Clp Abacus Raha Center

Clp Abacus Raha Center CLP ABACUS & VEDIC MATHS CENTER NOW IN RAHA , CENTER AT PRANJAL MEMORIAL ACADEMY RAHA.

WE OFFERS MATHEMATICAL SKILLS,BRAIN GYM, MENTAL CALCULATION,MEMORY POWER, CONCENTRATION SKILL,VISUALISATION,LISTENING SKILLS,CREATIVITY SKILLS,CHILD PSYCHOLOGY etc..

06/04/2025

# #শিশুৰ মানসিক আৰু সু-স্বাস্থ্য গঠনত অভিভাৱকৰ ভূমিকা

অভিভাৱকে নিজৰ সন্তানৰ মানসিক আৰু দেহগত সু-স্বাস্থ্য গঢ়ি তোলাত এটা অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সুৰক্ষিত আৰু মৰমেৰে পূৰ্ণ পৰিৱেশ প্ৰদান, উন্মুক্ত বাৰ্তালাপ, স্বাস্থ্যকৰ অভ্যাস গঢ়ি তোলা, আৰু প্ৰয়োজন অনুসৰি পেচাদাৰীৰ সহায় লোৱা—এই সকলোবোৰ অভিভাৱকৰ কৰ্তব্য সামৰি চমুকৈ এটি আভাস আলোচনা কৰা হৈছে ::

১. সুৰক্ষিত আৰু মৰমেৰে পূৰ্ণ পৰিৱেশ সৃষ্টি কৰা

দেহগত সুৰক্ষা: ঘৰখন আঘাত কৰিব পৰা বা বিপদ সংকুল বস্তু আৰু অপব্যৱহাৰ( abusive) বা অ সংযত ব্যবহাৰ পৰা মুক্ত হৈ সুৰক্ষিত হ’ব লাগিব।

মানসিক নিৰাপত্তা: সন্তানক মৰম, গ্ৰহণযোগ্যতা আৰু নিৰাপত্তাৰ অনুভৱ প্ৰদান কৰা, যি এজন শিশুৰ মানসিক বিকাশৰ বাবে অতি প্ৰয়োজনীয়।

স্থিতিশীল পাৰিবাৰিক জীৱন: এটা স্থিতিশীল আৰু ধাৰাবাহিক পাৰিবাৰিক জীৱন গঠন, আৰু শক্তিশালী অভিভাৱক-সন্তান সম্পৰ্ক, শিশুৰ সামগ্ৰিক সু-স্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয়।

২. উন্মুক্ত বাৰ্তালাপ আৰু মানসিক সহায় প্ৰদান কৰা

সক্ৰিয়ভাৱে শুনা: অভিভাৱকে সন্তানৰ ভাব আৰু অনুভৱ মনোযোগেৰে শুনা উচিত, আৰু বিচাৰ-শুনানি নকৰাকৈ সেই অনুভৱবোৰক মান্যতা দিয়া উচিত।

আত্ম-প্ৰকাশত উৎসাহিত কৰা: সন্তানৰ বাবে এনে পৰিৱেশ সৃষ্টি কৰা উচিত য’ত তেওঁলোক নিজৰ ইতিবাচক আৰু ঋণাত্মক অনুভৱবোৰ স্বাধীনভাৱে প্ৰকাশ কৰিব পাৰে।

পেচাদাৰীৰ সহায় লোৱা: মানসিক স্বাস্থ্যৰ সমস্যা চিনাক্ত কৰি সময়ত মনোবিজ্ঞানিক বা চিকিৎসাৰ সহায় লোৱাটো অত্যন্ত জৰুৰী।

৩. স্বাস্থ্যকৰ অভ্যাস গঢ়ি তোলা

দেহচৰ্যা: নিয়মীয়া দেহচৰ্যা আৰু বাহিৰত খেলাধূলাৰ অভ্যাস গঢ়ি তোলা, যি দেহগত তথা মানসিক দুয়ো দিশতে লাভজনক। ভাম্যভাষৰ অত্যধিক ব্যবহাৰে শিশুৰ মানসিক আৰু দৈহিক দুয়োটা দিশতে বিৰূপ ক্ৰিয়া কৰে।

