Learn Tai Ahom language

Learn Tai Ahom language 𑜊𑜤 𑜄𑜂𑜫 𑜑𑜢𑜤𑜂𑜫 𑜓𑜃𑜫 𑜋𑜂𑜫 𑜃𑜩 𑜉𑜣 𑜒𑜰𑜫 𑜡

07/09/2025

𑜹/ তাঈ-আহোম ভাষাত যৌগিক শব্দ সমূহ যদি বুজাত অসুবিধা হলে আধুনিকীকৰণ কৰি লিখিব লাগে। অৰ্থ্যৎ শব্দৰ মাজত “—” হাইফেন ব্যৱহাৰ কৰিব লাগে যেনেঃ
𑜍𑜂𑜫—𑜀𑜃𑜫 —𑜆𑜨𑜂𑜫—𑜀𑜃𑜫 = আলোচনা কৰা
𑜉𑜡 —𑜎𑜰𑜫 —𑜀𑜢𑜃𑜫 =যেতিয়াই-তেতিয়াই
𑜀𑜢𑜤𑜐𑜫—𑜈𑜡—𑜓𑜣 = উচ্চ প্ৰশংসা কৰা






06/09/2025

𑜸/তাঈ- আহোম ভাষাত লগ লগা শব্দবোৰ নিজা অৰ্থ নথকাকৈও সমষ্টি গত ভাৱে এটা নতুন অৰ্থ থকা শব্দ হয় । যেনেঃ
𑜎𑜩 𑜄𑜂𑜫 𑜎𑜦𑜧 = কিয়
𑜑𑜢𑜡 𑜉𑜢𑜤𑜂𑜫 𑜋𑜰𑜫 = দান মান কৰা




05/09/2025

𑜶/ তাঈ-আহোম ভাষাত সৰল শব্দ কেইটা সমানে সম্পূৰ্ণ বিশেষ্য ,বিশেষণ ক্ৰিয়া কৰ্ম আদি সমন্ধ যুক্ত শব্দৰে যৌগিক শব্দ হয়। যেনেঃ
𑜇𑜄𑜫 𑜎𑜢𑜀𑜫 = পঢ়াশলীয়ট
𑜇𑜩 𑜇𑜡 = বজ্ৰপাত/ বিজুলী
𑜓𑜪 𑜇𑜣 = মৃতক
𑜷/ তাঈ-আহোম ভাষাত একোটা সৰল শব্দৰ বহু অৰ্থৰ ভিতৰত কোন অৰ্থত শব্দটো ব্যৱহাৰ হৈছে তাৰ স্পষ্ট ধাৰণা দিবৰ বাবে সেই শব্দটোৰ লগত অন্য একোটা সৰল শব্দ যৌগিক শব্দ কৰা হয় । যেনেঃ
𑜄𑜣 𑜇𑜩 = জুইশাল
𑜐𑜡 𑜏𑜩 = এৰালি
𑜈𑜃𑜫 𑜇𑜩 = চাকি

04/09/2025

𑜳/ তাঈ-আহোম ভাষাত প্ৰায় একেধৰণৰ অৰ্থ থকা সৰল শব্দ লগ লাগি সিহঁতৰ অৰ্থ গোটাই এটা অৰ্থ কৰা হয়। যেনেঃ 𑜆𑜩 =যোৱা, 𑜀𑜡= যোৱা, 𑜆𑜩 𑜀𑜡 =যোৱা।
𑜋𑜪𑜤 = মৰম-স্নেহ, 𑜍𑜆𑜫 = ব্যস্ত,ৰাপ দেখুৱা, 𑜋𑜪𑜤 𑜍𑜆𑜫 = আদৰা,welcome।

𑜴/ একাধিক সৰল শব্দ লগলাগি এটাৰহে মাত্ৰ অৰ্থ ৰক্ষা কৰি যৌগিক শব্দটো বা অৰ্থ কৰা হয়। যেনেঃ 𑜆𑜦𑜧 𑜂𑜡= ছাগলী, 𑜊𑜣 𑜁𑜰𑜫 = ধানৰ ভঁৰাল, 𑜊𑜪𑜢 𑜉𑜢𑜤𑜰𑜫 = অতীত

𑜵/লগ লগা সৰল শব্দ কেইটাৰ এটাৰো অৰ্থ নাথাকে, কেউটাৰে সমষ্টিত সামঞ্জস্য থকা এটা নতুন অৰ্থ কৰা হয়। যেনেঃ 𑜈𑜃𑜫= গাঁও, 𑜆𑜃𑜫= আকৌ, 𑜀𑜥 = প্ৰত্যেক , 𑜆𑜃𑜫 𑜀𑜥 = কোন।






