Shishu Shiksha Samiti,Assam, Lakhimpur Bibhag

Shishu Shiksha Samiti,Assam, Lakhimpur Bibhag An organization of Schools(Niketans) of Lakhimpur & Dhemaji District Under Shishu Shiksha Samiti, As

কাকপথাৰ শংকৰদেৱ শিশু/বিদ্যা নিকেতনত ১৫ দিনীয়া আচাৰ্য্য প্রশিক্ষণ বর্গঃ---------------------চলিত মাহৰ ইংৰাজী ১০/০৭/২০২৫ ত...
17/07/2025

কাকপথাৰ শংকৰদেৱ শিশু/বিদ্যা নিকেতনত ১৫ দিনীয়া আচাৰ্য্য প্রশিক্ষণ বর্গঃ
---------------------
চলিত মাহৰ ইংৰাজী ১০/০৭/২০২৫ তাৰিখৰপৰা ২৫/০৭/২০২৫ তাৰিখলৈ শংকৰদেৱ শিশু নিকেতন, কাকপথাৰ'ত শিশু সমিতি অসম'ৰ তিনিটা বিভাগ, ক্রমে লখিমপুৰ, শিৱসাগৰ আৰু যোৰহাট বিভাগৰ নৱনিযুক্ত আচাৰ্য্যসকলৰ '২০২৫ শিক্ষাবৰ্ষৰ আচাৰ্য্য প্রশিক্ষণ বর্গ' চলি আছে।
বৰ্গৰ উদ্বোধনী অনুষ্ঠানৰ বস্তি প্রজ্বলন কৰে কাকপথাৰ শংকৰদেৱ শিশু/বিদ্যা নিকেতনৰ প্রতিষ্ঠাপক উপ-সভাপতি শ্রীযুত ৰত্নেশ্বৰ দত্তদেরে। ইয়াৰ পিছতে। কাকপথাৰ শংকৰদেৱ শিশু/বিদ্যা নিকেতনৰ ছাত্র-ছাত্রীসকলৰ দ্বাৰা সান্ধ্য বন্দনা পৰিৱেশন হয়। উদ্বোধনী সত্ৰৰ আঁত ধৰে নিকেতনৰ প্রধানাচাৰ্য্য শ্রীপ্রশান্ত বৰদলৈ ডাঙৰীয়াই। উদ্বোধনী সত্রত প্রতিষ্ঠাপক সম্পাদক শ্রীযুত জোনাৰাম চাংমাই, প্রতিষ্ঠাপক আচাৰ্য্যা অমিয়া বৰা, বন্তি বৰা, নিকেতনখনৰ আচাৰ্য্যভাৰতীৰ সদস্যসকল উপস্থিত থাকে।

ইয়াৰ পিছতে প্রশিক্ষণ বর্গ সুচাৰুৰূপে চলাবৰ বাবে প্রশিক্ষার্থীসকলৰ মাজত আচাৰ্য্য-ভাৰতী গঠন কৰি দিয়া হয়। শংকৰদের শিশু/বিদ্যা নিকেতন, শদিয়াৰ শ্রীপ্রবীণ বুঢ়াগোঁহাইক অধ্যক্ষ, চিলাপথাৰ নিকেতনৰ শ্রীমতী বর্ণালী শৰ্মাক উপাধ্যক্ষা, যোৰহাট নিকেতনৰ শ্রীআৰণ্যক বৰাক সম্পাদক আৰু লখিমপুৰ নিকেতনৰ শ্রীমতী প্রিয়ংকা চমুৱাক সহ-সম্পাদিকা হিছাপে লৈ প্রশিক্ষণ বর্গৰ 'আচাৰ্য্য-ভাৰতীখন' গঠন কৰা হয়। এই আচাৰ্য্য-ভাৰতীত হিমাদ্রী বৰুৱা, স্বস্তিকা শর্মা, অজিত দত্ত, ৰুনজুন বুঢ়াগোঁহাই, চিন্ময় গগৈ, সন্তোষ শইকীয়া, কৰৱী সোনোৱাল, অনুপম শর্মা, জয়শ্রী কলিতা, দীপক ওৰাং, নয়নজ্যোতি শইকীয়া, ডিম্পী মজুমদাৰ, বিৰাজ গগৈ, ৰশ্মিতা গগৈ, সনক দহোতীয়া, ৰঞ্জু শইকীয়া, ৰাতুল বৰা, ডেইজী মৰাণ, জয়া কলিতা, চুমিৰাণী বৰুৱা, প্রিয়ব্রত শইকীয়া, ৰশ্মি দিহিঙীয়া, নিপুল দাস, প্রাঞ্জল বৰুৱা আৰু দীপাংকৰ দ'লেক বিভিন্ন বিষয়-প্রমুখৰ দায়িত্ব অর্পণ কৰা হয়।

