29/12/2025
অই আহ... ধিৰাজ কাৰ দোকানত আছো।
ব'ল কেণ্টিনত চাহ খাই আহো।
নিপন দা পৰঠা এটা দিয়ক।
ব'ল আছু গোটত অলপ কেৰম খেলো।
ফিল্ডৰ বাঁহৰ তলত আহ... ধুনীয়া বতাহ দি আছে।
KDM ৰ ওচৰত আছো... আহি পাই ফোন কৰিবি।
কংকন দা... চাফা কৰিছে!
আৰু বহুত বাক্য... অহাকালিৰ পৰা আন এটি ঠিকনা। আমি ক'ম ইয়াত বজালী মহাবিদ্যালয় নামে এখন আমাৰ ঘৰ আছিল যিয়ে পিছত ভট্টদেৱ বিশ্ববিদ্যালয় নাম পাইছিল... এতিয়া নাই দে; ইতিহাস হ'ল।
15/08/2025
Confession number 77 & 87 r baki khinii.....
Dear...❤️
সেই যে এজন ব্যক্তিৰ কথা কৈছিলো... তেওঁৰ লগত চিনাকি হোৱা দুবছৰ হৈ গল..
সেই দিন সেই ভাল লগা আজিও একে থাকিল। ভাল লগাৰ পৰা ভালপোৱা এক বিৰল যাত্ৰা💐💖...
যিয়ে নহওঁক তেওঁ আজিও গম নাপায়।
ইতিমধ্যে বিশ্ববিদ্যালয় এৰি যোৱা এবছৰ পাৰ হল।।।
মনত পৰে সেই দিনবোৰ ভাৰ্চিতি ত একেলগে কাম কৰা , g14 ত চাহ খোৱা, আৰু যে কত কি!!!!
অঃ এটা কথা তেওঁৰ ব্যক্তিত্ব কিন্তু আজিও মোৰ প্ৰিয় 💖।
তেঁওৰ সেই নিভাজ হাঁহিটো, লগত ইমান শান্ত সূৰ্লভ কথাবোৰ যেন এতিয়াও কাণত বাজি থাকে। মন যায় আকৌ সেই নতুন জুনিয়ৰ হবলৈ। কিন্তু সময় গতিশীল 😭 সেই গতিশিলতাই চাগে এতিয়া তেওঁ বিয়া ও পাতিব আৰু মই চাই থাকিম😭💖।
বাকি তেওঁলৈ নো কি লিখিম যি ইউনিভাৰ্ছিটি এৰি গল এবাৰ o নাহিল। হলেও আগতে দেখিলে বুকুখন ধৰফৰাইছিল এতিয়া স্মৃতিবোৰ মনত পৰি ধৰফৰাই।
বাকি মোৰ বিশ্বাস আপুনি এজন ভাল মানুহ নিশ্চয় হব।
জিলিকি থাকক ধ্ৰুৱ তৰাৰ নিচিনা।
মনত বৰকৈ পৰে ও 👀।
বাকি মানুহজন নাথাকিলেও আপোনাৰ কথাৰে লগৰবোৰে আজিও কৈ তই সঁচাই পাগলি।।।।
বাদ দিয়ক আপোনাৰ কথা ভাবিও ভাল লাগে 👀🌚।
কেতিয়াবা লগ পোৱাৰ আশাত.............💔
শেষত...
সেই বিশেষ জনৰ অপেক্ষাত থকা বিশেষ জনি...l
13/08/2025
Hey নতুন নতুন মৰমলগা জুনিয়ৰচ্....এতিয়া কথাটো হ'ল পছন্দ কাক কৰো! এটাতকৈ আনটো চৰা। সিদিনা এজনীয়ে আহি ক'লে দাদা NB-3 ৰূমটো ক'ত!...চকুলৈ চায়ে বিয়া পাতি পেলাম যেন লাগি গ'ল🙂। অধিক মাছত বগলী কনা...মই বগলী নহয় কিন্তু কনা ঠিকেই হৈছো😑। বাৰু যি কি নহওক...
