ITI, Rangia - আই.টি.আই, ৰঙিয়া

ITI, Rangia - আই.টি.আই, ৰঙিয়া Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ITI, Rangia - আই.টি.আই, ৰঙিয়া, Education, Nuruddin Road, Rangia Town, Rangia, Kamrup (Assam), Near National Highway (NH-27), Rangia.

A Government of Assam Approved Industrial Training Institute, Under Directorate of Employment and Craftsmen Training, Govt.of Assam, Affiliated to SCVT, Govt.of Assam & Affiliated to NCVT, Govt.of India

16/08/2026

🟢 আৱশ্যক

আই.টি.আই., ৰঙিয়াৰ ছাত্ৰ হোষ্টেলৰ বাবে এগৰাকী ৰান্ধনী ও পৰিচালকৰ প্ৰয়োজন।

দৰমহা আৰু অন্যান্য সা-সুবিধাসমূহ আলোচনা ভিত্তিত নিৰ্ধাৰণ কৰা হ'ব।

আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে :

📞 7086191688 / 8402895184

🇮🇳 ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা 🇮🇳ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, ৰঙিয়াৰ তৰফৰ পৰা সমগ্ৰ দেশবাসীলৈ ৮০ সংখ্য...
15/08/2026

🇮🇳 ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা 🇮🇳

ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, ৰঙিয়াৰ তৰফৰ পৰা সমগ্ৰ দেশবাসীলৈ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।

স্বাধীনতাৰ এই পৱিত্ৰ ক্ষণত দেশৰ ঐক্য, শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে সকলোৱে একেলগে আগবাঢ়ি যাওঁ।

জয় হিন্দ 🇮🇳 বন্দে মাতৰম 🇮🇳

 #ঔদ্যোগিক ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, ৰঙিয়াৰ প্ৰথম বৰ্ষৰ ফিটাৰ ট্ৰেডৰ ছাত্ৰ অভিনৱ বসুমতাৰী যোৱাকালি সন্ধিয়া তামুলপ...
14/07/2026

#ঔদ্যোগিক ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, ৰঙিয়াৰ প্ৰথম বৰ্ষৰ ফিটাৰ ট্ৰেডৰ ছাত্ৰ অভিনৱ বসুমতাৰী যোৱাকালি সন্ধিয়া তামুলপুৰ জিলাৰ নাগ্ৰিজুলিত সংঘটিত এক কৰুণ পথ দুৰ্ঘটনাত অকালতে মৃত্যুবৰণ কৰে।

তেওঁৰ এই আকস্মিক আৰু অনাকাংক্ষিত বিয়োগে আমাৰ সকলোকে গভীৰভাৱে শোকাহত আৰু মৰ্মাহত কৰিছে। অমায়িক, ভদ্ৰ আৰু সম্ভাৱনাময় এই ছাত্ৰজনৰ অকাল প্ৰয়াণত আমাৰ প্ৰতিষ্ঠানে এজন সুন্দৰ শিক্ষাৰ্থীক হেৰুৱালে। তেওঁৰ এই অপূৰণীয় ক্ষতিয়ে সমগ্ৰ আই.টি.আই., ৰঙিয়া পৰিয়ালক গভীৰ বেদনাত নিমজ্জিত কৰিছে।

ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, ৰঙিয়া পৰিয়ালৰ ফালৰ পৰা আমি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি পৰমেশ্বৰৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ। এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি ঈশ্বৰে তেওঁলোকক প্ৰদান কৰক।

"ঔঁ শান্তিঃ শান্তিঃ শান্তিঃ"

