29/09/2026
বিশ্ব পৰ্যটন দিৱস উপলক্ষে ডিমৌ চায়েন্স একাডেমীৰ পৰ্যটন বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত এখন বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।
“ডিজিটেল প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত পৰ্যটনক নতুন ৰূপ দিয়াৰ পৰিকল্পনা” শীৰ্ষক এই প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলে সৃষ্টিশীল চিন্তা আৰু আত্মবিশ্বাসেৰে নিজৰ মতামত উপস্থাপন কৰে।
অনুষ্ঠানটোত ডিমৌ চায়েন্স একাডেমীৰ পৰিচালনা সমিতিৰ মুখ্য প্ৰাঞ্জল বেজবৰুৱা, বিচাৰক দ্বীপজ্যোতি গগৈ, পৰ্যটন বিভাগৰ শিক্ষক গৌতম হীৰাৰ লগতে একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।
এই অনুষ্ঠানটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰ্যটন, ডিজিটেল প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু উদ্ভাৱনী চিন্তাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিব বুলি আমি আশাবাদী।
অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে উপস্থিত সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
On the occasion of World Tourism Day, a speech competition was organised by the students of the Tourism Department of Demow Science Academy.
The competition was held on the topic, “Planning to Give Tourism a New Dimension with the Help of Digital Technology and Artificial Intelligence.” The students presented their views with creativity and confidence.
The programme was attended by Pranjal Bezbaruah, Head of the Governing Body of Demow Science Academy, Judge Dipyajyoti Gogoi , Gautam Hira, a teacher of the Tourism Department and the teachers of the Academy.
We are hopeful that the programme will create interest among the students in tourism, digital technology, artificial intelligence, and innovative thinking.
We sincerely thank everyone present for helping make the programme a success.