মৰম লগা ভন্টিজনীৰ নাজানো ক'ত ঘৰ..
আছে নেকি কোনোবা জান তোমাৰ মৰমৰ☺☺
নাই যদি মই আছো...
ইতি...
নাম:--তোমালোকৰ মৰমৰ দাদা...
ঘৰ:-- তোমালোকৰ হৃদয়ত
22/03/2025
প্ৰেমৰ অনুভৱ শতক হ'বলৈ অলপ বাট বাকী...
21/03/2025
আপোন,
দৰ্শন বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ভিটালী কলিতা।প্ৰথমতে তোমাক মই ইউনিভাৰ্চিটিত ৰ লাগি ৰোৱাকৈ দেখিছিলো নৱাগত আদৰণি সভাত। তাৰ আগতে লগৰবিলাকৰ মুখত শুনিছিলো,হয়তো দেখা নোপোৱা বাবে বেছি আগ্রহী নাছিলো! সিদিনা তোমাক দেখা পাই অকল তোমাকে চাই আছিলো, মোৰ এনেকুৱা লাগিল যেন নৱাগত আদৰণি সভাখন তোমাৰ মোৰ বাবেই পাতিছে!অলপো আমনি নলগাকৈ দিনটো গুচি গ'ল,কিন্তু ইয়াৰে পিছত তুমি যেন মোৰ ৰক্তিম হৃদয়ত সদায় গৰ্জনাই থাকিলা। বিশ্বাস কৰা, মইতো জনাই নাছিলো প্ৰেম কি, দেখাই নাছিলো ভালপোৱাৰ ৰং, কিন্তু আজি মই তোমাৰ প্ৰেমত নজনাকৈয়ে..............
তোমাৰ চকুত চকু থৈ এতিয়া মোৰ চাব লাজ লাগে, যেতিয়াৰ পৰা প্ৰেমৰ অনুভৱবোৰে পাত মেলিলে।!
তুমি এবাৰ হাহি দিলেই হৃদয়ত ফাগুনৰ মলয়া বলে
বাঢ়ি অহা হাৰ্টবিটবোৰে প্ৰেমৰ উকি মাৰি থৈ যায়।
তোমাক ভাল লগাৰ কাৰণ হয়তো অযুত আছে, কিন্তু মই যেন আজি ব্যাখ্যা কৰিব নোৱাৰিম এই নিভাজ ভালপোৱাক! তোমাৰ মাজেৰে নীলীম আকাশখন চাব খোজো, যদিহে তুমি দিয়া সহাৰি!
ভিটালী,
আশা কৰো তুমি বহুদুৰ আগুৱাই যোৱা সফলতাৰ জখলাত, নেদেখাকৈ হলেও মই সদায় তোমাৰ কাষত সদায় থিয় দিম! মনৰ ভাৱবোৰ আজি বহুখিনিয়ে প্ৰকাশ কৰিলো,তুমি মোক চিনি নাপালেও বা ভাল নাপালেও ,মোৰ হৃদয়ৰ নিভুত কোণৰ এই বিশেষ অনুভৱবোৰক তোমাৰ হৃদয়ৰ এটা বন্ধ কোঠাত অলপ সময়ৰ বাবে হলেও আৱদ্ধ কৰিবা বুলি আশা ৰাখিলো!