21/06/2026

#ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, ৰঙিয়া (ITI Rangia)ৰ ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰায়োগিক (Practical) শ্ৰেণীত হাতে-কলমে প্ৰশিক্ষণ গ্ৰহণ কৰি থকা কিছু সুন্দৰ মুহূৰ্ত। এই প্ৰশিক্ষণৰ জৰিয়তে শিক্ষাৰ্থীসকলে বিভিন্ন ধৰণৰ মটৰ পেনেল আৰু ইয়াৰ বৈদ্যুতিক সংযোগ, সুৰক্ষা বিধি, অত্যাধুনিক ইলেক্ট্ৰনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ে বাস্তৱমুখী জ্ঞান আৰু দক্ষতা আহৰণ কৰিছে।

of the students of the Electrician Trade at Industrial Training Institute (ITI), Rangia, undergoing hands-on practical training. Through this practical session, the trainees have gained real-world knowledge and skills in various types of motor panels and their electrical connections, electrical safety practices, and the application of modern electronic technologies. ⚡🔧📚

17/06/2026

2.0 ত সফলতা 🎉

২৬ গৰাকী Electrician ট্ৰেডৰ ছাত্ৰ-ছাত্ৰীৰ নিযুক্তি লাভ
১১ গৰাকী Stenographer ট্ৰেডৰ ছাত্ৰ-ছাত্ৰীৰ নিযুক্তি লাভ

আপুনিও যদি চৰকাৰী চাকৰিৰ সপোন দেখিছে, তেন্তে এই সুযোগ হেৰুৱাব নালাগে।

নামভৰ্তিৰ বাবে আজিয়েই যোগাযোগ কৰক
📞 7086191688

 #ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, ৰঙিয়া চমুকৈ আই.টি.আই, ৰঙিয়াৰ  Electrician  ট্ৰেডৰ ছাত্ৰ আব্দুল কালামে এগৰাকী Electric...
13/06/2026

#ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, ৰঙিয়া চমুকৈ আই.টি.আই, ৰঙিয়াৰ Electrician ট্ৰেডৰ ছাত্ৰ আব্দুল কালামে এগৰাকী Electrician হিচাপে Manjushree Technopack Limited ত দক্ষতাৰে কাম কৰি থকাৰ দৃশ্যাংশ ।

A glimpse of Abdul Kalam, a student of the Electrician trade from the Industrial Training Institute, Rangia (ITI Rangia), working skillfully as an Electrician at Manjushree Technopack Limited.

extend our best wishes to our student, Abdul Kalam, for success and prosperity in his future professional career.

2026

📢 নামভৰ্তি চলি আছেআপুনি চৰকাৰী অথবা ব্যক্তিগত খণ্ডত এক সন্মানজনক আৰু উজ্জ্বল কেৰিয়াৰ গঢ়িব বিচাৰে নেকি?তেন্তে কাৰিকৰী শ...
11/06/2026

📢 নামভৰ্তি চলি আছে

আপুনি চৰকাৰী অথবা ব্যক্তিগত খণ্ডত এক সন্মানজনক আৰু উজ্জ্বল কেৰিয়াৰ গঢ়িব বিচাৰে নেকি?

তেন্তে কাৰিকৰী শিক্ষাৰ জৰিয়তে দক্ষতা অৰ্জন কৰি স্বাৱলম্বী হোৱাৰ এয়াই উপযুক্ত সময়। আধুনিক উদ্যোগ জগতৰ চাহিদা অনুসৰি প্ৰশিক্ষণ লাভ কৰি নিজৰ ভৱিষ্যৎ সুদৃঢ় কৰক।

🔹 উপলব্ধ পাঠ্যক্ৰমসমূহঃ

• ইলেক্ট্ৰিচিয়ান – ২ বছৰীয়া পাঠ্যক্ৰম
• ফিটাৰ – ২ বছৰীয়া পাঠ্যক্ৰম
• এম.এম.ভি. (Mechanic Motor Vehicle) – ২ বছৰীয়া পাঠ্যক্ৰম
• ডিজেল মেকানিক – ১ বছৰীয়া পাঠ্যক্ৰম
• COPA (Computer Operator & Programming Assistant) – ১ বছৰীয়া পাঠ্যক্ৰম
• ষ্টেনোগ্ৰাফাৰ – ১ বছৰীয়া পাঠ্যক্ৰম