সন্তুলিত আহাৰ: পুষ্টিকৰ আহাৰ প্ৰদান আৰু স্বাস্থ্যকৰ খাদ্যাভ্যাস শিশুৰ শাৰীৰিক আৰু বৌদ্ধিক বিকাশৰ বাবে প্ৰয়োজন।

যথেষ্ট টোপনি: স্থায়ী টোপনিতালিকা গঢ়ি তোলা আৰু পৰ্যাপ্ত টোপনি নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়।

স্ক্ৰীন টাইমৰ নিয়ন্ত্ৰণ: ডিজিটেল মাধ্যমৰ অধিক ব্যৱহাৰ ৰোধ কৰা আৰু তাকৰীয়া সময়ৰ স্বাস্থ্যকৰ অনলাইন অভ্যাস গঢ়ি তোলা।

চিন্তা-উদ্বেগ ব্যৱস্থাপনা: সন্তানক মানসিক চাপ বা উদ্বেগ পৰিচালনাৰ উপায় শিকোৱা, যেনে—মননশীলতা, ধ্যান, বা বিশ্ৰাম প্ৰযুক্তি।

৪. স্বাস্থ্যকৰ আচৰণৰ আদৰ্শ স্থাপন কৰা

অভিভাৱকৰ মানসিক স্বাস্থ্য: অভিভাৱকে নিজৰ মানসিক সু-স্বাস্থ্যক অগ্ৰাধিকাৰ দিব লাগিব, কাৰণ সেইটো সন্তানৰ বিকাশত প্ৰভাৱ পেলায়।

স্বাস্থ্যকৰ সম্পৰ্ক: শিশুৱে স্বাস্থ্যকৰ সম্পৰ্ক আৰু দ্বন্দ্ব সমাধান কৌশল শিকিবলৈ অভিভাৱকৰ পৰা আদৰ্শ পায়।

ধনাত্মক আদৰ্শ: অভিভাৱকে স্বাস্থ্যকৰ অভ্যাস আৰু মনোভাৱৰ আদৰ্শ স্থাপন কৰিব লাগে, যিয়ে সন্তানৰ ব্যক্তিত্ব গঠন কৰে। শিশুৰ আগত ঋণাত্মক কথা বতৰা আদিৰ পৰা বিৰত থাকিব লাগে।

দিপাংকৰ কাকতি
গছপৰা, নগাওঁ

25/03/2025

ধ্যান (meditation) কি? কেনেকৈ ধ্যানত কেন্দ্ৰিত হব পাৰি

ধ্যান কোনো আধ্যাত্মিক বিষয় নহয় – এইটো মাথোঁ এজন ব্যক্তিক এক মুহূৰ্তৰ বাবে থমকি ৰ’বলৈ আৰু শান্ত হ’বলৈ সহায় কৰে। এই ব্যস্ত জীৱনশৈলীত, ধ্যানে আমাক অলপ সময়ৰ বাবে থমকি, গভীৰকৈ উশাহ ল’ব আৰু নতুনকৈ আৰম্ভ কৰিবলৈ উৎসাহ বা অনুপ্ৰেৰণা যোগায়।

কিছু ধ্যান কৰাৰ পদ্ধতি আৰু ধ্যানৰ লাভসমূহৰ বিষয়ে জানো আহক।

ধ্যানৰ বহু প্ৰকাৰ আছে, কিন্তু সকলো ধ্যানৰ একেটা মূল উদ্দেশ্য , সেইয়া হল– সময়ৰ সৈতে ই মন আৰু শৰীৰৰ চাপ কমাবলৈ সহায় কৰা ।

শৰীৰত জমা হোৱা শাৰীৰিক উত্তেজনা মুক্ত কৰি ধ্যানে মনত উদমুদাই থকা চিন্তা / দুশ্চিন্তা, উদ্বেগ আৰু হতাশা দৰে অনুভূতি হ্ৰাস কৰে। ই গভীৰ আৰু শান্তিৰে পূৰ্ণ নিদ্ৰা লাভ কৰাতো সহায় কৰে ।