ইতি,
তোমাৰ অচিন-চিনাকী মৌনতাৰ প্ৰেমিক
12/03/2025
দৰ্শন বিভাগৰ ষষ্ঠ ষাণ্মাসিকৰ সংগীতা কলিতা ❤️
জুনিয়ৰ যে চিনিয়ৰৰ প্ৰেমত পৰে শুনিছিলো কিন্তু মই ও যে তোমাৰ প্ৰেমত পৰিম ভবাই নাছিলো। বিশ্ববিদ্যালয় সপ্তাহ আৰম্ভ হোৱাৰ আগত ক্ৰিকেট খেলাৰ সময়ত তোমাক প্ৰথম দেখা পাইছিলো, তাৰ পিছত যেন বেলেগ ছোৱালী বোৰৰ ফালে চকু এ নোযোৱা হল, সকলোতে তোমাক এ দেখা পাওঁ। তোমাক ওচৰত যাই মাতিব মন যায় কিন্তু ভয় লাগে কাৰণ তুমি যে চিনিয়ৰ। সেই কাৰণে দুৰৰ পৰাই তোমাক চাই ৰৈ যাও।প্ৰথম দিনা তোমাক হঠাৎ দেখা পাইছিলোঁ কিন্তু এতিয়া যে চকু যোৰে যেন তোমাকেই বিচাৰি ফুৰে। লিখিব নাজানো তথাপিও যেন তোমাৰ কাৰণে উপন্যাস , কবিতা সকলো লিখিব পাৰিম । এটি নিলিখা কবিতাৰ অনুভৱ তুমি♥️।
ইতি
চিনিয়ৰৰ প্ৰেমত পৰা এজন জুনিয়ৰ💝। একেই বিভাগ (দৰ্শন)
12/12/2024
ইংৰাজী বিভাগৰ *Mayuri*❤️ প্ৰথমবাৰ দেখিছিলো তোমাক মই ২০২২-২৩ বৰ্ষৰ General freshers ত তুমি যে solo dance কৰিছিলা "দুবৰিতে নিয়ৰৰে" গানটোত । sound box r কাষতে ঠিয়া দি আছিলোঁ " মইনা তুমি জুই" বুলিও কৈছিলো তুমি চাগে নেদেখিলা । ৰাখি থৈছোঁ ভাল দৰে সাঁচি video টো🤗 । বিচাৰি বিচাৰি এদিন তোমাৰ নাম আৰু department গম পালো। সিদিনাৰ পৰাই চেষ্টা তোমাক মাত এষৰ দিয়াৰ কিন্তু তোমাৰ পৰা পাত্তাই নাপালোঁ😓। আৰু এদিন 6th sem r final দি গুচি গলো কিন্তু তোমাক পোৱাৰ আশাতে আকৌ আহিলো Masters কৰিব। শুনিলো Election খেলিচা তাৰে chance লৈ জানি বুজি তোমাৰ আগত ওলাও যাতে তুমি মোক মাতা😅। কিন্তু এতিয়া তুমি মোক নমতা হলা 😭 তোমাৰ ওপৰত বহুতৰে চকু কোনোবা বেলেগে কোৱাৰ আগতে মই এ confession r through express কৰিলো। তুমি যদি পঢ়ি আছা comment koriba "কোন তুমি" বুলি মই উৎসাহ পাম তোমাৰ আগত আহি কথা খিনি কব🥰
ইতি unknown Medhi🫣
08/12/2024
DP❤️
কেন্টিনৰ সন্মুখত প্ৰথম দেখা জন
অৰ্থনীতি বিভাগৰ ৰ ✨️ধিবন পাটগিৰি ✨️
তোমাক মোৰ সছাই বহুত ভাল লাগে...কিন্ত তোমাক কবলে মোৰ সাহস নাই ..... সেই বাবে ইয়াত কলো...
ভাবিছো কথাষাৰ বেছি দীঘলিয়া নকৰো...আশা থাকিল মোৰ এই মনৰ কথাটো তুমি পঢ়িলা❣️....
