RKP High School, Charing

RKP High School, Charing

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from RKP High School, Charing, High School, Charing, Noga Ali, Gogoi Ali, Sivasagar.

Radha Kanta Phukan High School was established in 1935 as the only institution of higher education in the heart of the historic Charing area with the sincere efforts of many great sages and visionaries.

Photos from RKP High School, Charing's post 18/11/2025

১৮ নৱেম্বৰ । জনতাৰ শিল্পী জুবিন গাৰ্গৰ জন্ম দিন। শিল্পী গৰাকীৰ জন্ম দিনৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ পদ্মলোচন হাজৰিকাৰ পৃষ্ঠপোষকতাত, বিদ্যালয়ৰ সমূহ ছাত্ৰ, শিক্ষক কৰ্মচাৰীৰ সহযোগত শিল্পীজনৰ অতি আদৰৰ নাহৰ পুলি ৰোপনৰ এক কাৰ্য্যসূচী লোৱা হয়। পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত পৰাণ কুমাৰ হাজৰিকাই বন্তি প্ৰজ্বলন কৰি শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।নাহৰ পুলি ৰোপনৰ এই বিশেষ কাৰ্যসূচী শুভাৰম্ভ কৰিবৰ বাবে নিমন্ত্ৰণ কৰা হয় আমাৰ বিদ্যালয়ৰ দুজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী শ্ৰীযুত বিপিন নাথ আৰু শ্ৰীযুত বিৰেণ নাথ দেৱক।এখনি ফুলাম গামোচাৰে দুয়ো জনক মৰম যঁচা হয়। আমাৰ এই বিদ্যালয়ৰ চৌহদটো এই দুজন ব্যক্তিৰ হাতৰ পৰশতে সুন্দৰ আৰু সেউজীয়া হৈ আছে, ইয়াকে লৈ আমি সদায়ে গৌৰৱ অনুভৱ কৰোঁ।এই ছেগতে আমি দুয়ো জনলৈ কৃতজ্ঞতা জনাইছোঁ। আমাৰ মৰমৰ শিল্পী গৰাকীৰ অনাকাঙ্খিত মৃত্যুত আমি সকলোৱেই অতিকৈ দুখ অনুভৱ কৰিছো। আশাকৰোঁ তেখেতে নিশ্চয় ন্যায় পাব। পুনৰবাৰ তেখেতৰ ৫৩ সংখ্যক জন্মদিনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা লগতে এই সমগ্ৰ ব্যৱস্থাপনাৰ আতঁ ধৰা বাবে সঞ্জীৱ গগৈৰ লগতে সমূহ ছাত্ৰ , শিক্ষক, কৰ্মচাৰীৰ সুন্দৰ সহযোগিতা বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Photos from RKP High School, Charing's post 31/10/2025
Photos from RKP High School, Charing's post 31/10/2025

ইং 29/10/2025 তাৰিখে গৌৰীসাগৰ ব্লক ভিত্তিত অনুষ্ঠিত কৰা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানভিত্তিক মডেল(আৰ্হি) প্ৰতিযোগিতাত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ভক্তিপৰান নাথ আৰু লক্ষ গগৈয়ে প্ৰথম স্থান আৰু পোষ্টাৰ অংকন প্ৰতিযোগিতাত সপ্তম শ্ৰেণীৰ ছাত্ৰ সুদীপ্ত খনিকৰে দ্বিতীয় স্থান লাভ কৰি জিলা পৰ্যায়লৈ নিৰ্বাচিত হৈছে। ছাত্ৰকেইজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

20/09/2025

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

Photos from RKP High School, Charing's post 21/08/2025

আজি আমাৰ বিদ্যালয়লৈ স্থানীয় ব্যক্তি পুলিন কাকতীদেৱে 20 টা আমপুলি আগবঢ়াই। তেখেতক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ লগতে তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ।