আচার্য্য শ্রীধর্মদের ব্রহ্মচাৰীদেৱে প্রশিক্ষণৰ প্ৰাস্তবিক ভাষনত এজন আচাৰ্য্য বা আচাৰ্য্যাৰ বাবে প্রশিক্ষণৰ প্ৰয়োজনীতাযে কিমান গুৰুত্বপূর্ণ, সেই বিষয়ে সাৱলীলতাৰে উপস্থাপন কৰে।

বগর্ত উদ্বোধনী সত্রত শিৱসাগৰ বিভাগৰ বিভাগ-প্রমূখ শ্রীপবিত্র গগৈকে ধৰি, শ্রীজগন্নাথ ৰাজবংশী, শ্রীপৰমেশ্বৰ বৰপূজাৰী, শ্ৰীমনোৰঞ্জন শৰ্মা, শ্ৰীমতী যোগবালা বুঢ়াগোঁহাই, শ্ৰীমতী বীনা বৰা, শ্ৰীৰিংকু কলিতা, শ্ৰীসুৰেন বৰা,শ্ৰীবীৰেন আৰু অন্য বিশিষ্ট লোকসকল উপস্থিত থাকে।

আচাৰ্য্য প্রশিক্ষণ বৰ্গৰ উপস্থিতি এনেধৰণৰঃ

১) লখিমপুৰ বিভাগৰ ৫টা সংকুলৰ পৰা ৯খন নিকেতনৰ ৩১জন আচাৰ্য্য আচার্য্যই অংশগ্রহণ কৰে। ইয়াৰে আচাৰ্য্য-১২ আৰু ১৯ গৰাকী আচাৰ্য্যা।

২)শিৱসাগৰ বিভাগৰ ৬টা সংকুলৰ পৰা ১২খন নিকেতনৰ ৩৪ জন আচার্য্য আচার্য্যহি অংশ অংশগ্রহণ কৰে। ইয়াৰে আচাৰ্য্য-১৩ আৰু আচাৰ্য্যা ২১ গৰাকী।

৩) যোৰহাট বিভাগৰ ৪টা সংকুলৰ পৰা ৪খন নিকেতনৰ ০৭ জন আচার্য্য আচার্য্যই অংশ অংশগ্রহণ কৰে। ইয়াৰে আচাৰ্য্য-৫ আৰু আচাৰ্য্যা ২ গৰাকী। সৰ্বমুঠ ১৫টা সংকুলৰ ২৫খন নিকেতনৰপৰা মুঠ ৭২ গৰাকী আচাৰ্য্য আচাৰ্য্যাই প্রশিক্ষণত অংশ গ্রহণ কৰিছে। প্রশিক্ষণ বর্গত বিভিন্ন জন অভিজ্ঞতাপুষ্ট সমলব্যক্তিয়ে নরনিযুক্ত আচার্য্য আচার্য্যাসকলক পঞ্চপদী শিক্ষণ পদ্ধতিৰ মাধ্যেমেৰে পাঠযোজনাকে প্রমূখ্য কৰি বিবিধ শিক্ষণৰ কৌশলৰ প্ৰশিক্ষণ দিব।
------------

চিলাপথাৰ নিকেতনত ৰাভা দিৱস পালনৰ দুটিমান ক্ষণ৷ নিকেতনৰ প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে সমবেত কণ্ঠত একোটাকৈ ৰাভাসংগীত পৰিৱ...
25/06/2025

