Sibsagar Girls' College Official Information

Sibsagar Girls' College Official Information Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sibsagar Girls' College Official Information, Education, Sibsagar.

Date 17th August 2026Induction Program for 1st semester students (2026-27) batch
17/08/2026

Date 17th August 2026

Induction Program for 1st semester students (2026-27) batch

শিৱসাগৰ ছোৱালী কলেজৰ শিক্ষক গোটৰ (ACTA)এটা সজাতি দলে আজি ১৩ আগষ্ট ২০২৬ তাৰিখে হাহঁচৰা ন-পাম চেতিয়া গাঁও আৰু পানবেচাৰ ধো...
13/08/2026

শিৱসাগৰ ছোৱালী কলেজৰ শিক্ষক গোটৰ (ACTA)এটা সজাতি দলে আজি ১৩ আগষ্ট ২০২৬ তাৰিখে হাহঁচৰা ন-পাম চেতিয়া গাঁও আৰু পানবেচাৰ ধোপাবৰীয়া গাঁৱলৈ গৈ বানপীড়িত লোকসকলৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে।

মুখ্যমন্ত্ৰী  নিযুত মইনা আঁচনি ২০২৬ৰ শুভাৰম্ভ অনুষ্ঠানৰ Live Streaming আৰু form distribution programme।  শিৱসাগৰ ছোৱালী ...
06/08/2026

মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ২০২৬ৰ শুভাৰম্ভ অনুষ্ঠানৰ Live Streaming আৰু form distribution programme। শিৱসাগৰ ছোৱালী কলেজত অনুষ্ঠানিক ভাৱে প্র পত্ৰ বিতৰণ কৰে সহকাৰী আয়ুক্ত নীলাক্ষী ভুঞা ডাঙৰীয়ানী আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰতিম শৰ্মা ই

05/08/2026

শিৱসাগৰ ছোৱালী কলেজ লৈ ৫ লাখ টকাৰ বান সাহায্য শিৱসাগৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক অখিল গগৈ দেৱৰ।

Principal and staff of Majuli College visited us today and handed over a cheque for Rs 10,000 for buying library books. ...
04/08/2026

Principal and staff of Majuli College visited us today and handed over a cheque for Rs 10,000 for buying library books. We thank them for their goodwill gesture during the floods.

04/08/2026

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ ছোৱালী কলেজ পৰিদৰ্শন কৰে আৰু বান পৰিস্থিতিৰ বুজ লয়। পৰিদৰ্শন কালত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰতিম শৰ্মা ৰ লগত ক্ষতিপূৰণ সম্পৰ্কে আলোচনা কৰে।

02/08/2026

*শ্ৰদ্ধাঞ্জলি অনুষ্ঠান*
প্ৰয়াত বুদ্ধিন মিশ্ৰ দেৱৰ সোঁৱৰণত

আমাৰ অতি শ্ৰদ্ধাৰ, শিৱসাগৰ ছোৱালী কলেজৰ প্ৰাক্তন অধ্যক্ষ, অৰ্থনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক, বিশিষ্ট জ্যোতিষ বিশাৰদ তথা জ্যেষ্ঠ সমাজকৰ্মী শ্ৰীযুত বুদ্ধিন মিশ্ৰ দেৱে যোৱা ২ আগষ্ট (দেওবাৰ) নিশা প্ৰায় ১২:৩০ বজাত বেনাৰসত আকস্মিকভাৱে শেষ নিশ্বাস ত্যাগ কৰে।

তেখেতৰ এই অপ্ৰত্যাশিত আৰু আকস্মিক প্ৰয়াণ সমগ্ৰ শিৱসাগৰ ছোৱালী কলেজ পৰিয়ালৰ লগতে আমাৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।

এই মহান আত্মাৰ চিৰশান্তিৰ বাবে আমি শিৱসাগৰ ছোৱালী কলেজ শিক্ষক-কৰ্মচাৰী বৃন্দই ভগৱানৰ ওচৰত গভীৰ প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ।

স্বৰ্গীয় মিশ্ৰ দেৱৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য অৰ্পণৰ উদ্দেশ্যে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

তাৰিখ: ৩ আগষ্ট, ২০২৬ (সোমবাৰ)
সময়: দিনৰ ১১:০০ বজাৰ পৰা
স্থান: শিৱসাগৰ ছোৱালী কলেজ প্ৰাংগণ

মহাবিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰী, বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰীসকল, প্ৰাক্তন শিক্ষক-কৰ্মচাৰীবৃন্দ তথা তেখেতৰ সমূহ শুভাকাংক্ষীক এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি মহান আত্মাভাগিলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ'ল।

ড° প্ৰতিম শৰ্মা
অধ্যক্ষ, শিৱসাগৰ ছোৱালী কলেজ
তাৰিখ: ২ আগষ্ট, ২০২৬

শিৱসাগৰৰ সমাজ-জীৱনৰ অন্যতম পুৰোধা ব্যক্তি, শিৱসাগৰ ছোৱালী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বুদ্ধীন মিশ্ৰ ছাৰৰ অকাল বিয়োগৰ বাতৰি...
02/08/2026

শিৱসাগৰৰ সমাজ-জীৱনৰ অন্যতম পুৰোধা ব্যক্তি, শিৱসাগৰ ছোৱালী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বুদ্ধীন মিশ্ৰ ছাৰৰ অকাল বিয়োগৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।

​১ আগষ্টত বেনাৰসত অধ্যয়নৰ বাবে যাবলৈ ওলোৱা কন্যাক থ’বলৈ পত্নীসহ জয়সাগৰৰ বাসগৃহৰ পৰা বুলি ওলাইছিল। কিন্তু যাত্ৰাপথত হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত স্থানীয় চিকিৎসালয়লৈ নিয়া হয় যদিও তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

​ছাৰৰ এই আকস্মিক প্ৰয়াণৰ খবৰে আমাক গভীৰভাৱে মৰ্মাহত কৰি তুলিছে। তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি আৰু সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

Address

Sibsagar

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 4pm
Saturday 9am - 4pm

Alerts

Be the first to know and let us send you an email when Sibsagar Girls' College Official Information posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category