03/09/2025

𑜲/ তাঈ ভাষাত কিছুমান লগ লগা সৰল শব্দৰ প্ৰতিটোৰে উমৈহতীয়া ভাৱ থাকে ।সেই উমৈহতীয়া মূল ভাৱটো ৰক্ষা কৰি এটা অৰ্থ হয় । যেনেঃ-
𑜑𑜤𑜆𑜫 = গোটোৱা
𑜈𑜩= থোৱা
𑜑𑜤𑜆𑜫 𑜈𑜩=জমাকৰা
𑜒𑜧= লোৱা
𑜓𑜩 =পোৱা
𑜒𑜧 𑜓𑜩=আন/লৈ আন
𑜑𑜪= সামৰণি
𑜈𑜩=থোৱা
𑜑𑜪 𑜈𑜩=সামৰি থোৱা
𑜓𑜥 =চোৱা
𑜑𑜢𑜐𑜫 𑜓𑜥=কেৰাকৈ চোৱা
𑜑𑜢𑜐𑜫=ওপৰলৈ চোৱা






02/09/2025

★ তাঈ-আহোম ভাষাত শব্দ গঠনত মন কৰিব লগীয়া কথাঃ খণ্ড-৫
𑜎/ তাঈ-আহোম ভাষাত একস্বৰ ধ্বনিত একোটা বৰ্ণৰ সমষ্টিৰে একোটা অৰ্থ পূৰ্ণ সৰল শব্দ হয়, অৰ্থপূৰ্ণ নোহোৱা শব্দ তাঈ-ভাষাত নাই । অৰ্থপূৰ্ণ সৰল শব্দ দুটা বা তাতোধিক লগ লাগি একোটা স্বতন্ত্ৰ অৰ্থ প্ৰকাশ কৰি একোটা শব্দ হব পাৰে।এনেদৰে হোৱা শব্দবোৰক যৌগিক শব্দ বোলা হয়।যৌগিক শব্দ বিলাকৰ কিছুমান লক্ষণ আছে। লক্ষণ সমূহ হ’লঃ-
𑜱/ লগ লগা শব্দ কেইটা প্ৰতিটোৰে কেইবাটাকৈ অৰ্থ থাকে আৰু কেউটাৰে এটা উমৈহতীয়া অৰ্থ থাকে। সেই উমৈহতীয়া অৰ্থতোৱেই যৌগিক শব্দটোৰ অৰ্থ হয়।যেনেঃ-
𑜁𑜡= চাকৰ, কটা, বন্দী
𑜇𑜃𑜫= আদেশ,দুখীয়া,কটা
𑜁𑜡 𑜇𑜃𑜫= ইয়াৰ উমৈহতীয়া অৰ্থ হ’ল “কটা”

01/09/2025

★ তাঈ-আহোম ভাষাত শব্দ গঠনত মন কৰিব লগীয়া কথাঃ খণ্ড-৪
𑜌/ একোটা যৌগিক শব্দত থকা দুয়োটা বা কেইবাটা শব্দ একেলগে নিলিখি স্বতন্ত্ৰ শব্দৰ দৰেই লিখা হয় ,যদিও একেলগে মাতিব পাৰি কিন্তু সন্ধি যুক্ত কৰি মাতিব বা পঢ়িব নালাগে।
অধুনিকৰণ কৰিলে যৌগিক শব্দবোৰত শব্দবোৰৰ মাজত “—” হাইফেন্ চিন যোগ দি লিখাটো উচিত।যেনেঃ-
𑜍𑜂𑜫-𑜀𑜃𑜫-𑜆𑜨𑜂𑜫-𑜀𑜃𑜫 =আলোচনা কৰা
𑜂𑜢𑜤𑜃𑜫 –𑜑𑜩𑜨–𑜏𑜧–𑜁𑜦𑜡= ৰূপৰ গলপতা
𑜄𑜂𑜫–𑜍𑜢𑜤𑜃𑜫–𑜇𑜄𑜫–𑜄𑜥= বাটঘৰ /বাটচৰা
𑜍/ পুৰণি লিখিত পুথিত “যতি” চিহ্নৰ ব্যৱহাৰ নাই । গতিকে পঢ়োঁতে বা লিখোতে নিজে বুজি সেই চিহ্ন ব্যৱহাৰ কৰিব পাৰি।

