khamun Mazdur B Lower Primary School

khamun Mazdur B Lower Primary School primary school

বিদ্যালয়ত ব'হাগক আদৰণি....।
13/04/2026

বিদ্যালয়ত ব'হাগক আদৰণি....।

আজি অনুষ্ঠিত হৈ যোৱা আমাৰ বিদ্যালয়ৰ ২০২৬-২৭ বৰ্ষৰ ছাত্ৰ সংসদৰ নিৰ্বাচনত প্ৰিজাইডিং বিষয়াৰ দায়িত্বত বিশিষ্ট অধিবক্তা শ...
11/04/2026

আজি অনুষ্ঠিত হৈ যোৱা আমাৰ বিদ্যালয়ৰ ২০২৬-২৭ বৰ্ষৰ ছাত্ৰ সংসদৰ নিৰ্বাচনত প্ৰিজাইডিং বিষয়াৰ দায়িত্বত বিশিষ্ট অধিবক্তা শ্ৰীযুত ৰজিৎ ফুকন মহোদয়, পৰ্যবেক্ষকৰ দায়িত্বত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক শ্ৰীযুত প্ৰৱীণ শৰ্মা মহোদয় উপস্থিত থাকি আমাক উৎসাহিত কৰিলে। অনুষ্ঠানটি উদ্বোধন কৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক শ্ৰীযুত কিশোৰ কুমাৰ দেউৰী মহোদয়ে। পুলিং বিষয়া হিচাপে সহযোগ কৰে প্ৰশান্ত গগৈয়ে। আটাইকেইগৰাকী সন্মনীয় অতিথিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
নিৰ্বাচিত প্ৰতিনিধিসকল-

প্ৰধান মন্ত্ৰী: শ্ৰী যদুমণি গগৈ
উপ- প্ৰধান মন্ত্ৰী: শ্ৰী বৰষা গোৱালা
শিক্ষা মন্ত্ৰী: শ্ৰী কৃতিকংকনা গগৈ
স্বাস্থ্য মন্ত্ৰী: শ্ৰী লিয়ানা চাংমাই
ক্ৰীড়া মন্ত্ৰী: শ্ৰী প্ৰণৱ গোৱালা
পৰিৱেশ মন্ত্ৰী: শ্ৰী লভ্যাঞ্চ গগৈ
সাহিত্য আৰু সাংস্কৃতিক মন্ত্ৰী: শ্ৰী ৰাজদ্বীপ হাজৰিকা

🌼🌼🙏🙏

আজি বিদ্যালয়ৰ বাৰ্ষিক ফলাফল ঘোষণাৰ অনুষ্ঠানত কাটনিপাৰ সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, বিশিষ্ট চিত্ৰশিল্পী শ্ৰীযুত...
30/03/2026

আজি বিদ্যালয়ৰ বাৰ্ষিক ফলাফল ঘোষণাৰ অনুষ্ঠানত কাটনিপাৰ সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, বিশিষ্ট চিত্ৰশিল্পী শ্ৰীযুত শান্তনু কোঁৱৰ মহোদয় উপস্থিত থাকি সকলোকে উদ্বুদ্ধ কৰে।
বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ মানৱ মানকিলৈ 'বৰ্ষটোৰ শিক্ষাৰ্থী ' বঁটা আগবঢ়োৱা হয়। তৃতীয় শ্ৰেণীৰ ছাত্ৰ প্ৰণৱ গোৱালালৈ সৰ্বাধিক উপস্থিতিৰ পুৰস্কাৰ আগবঢ়োৱাৰ লগতে প্ৰথম শ্ৰেণীৰ ছাত্ৰ হিতাংশু গগৈলৈ মান নিৰূপণৰ সৰ্বোৎকৃষ্ট পুৰস্কাৰ আগবঢ়োৱা হয়।

10/02/2026

প্ৰথম শ্ৰেণীৰ ছাত্ৰী দিৱ্যাংশী গোৱালাৰ সত্ৰীয়া নৃত্য পৰিৱেশন।

10/02/2026

সমবেত সংগীত.....।

খামুন মজদুৰ (খ) প্ৰাথমিক বিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ কিছু দৃশ্য।  এই সমাৰোহৰ সামৰণি অনুষ্ঠানত মুখ্...
10/02/2026

খামুন মজদুৰ (খ) প্ৰাথমিক বিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ কিছু দৃশ্য। এই সমাৰোহৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা শাস্ত্ৰজ্ঞ ড৹ ক্ষীৰোদ গগৈ মহোদয়ে। অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক ১১৬টা পুৰস্কাৰ প্ৰদান কৰা হয়।

পহিলা জানুৱাৰীত বিদ্যালয়ৰ প্ৰীতি ভোজ...।
03/01/2026

পহিলা জানুৱাৰীত বিদ্যালয়ৰ প্ৰীতি ভোজ...।

বাখৰ বেঙেনা মহোৎসৱত অনুষ্ঠিত ছবি অঁকা প্ৰতিযোগিতাৰ 'খ' শাখাত খামুন মজদুৰ (খ) প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ যদুমণি গগৈ,  অভিজ...
03/01/2026

বাখৰ বেঙেনা মহোৎসৱত অনুষ্ঠিত ছবি অঁকা প্ৰতিযোগিতাৰ 'খ' শাখাত খামুন মজদুৰ (খ) প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ যদুমণি গগৈ, অভিজ্ঞান গগৈ আৰু ঈশান গগৈয়ে ক্ৰমে প্ৰথম , দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। মুকলি সভাত ছাত্ৰ তিনিজনক মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত পৱিত্ৰ মাৰ্ঘেৰিটা মহোদয়ে শুভাশিষ জ্ঞাপন কৰে।

শিৱসাগৰ গ্ৰন্থ উৎসৱ-২০২৫ ত গ্ৰন্থৰ সুৱাস ল'লে বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে। কিতাপৰ বিশাল পৃথিৱীখনক এবাৰ চোৱাৰ অ...
10/12/2025

শিৱসাগৰ গ্ৰন্থ উৎসৱ-২০২৫ ত গ্ৰন্থৰ সুৱাস ল'লে বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে। কিতাপৰ বিশাল পৃথিৱীখনক এবাৰ চোৱাৰ অভিজ্ঞতা ল'বৰ বাবেই ছাত্ৰ-ছাত্ৰীসকলক লৈ যোৱা হয় গ্ৰন্থ উৎসৱৰ থলীলৈ...।
তাৰিখ: ০৬৷১২৷২০২৫।

খামুন মজদুৰ (খ) প্ৰাথমিক বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত ...
14/02/2025

খামুন মজদুৰ (খ) প্ৰাথমিক বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত প্ৰেমেশ্বৰ দাস মহোদয়ৰ বিদায় সম্বৰ্ধনা সভাৰ দুটি মান দৃশ্য।
তাৰিখ: ১১|০২|২৫

21/12/2024

বৰ্ণকুটীৰৰ সুৱাস...।

Address

Khamun Gowala Gaon, West Bokota
Sibsagar

Website

Alerts

Be the first to know and let us send you an email when khamun Mazdur B Lower Primary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share