ধ্যানৰ অনুশীলনে মনত এনে এক শান্তি আনে, যি জীৱনৰ বিভিন্ন ঘটনাত সঁহাৰি জনোৱাৰ সময়ত আমাক মনৰ অনুভূতিৰ পৰিৱৰ্তে সংযমিতভাৱে প্ৰতিক্ৰিয়া জনাবলৈ সক্ষম কৰে।

সৰ্বোত্তম ফলাফলৰ বাবে, দৈনন্দিন জীৱনত নিয়মিত ধ্যানৰ অভ্যাস গঢ়িবলৈ চেষ্টা কৰা উত্তম।

সচেতনভাৱে শান্ত হ’বলৈ শিকাটো সকলোৰ বাবে সহজ নহ’ব পাৰে, কিন্তু ইয়াৰ উপকাৰিতা প্ৰত্যেকৰে বাবে আছে।

সহজ ধ্যানৰ পদ্ধতি শিকাৰ বাবে ৭ টা কিটিপ।

১. দৈনন্দিন কামৰ মাজৰ পৰা কিছু সময় উলিয়াই ৰখা

আমাৰ সকলোৰে বাবে সময় উলিয়াই লোৱাটো কঠিন হ’ব পাৰে, কিন্তু ধ্যান নিয়মিত অনুশীলনৰ দ্বাৰাই সৰ্বাধিক লাভজনক হয়। ধ্যানৰ সময়সীমাৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট নিয়ম নাই, কিন্তু ২০ মিনিট এক ভাল নির্দেশক হিচাপে ধৰা যায়।

যদি সম্ভৱ হয়, দিনটোক ভালদৰে আৰম্ভ কৰিবলৈ পুৱা ধ্যান কৰা আৰু শোৱাৰ আগতে দিনটোৰ উত্তেজনা / অৱসাদ দুৰ কৰিবলৈ সন্ধিয়া ধ্যান কৰাটো লাভজনক ।

২. এটি সাচ্ছন্দ্যময় স্থান বাছনি

ধ্যানৰ বাবে কোনো বিশেষ সামগ্ৰীৰ প্ৰয়োজন নাই, মাথোঁ এনেকুৱা এক স্থান হ’ব লাগিব য’ত আপুনি সাচ্ছন্দ্যে এটা ভাল আৰ্হিত বহিব পাৰে।

আপুনি মাটিত আসন পাতি বহিবলৈ ইচ্ছা কৰিব পাৰে, এনে ক্ষেত্ৰত ধ্যান মেট লাভজনক হ’ব পাৰে, কিছুমানে চেয়াৰত বা বিচনাত বহিও ধ্যান আৰম্ভ কৰিব পাৰে ।

যদি আপুনি চেয়াৰ বা বিচনাত বহিছে, তেন্তে চাৱক যাতে সেইটো আপুনাক যথেষ্ট সমৰ্থন দিয়ে আৰু আপুনি পৰ্যাপ্ত সময় বহি থাকিবলৈ আৰাম পায়।

৩. মননশীলতা ( mindfulness)ধ্যান অন্তৰ্ভুক্ত কৰক

মননশীলতা (mindfulness) সম্পৰ্কীয় ভিডিঅ’ বা সংগীত ব্যবহাৰ কৰিব পাৰে। ধ্যানৰ সময়ত মননশীলতা অন্তৰ্ভুক্ত কৰিলে উপকাৰী হ’ব পাৰে, কাৰণ ইয়াৰ দ্বাৰা আপুনি বৰ্তমান সময়ত মনোনিবেশ কৰিবলৈ সহায় পাব।

ইয়াৰ এক উপায় হ’ল আপোনাৰ ইন্দ্ৰিয়সমূহৰ প্ৰতি সচেতনভাৱে মনোযোগ আনা। শান্ত হৈ চকু বন্ধ কৰক, আৰু তাৰ পিছত আপোনাৰ ইন্দ্ৰিয়সমূহৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰক।

