19/05/2026
**ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ পৰিয়াল বৰ্গৰ তৰফৰ পৰা শ্ৰীমতী ৰক্তিমা ৰাণী দেৱনাথলৈ আন্তৰিক অভিনন্দন |**
লক্ষীমপুৰ জিলাৰ এখন আগশাৰী বিদ্যালয় "ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ"বাবে গৌৰৱৰ মূহুৰ্ত। আমাৰ বিদ্যালয়ৰ বাণিজ্য শাখাৰ ছাত্ৰী শ্ৰীমতী ৰক্তিমা ৰাণী দেৱনাথে ২০২৬ চনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বাণিজ্য শাখাত লক্ষীমপুৰ জিলাৰ ভিতৰত সৰ্বোচ্চ ৯৩.৬% নম্বৰ লাভ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ এই সফলতাত "ব্ৰহ্মপুত্ৰ ভেলী একাডেমী" পৰিয়ালবৰ্গই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ।
সদৌ অসম ছাত্ৰ সন্থাই প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প, মাছখোৱা, গুৱাহাটীত ১৮ মে', ২০২৬ চনত আয়োজন কৰা "বিশেষ অভিনন্দন অনুষ্ঠান"ত শ্ৰীমতী ৰক্তিমা ৰাণী দেৱনাথ আৰু "ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ"অধ্যক্ষ শ্ৰীযুত কৃষ্ণ ভূঞা দেৱক সম্বৰ্ধনা জনায়। সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে কৃৰ্তি ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনাই ছাত্ৰ ছাত্ৰী সকলক অনুপ্ৰাণিত কৰি অহাৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।