05/08/2026
আজি শ্ৰদ্ধাৰ শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া মহোদয়ৰ বিহুবৰ আৰু চন্টক সমল কেন্দ্ৰৰ অন্তৰ্গত বানপানীত ক্ষতিগ্ৰস্ত হোৱা বহুকেইখন বিদ্যালয় পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত তেওঁ বিদ্যালয়সমূহৰ বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতি, আন্তঃগাঁথনিৰ বৰ্তমানৰ অৱস্থা, পাঠদান স্বাভাৱিকভাৱে পুনৰ আৰম্ভ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা আদি বিষয়সমূহ নিবিড়ভাৱে পৰ্যবেক্ষণ কৰি সংশ্লিষ্ট শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে মত-বিনিময় কৰে।
ইয়াৰ উপৰিও, ছাৰে বানপানীত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰি স্থানীয় বানাক্ৰান্ত ৰাইজৰ সামগ্ৰিক পৰিস্থিতিৰো বুজ লয়। তেওঁ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ দুখ-কষ্ট, পুনৰ্বাসনৰ প্ৰয়োজনীয়তা আৰু দৈনন্দিন জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে স্থানীয় লোকসকলৰ সৈতে আন্তৰিকভাৱে মত-বিনিময় কৰে।
প্ৰতিকূল পৰিস্থিতিৰ মাজতো ছাৰে অশেষ কষ্ট স্বীকাৰ কৰি দূৰ-দূৰণিৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বাস্তৱ পৰিস্থিতিৰ বুজ লোৱা কাৰ্যই তেওঁৰ দায়িত্ববোধ, কৰ্মনিষ্ঠা আৰু মানৱীয় সংবেদনশীলতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰে। তেওঁৰ এই নিষ্ঠাপূৰ্ণ পৰিদৰ্শনে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰাৰ লগতে তেওঁলোকৰ মনোবল যথেষ্ট বৃদ্ধি কৰিছে।
স্থানীয় ৰাইজে আশা প্ৰকাশ কৰে যে, তেওঁৰ এই ক্ষেত্ৰভিত্তিক পৰিদৰ্শনে বানপানীৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহ যথাযথভাৱে উৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হ'ব আৰু অতি শীঘ্ৰেই বিদ্যালয়সমূহৰ পুনৰুদ্ধাৰ, শিক্ষা ব্যৱহাৰ স্বাভাৱিক পৰিৱেশ পুনঃস্থাপন আৰু বানাক্ৰান্ত ৰাইজৰ কল্যাণৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা হ'ব।