আপোনাৰ তলত থকা গাৰো, মেট বা বিচনাৰ অনুভৱটো লক্ষ্য কৰক, আপুনি আপোনাৰ চাৰিও দিশৰ পৰিবেশৰ পৰা সৰু সৰু শব্দ যেনে চৰাইৰ মাত শুনিবলৈ চেষ্টা কৰক আপুনি কি গোন্ধ পাইছে তাক অনুভৱ কৰিব, আপোনাৰ মুখত কোনো বিশেষ সোৱাদ আছেনেকি ইত্যাদি।

এই ধৰণৰ মনোযোগৰে আপুনি আপোনাৰ শৰীৰৰ সৈতে অধিক সংযুক্ত অনুভৱ কৰিব পাৰে আৰু মস্তিষ্কৰ ভিতৰ চাৰি ফুৰা চিন্তাবোৰৰ ওপৰত কম মনোযোগ বা ধ্যান কেন্দ্ৰিত হব।

৪. আপোনাৰ ধ্যান আৰম্ভ কৰক

যেতিয়া আপোনাৰ সাচ্ছন্দ্যময় শান্ত আৰু মনসংযত হ’ব, তেতিয়া আপুনি ধ্যান আৰম্ভ কৰিব পাৰে।

আপোনাৰ চকু বন্ধ ৰাখি মৃদুভাৱে উশাহ লওক আৰু উশাহ লোৱাৰ সময়ত আপোনাৰ মনতে "উশাহ লওঁ" বুলি কৈ চাওক । তাৰ পিছত উশাহ এৰাৰ সময়ত "উশাহ এৰো" বুলি মনতে কব।

প্ৰায় ১৫/ ২০ মিনিটমান সময়ত আপোনাৰ লক্ষ্য হ’ব লাগিব এই চক্রাকাৰ শ্বাস প্ৰস্বাস ত মনৰ ভিতৰৰ যত সম্ভব মনোনিবেশ কৰা।

৫. মন কেন্দ্ৰিত কৰাটো এক প্ৰত্যাহ্বান

আমাৰ মন আকাশ পাতাল ঘূৰাৰ অভ্যাস ধ্যানৰ প্ৰাকৃতিক অংশ, আৰু ই স্বাভাৱিক। এইটো কোনো ব্যর্থতা নহয়, বৰং শিকাৰ এক অংশ। বহু অভিজ্ঞ ধ্যানকাৰীৰ মনেও কেতিয়াবা চঞ্চল হব পাৰে।

প্ৰত্যাহ্বানটো হ’ল – যেতিয়া আপুনি কোনো চিন্তাত বিভ্ৰান্ত হ’ব, সেইটো লক্ষ্য কৰি সচেতনভাৱে পুনৰ আপোনাৰ মন উশাহৰ ওপৰত কেন্দ্ৰিত কৰাটো তাৰ মানে আপুনি আপোনাৰ মনক কাবো কৰিব শিকিছে। ধ্যানৰ আৰম্ভণিতে যদি আপোনাৰ মন বিচলিত হৈছে , তেন্তে আপুনি সেই বিভ্ৰান্তি চিহ্নিত কৰিবলৈ সক্ষম হোৱা বাবে নিজৰ প্ৰতি ধন্যবাদ জনাওক।

ইয়াৰ পিছত আপুনি পুনৰ আপোনাৰ মন , উশাহৰ ওপৰত কেন্দ্ৰিত কৰাত মনোনিবশ কৰক।

৬. ধ্যানৰ কৌশল আয়ত্ত কৰক

ধ্যানত দক্ষতা লাভ কৰিবলৈ সময় আৰু অভ্যাসৰ প্ৰয়োজন। ধ্যানৰ সময়ত আপুনি কিছুমান অসুবিধাৰ সন্মুখীন হ’ব পাৰে – ইয়াক কেনেকৈ আয়ত্ত কৰিব তাৰ কেইটামান উপায় তলত দিয়া হৈছে।

ধ্যানৰ প্ৰত্যাহ্বানসমূহ

# # অনাকাংক্ষিত চিন্তা

কেতিয়াবা ধ্যানৰ মাজত হঠাতে যেনে বিজুলিৰ বিল জমা দিয়া, কিস্তি জমা কৰা আদি চিন্তাই আপোনাক উদ্বিগ্ন কৰি তুলিব পাৰে আৰু ধ্যানৰ পৰা মন বিচলিত কৰে ।

