26/07/2026
সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তনখন সফলতাৰে সম্পন্ন হ'ল। এই ঐতিহাসিক অনুষ্ঠানখনৰ সফল ৰূপায়ণত যিসকল স্নাতক শিক্ষক-শিক্ষয়িত্ৰীয়ে উৎসাহ, সহযোগিতা, সময় আৰু শ্ৰম আগবঢ়াই অনুষ্ঠানখন সফল কৰি তুলিলে, তেওঁলোক সকলোলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। আশা কৰোঁ, আগন্তুক দিনতো আপোনালোকৰ একে ধৰণৰ সহযোগিতা আৰু সমৰ্থন অব্যাহত থাকিব।
10/07/2026
আমি কেৱল কথাতে সীমাবদ্ধ নহয়, কামো কৰো।
কৈছিলোঁ First Salary Proposal বোৰ Approval নোহোৱালৈ Provisional period বঢ়াবৰ চেষ্টা কৰি শিক্ষা সচিব মহোদয়ক অনুৰোধ জনাম আৰু সেই মতে আমি সংগ্ৰহ কৰা 1180 জনৰ List বনাই জমা দিছিলোঁ।
ফলশ্ৰুতিত আজি সকলোৰে বাবে Provisional Period Extension ৰ Notice ওলাল।
📍 ইতিমধ্যে 80 শতাংশ শিক্ষক শিক্ষয়ত্ৰীৰ SIU approved হৈছে।।
📍 First Salary Proposal, Approval নোহোৱালৈকে ৰৈ যোৱা শিক্ষক শিক্ষয়ত্ৰীয়ে এতিয়া Salary লৈ থাকিব পাৰিব।
📍 আমিয়েই একমাত্ৰ সংগঠন যিয়ে এইটো বিষয়ত ওলাই আহিছিলোঁ।
📍 নতুনকৈ নিযুক্তি লাভ কৰা Graduate Teacher খিনি এতিয়া আমাৰ লগত আহিবনে???
আমি মাধ্যমিক স্নাতক শিক্ষক শিক্ষয়িত্ৰীসকলৰ হৈ সদায় কাম কৰিবলৈ দ্বায়বদ্ধ।। কেৱল মাথোঁ আপোনালোকৰ সহায় সহযোগ আমাৰ কাম্য।।
08/07/2026
আমাৰ মঞ্চই SIU Approval সম্পৰ্কীয় বিষয়ত যথেষ্ট আন্তৰিকতা আৰু নিষ্ঠাৰে কাম কৰি আছে। সংগৃহীত তথ্য অনুসৰি, প্ৰায় ১১০০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ ভিতৰত বৰ্তমান কেৱল প্ৰায় ১৮০ গৰাকীৰ Approval হ'বলৈ বাকী আছে। উচ্চ বিষয়াৰ অনুপস্থিতিৰ বাবে কিছু প্ৰশাসনিক কাম সাময়িকভাৱে ৰৈ আছে যদিও আমি আশাবাদী যে অতি শীঘ্ৰেই সকলোৰে Approval সম্পন্ন হ'ব।
এই সফল প্ৰচেষ্টাৰ বাবে কেন্দ্ৰীয় সমিতিৰ সম্পাদক ইছফাকুৰ ৰহমান ডাঙৰীয়াসহ সকলো বিষয়ববীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ একান্ত প্ৰচেষ্টা আৰু দায়বদ্ধতাই এই কামক আগবঢ়াই নিব পাৰিছে।
আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ভৱিষ্যতেও আমাৰ মঞ্চই শিক্ষক সমাজৰ স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰত একেই নিষ্ঠা আৰু দায়িত্ববোধেৰে কাম কৰি যাব।
আমি কৰা কামৰ প্ৰভাৱ পৰা বুলি ভাৱে নে !
01/07/2026
আজি সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চ, বজালী জিলা সমিতিৰ উদ্যোগত এখন সাধাৰণ সভা আৰু সদস্য ভৰ্ত্তি সভা আয়োজিত কৰা হয়। উক্ত সভাত সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ কেন্দ্ৰীয় সমন্বয়ক বিকাশ কলিতা, সহ: কোষাধ্যক্ষ হীৰক ঠাকুৰীয়া , নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক আৰু সহকাৰী সম্পাদক ক্ৰমে দেৱৰাজ তালুকদাৰ আৰু হীৰক ৰাজবংশী লগতে বজালী জিলাৰ প্ৰায় ১৫০ জন স্নাতক শিক্ষক শিক্ষয়ত্ৰী উপস্থিত থাকে।।