চিলাপথাৰ নিকেতনত ৰাভা দিৱস পালনৰ দুটিমান ক্ষণ৷
নিকেতনৰ প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে সমবেত কণ্ঠত একোটাকৈ ৰাভাসংগীত পৰিৱেশন কৰে৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ'লৈ শ্ৰদ্ধাঞ্জলী, ৰাভাদেৱৰ কবিতা পাঠ, শিল্পীজনাৰ জীৱনী সম্পৰ্কে বক্তৃতা প্ৰদান আদি কাৰ্য্যসূচীৰে দিৱসটি পালন কৰা হয়৷

'শিক্ষাবৰ্ষ/২০২৫-২৬'ৰ প্ৰথম দিনোৎসৱৰ দুটিমান মুহুৰ্ত…LNRH Memorial SS Niketan, Silapathar
03/04/2025

'শিক্ষাবৰ্ষ/২০২৫-২৬'ৰ প্ৰথম দিনোৎসৱৰ দুটিমান মুহুৰ্ত…
LNRH Memorial SS Niketan, Silapathar

09/03/2025
অৰুণাভ, অভিনন্দন তোমালৈ -   নিকেতনৰ প্ৰাক্তন ছাত্ৰ শ্ৰীমান অৰুনাভ বৰঠাকুৰে সদ্য ফলাফল ঘোষিত APSC পৰীক্ষা সু-ক্ষাতিৰে  (F...
17/01/2024

অৰুণাভ, অভিনন্দন তোমালৈ -
নিকেতনৰ প্ৰাক্তন ছাত্ৰ শ্ৰীমান অৰুনাভ বৰঠাকুৰে সদ্য ফলাফল ঘোষিত APSC পৰীক্ষা সু-ক্ষাতিৰে
(Finance and account officer, হিচাপে All Assam Rank 6th) উত্তীৰ্ণ হৈ চিলাপথাৰ শংকৰদেৱ শিশু নিকেতনৰ লগতে অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
তেওঁ সাংস্কৃতিক কৰ্মী শ্ৰীনৃপেন বৰঠাকুৰ আৰু শ্ৰীমতী ৰুণু বৰঠাকুৰৰ সুযোগ্য সন্তান ৷

নিকেতনৰ তৰফৰ পৰা শ্ৰীমান অৰুণাভ বৰঠাকুৰৰ লগতে তেওঁৰ পৰিয়াল বৰ্গলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ৷

17/01/2024

-নিকেতনৰ গৌৰৱ-
নিকেতনৰ প্ৰাক্তন ছাত্ৰ শ্ৰীমান অৰুনাভ বৰঠাকুৰে সদ্য ফলাফল ঘোষিত APSC পৰীক্ষাত সু-ক্ষাতিৰে উত্তীৰ্ণ হৈ চিলাপথাৰ শংকৰদেৱ শিশু নিকেতনৰ লগতে অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
তেওঁ সাংস্কৃতিক কৰ্মী শ্ৰীনৃপেন বৰঠাকুৰ আৰু শ্ৰীমতী ৰুণু বৰঠাকুৰৰ সুযোগ্য সন্তান ৷

নিকেতনৰ তৰফৰ পৰা শ্ৰীমান অৰুণাভ বৰঠাকুৰৰ লগতে তেওঁৰ পৰিয়াল বৰ্গলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ৷
-- প্ৰধানাচাৰ্য্য ৷
17/01/2024

24/12/2023

তেতিয়াই লিখা আৰু পৰিৱেশন কৰা; যেতিয়া বৰকৈ হাৰমনিয়াম এটিৰ অভাৱ অনুভৱ হৈছিল… (গীতটিৰ শ্ৰব্যৰূপ আপলোড নকৰালৈকে নিজৰ সুৰেৰে গাই চাবচোন) …
………………
'আমি ধুনীয়া পখিলা'
(স্বৰচিত শিশুগীত)
=========
আমি অসমৰ কণমানি অকণি,
আমি মৰমৰ ফুলনি, আই অসমীৰ ,
ইমান আপোন আইৰ হৃদয়,
আমি ধুনীয়া পখিলা এই ধৰণীৰ৷