মনত ৰাখিব: মস্তিষ্ক সম্পূৰ্ণৰূপে খালি কৰা ধ্যানৰ লক্ষ্য নহয়। যদি কোনো চিন্তা আপোনাৰ মনত ঢাপলি মেলে, ই স্বাভাৱিক। কেৱল শান্তভাৱে আপোনাৰ মন উশাহৰ ওপৰত কেন্দ্ৰিত কৰিবলৈ চেষ্টা কৰক।

যদি ধ্যানৰ সময়ত ১০বাৰ মন ঘূৰি যায়, তেন্তে ১০বাৰ মনক পুনৰ উশাহৰ ওপৰত মনোযোগ দিব।

# #প্ৰাকৃতিক ভাবে উশাহ লোৱাটো বজাই ৰখা

ধ্যানৰ সময়ত চক্রাকাৰ উশাহৰ ওপৰত মনোযোগ ৰাখোতে প্ৰাকৃতিকভাৱে উশাহ লোৱাৰ মাজত তাল মিলাই ল’ব কেতিয়াবা কঠিন হ’ব পাৰে।
এইটো কৌশল শিকাৰ অংশ, সময়ৰ লগে লগে আপুনি এই দুয়োটাৰ মাজত সঠিক সামঞ্জস্য পোৱাৰ পথত আগবাঢ়িব।

# #আপোনাৰ ধ্যানৰ প্ৰতি মূল্যায়ন নকৰিব

ধ্যানৰ কোনো সঠিক বা ভুল পদ্ধতি নাই – সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল, আপুনি আপোনাৰ মানসিক সুস্থতাৰ বাবে সময় উলিয়াইছে।
অনেক চিন্তা আৰু ঘূৰি ফুৰা মনৰ সৈতে থকা ধ্যানটোও ধ্যানৰ অংশ, আৰু ইয়াৰো উপকাৰ আছে।

৭. আপোনাৰ ধ্যান শেষ কৰক

ধ্যান হঠাতে শেষ নকৰাটো গুৰুত্বপূৰ্ণ।
যেতিয়া আপুনি অনুভৱ কৰে যে ধ্যান শেষ কৰাৰ সময় হৈছে, তেতিয়া শব্দসমূহ আৰু উশাহৰ ওপৰত মনোযোগ কেন্দ্ৰিত কৰা বন্ধ কৰক, কিন্তু সেই অৱস্থাতে চকু বন্ধ কৰি এক-দুয় মিনিট আৰু বহি থাকক।

যেতিয়া আপুনি প্ৰস্তুত অনুভৱ কৰিব, তেতিয়া সাৱধানতাৰে চকু খোলক। উঠাৰ আগতে কিছুমান সময় বহি থাকক।

এনে পদ্ধতিত ধ্যান শেষ কৰিলে, আপুনি আপোনাৰ দিনটোৰ পৰৱৰ্তী সময়ৰ বাবে এক শান্তিপূৰ্ণ স্থানান্তৰ অনুভৱ কৰিব।

এটা শান্তিপূৰ্ণ সতেজ দিনৰ বাবে ধ্যনেৰে আৰম্ভ কৰি আপোনাৰ দিনটো সফল কৰক।

দিপাংকৰ কাকতি
গছপৰা নগাওঁ

24/03/2025

জোনাকী পখিলাৰ সন্ধানত & 6th CLP ABACUS CHAMPIONSHIP going to be held on 27th April 2025 . Please do come and join us at Mahapurush sankardev kola Kristi gobexona Kendra - Jorhat

