Voluka-ভলুকা Bhawan Smart School

Voluka-ভলুকা Bhawan Smart School VBSS (Voluka Bhawan Smart School) , A CBSE School for Nursery, Pre Primary, Primary & Middle School l

ভলুকা কডিং স্কুলৰ দ্বাৰা এখনি অনলাইন ৰবটিক্চ আৰু কডিংৰ কৰ্মশালা আয়োজন কৰিছো। ইচ্ছূক ষষ্ঠ শ্ৰেনীৰ ওপৰৰ সকলো ছাত্ৰ-ছাত্ৰী ...
28/03/2026

ভলুকা কডিং স্কুলৰ দ্বাৰা এখনি অনলাইন ৰবটিক্চ আৰু কডিংৰ কৰ্মশালা আয়োজন কৰিছো। ইচ্ছূক ষষ্ঠ শ্ৰেনীৰ ওপৰৰ সকলো ছাত্ৰ-ছাত্ৰী যোগদান কৰিব পাৰিব। সময়টো আমি সকলো ছাত্ৰ-ছাত্ৰী লগত মিলি ঠিৰাং কৰা হব।
তলৰ ৱাটচেপ নম্বৰটো বা বাৰকডটোক স্কেন কৰি গ্ৰুপত যোগদান কৰিবলৈ অনুৰোধ কৰিলো।

ধন্যবাদ...।

Announcement and cordially invited : ………………………………………………………আহি থকা বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি ভলুকা ভৱন স্মাৰ্ট স্কুলে ...
24/02/2026

Announcement and cordially invited :
………………………………………………………
আহি থকা বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি ভলুকা ভৱন স্মাৰ্ট স্কুলে এখনী বিজ্ঞান প্ৰদৰ্শনী (Science Exhibition) আয়োজন কৰিছে।
প্ৰদৰ্শনী খনত আমাৰ ছাত্ৰ-ছাত্ৰী সকলে তৈয়াৰ কৰা বিভিন্ন বিজ্ঞানৰ মডেল প্ৰদৰ্শন কৰা হব আৰু লগতে আমাৰ কিছুমান গতানুগতিক সমষ‍্যাৰ সামাধানৰ আলোচনা ছাত্ৰ-ছাত্ৰী সকলৰ লগত কৰা হব।

ছাত্ৰ-ছাত্ৰী সকলক বিজ্ঞানৰ ব‍্যবহাৰিক জ্ঞান আৰু এখন সঁচা প্ৰদৰ্শনীৰ (Real time exposure) অনুভৱ দিয়াটো মুখ‍্য উদ্দ‍েশ‍্যৰ লৈ আয়োজন কৰা এই বিজ্ঞান প্ৰদৰ্শনীলৈ আমি এই অঞ্চলৰ সকলো ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক ইয়াৰ দ্বাৰা নিমন্ত্ৰন কৰিলো আৰু এই প্ৰদৰ্শনীৰ দ্বাৰা উপকৃত হবলৈ আহবান কৰিলো।

স্হান: ভলুকা ভৱন স্মাৰ্ট স্কুল, জাঁজী।
সময়: পুৱা ১০ বজাৰ পৰা, শনিবাৰ, ২৮/০২/২০২৬।
ধন‍্যবাদ
ভলুকা ভৱন স্মাৰ্ট স্কুল, জাঁজী।

আজি পৰা আৰাম্ভ হোৱা সমুহ হাইস্কুল পৰীক্ষাৰ্থীলৈ আৰু  উচ্চতৰ মাধ‍্যমিক পৰীক্ষাৰ পৰীক্ষাৰ্থী সকললৈ আন্তৰিক শুভেচ্ছা যাঁচিল...
10/02/2026