ফুলৰ পাহে পাহে, গছৰ ডালে ডালে
লুকাভাকু খেলো,
আইৰ আশাবোৰ, বুকুৰ ভাষাবোৰ
আমি অকনিয়েহে বুজো,
আমি চকুৰ মণি আই ভাৰতীৰ৷

আমাৰ অকণি বুকুৰ আশাৰে
জগত খনি গঢ়িম,
মনৰ মৰমৰ, হিয়াৰ হেপাহৰ
আইৰ বুকু জুৰিম।
আমি তৰাৰ জিলিকনি আকাশৰ ।।
=============
গীতৰ কথা আৰু সুৰঃ অজয় গগৈৰ,
ৰচনাঃ 08/11/1998
কৃতজ্ঞতাঃ মনি লাহন৷

20/12/2023

সুৰেৰে শিশুৰ দ্বাৰা পৰিবেশিত আন এটি…
শিশুগীতঃ কণ কণ অকণমানি
================
কন কণ কণ আমি, অকণমানি
আমাৰ মুখৰেই মিচিকি হাঁহি
সঁচা মৰমেৰে দেশৰ মাটিত
সুজলা সুফলা সৰগ ৰচিম।
অহ হ’ অহ হ’,
লালা লা, লালা লা।

আমাৰ অকণি বুকুত আইয়ে দিছে
সঁচা মৰম আৰু সঁচা সপোন,
জননী আৰু জনম ভূমিৰেই
আমি অকণি হিয়াৰ আপোন৷
তোমাৰ জুনুকাই সুৰ তুলিব,
মোৰ পুতলাই গীত গাব,
একেটি তালতেই নাচি নাচি আমি
দেশৰ মাটিতেই সৰগ ৰচিম।
অহ হ’ অহ হ’,
লালা লা, লালা লা।

আমি ভাঙৰ হ’ম আইৰ চেনেহতে
আইৰ বুকুৰ উম পায়।
মনৰ মৰমেৰে আইক সাৱটিম
আইতকৈ কোনো নাই।
সঁচা মৰমেৰে দেশৰ মাটিত
সুজলা সুফলা সৰগ ৰচিম।
সঁচা মৰমেৰে দেশৰ মাটিত…
সুজলা সুফলা সৰগ ৰচিম।
=============
গীতৰ কথা আৰু সুৰঃ অজয় গগৈ ৷
ৰচনাঃ 20/11/1998
----------×--------

ইংৰাজী 30 এপ্ৰিল/2023 'ৰ পৰা ধেমাজী শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈ থকা লখিমপুৰ বিভাগৰ 'প্ৰাথমিক আচাৰ্য্য প্ৰশিক্ষণ বৰ্...
06/05/2023

ইংৰাজী 30 এপ্ৰিল/2023 'ৰ পৰা ধেমাজী শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈ থকা লখিমপুৰ বিভাগৰ 'প্ৰাথমিক আচাৰ্য্য প্ৰশিক্ষণ বৰ্গ' অহা 7 মে/2023 তাৰিখত অন্ত পৰিব৷

