Charaideo Prahari - চৰাইদেউ প্ৰহৰী

  • Home
  • India
  • Sonari
  • Charaideo Prahari - চৰাইদেউ প্ৰহৰী

Charaideo Prahari - চৰাইদেউ প্ৰহৰী ইতিবাচক খবৰ তথা বিজ্ঞাপন প্ৰচাৰৰ বাবে যোগাযোগ কৰক- ৮১৩৪০৭৭০৭৬ হোৱাটচ এপ নম্বৰত

চাকৰিৰ বিজ্ঞাপন প্ৰকাশ
15/09/2026

চাকৰিৰ বিজ্ঞাপন প্ৰকাশ

15/09/2026

সোণাৰিত আছুৰ ড্ৰাগছ সজাগতা সমদল

জনাবচোন আপোনাৰ মতামত
15/09/2026

জনাবচোন আপোনাৰ মতামত

চৰাইদেউত নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ জিলা পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠান সম্পন্নসোণাৰি, ১২ ছেপ্তেম্বৰ, ২০২৬ঃ এটি শিশুৱে মাতৃৰ গৰ্...
12/09/2026

চৰাইদেউত নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ জিলা পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন

সোণাৰি, ১২ ছেপ্তেম্বৰ, ২০২৬ঃ এটি শিশুৱে মাতৃৰ গৰ্ভত থিতাপি লোৱাৰ পৰা প্ৰায় দুবছৰ বয়সলৈকে লাভ কৰা পুষ্টি আৰু যত্নই শিশুটিৰ শাৰীৰিক বৃদ্ধি, মগজুৰ বিকাশ, শিকাৰ ক্ষমতা আৰু ভৱিষ্যৎ কৰ্মদক্ষতাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। একেদৰে গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ পুষ্টিৰ অৱস্থাই মাতৃৰ স্বাস্থ্যৰ লগতে নৱজাতকৰ সুস্থতা আৰু পৰৱৰ্তী জীৱনৰ ভেটি নিৰ্ধাৰণ কৰে। যোৱা ১০ ছেপ্তেম্বৰত চৰাইদেউ জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ সহযোগত আয়োজিত নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ জিলা পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানত পৌৰহিত্য কৰি এইদৰে কয় জিলা আয়ুক্ত ডাঃ নেহা যাদৱে। আয়ুক্তগৰাকীয়ে লগতে কয় যে পুষ্টি এক বহুমাত্ৰিক বিষয়। খাদ্যৰ সৈতে স্বাস্থ্য, মাতৃৰ পুষ্টি, পৰিষ্কাৰ-পৰিচ্ছন্নতা, শিশুৰ যত্ন, দুগ্ধপান, পৰিপূৰক আহাৰ, ৰক্তহীনতা প্ৰতিৰোধ, টিকাকৰণ, প্ৰাথমিক স্বাস্থ্যসেৱা, শিক্ষা আৰু সামাজিক-আৰ্থিক পৰিস্থিতি আদি সকলো বিষয় পৰস্পৰৰ সৈতে সম্পৰ্কিত।
ইয়াৰ পূৰ্বে জিলা সমাজ কল্যাণ বিষয়া উত্তম অধিকাৰীয়ে আদৰণী ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত বিষয়াগৰাকীয়ে কয় যে এটি শিশুৰ অপুষ্টি এদিনতে সৃষ্টি নহয় আৰু ইয়াক এটা মাহৰ ভিতৰতে সম্পূৰ্ণৰূপে দূৰ কৰাটোও সম্ভৱ নহয়। কিন্তু সঠিক বাৰ্তা, সময়োপযোগী সেৱা আৰু সমাজৰ সক্ৰিয় অংশগ্ৰহণ ধাৰাবাহিকভাৱে নিশ্চিত কৰিব পাৰিলে ইতিবাচক পৰিৱৰ্তন সম্ভৱ। পোষণ মাহে সমাজৰ বিভিন্ন স্তৰৰ লোকক একত্ৰিত কৰি পুষ্টি, স্বাস্থ্য, শিশুৰ যত্ন আৰু সচেতনতাৰ দৰে একাধিক ক্ষেত্ৰত সমন্বিতভাৱে কাম কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰে বুলিও তেওঁ উল্লেখ কৰে।
সভাত মাহমৰা সম-জিলা আয়ুক্ত দীনচেংফা বৰুৱাই শিশু তথা মহিলাসকলৰ অপুষ্টি দূৰীকৰণৰ বাবে বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা কাঠফুলা ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। তেওঁ কয় যে এইক্ষেত্ৰত অংগনৱাড়ী কৰ্মীসকলক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে কাঠফুলাৰ পুষ্টিকৰ গুণাগুণ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিব পাৰি। অতিৰিক্ত জিলা আয়ুক্ত লীনা কুমাৰী পাৱে নিজৰ ভাষণত শিশুৰ বৃদ্ধি, পেশী গঠন আৰু শৰীৰৰ বিভিন্ন জৈৱিক কাৰ্যৰ বাবে প্ৰ’টিনৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে ভিটামিন, খনিজ পদাৰ্থ, আঁহ আৰু অন্যান্য মাইক্ৰ’নিউট্ৰিয়েণ্টৰ বাবে বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰাটো প্ৰয়োজন। সেয়ে দৈনন্দিন খাদ্য তালিকাত মিলেট, দাইল আৰু অন্যান্য দাইলজাতীয় খাদ্য, শাক-পাচলি, ফলমূল, বাদাম আৰু বীজ, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ লগতে কণী আৰু অন্যান্য প্ৰাণীজ প্ৰ’টিন অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব দিব লাগে।
পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই পাৱাৰপইণ্ট উপস্থাপনৰ জৰিয়তে নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ বিভিন্ন বিষয়বস্তুৰ ওপৰত বিশদভাৱে ব্যাখ্যা আগবঢ়ায়। তেওঁ কয় যে এই বৰ্ষৰ মূল বিষয়বস্তু হৈছে “আমাৰ অংগনৱাড়ী, আমাৰ দায়িত্ব”। এই শ্লোগানৰ মাজতে এইবাৰৰ পোষণ মাহৰ মূল দৰ্শন নিহিত হৈ আছে। তদুপৰি, অংগনৱাড়ী কেন্দ্ৰ কেৱল চৰকাৰী সেৱা প্ৰদানৰ স্থান নহয়; ই এখন গাঁও বা এলেকাৰ শিশু, মাতৃ আৰু পৰিয়ালৰ পুষ্টি, যত্ন, শিক্ষা আৰু সুস্থ ভৱিষ্যতৰ কেন্দ্ৰবিন্দু। সেয়ে অংগনৱাড়ী কেন্দ্ৰৰ মান উন্নত কৰা আৰু ইয়াৰ সেৱাৰ প্ৰতি নজৰ ৰখাটো কেৱল চৰকাৰ বা অংগনৱাড়ী কৰ্মীৰ দায়িত্ব নহয়, সমাজৰো দায়িত্ব আছে।
জিলা পৰ্যায়ৰ এই উদ্বোধনী অনুষ্ঠানত সঘকাৰী আয়ুক্ত পিংকি দেৱনাথ, নিৰ্বাচনী বিষয়া মৌচুমী বৰা, জিলাখনৰ চাৰিওটা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াবৃন্দ ক্ৰমে ডঃ পৰিস্মিতা শইকীয়া, নীহাৰিকা চুতীয়া, প্ৰয়াসী শইকীয়া আৰু অঞ্জনা দলে, মুখ্য সেৱিকাবৃন্দ, পৰিসাংখ্যিক সহায়কসকলৰ লগতে বিভাগীয় আৰু অন্যান্য কেইবাটাও বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।।