13/03/2025

নমস্কাৰ,
আপোনালোকক জনাবলৈ পাই অতিকৈ আনন্দিত হৈছোঁ যে বিগত বৰ্ষৰ দৰে কিৰ্থি ফাউণ্ডেশ্যন আৰু চি এল পি এবকাছ ৰ উদ্যোগত এইবাৰো সদৌ অসম ভিত্তিত অহা ইং 27 এপ্ৰিল 2025 তাৰিখ দেওবাৰে যোৰহাটস্থিত মহাপুৰুষ শঙ্কৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰত বাৰেৰহনিয়া অনুষ্ঠান "জোনাকী পখিলাৰ সন্ধানত"লগতে ৬ষ্ঠ চি এল পি এবাকাছ চেম্পিয়নচিপ অনুষ্ঠিত কৰিব গৈ আছে। অনুষ্ঠানটিত শিশু সকলৰ কাৰণে থাকিব আকৰ্ষণীয় অনুষ্ঠান যেনে *HAND WRITTING COMPETITION, DRAWING COMPETITION, RAMP WALK, আৰু শিশু আৰু অভিভাৱকৰ বাবে SUPERHIT DUE আৰু অভিভাৱকৰ বাবে অন্য এটা আকৰ্ষণীয় অনুষ্ঠান খাদ্যৰ জুতি আদি নানান আকৰ্ষণীয় অনুষ্ঠান অনুষ্ঠিত হব।
উক্ত অনুষ্ঠানত চি এল পি এবাকাচ ৰ সমূহ সন্মানীয় কেন্দ্ৰ পৰিচালক আৰু ছাত্ৰ ছাত্ৰী ৰ লগতে অভিভাৱক সকল উপস্থিত থাকিব।
সয়ে অহা ইং ২৭ এপ্ৰিল ২০২৫ তাৰিখ দেওবাৰে আয়োজন কৰা জোনাকী পখিলাৰ সন্ধানত অনুষ্ঠানটিত সকলো অভিভাৱকৰ লগতে তেওঁলোকৰ সন্তান সকলক আৰু সমূহ ৰাইজৰ উপস্থিতি সদৰেৰে কামনা কৰিলো।

চি এল পি এবাকাছ মুখ্য কাৰ্যালয় হৈ
দীপাংকৰ কাকতি
কেন্দ্ৰ পৰিচালক
ৰহা

Many happy returns of the day Mayuresh priyam paroi, be happy and shine brighter always.....
15/01/2025

Many happy returns of the day Mayuresh priyam paroi, be happy and shine brighter always.....

08/12/2024

স্মৃতিশক্তি(Memory) হ’ল কোনো এক তথ্য ধৰি ৰখা(Retain) আৰু প্ৰয়োজনৰ সময়ত তাক পুনঃস্মৰণ(Recall) কৰাৰ ক্ষমতা। মানুহৰ স্মৃতিশক্তিক প্ৰধানকৈ তিনি ভাগত ভগাব পাৰি- Sensory memory, Short term memory আৰু Long term memory। ইয়াৰে Sensory memory মাত্ৰ ১ ছেকেণ্ডৰ বাবে আৰু Short term memory ৩০ ছেকেণ্ডৰ বাবেহে থাকে। আনহাতে, Long term memory সমগ্ৰ জীৱনব্যাপী আমাৰ লগত থাকে। কোনো কথা মনত ৰাখিবৰ বাবে আমি প্ৰথমে মনোযোগ দি সেই উদ্দীপকবিধক সংকেতন ৰূপে নিজৰ মগজুত সংগ্ৰহ কৰোঁ আৰু প্ৰয়োজনৰ সময়ত তাক ব্যৱহাৰ কৰোঁ।

পঢ়া বিষয় বস্তু এটা মনত নথকাৰ বহুতো কাৰণ থাকিব পাৰে। কথা পাহৰি যোৱাৰ মূল কাৰণ হৈছে প্ৰয়োজনীয় তথ্যসমূহ ভালদৰে মগজুত পঞ্জীয়নবদ্ধ / জমা নকৰা। ই দুই ধৰণে সম্ভৱ হ’ব পাৰে। প্ৰথম, যদিহে ছাত্ৰ-ছাত্ৰীসকলে মূল বিষয়বস্তুটো নুবুজি কেৱল মুখস্থৰ ওপৰত গুৰুত্ব দিয়ে আৰু দ্বিতীয়তে, যদি তেওঁলোকে পঢ়া বস্তুখিনি সময়ে সময়ে পুন: অনুশীলন নকৰে। ইয়াৰ উপৰি মানসিক চাপ, ভয়, উদ্বিগ্নতাৰ ফলতো প্ৰয়োজনৰ সময়ত বহু ছাত্ৰ-ছাত্ৰীয়ে জনা বস্তুখিনিও পাহৰি যায়। বহু ক্ষেত্ৰত এনেকুৱা হয় যে তেওঁলোকে কোনো প্ৰশ্নৰ উত্তৰ মনত থাকিলেও কেৱল শংকা, উদ্বিগ্নতাৰ ফলতেই কথাবোৰ মনত পেলাব নোৱাৰে।