আজি পৰা আৰাম্ভ হোৱা সমুহ হাইস্কুল পৰীক্ষাৰ্থীলৈ আৰু উচ্চতৰ মাধ‍্যমিক পৰীক্ষাৰ পৰীক্ষাৰ্থী সকললৈ আন্তৰিক শুভেচ্ছা যাঁচিলো।
লগতে সমুহ পৰীক্ষাৰ্থী সকলৰ উদ্দ‍েশ‍্য তলৰ কথা খিনি লিখিলো।
এটা সমীক্ষাত প্ৰকাশ পাইছে যে গত ২০ বছৰত বিশ্বৰ Fortune 500 CEO’s বিলাকৰ মাত্ৰ ১০ শতাংশ মানহে বিশ্বৰ সকলোতকৈ উচ্চমানৰ “ lvy league “ কলেজ সমুহত পঢ়া। ৯০% CEOs য়ে বিভিন্ন মধ‍্যমীয়া বেলেগ কলেজৰ পৰা বেলেগ বেলগ বিষয়ত পঢ়ি অহা। ভাৰতবৰ্ষতে আমি ছাব পাৰো যোৱা ২০ বছৰত কিমান জন উদ‍্যোগীক বা ব‍্যবসায়ীক সফল ব‍্যক্তি প্ৰথম ৫খন আই আই টিৰ পৰা ?
সমীক্ষাটোৰ মতে গৰিষ্ঠসংখ‍্যক CEOs “ A” grade ৰ ছাত্ৰ নাছিল। বহু সংখ‍্যক সফল উদ‍্যোগী আছিল “C” গ্ৰেডৰ।
সমীক্ষাটোৰ মতে পঢ়া-শুনা যিয়ে নহক , কিন্তু প্ৰত‍্যকজন সফল ব‍্যক্তিয়ে আছিল বহু উচ্চমানৰ IQ, Risk-taker, মোখঠেকেছা বা বিফলতাৰ পৰা শিক্ষা লোৱা, নেতৃত্বদিয়া গুণ আৰু নিজৰ passion ত কাম কৰা মানুহ।
একঘেমীয়া syllabus , আওঁৰাই লোৱা শিক্ষা বিপৰীতে এই ব‍্যক্তিসকল হয় “real-time learner”.
গতিকে সকলো পৰীক্ষাৰ্থীকে অনুৰোধ কৰিম গ্ৰেডৰ ভাল কৰিবলৈ চেষ্টা কৰা কিন্তু যদি ভাল গ্ৰেড কৰিব নোৱাৰাও দুখ নকৰিবা…নিজৰ জীৱনৰ সফলতাৰ লগত ভাল গ্ৰেডৰ কোনো চিধা সম্পৰ্ক নাই।
ধন‍্যবাদ

বিদেশত চকুত পৰা বহু ভাল উদাহৰণ  ভিতৰত  এটা হৈছে ৰাজহুৱা ফ্ৰীজ বা community fridge।ৰাজহুৱা স্হান বিলাকত থকা ফ্ৰীজ বিলাকত ...
25/01/2026

বিদেশত চকুত পৰা বহু ভাল উদাহৰণ ভিতৰত এটা হৈছে ৰাজহুৱা ফ্ৰীজ বা community fridge।
ৰাজহুৱা স্হান বিলাকত থকা ফ্ৰীজ বিলাকত আপুনি নোখোৱা বা বেছি হোৱা খাদ‍্য বিলাক ইয়াত থৈ যাব পাৰে আৰু যিসকলে ইয়াৰ পৰা খাব বিছাৰে লৈ যাব পাৰে।
কিমান এটা সুন্দৰ কনচেপ্ট….sustainability , generosity and food waste management all concepts are in one place..called “Community Fridge”.

আজি সৰস্বতী পূজা…সকলোলৈ শুভেচ্ছা থাকিল। আজি দিনটো বিশেষকৈ আমাৰ কলেজীয়া জীৱনৰ এটা বিশেষ অংগ। লগতে আজিৰ দিনটোতে সংযুক্ত আৰ...
23/01/2026

