28/06/2026
শদিয়া মহাবিদ্যালয়ৰ নাট্যগোষ্ঠী ‘‘নাটঘৰ’’ৰ প্ৰথম নিবেদন নাটক ‘‘কেকোঁৰা’’
যোৱা ২৭ জুন, ২০২৬ তাৰিখ শনিবাৰে শদিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ প্ৰতিভালয়ত মাহিবদ্যালয়ৰ নাট্যগোষ্ঠী ‘‘নাটঘৰ’’ৰ উদ্যোগত নাট্যকাৰ মণি হাজৰিকাৰ নাটক ‘‘কেকোঁৰা’’ মঞ্চস্থ কৰা হয়৷ ‘‘কেকোঁৰা’’ নাটখনৰ পৰিচালনাৰ দায়িত্বত আছিল যুৱ নাট্যকাৰ, পৰিচালক তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, ত্ৰিপুৰাৰ পৰা উত্তীৰ্ণ হোৱা শ্ৰী নয়ন য়েইনে৷ সহযোগী পৰিচালক হিচাপে শদিয়াৰ উদীয়মান যুৱক শ্ৰী হিমাংশু ডেকাই নাটখনৰ পৰিচালনাত সহযোগ কৰে৷ ডিব্ৰুগড় বিশ্বিদ্যালয় আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ পৰা নাট্যবিষয়ত ডিগ্ৰী লাভ কৰা শ্ৰী ডেকাই অলপতে নতুন দিল্লীস্থ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দ্বাৰা অনুষ্ঠিত হৈ যোৱা বাচনি পৰীক্ষাত উত্তীর্ণ হৈ ছিক্কিমস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে। নাটখনত অভিনয় কৰে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে ববিতা সোণোৱাল, অসীম বুঢ়াগোহাঁই, ৰৌজ বৰুৱা, মৃণ্ময় গগৈ, নিকুমণি সোণোৱাল, হৰি সোণোৱাল, শ্যামলিকা নিৰ্মলীয়া, লক্ষ্মী দেৱী ছেত্ৰীয়ে৷ নাট্যসন্ধিয়াটোত শদিয়া অঞ্চলৰ নাট্যচর্চাৰ লগত জড়িত হৈ থকা বিশিষ্ট ব্যক্তিসকলৰ লগতে স্থানীয় প্ৰশাসনৰ নিমন্ত্ৰিত অতিথিবৃন্দৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰী, অভিভাৱক উপস্থিত থাকি উপভোগ কৰে৷ নাটখনৰ প্ৰযোজনা কৰে মহাবিদ্যালয়ৰ নাট্যচৰ্চাৰ কেন্দ্ৰ হিচাপে নতুনকৈ সংযোজন ঘটোৱা ‘‘নাটঘৰ’’ নাট্যগোষ্ঠীয়ে৷ ‘‘নাটঘৰ’’ৰ উদ্যোগত মঞ্চস্থ কৰা এয়াই প্ৰথমখন নাটক৷ এই নাটখন ইতিমধ্যে দুলীয়াজান মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ২০২৬ বৰ্ষৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত নাট্যস্থ কৰা হৈছিল। অনুষ্ঠানৰ শেষত উপস্থিত দৰ্শকে নাটকৰ কলা-কুশলীৰ অভিনয়, পৰিচালকক ভূয়সী প্ৰশংসা কৰে৷ লগতে শদিয়া অঞ্চলৰ নাট্যচৰ্চাৰ ক্ষেত্ৰখনক আগুৱাই নি নৱপ্ৰজন্মক এখন মঞ্চ দিয়াৰ লগতে এই নাট্যচৰ্চা পৰম্পৰা আগুৱাই নিবৰ বাবে গঢ় লোৱা ‘‘নাটঘৰ’’ প্ৰতিষ্ঠাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষৰ শলাগ লয়৷ অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ সহকাৰী অধাপিকা আৰু নাটঘৰৰ এগৰাকী অন্যতম প্ৰতিষ্ঠাপক সদস্য ড০ শাৰদী বৰাই৷ অনুষ্ঠানৰ আৰম্ভণিতে অধ্যক্ষ ড০ ভূপেন চুতীয়াই আদৰণি বক্তৃতা আগবঢ়ায় আৰু লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গঢ় লৈ উঠা নাট্যচৰ্চাৰ যাত্ৰাটোৰ চমু আভাস দাঙি ধৰে৷ অনুষ্ঠানৰ শেষত ড০ বৰাই এই ক্ষেত্ৰত আৰম্ভণিৰ সময়ছোৱাত প্ৰশিক্ষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক পথপ্ৰদৰ্শন কৰা নাট্যকৰ্মী ড০ প্ৰাঞ্জল বুঢ়াগোহাঁই, চয়নিকা শইকীয়া, মলয়া বৰুৱাৰ নামো স্মৰণ কৰে আৰু বিগত তিনিটা বছৰৰ ছাত্ৰ-ছাত্ৰীৰ মাজত গঢ় লোৱা নাট্যচৰ্চাৰ খতিয়ান দাঙি ধৰে৷ লগতে এই ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা মহাবিদ্যালয়ৰ অধ্যাপকবৃন্দ ক্ৰমে এলিনা শইকীয়া, ড০ দিপেন্দ্ৰ কুমাৰ খনাল, ৰূপম গগৈ আৰু ড০ দিপজ্যোতি কলিতাকে আদি কৰি সকলো অধ্যাপক-অধ্যাপিকাৰ শলাগ লয়৷ শেষত শ্ৰী ডেকাক নাটঘৰৰ ফালৰ পৰা ধন্যবাদসূচক সম্বৰ্ধনা আগবঢ়োৱা হয়৷ লগতে যিসকল প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ৰ নাট্যচৰ্চাৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰি গৈছে তেওঁলোকৰো চিনাকি দাঙি ধৰে আৰু শলাগ জ্ঞাপন কৰে৷