মনত আশাৰ সঞ্চাৰ তথা নৱ জোৱাৰ আনে। শিক্ষানুষ্ঠানখনিৰ এই সফলতাৰ আঁৰত থকা প্ৰতিজন ব্যক্তি বিশেষলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

পৰিৱৰ্তিত শিক্ষাক বৰ্ধিত ৰূপ প্ৰদানৰ লক্ষ্যৰে বৰহাট মণ্ডল সমল কেন্দ্ৰৰ সমল বিষয়া শ্ৰীযুত বিজিত তাঁতি মহোদয়ৰ পৰিকল্পনাৰ...
05/03/2025

পৰিৱৰ্তিত শিক্ষাক বৰ্ধিত ৰূপ প্ৰদানৰ লক্ষ্যৰে বৰহাট মণ্ডল সমল কেন্দ্ৰৰ সমল বিষয়া শ্ৰীযুত বিজিত তাঁতি মহোদয়ৰ পৰিকল্পনাৰে বৰহাট মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৩ খন মধ্য ইংৰাজী বিদ্যালয় আৰু ৯ খন প্ৰাথমিক বিদ্যালয়ৰ অষ্টম তথা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত ২০২৪-২৫ বৰ্ষৰ বছেৰেকীয়া পৰীক্ষাটো আজিৰে পৰা অনুষ্ঠিত হয়। এক দূৰদৰ্শী উদ্দেশ্যেৰে অনুষ্ঠিত কৰা এই পৰীক্ষাটো বৰহাট মজলীয়া বিদ্যালয় আৰু বৰহাট মধ্য ইংৰাজী বিদ্যালয় - এই দুটা কেন্দ্ৰত অনুষ্ঠিত কৰা হয়। য'ত নেকি নিৰবিল চুক প্ৰাথমিক বিদ্যালয় ৰ ৫ জন ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অংশগ্ৰহণ কৰে।
এক মহান উদ্দেশ্যেৰে আগবঢ়া এই প্ৰচেষ্টাক
নিৰবিল চুক প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা আদৰণি জনাইছোঁ আৰু সমূহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

নিৰবিল চুক প্ৰাথমিক বিদ্যালয়ৰ এটি সু-খবৰ।নিৰবিল চুক গাঁৱৰ এগৰাকী শিক্ষিতা মহিলা শ্ৰীযুতা এলিনা চৰেণ বাইদেৱে বিদ্যালয়খন...
17/02/2025

নিৰবিল চুক প্ৰাথমিক বিদ্যালয়ৰ এটি সু-খবৰ।
নিৰবিল চুক গাঁৱৰ এগৰাকী শিক্ষিতা মহিলা শ্ৰীযুতা এলিনা চৰেণ বাইদেৱে বিদ্যালয়খনিৰ শৈক্ষিক দিশৰ প্ৰতি গুৰুত্ব ৰাখি স্বেচ্ছাসেৱিকা হিচাপে ১৫/০২/২০২৫ তাৰিখৰ পৰা যোগদান কৰিছে।
নিৰবিল চুক প্ৰাথমিক বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা শ্ৰীযুতা এলিনা চৰেণ বাইদেউলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপনৰ লগতে উষ্ম আদৰণি জনাইছোঁ।

14/02/2025

ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে আজৰি পৰৰ ধেমালি।

08/02/2025

ন-ৰূপেৰে আমাৰ বিদ্যালয়ৰ সৰস্বতী পূজা।

Address

নগাকটা গাঁও, বৰহাট।
Sonari
785693

Website

Alerts

Be the first to know and let us send you an email when নিৰবিল চুক প্ৰাথমিক বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share