Photos from RKP High School, Charing's post 29/06/2025

#কৃতি ছাত্ৰৰ অভিনন্দন অনুষ্ঠান #
ইংৰাজী ২৮/০৬/২০২৫ তাৰিখ শনিবাৰে আমাৰ বিদ্যালয়ত, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি শ্ৰী পৰাণ কুমাৰ হাজৰিকাদেৱৰ পৌৰোহিত্যত ২০২৫ বর্ষৰ 'হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা ছাত্রসকলৰ অভিনন্দন অনুষ্ঠান অনুস্থিত কৰা হয়। সহকাৰী প্রধান শিক্ষক শ্রী গুণমনি বৰকাকতিয়ে আৰম্ভণি কৰা অনুষ্ঠানত সভাপতিকে প্রমুখ্য কৰি আমন্ত্রিত বিশিষ্ট ব্যক্তি সকলক মঞ্চত আসন গ্রহন কৰোৱা হয় আৰু বিদ্যালয়ৰ ছাত্ৰসকলৰ দ্বাৰাই বিদ্যালয় সংগীত পৰিবেশনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়। শিক্ষক শ্রী মিনেশ্বৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত প্রধান শিক্ষক মঃ অহিদুৰ ৰহমানে সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায়। ইয়াৰ পিছতে সভাপতিৰ লগতে বিশিষ্ট অতিথি সকলক আদৰণি জনোৱা হয়। চাৰিঙৰ কেইবাজনো মহানুভৱ ব্যক্তিয়ে সুখ্যাতিৰে উত্তীর্ণ হোৱা ছাত্রসকলক ন্যাস বঁটা আগবঢ়াই ছাত্রসকলক উৎসাহিত কৰে। সর্বোচ্চ নম্বৰ প্রাপক শ্ৰী ৰাহুল গগৈক শ্ৰী মীনা বৰকাকতিয়ে মাক-দেউতাকৰ স্মৃতিত নগদ ধন, ভগ্নীৰ স্মৃতিত্ব ম: অহিদুৰ ৰহমানে শ্রী মানস বৰকটকীক নগদ ধন, শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ দর্শন বিভাগৰ প্রবক্তা শ্রী দীপক বৰাই মাক দেউতাকৰ স্মৃতিত শ্রী প্ৰাংগন নাথক নগদ ধন আগবঢ়াই, ঘন কান্ত বৰা মহাবিদ্যালয়ৰ অৱসৰ প্রাপ্ত অধ্যক্ষ শ্ৰী প্রমোদ দুৱৰাই মাক দেউতাকৰ স্মৃতিত অসমীয়া বিষয়চ সর্বোচ্চ নম্বৰ পোৱা ছাত্র শ্রী দীক্ষিত বাৰূৱতীক নগদ ধন,এটা চলন্ত বঁটা আৰু অভিনন্দন পত্ৰ আগবঢ়াই, প্ৰাক্তন ছাত্ৰ গীতাৰ্থ খনিকৰে কৃতী ছাত্র শ্ৰী ভাৰ্গৱ বৰকাকতিক নগদ ধন আৰু শ্ৰী অৰুনা কোৱঁৰে মৃত স্বামী চন্দন কোৱঁৰৰ(এই বিদ্যালয়ৰে শিক্ষক) স্মৃতিত শ্রী ৰাহুল গগৈক নগদ ধনেৰে পুৰষ্কৃত কৰে। এই সভাতে ইংৰাজী বিষয়ত সর্বোচ্চ নম্বৰ পোৱা ছাত্ৰ শ্রী ৰাহুল গগৈক বিষয় শিক্ষক শ্রী চিৰদীপ কোৱঁৰে নগদ ধন আৰু এখনি গ্ৰন্থয়ে পুৰষ্কৃত কৰে। ইয়াৰ পিছতে ২০২৫ বর্ষত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰকে বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়। উৎকট গৰমক আওকান কৰিও আমন্ত্ৰিত বিশিষ্ট ব্যক্তি ক্রমে শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালমৰ ইংৰাজী বিভাগৰ প্রাক্তন অধ্যাপক শ্ৰী তুৱাৰাম খনিকৰ দেৱ, বর্তমানৰ অধ্যক্ষ শ্ৰী বিদ্যানন্দ বৰকাকতিদেৱ, শ্রী দীপক বৰাদেৱ, শ্রী প্রমোদ দুৱৰাদেৱ আৰু লগতে চাৰিং অঞ্চলৰ বিশিষ্ট সমাজকর্মী শ্ৰী অকন খনিকৰদেৱে ছাত্রসকলক উৎসাহিত কৰি বহুতো মূল্যৱান ভাষণ আগবঢ়ায়। শেষত বিদ্যালয় গোটৰ সম্পাদিকা শ্রী মীনা নাথে সকলোৰে উপস্থিতি আক সহযোগিতাত সভাখন সুচাৰুৰূপে সমাপ্ত হোৱাত সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই শলাগৰ শৰাই আগবঢ়াই আৰু জাতীয় সংগীত পৰিৱেশনেৰে সভাপতি মহোদয়ে সভা ভংগ কৰে।

Photos from RKP High School, Charing's post 21/06/2025

#আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

Photos from RKP High School, Charing's post 20/06/2025

বিষ্ণু ৰাভা দিৱস উদযাপন

Photos from RKP High School, Charing's post 05/06/2025

5জুন
#বিশ্ব পৰিৱেশ দিৱস
জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন।
আজিৰ দিনটোত আমাৰ বিদ্যালয়ত উপস্থিত থাকে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ উপাধ্যক্ষা শ্ৰীযুতা নৱনীতা বৰা , গ্ৰন্থাগাৰিক শ্ৰীযুত ঋতুৰাজ বৰকাকতি , বাণিজ্য বিভাগৰ প্ৰবক্তা শ্ৰীযুত ৰবিশংকৰ গগৈ আৰু শ্ৰীযুত ভাস্কৰজ্যোতি তালুকদাৰ । বিদ্যালয়ত বৃক্ষৰোপনৰ লগতে ছাত্ৰসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এনে এটা মহৎ প্ৰচেষ্টা হাতত লোৱা বাবে তেখেতসকললৈ বিদ্যালয় তৰফৰ পৰা ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

Photos from RKP High School, Charing's post 31/05/2025

স্থানীয় মহাবিদ্যালয় "শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়,চাৰিঙৰ উদ্যোগত "বিশ্ব ধঁপাত বিৰোধী দিৱস" উদযাপন

Photos from RKP High School, Charing's post 28/05/2025

আমাৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ শ্ৰী ভক্তিপৰাণ নাথে আজি ঘোষিত National Means cm merit scholarship (NMMS)পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়লৈ সুনাম কঢ়িয়াই অনাৰ লগতে বিদ্যালয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে। ছাত্ৰজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
সকলোৰে জ্ঞাতাৰ্থে জনাওঁ যে এই পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলে মাধ্যমিক শিক্ষা পৰিষদ(DSE)ৰ ফালৰ পৰা বছৰি 12000( Twelve Thousands)টকাকৈ দ্বাদশ শ্ৰেণী পৰ্যন্ত মুঠ 48000(Fourty eight thousands)টকা জলপানি হিচাপে লাভ কৰিব।

Want your school to be the top-listed School/college in Sivasagar?

Click here to claim your Sponsored Listing.

Location

Category

Address


Charing, Noga Ali, Gogoi Ali
Sivasagar
785661

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 12pm