ছাত্ৰ-ছাত্ৰীসকলৰ স্মৃতিশক্তি আৰু অধিক উন্নত কৰাৰ বাবে তলৰ কিটিপসমূহ আগবঢ়োৱা হ’ল -

১/ কোনো এটা প্ৰশ্নৰ উত্তৰ পঢ়ি তাক আখৰে আখৰে মুখস্থ কৰাৰ পৰিৱৰ্তে উত্তৰটোৰ সাৰমৰ্মখিনি নিজৰ ভাষাত বুজিবলৈ চেষ্টা কৰিব লাগে।

২/ লিখি লিখি পঢ়াৰ অভ্যাসে পঢ়া বস্তুখিনিক দীঘলীয়া সময়ৰ বাবে ধৰি ৰখাত সহায় কৰে।

৩/ পঢ়াখিনিক বুজিবৰ বাবে মনৰ মাজত এক ছবিৰ(Mental image) লগত তুলনা কৰিব লাগে।

৪/ একোটা অধ্যায় সমাপ্ত হোৱাৰ পিছত সেইখিনি সদায় আলোচনা আৰু প্ৰশ্ন উত্তৰৰ মাজেৰে অনুশীলন কৰিলে লাভৱান হ’ব পাৰি।

৫/ অংক, বিজ্ঞানৰ সূত্ৰসমূহ সদায় দেখি থকাকৈ নিজৰ পঢ়া টেবুলৰ সন্মুখত আঠা লগাই ৰাখিব পাৰি।(flashcard study technique)

৬/ পঢ়াৰ তথ্যসমূহক কোনো এটা বেলেগ বস্তুৰ লগত ছন্দোবদ্ধ কৰিও সুফল পাব পাৰি।

৭/ গুৰুত্বপূৰ্ণ তথ্যসমূহৰ প্ৰতিটো শব্দৰ প্ৰথম বৰ্ণটো লৈ এটা নতুন শব্দৰ আৱিষ্কাৰ কৰা বা চমুকৈ এক্ৰ’নিমৰ(Acronyms) সহায়তো ছাত্ৰ-ছাত্ৰীসকলে পঢ়া মনত ৰাখিব পাৰে। যেনে- ৰামধেনুৰ সাতোটা ৰং বেঘনীসেহাসুৰ ( বেঙুনীয়া, ঘন নীলা, নীলা,সেউজীয়া, হালধীয়া, সুমথিৰা, আৰু ৰঙা) বুলিও মনত ৰাখিব পাৰি।

৮/ পঢ়াখিনিক সৰু সৰু ভাগত বিভক্ত কৰিও সহজ কৰি তুলিব পাৰে।

এই কিটিপসমূহ তেতিয়াহে কামত আহিব, যদিহে ছাত্ৰ-ছাত্ৰীসকলে মনোযোগেৰে পঢ়া-শুনা কৰে, মানসিকভাৱে পঢ়াৰ বাবে নিজকে প্ৰস্তুত কৰি তোলে, পঢ়াৰ সময়ত বাহিৰা চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখে । তাৰ বাবে প্ৰতি দিনে পঢ়াৰ আগতে ধ্যান ( meditation) কৰিব পাৰিলে ভাল ফলাফল পাব পাৰে । Meditation আৰু Brain Gym ছাত্ৰ ছাত্ৰী সকলৰ মানসিক, বৌদ্ধিক, শাৰীৰিক , মগজুৰ উৎকৰ্ষ সাধন আদিৰ বাবে উপযোগী আহিলা ।

08/12/2024

POMODORO TECHNIQUE FOR TIME MANAGEMENT IN STUDY/ WORK!!