আজি সৰস্বতী পূজা…সকলোলৈ শুভেচ্ছা থাকিল। আজি দিনটো বিশেষকৈ আমাৰ কলেজীয়া জীৱনৰ এটা বিশেষ অংগ।
লগতে আজিৰ দিনটোতে সংযুক্ত আৰব আমিৰেটৰ এখন আইন “লৰা-ছোৱালী ৰ ডিজিটেল সুৰক্ষা আইন” চকু পৰিল।
আজিৰ সময়ত এই বিষয়টো ইমান জৰুৰী হৈ পৰিছে যে ডিজিটেল মেডিয়াৰ পৰা আমাৰ শিশু, লৰা-ছোৱালী সকলক আমি ৰক্ষা কৰিব নোৱাৰো তেন্তে এই লৰাছোৱালী বিলাকৰ কি হব কোনেও কব নোৱাৰিব। যেন সমাজখন অন্ধকাৰলৈ যাব।
এই আইনখনে বিশেষকৈ ১৩ পৰা ১৬ বছৰৰ ভিতৰতৰ সকলো লৰা-ছোৱালী সকলে ঘৰত কি কন্টেত ছাই, ডিজিটেল মেডিয়াত কেনেকৈ ব‍্যবহাৰ কৰে, কাৰোবাক ডিজেটেলি শাৰাশাস্তি কৰে নেকি, বসয় অনুযায়ী ডিজিটেল মেডিয়া ব‍্যবহাৰ ইত‍্যাদি কথা বিলাক সাঙুৰি লৈছে। ইয়াৰ যদি কিবা উলংঘন হৈছে তেন্তে সম্পূৰ্ণ ৰূপে অভিভাবক জাবাবদেহি কৰা হৈছে। অভিভাবকে একলাখ ডিনাৰলৈকে কঠোৰ জৰিমনা ভৰিব লাগিব।
সমগ্ৰ বিশ্বতে ই এটা বৰ মাৰত্মক ব‍্যধি হৈ পৰিছে আৰু আমাৰ দেশতো যদি এনেকুৱা কঠোৰ আইন নানে একেবাৰে পানীকেছুৱাৰ পৰা কিশোৰ আৰু কিশোৰৰ পৰা পাপ্তবয়স্ক কোনো এই ব‍্যাধিৰ পৰা এতিয়া হাৰি যাব নোৱাৰিব।
অংকুৰিত হোৱাৰ আগতে আমাৰ সৰু সৰু মগজো বিলাক এই বেমাৰত পৰি সমাজ খন অকামিলা হৈ পৰিব।
ই এতিয়া ড্ৰাগছ আসক্তকৈও বেগি আৰু বেছি বৃহৎ হৈ সমাজত সোমাই পৰিছে।
আজি সৰস্বতী পূজাৰ দিনা যেতিয়াই এই কথা মনলৈ আহিল …ভাব হৈছে …
আজি সৰস্বতী পূজাত আমাৰ লৰা-ছোৱালী বিলাকে অলপ ৰং-ৰহইচ কৰিছে কোনেও মানা নকৰিব, কৰিব দিয়ক। ইয়ে এটা বিশেষ দিন ছাত্ৰ-ছাত্ৰী নতুন বন্ধু গঢ়া, মানুহ-মানুহৰ অনুভৱ বিলাক পোৱাৰ, জীৱন-যৌবন চিনি পোৱা, পঢ়াৰ লগতে ৰংৰ পৃথিবীখন চিনি পোৱা ইত‍্যাদি আৰু এই ডিজিটেল বেমাৰে আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ মগজো আক্ৰমণ কৰি এই গুন বিলাককে অকামিলা কৰিব ধৰিছে।
এটা ডাঙৰ বিপদ যেন সমাগত…॥

মনত ৰাখিব আমাৰ কলা-সংস্কৃতি-পৰম্পৰায়ে-উৎসব বিলাকে হৈছে আজিৰ এই ডিজেটেল বেমাৰৰ একমাত্ৰ এন্টিভেনম, নহলে উপায় নাই এই বেমাৰৰ পৰা হাতসৰাৰ।

আকৌ এবাৰ সৰস্বতী পূজা…সকলোলৈ শুভেচ্ছা থাকিল।

ধন‍্যবাদ

যেতিয়া সুদুৰ অষ্ট্ৰেলিয়াত কৰ্মৰত তথা স্হায়ী নিবাসী এটা পৰিয়াল অলপ দিনৰ বাবে অসমলৈ আমি ১০ মিনিটৰ বাবে হলেও এটা সময় উলিয়াই...
16/01/2026

