দিক্চুমুখ জ্ঞানোদয় মধ্য ইংৰাজী বিদ্যালয় ।

  • Home
  • India
  • Sibsagar
  • দিক্চুমুখ জ্ঞানোদয় মধ্য ইংৰাজী বিদ্যালয় ।

দিক্চুমুখ জ্ঞানোদয় মধ্য ইংৰাজী বিদ্যালয় । দিকচুমুখ জ্ঞানোদয় মধ্য ইংৰাজী বিদ্যালয় ।
শ্ৰেনী: 'ক' শ্ৰেনীৰ পৰা অষ্টম মান শ্ৰেনীলৈ।
মাধ্যম: অসমীয়া ।

শিক্ষা সপ্তাহ উদযাপনৰ কেইটামান আলোকচিত্ৰ
10/08/2024

শিক্ষা সপ্তাহ উদযাপনৰ কেইটামান আলোকচিত্ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) 2020 ৰ চতুৰ্থ বৰ্ষপূৰ্তিপূৰ্তিৰ প্ৰাকক্ষণত বিদ্যালয় শিক্ষা বিভাগ, চৰকাৰৰসকলো বিদ্যালয় আৰু...
05/08/2024

ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) 2020 ৰ চতুৰ্থ বৰ্ষপূৰ্তিপূৰ্তিৰ প্ৰাকক্ষণত বিদ্যালয় শিক্ষা বিভাগ, চৰকাৰৰ
সকলো বিদ্যালয় আৰু শিক্ষানুষ্ঠাত "শিক্ষা সপ্তাহ" উদযাপন কৰাৰ লগতে আমাৰ বিদ্যালয়তো "শিক্ষা সপ্তাহ"উদযাপন কৰা হয়। আজি প্ৰথম দিনা টি এল এম (শিক্ষণ-শিক্ষণ সামগ্ৰী) দিৱসত আমাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে স্থানীয় প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰি টি এল এম প্ৰদৰ্শন কৰি পাঠদান কাৰ্য অধিক মনোগ্ৰাহী কৰি তোলে।

03/02/2024
আমাৰ বিদ্যালয়ত ৭৫ তম গণৰাজ্য দিৱস উদযাপনৰ কেইটামান আলোকচিত্ৰ...
26/01/2024

আমাৰ বিদ্যালয়ত ৭৫ তম গণৰাজ্য দিৱস উদযাপনৰ কেইটামান আলোকচিত্ৰ...

যোৱা ২১/০১/২০২৪ ইংৰাজী তাৰিখ দেওবাৰে ৫৪৮ নং বামুনবাৰী প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত আমাৰ বিদ্যা...
23/01/2024

যোৱা ২১/০১/২০২৪ ইংৰাজী তাৰিখ দেওবাৰে ৫৪৮ নং বামুনবাৰী প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নৃত্য প্ৰদৰ্শন...

যোৱা ০৪/০১/২০২৪ ইংৰাজী তাৰিখ বৃহস্পতিবাৰে আমাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক- অভিভাৱিকা আৰু স্থা...
05/01/2024

যোৱা ০৪/০১/২০২৪ ইংৰাজী তাৰিখ বৃহস্পতিবাৰে আমাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক- অভিভাৱিকা আৰু স্থানীয় ৰাইজৰ উপস্থিতিত গুণোৎসৱ-২০২৪ ৰ বহিঃমূল্যায়ন সফলতাৰে সম্পন্ন কৰা হয়।

যোৱা ০৪/১০/২০২৩ ইংৰাজী তাৰিখে আমাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী , অভিভাৱক- অভিভাৱিকা, বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষক- শি...
06/10/2023

যোৱা ০৪/১০/২০২৩ ইংৰাজী তাৰিখে আমাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী , অভিভাৱক- অভিভাৱিকা, বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষক- শিক্ষয়িত্ৰীৰ উপস্থিতিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ নিৰ্দেশ মৰ্মে আগন্তুক গুণোৎসৱ উপলক্ষে বিদ্যালয়ৰ পতাকাখন উত্তোলন কৰা হয়।

যোৱা ০২/১০/২০২৩ ইংৰাজী তাৰিখে আমাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী , অভিভাৱক- অভিভাৱিকা, বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষক- শি...
06/10/2023

যোৱা ০২/১০/২০২৩ ইংৰাজী তাৰিখে আমাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী , অভিভাৱক- অভিভাৱিকা, বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষক- শিক্ষয়িত্ৰীৰ উপস্থিতিত জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন (গান্ধী জয়ন্তী) পালন কৰা হয়।