08/11/2024
ৰাজনীতি বিজ্ঞান বিভাগৰ ভূমিষ্মিতা পাটগিৰি। ইউকেলিপ্তাছ নগৰীত ২০২৩-২৪ ৰ নিৰ্বাচনী বা লাগোতেই প্ৰথম দেখিছিলো আপোনাক 🥹। তেতিয়াৰ পৰাই লিখিম লিখিম বুলি ভাবি থাকোতেই লিখাই হোৱা নাছিল। সম্পূৰ্ণ এবছৰেই হ'ল সেয়ে আজি সাহস কৰি লিখিব লৈছো দায়-দোষ মৰিষণ হে আৰু 🙏। আটছা এতিয়া আছল কথালৈ আহো, মানে সেই যে প্ৰথম দেখিছিলো তেতিয়াই কিবা এটা ভাল লাগিছিল আপোনাক। সেই মৰমলগা চকুহাল, বাউলি চুলিটাৰি কিবা বুকুখনত প্ৰেমৰ এচাতি শীতল বতাহ বলে। বাৰু ইয়াতে গোটেইখিনি কথা কৈ দিলে লগ পায় পাতিবলৈ কথাই নোহোৱা হৈ থাকিব। নে কি কয় আপুনি ? আহিব কেতিয়াবা লগ পাম কেণ্টিনত বহি আড্ডা দিম, প্ৰেমৰ কথা পাতিম একাপ চাহৰ সৈতে। আপুনি হেনো শব্দৰ আজন্ম প্ৰেমিকা, হয় নেকি কথাটো ?
ইতি,
আপোনাৰ জীৱন জাহাজৰ হ'ব খোজা নাৱিকজন 🫢
06/11/2024
অসমীয়া বিভাগ ৰ নিতু হালৈ 💗।
তোমাৰ কথা নকয় নোৱাৰা।ভট্টদেৱৰ ত অহাৰ পৰাই এখন চিনাকী মুখ নিতু দা। তোমাৰ সেই নিভাঁজ হাঁহিৰ পাগল প্ৰেমিকা মই 😒।
মৰমৰ নিতু দা।(দাদা বুলি এ কলো বেয়া নাপাবা)😄। নিৰ্বাচন ৰ কেইদিন অতন্ত্ৰ প্ৰহৰী ৰ দৰে দিনে নিশাই যিমান কষ্ট কৰিছা,তোমাৰ সেই কৰ্ম উদ্যমী মানসিকতাই তোমাৰ প্ৰতি মোক আকৰ্ষণ কৰাইছে 🫠।
মোৰ প্ৰেমৰ ব্যাখ্যা তোমাৰ সম্মুখত কৰাৰ সাহস মোৰ নাই সেইবাবে এনেকৈ এ ব্যক্ত কৰিলোঁ।🫠😓
যিহেতু তোমাৰ সেই নিভাঁজ হাঁহিৰ প্ৰেমিকা মই গতিকে তুমি সদায় হাঁহি থকাটো বিচাৰো।
আৰু সকলোকে তোমাৰ ৰসাল কথাৰে হহুৱাই ৰাখিবা।🤩❤️
কবলৈ বহুত কথা এ আছে কিন্তু কবহে নোৱাৰিম চাগে। canteen ৰ আগত এদিন লগ হম ভালকৈ আহিবা । মই ৰৈ থাকিম তোমালৈ 😘একাপ চাহৰ জুতি লৈ বহু কথা পাতিম। প্ৰেমৰ কথাবোৰ, মোৰ মনৰ কথাবোৰ 🩵🥺।তোমালৈ বাট চাম মৰমৰ নিতু da😘💏
শেষত তোমাৰ প্ৰেমত আউল বাউল হৈ ফূৰা পখিলা জনী........❤🩹
তোমাৰ মৰমৰ পখিলা...🦋
19/08/2024
কʼত গ'ল পুৰণি সেই বৃন্দাৱন খন ....? উন্নয়ন নামৰ কিতাপ খনৰ কোনোবা এটা পৃষ্ঠাত হেৰাই হল সেই ঐতিহ্য ভৱনটো। হয়, এতিয়া অনুভৱ হৈছে বজালী মহাবিদ্যালয় খন যে সঁচাকৈ ভট্টদেৱ বিশ্ববিদ্যালয় হৈছে।