The Pomodoro Technique is a time management method that involves breaking work into focused intervals, called pomodoros, and taking short breaks in between:

Origin :

Francesco Cirillo developed the technique in the late 1980s while he was a university student. He named it after the tomato-shaped kitchen timer he used.

Steps:

1 Choose a task to work on
2 Set a timer for 25 minutes
3 Work on the task without distractions
4 When the timer ends, take a short break
5.Repeat steps 1–4 three more times
6.Take a longer break of 15–30 minutes
7.Start again

Tips:

1.Start early in the morning when you're fresh
2.Disable internet access
3.The 25-minute work interval might not be optimal for you. You can experiment with shorter or longer interval.

08/12/2024

What is flashcard study ???

Flashcards are small note cards used for testing and improving memory through practiced information retrieval. Flashcards are a memory aid that can be used to learn and memorize information, such as vocabulary, facts, or historical dates.

Flashcards are an active learning technique that can help improve recall. They work by applying the testing effect, which is the idea that long-term memory is improved when some of the learning time is spent retrieving information through testing.

After a few rounds of going through flashcards, students seem to be much better at recalling the information on those cards. It's a memory strategy that has been used for years. It's an easy to use strategy. And it's easy to see how much more studying you'll need to actually do.

TIPS FOR EFFECTIVE PRACTICE SESSIONS ::

1.Treat it Like an Exam. Don't Just Read Your Flashcards. ...

2. Say Your Answers Out Loud While Studying. ...

3. Review the Flashcards You Got Wrong Immediately After Every Practice Session. ...

4. Switch Between Different Subjects Often (Interleaving) ...

5. Mix Up the Order of Your Questions (Varied Practice)

How to create flash cards?

Making flashcards is really simple.

Write the definition or keyword on one side of the flashcard, and the meaning on the other side. Don't forget: make it fun! Make learning more fun!

A flashcard or flash card is a card bearing information on both sides, which is intended to be used as an aid in memorization. Each flashcard typically bears a question or definition on one side and an answer or target term on the other. Flashcards are often used to memorize vocabulary, historical dates, formulae or any subject matter that can be learned via a question-and-answer format. Flashcards can be virtual (part of a flashcard software), or physical

Flashcards are an application of the testing effect − the finding that long-term memory is increased when some of the learning period is devoted to retrieving the information through testing with proper feedback. Study habits affect the rate at which a flashcard-user learns, and proper spacing of flashcards has been proven to accelerate learning.

HAPPY CHILDREN'S DAY TO THE LITTLE STARS WHO BRIGHTEN OUR WORLD WITH THEIR LAUGHTER AND LOVE.....
14/11/2024

HAPPY CHILDREN'S DAY TO THE LITTLE STARS WHO BRIGHTEN OUR WORLD WITH THEIR LAUGHTER AND LOVE.....

Many happy returns of the day Snigdha..
10/11/2024

Many happy returns of the day Snigdha..

31/10/2024

Wishing you a radiant Diwali! May this resplendent celebration kindle boundless joy and prosperity for you and your loved ones.

OFFER            OFFER                        OFFERIF YOUR CHILD IS STUDYING IN CLASS 1-10THEN JOIN US FOR  WONDERFUL CL...
01/10/2024

OFFER
OFFER
OFFER

IF YOUR CHILD IS STUDYING IN CLASS 1-10
THEN JOIN US FOR WONDERFUL CLASSES TO BUILD YOUR CHILD TO PLAY WITH MATHS CALCULATION, STRONG IN MEMORY ,, TO ACTIVE BOTH SIDE OF BRAIN TO BOOST UP IN OBERALL PERFORMANCE IN DAY TO DAY ACTIVITY, TO STRONG IN VISUALISATION, TO STRONG IN LISTENING POWER , TO BE A HUMAN CALCULATOR
THEN HERE YOU ARE IN RIGHT PAGE
CONTACT US FOR MORE DETAILS.....

Address

Raha
782103

Telephone

+919864497584

Website

Alerts

Be the first to know and let us send you an email when Clp Abacus Raha Center posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Clp Abacus Raha Center:

Shortcuts

Share

Category