22/12/2025
👉আমাৰ বিদ্যালয়ৰ সহঃ শিক্ষক তথা যুৱ লেখক সমীৰ ভূষণ বৰাই অসম প্ৰকাশন পৰিষদৰ "যুৱ লেখক সন্মান" ২০২৫-ৰ বাবে নিৰ্বাচিত হৈছে । এই বাৰ্তাই বিদ্যালয়ৰ পৰিয়ালবৰ্গক অতিশয় গৌৰৱান্বিত কৰি তোলাৰ লগতে অনাগত দিনত গৱেষণা ধৰ্মী সাহিত্য চৰ্চা তথা সৃষ্টিশীল সাহিত্য ৰচনাৰ এই ধাৰা অব্যাহত ৰাখিবলৈ বিদ্যালয়ৰ কৰ্তৃপক্ষই শুভেচ্ছা প্ৰদান কৰে ।
👉নিৰ্বাচিত লেখক-লেখিকাসকলক অহা ২৪ ডিচেম্বৰত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত 'অসম গ্ৰন্থমেলা' প্ৰাংগণত বিয়লি ৪ বজাত মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 'যুৱ লেখক সন্মান' স্বৰূপে ২৫,০০০/ টকা প্ৰদানেৰে সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে অনুপ্ৰেৰণা যোগাব। নিৰ্বাচিত যুৱ লেখক-লেখিকাসকলক অভিনন্দন জনাইছোঁ।
Samir Bhusan Borah