যেতিয়া সুদুৰ অষ্ট্ৰেলিয়াত কৰ্মৰত তথা স্হায়ী নিবাসী এটা পৰিয়াল অলপ দিনৰ বাবে অসমলৈ আমি ১০ মিনিটৰ বাবে হলেও এটা সময় উলিয়াই ভলুকা ভৱন স্কুল খন চকু ফুৰাই যায়…ইয়াতকৈ আমাৰ বাবে আৰু কি আনন্দ লাগিছে।
It’s realise me how even 1 minute gesture also talks a lot. Voluka Bhawan is really thankful to you and your family. Personally ( me n Swapnali) owe to you…..all for this visit. Stay blessed always…Vikrant, Chandana and Bonbon.
Thank you
VBSS

Today is a red letter day for us. Our seven students received gold medals in SOF-Mathematics exam. It is indeed a triump...
15/01/2026

Today is a red letter day for us.
Our seven students received gold medals in SOF-Mathematics exam.
It is indeed a triumph for VBSS’s commitment and resolution for students academic excellence.

Just dreaming a aesthetic school campus.নতুন ভলুকা ভৱন স্কুলখন কেনেকুৱা হব বাৰু? এটা ডাঙৰ বিল্ডিংত শিক্ষাৰ জেইল ? নে  এন...
09/01/2026

Just dreaming a aesthetic school campus.
নতুন ভলুকা ভৱন স্কুলখন কেনেকুৱা হব বাৰু?
এটা ডাঙৰ বিল্ডিংত শিক্ষাৰ জেইল ?
নে এনেকুৱা হব লাগে য’ত ৰাতিপুৱা ছাত্ৰ-ছাত্ৰী সকলৰ আপোনা-আপুনি চকু মেলখাই, আপোনা-আপুনি বন্ধুত্ব হয়, আপোনা-আপুনি ছাত্ৰ-ছাত্ৰীয়ে ইজনে সিজনৰ যত্ন লব পাৰে, মত বিনিময় কৰিব পাৰে আৰু মুক্তমনে জ্ঞান লভিব পাৰে।
এখন স্কুলৰ সপোন …এটা সপোনৰ পৰিয়াল ।

This is a remarkable achievement by our students, and the Voluka community deserves to be applauded.আমাৰ তিনিজন ছাত্ৰ-ছা...
18/12/2025

This is a remarkable achievement by our students, and the Voluka community deserves to be applauded.
আমাৰ তিনিজন ছাত্ৰ-ছাত্ৰীয়ে, সদ‍্য ঘোষিত বিজ্ঞান অলিম্পিয়াড ফাউন্ডেশন ৰ সাধাৰ জ্ঞানৰ বিষয় পৰীক্ষাত সোনৰ পদক লাভ কৰি ভলুকা পৰিয়ালক গৌৰাম্বিত কৰিছে।
তেওঁলোক সকলোৰে ভবিষ‍্যৎ উন্নতি কামনা কৰিলো।

Thank you .......
VBSS

জুবিন গাৰ্গ ফেন ক্লাব শিৱসাগৰৰ সৌজন্যত বৰ্ডিং খেলপথাৰত আয়োজিত দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ ,২০২৫ ত অনুষ্ঠিত হোৱা জুবিন গাৰ্গ ...
12/12/2025

জুবিন গাৰ্গ ফেন ক্লাব শিৱসাগৰৰ সৌজন্যত বৰ্ডিং খেলপথাৰত আয়োজিত দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ ,২০২৫ ত অনুষ্ঠিত হোৱা জুবিন গাৰ্গ সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ক শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় আমাৰ বিদ্যালয়ৰ ছাত্ৰী আৰাধনা ৰাজখোৱা ।
ধন্যবাদ
ভলুকা ভৱন স্মাৰ্ট স্কুল
জাঁজী।

Address

Voluka Bhawan Smart School
Sibsagar
785683

Telephone

+918811962234

Website

Alerts

Be the first to know and let us send you an email when Voluka-ভলুকা Bhawan Smart School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Voluka-ভলুকা Bhawan Smart School:

Shortcuts

Share

Category