যোৱা 27/09/2023 ইংৰাজী তাৰিখে স্বচ্ছতা পষেক উপলক্ষে আমাৰ বিদ্যালয় প্ৰাঙ্গণ পৰিস্কাৰ কৰা হয় আৰু স্বচ্ছতা প্ৰতিজ্ঞা লোৱা...
06/10/2023

যোৱা 27/09/2023 ইংৰাজী তাৰিখে স্বচ্ছতা পষেক উপলক্ষে আমাৰ বিদ্যালয় প্ৰাঙ্গণ পৰিস্কাৰ কৰা হয় আৰু স্বচ্ছতা প্ৰতিজ্ঞা লোৱা হয়।
ছাত্ৰ-ছাত্ৰীৰ বাবে স্বচ্ছতা প্ৰতিজ্ঞা:
আজি “স্বচ্ছতা পষেক” উপলক্ষে মই প্ৰতিজ্ঞা কৰো যে -
মই, মোৰ ঘৰ আৰু বিদ্যালয় চৌহদ পৰিপাটি আৰু পৰিষ্কাৰ কৰি ৰাখিম I
মই কেতিয়াও কোনো জাবৰ পথত নেপেলাও আৰু মোৰ চৌপাশ জাবৰমুক্ত কৰি ৰাখিম I
মই “একক ব্যৱহাৰ প্লাষ্টিক” ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিম I
মই সকলো চাফাই কৰ্মীক, পৰিষ্কাৰ - পৰিচ্ছন্নতাৰ দিশত তেওঁলোকে কৰা প্ৰচেষ্টাৰ বাবে তেওঁলোকক শ্ৰদ্ধা জনাম।
এই দৃঢ় বিশ্বাসৰ সৈতে মই মোৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু ওঁচৰ চুবুৰীয়াত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাৰ্তা প্ৰচাৰ কৰিম।
আমি সকলোৱে মিলি সকলোৰে বাবে এটা পৰিষ্কাৰ, সেউজীয়া, আৰু সুস্থ সমাজৰ সৃষ্টি কৰিম।

"শিক্ষক এডাল মমবাতিৰ দৰে, যি নিজেই জ্বলি আনক পোহৰ দিয়ে"- ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ।আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ বিদ্যালয...
05/09/2023

"শিক্ষক এডাল মমবাতিৰ দৰে, যি নিজেই জ্বলি আনক পোহৰ দিয়ে"- ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ।
আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ বিদ্যালয়তো ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষে উলহ-মালহেৰে শিক্ষক দিৱস পালন কৰা হয়।

পাৰস্পৰিক বুজাবুজি বদলিৰ জৰিয়তে বৰপেটা জিলালৈ বদলি হোৱা আমাৰ বিদ্যালয়ৰ শিক্ষক ছানিদুল ভূঞাক ০৭/০৮/২০২৩ ইংৰাজী তাৰিখে ব...
15/08/2023

পাৰস্পৰিক বুজাবুজি বদলিৰ জৰিয়তে বৰপেটা জিলালৈ বদলি হোৱা আমাৰ বিদ্যালয়ৰ শিক্ষক ছানিদুল ভূঞাক ০৭/০৮/২০২৩ ইংৰাজী তাৰিখে বিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়।

আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ বিদ্যালয়তো ৭৭সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। আজি এই স্বাধীনতা দিৱস উদযাপনৰ লগত সংগত...
15/08/2023

আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ বিদ্যালয়তো ৭৭সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। আজি এই স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্য্যসূচী যেনে স্মৃতি তৰ্পণ, প্ৰভাত ফেৰী, দেশপ্ৰেমমূলক গীত, নৃত্য আদি অনুষ্ঠিত কৰা হয়।

সকলোকে ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ।


Address

Belimukhia Changmai Gaon
Sibsagar
785684

Opening Hours

Monday 8am - 3:30pm
Tuesday 8am - 3:30pm
Wednesday 8am - 3:30pm
Thursday 8am - 3:30pm
Friday 8am - 3:30pm
Saturday 8am - 12pm

Telephone

+916001475211

Website

Alerts

Be the first to know and let us send you an email when দিক্চুমুখ জ্ঞানোদয় মধ্য ইংৰাজী বিদ্যালয় । posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to দিক্চুমুখ জ্ঞানোদয় মধ্য ইংৰাজী বিদ্যালয় ।:

Shortcuts

Share

Category