Sonari Junior College

Sonari Junior College Sonari Junior College (Official Page) Welcome to Sonari Junior College of Sonari Town, Sivasagar, Assam. Charaideo SDO(C) Office.

Presently it has been started in a rented building at Rajadhap, Opp. Our aim is to send students into the wider world prepared to pursue their ambitions and enact the values and qualities expressed in the College motto Enter to learn; go forth to serve. SJC, Sonari provides students with superior educational opportunities in a caring, well-structured and supportive environment. Our general focus i

s to develop young people of high academic caliber, integrity, social conscience, warmth and courage.

19/08/2026

Exam time

15/08/2026

এই বাৰ্তাৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছো যে চৰাইদেউ জিলাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান সোণাৰি জুনিয়ৰ কলেজে ( সোণাৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুল) চৰাইদেউ জিলাৰ বেচৰকাৰী শিক্ষানুষ্ঠান সমুহৰ শিক্ষকসকলৰ মাজৰ পৰা শিক্ষাজ্যোতি বঁটাৰ বাবে কোনো এজন শিক্ষকক নিৰ্বাচন কৰি আহিছে । শিক্ষক দিৱসৰ দিনটোত চৰকাৰে জিলা ,ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাগৰাকীও শিক্ষকক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰে যদিও বেচৰকাৰী খণ্ডৰ শিক্ষকসকল এই সন্মানৰ পৰা বঞ্চিত হৈ আহিছে।কিন্তু ৰাজ্যৰ শিক্ষাখণ্ডত বেচৰকাৰী শিক্ষকসকলেও উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে । সোণাৰি জুনিয়ৰ কলেজে কেৱল চৰকাৰী খণ্ডৰ বাহিৰত থকা শিক্ষকসকলকহে এই বঁটাৰ বাবে নিৰ্বাচন কৰে। প্ৰত্যেক বছৰেই ৫ চেপ্তেম্বৰত প্ৰদান কৰা "শিক্ষাজ্যোতি বঁটাত" এখন মানপত্ৰ ,নগদ দহ হাজাৰ টকা , এটি স্মাৰক, এখন সঁফুৰা আৰু এটি কিতাপৰ টোপোলা আগবঢ়োৱা হয় ।প্ৰথম পৰ্যায়ত চৰাইদেউ জিলাৰ ভিতৰতে এই বঁটাৰ পৰিসৰ সীমিত আছে যদিও পৰৱৰ্তী কালত অসম ভিত্তিত এই বঁটা প্ৰদান কৰা হ'ব ।
এই বঁটাৰ বাবে কোনো শিক্ষকে আবেদন কৰিব নালাগে।বিদ্যালয় কৰ্তৃপক্ষই সমাজৰ বিভিন্ন স্তৰৰ লোকৰ পৰা সংগোপনে বঁটাপ্ৰাপকৰ সন্ধান কৰে।ছাত্ৰ ছাত্ৰী,অভিভাৱক,স্থানীয় ব্যক্তিৰ লগত গোপনে যোগাযোগ কৰি বঁটাপ্ৰাপকৰ নাম ঘোষণা কৰা হয়।বঁটা লাভ কৰোতাজনে সেইদিনাহে জানিব পাৰে যিদিনা বিদ্যালয় কৰ্তৃপক্ষই তেখেতক অৱগত কৰে।বঁটা লাভ কৰিবলৈ হলে শিক্ষকজন ছাত্ৰ ছাত্ৰীৰ মাজত জনপ্ৰিয় হোৱাৰ লগতে অভিভাৱকৰো প্ৰিয় হব লাগিব।সমাজত তেখেতৰ আদৰ থাকিব লাগিব।সকলোৰে শ্ৰদ্ধাৰ হব লাগিব।ইতিমধ্যে এতিয়ালৈকে অংক বিষয়ৰ শিক্ষক সোণাৰিৰ জয়ন্ত ৰাজকোঁৱৰ,ইংৰাজী বিষয়ৰ শিক্ষক সাপেখাতিৰ নৱনীতা চুতীয়া,অংক বিষয়ৰ শিক্ষক বৰহাটৰ ক্ষমা প্ৰসাদ বৰুৱা,ইংৰাজী বিষয়ৰ শিক্ষক সাপেখাতিৰ পূৰ্ণেন্দু ৰায়চোধুৰী ,অংক বিষয়ৰ শিক্ষক সাপেখাটিৰ যদুনাথ বডা আৰু সংগীতৰ শিক্ষক সোণাৰিৰ দেৱজ্যোতি গগৈক এই বঁটাৰে সন্মানিত কৰা হৈছে।এই বৰ্ষৰ বশিক্ষাজ্যোতি বঁটা প্ৰদান কৰিবৰ বাবে আপোনালোকৰ দৃষ্টিত যদি এনে কোনো শিক্ষকৰ নাম মনলৈ আহিছে আপোনালোকে আমাৰ ৯৯৫৪৪৩৯৪৬১ হোৱাটচআপ নম্বৰত মেচেজ কৰি নামটো দিব পাৰিব।আমি আপোনাৰ লগত যোগাযোগ কৰাৰ লগতে সেই ঠাইৰ আন লোকসকলৰ লগতো পৰামৰ্শ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম।মাত্ৰ আপোনালোকে সেই শিক্ষকজনে নজনাকৈ নামসমূহ প্ৰেৰণ কৰিব।যদি তেওঁৰ নাম এই বছৰ বিবেচনালৈ নাহে তেতিয়া যাতে তেখেতে আঘাট নাপায়।কাৰণ এই বছৰ বিবেচনালৈ নাহিলেও পৰৱৰ্তী বৰ্ষত তেখেতৰ নাম বিবেচনালৈ আহিব পাৰে।

অভিনন্দন অমন।আজি ঘোষণা কৰা NEET পৰীক্ষাৰ ফলাফলত আমাৰ কৃতি ছাত্ৰ অমন কুমাৰ দেই ৫৪২ নম্বৰ লাভ কৰি সফলতাৰে উৰ্ত্তীণ হৈ আমাৰ...
17/07/2026

অভিনন্দন অমন।আজি ঘোষণা কৰা NEET পৰীক্ষাৰ ফলাফলত আমাৰ কৃতি ছাত্ৰ অমন কুমাৰ দেই ৫৪২ নম্বৰ লাভ কৰি সফলতাৰে উৰ্ত্তীণ হৈ আমাৰ বিদ্যালয়ৰ লগতে চৰাইদেউ জিলালৈ গৌৰৱ কঢিয়াই আনিছে।তোমাৰ শৈক্ষিক জীৱন আৰু আগবাঢি যাওঁক তাকে কামনা কৰিলোঁ।উল্লেখযোগ্য যে অমনে যোৱাবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাতো ৯২ শতাংশ লাভ কৰি চৰাইদেউ জিলাৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি বিদ্যালয়লৈ গৌৰৱ কঢিয়াই আনিছিল।

05/07/2026

প্ৰিয় গীতবোৰ

30/06/2026

Practical class

29/06/2026

নৱাগতসকলৰ চিনাকীপৰ্বত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাসমূহো দেখিবলৈ পোৱা যায়।

Address

SONARI
Sonari
785691

Alerts

Be the first to know and let us send you an email when Sonari Junior College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Sonari Junior College:

Shortcuts

Share