31/08/2025

★ তাঈ-আহোম ভাষাত শব্দ গঠনত মন কৰিব লগীয়া কথাঃ খণ্ড-৩
𑜉/ দুটা ব্যঞ্জন বৰ্ণৰে গঠিত শব্দত আগৰ ব্যঞ্জনত “আ” উচ্চাৰণ যুক্ত হ’লে প্ছৰ বৰ্ণত কোনো স্বৰ চিহ্ন লিখা নহয় আৰু শব্দটো মাতোতে বা পঢ়োঁতে “আ” উচ্চাৰণ নহয়। যেনেঃ 𑜉𑜃𑜫= সি/তাই, 𑜇𑜃𑜫=সৃষ্টি কৰা
𑜊/ “𑜐/ঞা ” বৰ্ণটো পঢ়োতে ইয়াৰ উচ্চাৰণ কেতিয়াবা “য়” কেতিয়াবা “ন্য” কেতিয়াবা “ন” হয় । যেনেঃ 𑜏𑜢𑜐𑜫 =উত্তম, 𑜎𑜢𑜐𑜫 =ল’ৰ মৰা
𑜋/ “𑜉/ম” উচ্চৰণৰে শেষ হোৱা ব্যঞ্জনান্ত শব্দ হলে শেষত কেতিয়াবা 𑜉𑜫 /ম লিখিব পাৰিলেও সাধাৰণতে “ 𑜪 ” কাম স্বৰ চিহ্নটো লিখা হয়।যেনেঃ 𑜃𑜪=পানী, 𑜁𑜪=সোণ,𑜓𑜪 =মৃতক






30/08/2025

★ তাঈ-আহোম ভাষাত শব্দ গঠনত মন কৰিব লগীয়া কথাঃ খণ্ড-২
𑜄/ এটা শব্দত মাত্ৰ এটা স্বৰ এক স্বৰ ধ্বনিত উচ্চাৰিত হয়। যেনেঃ 𑜃𑜢𑜰𑜫=আবেলি, 𑜄𑜣 𑜇𑜩=জুইশাল, 𑜈𑜨𑜄𑜫=অন্ধ।
𑜆/ 𑜀,𑜂,𑜃,𑜄,𑜆,𑜐,𑜉 আৰু 𑜈 এই আঠ টা বৰ্ণৰে তাঈ-আহোম ভাষাৰ শব্দ শেষ হয়।অন্য বৰ্ণৰে নহয়। যেনেঃ 𑜃𑜤𑜀𑜫=চৰাই, 𑜀𑜄𑜫=বজাৰ, 𑜄𑜪 = পৰা(from)।
𑜇/শেষত বহা ব্যঞ্জন বৰ্ণটোক স্বৰ হীন বুজাবৰ বাবে বৰ্ণটোৰ ওপৰত “𑜫 ” চাত চিহ্ন দিয়া হয়।(অৱশ্যে চাত চিহ্ন নিদিয়াকৈও হয় ,কাৰণ শেষত থকা অথবা কোনো চিহ্ন নথকা ব্যঞ্জন সদায় স্বৰ হীন হয় । তদুপৰি তাঈ-আহোম ভাষাত দুটা বৰ্ণতকৈ অধিক বৰ্ণ যোগ হৈ শব্দ সৃষ্টি নকৰে)যেনেঃ 𑜈𑜃𑜫=দিন, 𑜀𑜨𑜂𑜫= চোল,𑜇𑜢𑜆𑜫 = চকু পিৰিকিউৱা।
𑜈/“ 𑜒” আ বৰ্ণটো ব্যঞ্জন বৰ্ণমালাত ধৰিলোৱা আ উচ্চাৰণেৰে শেষ/অন্ত হোৱা মাইনা বা লেবা(𑜠, 𑜡) শেষ হোৱা শব্দ ব্যঞ্জণান্ত নহয় স্বৰান্তহে। যেনেঃ 𑜀𑜡=যোৱা ,𑜃𑜡=পথাৰ, 𑜆𑜡=মাছ, 𑜇𑜡= আকাশ,𑜍𑜡= বৰষুণ।