🌟 আমাৰ বিশেষ বৈশিষ্ট্যসমূহঃ

✔ চাকৰিৰ ইন্টাৰভিউৰ বাবে বিশেষ প্ৰশিক্ষণ আৰু দিশ-নিৰ্দেশনা
✔ উদ্যোগভিত্তিক ব্যৱহাৰিক (Practical) প্ৰশিক্ষণ
✔ অভিজ্ঞ আৰু দক্ষ প্ৰশিক্ষকৰ দ্বাৰা পাঠদান
✔ আধুনিক সা-সুবিধাসম্পন্ন লেব'ৰেটৰী আৰু ৱৰ্কশ্বপ
✔ Exide Industries, L&T, Maruti Suzuki আদি খ্যাতনামা প্ৰতিষ্ঠানত কৰ্মসংস্থাপনৰ সুবিধা
✔ দক্ষতা বিকাশৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ সুযোগ

📌 সীমিত আসন – আজিয়েই নামভৰ্তি কৰক আৰু সফল কেৰিয়াৰৰ দিশে প্ৰথম খোজ আগবঢ়াওক।

Open for session 2026-27


03/06/2026

#নাম ভৰ্তিৰ জাননী

#অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ অধীনস্থ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (প্ৰা:) ৰঙিয়া-ITI,Rangia ত নিম্নোক্ত & ট্ৰেড সমূহৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে -
আই.টি.আই ট্ৰেড সমূহ :
✅ Electrician
✅ Fitter
✅ MMV
✅ COPA
✅ Stenographer

আগ্ৰহী শিক্ষাৰ্থী সকলে আই.টি.আই, ৰঙিয়া কাৰ্যালয়ত অথবা উল্লেখিত নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ ।।

#যোগাযোগ: 7086191688 /8136069678 / 8402895184

(বি.দ্ৰ.- আই.টি.আই. পাঠ্যক্ৰমৰ পৰীক্ষা, চাৰ্টিফিকেট NCVT & SCVT ৰ অধীনত সম্পূৰ্ণ চৰকাৰী )

:

1. 100% Scholarship opportunity from govt. Of Assam (Under SOPD-G)

2. Certificate under SCVT Govt. Of Assam.

3. In-house Examination center (CBT mode).

4. 100% placement support

5. 100% Internship facilities with Railway/APDCL/Oil India/ASTC

6. Government Job opportunity (Grade-3, Grade-4, Railway, Vocational Teacher, Defense, Oil, ONGC, APDCL, ITI, Politechnic, Hospital and all other government sector)

7. Free Electrical Workman permit and Supervisor license.

8. HSLC with ITI (Two years trade) is equivalent to Higher secondary Science Stream.
9. Class 10th with ITI ( Two years trade) is equivalent to HSLC
10. Letteral Entry to Polytechnic. (Direct admission at 3rd Semester)

 #ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, ৰঙিয়া চমুকৈ আই.টি.আই, ৰঙিয়াৰ  Electrician  ট্ৰেডৰ ছাত্ৰ আব্দুল জামানে এগৰাকী Electric...
02/06/2026

#ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, ৰঙিয়া চমুকৈ আই.টি.আই, ৰঙিয়াৰ Electrician ট্ৰেডৰ ছাত্ৰ আব্দুল জামানে এগৰাকী Electrician হিচাপে Manjushree Technopack Limited ত দক্ষতাৰে কাম কৰি থকাৰ দৃশ্যাংশ ।

A glimpse of Abdul Zaman, a student of the Electrician trade from the Industrial Training Institute, Rangia (ITI Rangia), working skillfully as an Electrician at Manjushree Technopack Limited.

extend our best wishes to our student, Abdul Zaman, for success and prosperity in his future professional career.

2026

Address

Nuruddin Road, Rangia Town, Rangia, Kamrup (Assam), Near National Highway (NH-27)
Rangia
781354

Telephone

+917086191688

Website

Alerts

Be the first to know and let us send you an email when ITI, Rangia - আই.টি.আই, ৰঙিয়া posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category