12/06/2026
"দিখৌমুখ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত Integrated Maths and Science Laboratory ৰ শুভ উদ্বোধন"
ৰঘুবাৰী, 12 জুন 2026: সমগ্ৰ শিক্ষা অভিযান, অসমৰ সহযোগত দিখৌমুখ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, ৰঘুবাৰীত আজি Integrated Maths and Science Laboratory ৰ গৃহ শুভ উদ্বোধন কৰা হয়। অনুষ্ঠানটোৱে বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলৰ শিক্ষা-জগতত নতুন আশাৰ সঞ্চাৰ কৰে।
অনুষ্ঠানৰ শুভ উদ্বোধন কৰে শিৱসাগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত তথা District Mission Co-ordinator, শিৱসাগৰ, শ্ৰীযুতা মীনাক্ষী পাৰ্মে বাইদেউৱে। বাইদেউৱে Laboratory ৰ গৃহ উদ্বোধন কৰাৰ লগতে সম্পূৰ্ণ গৃহটো পৰ্যবেক্ষণ কৰে। ইয়াৰ পাছত তেখেতে বিদ্যালয়ৰ ৰান্ধনীশালা, লাইব্ৰেৰী তথা বিদ্যালয়ৰ চৌপাশ পৰিদৰ্শন কৰে। বিদ্যালয়খনৰ চাফ-চিকুনতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা দেখি তেখেতে উচ্চ প্ৰশংসা কৰে আৰু সন্তোষ প্ৰকাশ কৰে। লগতে বিদ্যালয়খনৰ বিভিন্ন অভাৱ-অভিযোগ সমূহো গুৰুত্ব সহকাৰে বুজ লৈ সমাধানৰ আশ্বাস দিয়ে।
অনুষ্ঠানৰ এটি সুন্দৰ মুহূৰ্তত কাৱৈমাৰী ক্লাষ্টাৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক শ্ৰীযুত মানস বৰা ছাৰে বিদ্যালয় চৌহদত বৃক্ষ ৰোপণ কৰে। তেখেতে ভাষণ প্ৰসংগত কয় যে দিখৌমুখ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়খনে শৈক্ষিক দিশত দোপতদোপে আগবাঢ়ি গৈছে। শিক্ষক-শিক্ষয়িত্ৰী সকলে দিনে-ৰাতিয়ে কৰা প্ৰচেষ্টা আৰু নিষ্ঠাৰ বাবেই এই অগ্ৰগতি সম্ভৱ হৈছে বুলি তেখেতৰ বক্তব্যত প্ৰকাশ কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে কনিষ্ঠ অভিযন্তা, সমগ্ৰ শিক্ষা, শিৱসাগৰ, শ্ৰীযুত মুজামিল হুছেইন চাৰে অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতিছৱিত বন্তি প্ৰজ্বলন কৰে। JE ছাৰে ভাষণত কয় যে এই আধুনিক Laboratory খন ছাত্ৰ-ছাত্ৰীয়ে যদি সঠিকভাৱে ব্যৱহাৰ কৰে, তেন্তে তেওঁলোক নিশ্চয়কৈ উপকৃত হ’ব। বিজ্ঞান আৰু গণিতৰ প্ৰতি তেওঁলোকৰ কৌতুহল বহুগুণে বৃদ্ধি পাব বুলি তেখেতে মত প্ৰকাশ কৰে।
বিদ্যালয় পৰিচালনা ও উন্নয়ন সমিতিৰ সভাপতি শ্ৰীযুত পুনিৰাম ডাৰিগ ছাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী শ্ৰীযুতা ববী নেওগ দত্ত বাইদেউৱে অনুষ্ঠানটোৰ আঁত ধৰে।
অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰি বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক (শৈক্ষিক), শ্ৰীযুত অৰূপ জ্যোতি নেওগ ডাঙৰীয়াই কয় যে নতুন শিক্ষা নীতি 2020 ৰ লগত সংগতি ৰাখি হাতে-কামে বিজ্ঞান-গণিত শিকোৱাৰ বাবেই এই Laboratory গৃহ নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ যুক্তিবাদী চিন্তা আৰু সৃষ্টিশীলতা বিকাশ পাব বুলি তেখেতে আশা প্ৰকাশ কৰে।
অনুষ্ঠানত বিদ্যালয়ৰ SMDC ৰ সভাপতিকে প্ৰমুখ্য কৰি সদস্য সকল, অভিভাৱক আৰু স্থানীয় ৰাইজৰ লগতে বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
আজিৰ এই Laboratory উদ্বোধনে দিখৌমুখ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক মানদণ্ড উচ্চতাৰ শিখৰত লৈ যাব বুলি সকলো আশাবাদী।
ধন্যবাদেৰে...