29/08/2025

★ তাঈ-আহোম ভাষাত শব্দ গঠনত মন কৰিব লগীয়া কথাঃ খণ্ড-১
𑜀/কেৱল এটা স্বৰ বৰ্ণৰে এটা শব্দ হব পাৰে , কিন্তু এটা ব্যঞ্জণৰে শব্দ হব নোৱাৰে।যেনেঃ 𑜒𑜩= লাজ অনুভৱ কৰা, 𑜒𑜦𑜡=নলা
𑜁/ যৌগিক শব্দবোৰৰ বাহিৰে তাঈ ভাষাত মৌলিক শব্দবোৰত দুটাতকৈ অধিক ব্যঞ্জন থাকিব নোৱাৰে। যেনেঃ 𑜉𑜀𑜫=গুটি,𑜊𑜨𑜃𑜫=আশীৰ্বাদ, 𑜈𑜢𑜃𑜫=উৰা
𑜂/ দ্বি-স্বৰ ধ্বনিত স্বৰ বৰ্ণ সদায় অন্ত্যস্বৰ হোৱা হেতুকে ইয়াৰ পাচত কোনো ব্যঞ্জন বৰ্ণ সংযোগ নহয় । যেনেঃ 𑜒𑜧𑜨/𑜒𑜰𑜫= লোৱা, 𑜒𑜪𑜨= ভঙা, 𑜒𑜩𑜨=খুওৱা।
𑜃/ মধ্যস্বৰ সদায় একস্বৰ ধ্বনিত হেতুকে ব্যঞ্জনৰে আৰম্ভ ব্যঞ্জনৰে শেষ হোৱা শব্দত আগৰ বৰ্ণত যোগ হোৱা স্বৰ চিহ্ন এক স্বৰ ধ্বনিত হয়। যেনেঃ 𑜁𑜢𑜄𑜫=ভেকুলী, 𑜀𑜨𑜃𑜫=গুৰি।






28/08/2025

★ তাঈ-আহোম ভাষাৰ 𑜌𑜩𑜨/শব্দ বিলাক পাঁচ(𑜵) প্ৰকাৰে হয়।
𑜀/প্ৰধান শব্দ ৰূপঃ𑜀𑜤𑜃𑜫=মানুহ, 𑜄𑜢𑜤𑜰𑜫=জন্তু, 𑜍𑜰𑜫=আমি, 𑜆𑜡=মাছ, 𑜆𑜢𑜃𑜫=হোৱা

𑜁/যৌগিক শব্দ ৰূপঃ 𑜎𑜢𑜃𑜫 𑜀𑜩 =আলজিভা, 𑜎𑜥 𑜏𑜣 𑜆𑜂𑜫 𑜏𑜣 = ভাগিছিগি যোৱা।

𑜂/ বিভক্তি বা অন্য সহায়ক শব্দ ৰূপেঃ 𑜑𑜂𑜫 𑜀𑜰𑜫=মোক[𑜑𑜂𑜫=ক, 𑜀𑜧𑜨=মই], 𑜒𑜰𑜫 𑜁𑜃𑜫=কুঠাৰে[𑜒𑜰𑜫= ৰে , 𑜁𑜃𑜫= কুঠাৰ],𑜎𑜤𑜀𑜫 𑜄𑜪𑜪 𑜋𑜦𑜧 = নগৰৰ পৰা[𑜎𑜤𑜀𑜫 𑜄𑜪𑜪=পৰা, 𑜋𑜦𑜧= নগৰ],𑜆𑜦𑜡 𑜑𑜠𑜠= অ’ দেউতা[𑜆𑜦𑜡=দেউতা,𑜑𑜠𑜠=অ’/ঐ],𑜍𑜰𑜫 𑜉𑜩= আমাৰ[𑜍𑜰𑜫=আমি,𑜉𑜩= ৰ]

𑜃/ বিশেষ ৰূপতঃ 𑜑𑜢𑜡=কৰা,𑜑𑜠𑜠=অ’/ঐ,𑜈𑜈𑜫=নহয় সূচক ৰূপত।

𑜄/অহৈতুকী শব্দ ৰূপেঃ 𑜍𑜢𑜤𑜃𑜫 𑜎𑜃𑜫=ঘৰৰ ছাল,𑜄𑜢𑜤𑜰𑜫 𑜑𑜥 =গৰু,𑜁𑜢𑜤𑜐𑜫 𑜓𑜣 𑜎𑜦𑜪𑜧 𑜏𑜣= দেখিবলৈ আটাইতকৈ ভাল।





