29/12/2025
বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ বিজয়া বড়া নেওগৰ সোঁৱৰণত তেখেতৰ স্বামী, বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক তথা তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডৰ অৱসৰপ্ৰাপ্ত জেষ্ঠ ৰসায়নবিদ শ্ৰদ্ধাৰ সোণেশ্বৰ নেওগে ১৬(ষোল্ল)লাখ টকা ব্যয়েৰে আটক -ধুনীয়াকৈ নিৰ্মাণ কৰি দিয়া গ্ৰন্থাগাৰটো ১৭ ডিচেম্বৰত শিৱসাগৰ জিলা বিদ্যালয় সংমণ্ডলৰ পৰিদৰ্শক শ্ৰদ্ধাৰ দেৱজ্যোতি গগৈ চাৰৰ দ্বাৰা উন্মোচন কৰা হয়।এই উপলক্ষে অনুষ্ঠিত সভাত দাতা সোণেশ্বৰ নেওগ ডাঙৰীয়াক বিদ্যালয় তৰফৰপৰা, পৰিচালনা আৰু উন্নয়ন সমিতি,মাতৃ গোট, অভিভাৱকসকলে সম্বৰ্ধনা জনাই তেখেতৰ এই মহান বদান্যতাৰ প্ৰতি চিৰ কৃতজ্ঞ হৈ ৰয়। বহুদিনীয়া এটা অভাৱ দূৰ হোৱাৰ বাবে সকলোৱে দাতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। জিলা পৰিদৰ্শক মহোদয়ে কম সময়ত তেখেতৰ তত্ত্ব গধুৰ বক্তব্যৰে সভাত উপস্হিত সকলোকে মোহিত কৰে। পৰিদৰ্শক মহোদয়ৰ লগতে উপস্হিত থকা প্ৰধান শিক্ষক উদয় দত্ত, অধ্যক্ষ গিৰীণ্দ্ৰ কুমাৰ গগৈ আৰু পৰিচালনা সমিতিৰ সভাপতি দীনেশ শইকীয়াকো বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয়। সভাৰ কেইখনমান ফটো বিদ্যালয়ৰ পেজত সাঁচি ৰাখিলো।