Charaideo District Administration

Doctor available
12/09/2026

Doctor available

12/09/2026

শুঁৰ পোক নিয়ন্ত্ৰণৰ বাবে চৰাইদেউ জিলা কৃষি বিভাগৰ তৎপৰতা



District Agriculture Office, Charaideo

11/09/2026

সোণাৰিত আছুৰ মানৱ শৃংখল কাৰ্যসূচী

সোণাৰিৰ চফ্ৰাইত বুজন পৰিমাণৰ লালিগুৰ জব্দ।সৰবৰাহত জড়িত থকাৰ অভিযোগত দুজনক আটক
11/09/2026

সোণাৰিৰ চফ্ৰাইত বুজন পৰিমাণৰ লালিগুৰ জব্দ।
সৰবৰাহত জড়িত থকাৰ অভিযোগত দুজনক আটক


11/09/2026

🔴সঁজাল ধৰা ধাননি পথাৰ নষ্ট কৰিছে শুঁৰ পোকে।

চিনি পাইছে নে আপুনি? চৰাইদেউ জিলাৰ চাৰিগৰাকী নেতাই কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ৮০ৰ দশকলৈ ঘুৰি চালে সামাজিক মাধ্যমত।
09/09/2026

চিনি পাইছে নে আপুনি? চৰাইদেউ জিলাৰ চাৰিগৰাকী নেতাই কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ৮০ৰ দশকলৈ ঘুৰি চালে সামাজিক মাধ্যমত।

Address

Sonari
785690

Alerts

Be the first to know and let us send you an email when Charaideo Prahari - চৰাইদেউ প্ৰহৰী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Charaideo Prahari - চৰাইদেউ প্ৰহৰী:

Shortcuts

Share