27/08/2025

★তাঈ-আহোম ভাষাৰ বৈশিষ্টঃ তাই ভাষাৰ কিছুমান স্বকীয় বৈশিষ্ট আছে। সেই বৈশিষ্ট বিলাক আহোম ভাষাটো আছে। যেনেঃ ক/একাক্ষৰীক খ/ সুৰ প্ৰধান
ক/ একাক্ষৰীয়ঃ তাঈ-ভাষা এক আক্ষৰিক বা একস্বৰ ধ্বনিত শব্দৰ ভাষা।একোটা তাঈ শব্দ মাত্ৰ এটা স্বৰ বৰ্ণৰ উচ্চাৰণতে হয়।এটা মাত্ৰ স্বৰ বৰ্ণ উচ্চাৰণ হোৱা বৰ্ণ বা সমষ্টিয়েই একোটা অংশ।তাঈ ভাষাত এনে একোটা অংশই একোটা অৰ্থযুক্ত সম্পূৰ্ণ সৰল শব্দ (𑜌𑜩𑜨 )হয়।
একাধিক অংশ ( অৰ্থ যুক্ত স্বতন্ত্ৰ শব্দ). লগ লাগি একোটা যৌগিক শব্দ সৃষ্টি হলেও তাৰ প্ৰতিটো অংশ ৰ নিজস্ব একোটা স্বতন্ত্ৰ অৰ্থযুক্ত শব্দ (অৰ্থ শূণ্য একাধিক শব্দৰে গঠিত কোনো শব্দ তাঈ আহোম শব্দ নহয়)।যেনেঃ 𑜎𑜧𑜨 𑜉𑜢𑜤𑜂𑜫 (বক্তৃতা দিয়া/ভাষন দিয়া), 𑜎𑜧𑜨= কথা কোৱা, 𑜉𑜢𑜤𑜂𑜫= দেশ,ৰাজ্য,সংসাৰ,ঘৰচোৱা।
খ/ সুৰপ্ৰধানঃ তাঈ ভাষা সুৰ প্ৰধান ভাষা একোটা বানানেৰে একোটা শব্দ বিভিন্ন উচ্চাৰণ আৰু সুৰৰে কোৱা হয় আৰু বিভিন্ন সুৰত অৰ্থ আৰু ভাৱো বিভিন্ন হয়।ফলত একোটা শব্দৰে অনেক অৰ্থ হব পাৰে । সেইদৰে বিভিন্ন পদৰূপে বাক্যত ব্যৱহাৰ হয়।শব্দৰূপে পদ নিৰ্ণয় নহৈ বাক্যত ব্যৱহাৰ অনুযায়ীহে পদ নিৰ্ণয় হয়।
আহোম ভাষাত সুৰ বুজাবলৈ কোনো চিহ্ন নাই।𑜈𑜥 𑜍𑜨𑜃𑜫 𑜊𑜣 পাঠ চাই আহোম সকলৰ সুৰ অন্য তাঈ ভাষী সকলৰ দৰে একে হব বুলি ধৰা হৈছে।যেনেঃ
১ঃসম মধ্যম সুৰ
২ঃউচ্চ সুৰ
৩ঃগম্ভীৰ কন্ঠস্থ সুৰ
৪ঃঅনুদাত্ত সুৰ
৫ঃগম্ভীৰ সুৰ
৬ঃ উচ্চ উদাত্ত সুৰ
আহোম ভাষাৰ শব্দবোৰ সুৰত মতা বা কোৱা ওপৰিও শব্দৰ পাৰ্থক্য কৰি দেখুৱাব বাবে যৌগিক বা কেইবাটাও অৰ্থযুক্ত শব্দ সমষ্টিয়ে এটা শব্দ হব পাৰে।যেনেঃ 𑜀𑜤𑜃𑜫 𑜉𑜣= মাইকী মানুহ, 𑜃𑜤𑜤𑜀𑜫 𑜀𑜡 𑜀𑜦𑜧=পাৰ, 𑜉𑜡 𑜄𑜢𑜤𑜂𑜫= কুকুৰ, 𑜓𑜢𑜃𑜫 𑜓𑜪= কয়লা,𑜃𑜪 𑜄𑜡= চকুৰ পানী। শব্দ বাক্যত যি ৰূপতেই ব্যৱহাৰ হওক একোটা শব্দ ৰূপ কেতিয়াও সলনি নহয়।সদায় একে ৰূপ আৰু বানানতে থাকে।সেয়ে উচ্চাৰণৰ ক্ষেত্ৰত কেতিয়াবা সলনি হয়। যেনেঃ 𑜄𑜣 𑜀𑜄𑜫= তা কাত 𑜄𑜣 𑜆𑜩 = তা পাই আদি। মুখমেলি কৰা সুৰ আৰু মুখ জপাই বা চেপি কৰা সুৰক বিবৃত সুৰ বুলি কোৱা হয়।

Address

Sibsagar

Telephone

+919707806037

Website

Alerts

Be the first to know and let us send you an email when Learn Tai Ahom language posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share