05/12/2021

শিক্ষাৰ আধাৰঃ
(1)পৰিয়াল - পৰিয়াল শিশুটোৰ প্ৰথম বিদ্যালয়৷ শিশুটোৰ শিক্ষাৰ প্ৰথম আৰু মুখ্য সংস্থা হৈছে ঘৰ, অৰ্থাৎ পৰিয়াল। শিক্ষাদান হৈছে সংস্কৃতিৰ এক প্ৰণালী। পাৰিবাৰিক সংগঠন হৈছে ভাৰতীয় সংস্কৃতি আৰু জীৱনৰ আদৰ্শৰ সংৰক্ষণৰ কেন্দ্ৰ। শিশুটোৱে সহজে পৰিয়ালত ৰাষ্ট্ৰৰ দ্বাৰা আহৰণ কৰা হাজাৰ হাজাৰ বছৰৰ অভিজ্ঞতা লাভ কৰে। পৰিয়ালৰ জৰিয়তে তেওঁ নিজৰ সমাজৰ সংস্কৃতি গ্ৰহণ কৰে। পৰিয়ালত শিশুৱে ভাষা শিকে, যি হৈছে তেওঁৰ শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক বিকাশৰ ভেটি। শিশুটোৰ চৰিত্ৰ, দক্ষতা আৰু অভ্যাস আৰু জীৱনৰ সৰু সৰু কথাবোৰ পৰিয়ালৰ ওপৰত নিৰ্ভৰ কৰে। দৰাচলতে, শিশুটোৰ ভৱিষ্যত জীৱনৰ বীজ সংস্কাৰ হিচাপে পৰিয়ালত পৰে। পৰিয়াল সন্তানৰ প্ৰথম বিদ্যালয়, মাতৃ তেওঁৰ প্ৰথম গুৰু, দেউতাক অভিভাৱক আৰু আন জ্যেষ্ঠসকল তেওঁৰ শিক্ষক।
ভাৰতীয় শিক্ষাদানত প্ৰথম খন বিদ্যালয়ক মাতৃৰ গৰ্ভ বুলি গণ্য কৰা হয়। মাতৃৰ গৰ্ভাৱস্থাতে শিশুটোৰ কল্যাণ, গৌৰৱ, বীৰত্ব, ব্ৰহ্মচৰ্য্য আৰু মেধা আদিৰ কামনা কৰে। পৰিয়ালত মাতৃৰ বিশেষ জীৱনশৈলী, নৈতিকতা, আহাৰ আদিৰ বাবে বিশেষ ব্যৱস্থা কৰা হয়। শিশুটোৰ বিকাশত এই সকলোবোৰ বস্তু বৈজ্ঞানিক ভাৱে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে। ভাৰতীয় সংস্কৃতিৰ এই পৰম্পৰা প্ৰাচীন কালৰ পৰাই চলি আহিছে।

সংস্কাৰিত পৰিয়ালতহে সংস্কাৰিত মানৱ শিশুৰ জন্ম হয়৷ … …

---------------------

15/10/2021

सरस्वती शिशु मन्दिर(असम में शंकरदेव शिशु निकेतन) शिक्षण पद्धति:

' सरस्वती शिशु मन्दिर शिक्षण पद्धति सरस्वती शिशु मंदिर का आरम्भ 1952 में उत्तर प्रदेश के गोरखपुर नगर में हुआ । सरस्वती शिशु मंदिर की अभिनव शिक्षण पद्धति ने अल्प अवधि में ही समाज में इतना आकर्षण एवं प्रभाव उत्पन्न कर दिया कि आज इस पद्धति पर चलने वाले हजारों शिशु मंदिर सम्पूर्ण भारत में हैं तथा देश के प्रत्येक प्रदेश में , जम्मू - कश्मीर से लेकर केरल तमिलनाडु तक एवं मणिपुर से लेकर काठियावाड़ तक , सरस्वती शिशु मंदिरों का जाल बिछ गया हैं । बाल शिक्षा जगत में सरस्वती शिशु मंदिर शिक्षण पद्धति को प्रतिष्ठा प्राप्त है । इसको प्रमुख विशेषताएं निम्नलिखित हैं -
1. भारतीय संस्कृति एवं जीवनादशों के अनुरूप संस्कार पद्धति के माध्यम से शिशु का सर्वांगीण विकास करना शिशु मन्दिर की शिक्षा पद्धति की प्रमुख विशेषता है ।
2. यहां के शिक्षक ' आचार्य ' कहलाते हैं । बालक ' आचार्य ' शब्द से ही अपने अध्यापकों को सम्बोधित करते हैं । आचार्य अर्थात् जो अपने आचरण से बालकों को शिक्षा प्रदान करते बच्चों के प्रति प्रेम एवं आत्मीयतापूर्ण व्यवहार करते हैं । परिणामतः बच्चों में भी अपने आचार्यों के प्रति आदर एवं प्रेम की भावना होती है । गुरु - शिष्य की प्राचीन भारतीय परम्परा का आत्मीय रूप शिशु मन्दिरों में दिखायी पड़ता ।
3. भारतीय मनोविज्ञान के संस्कार सिद्धान्त पर आधारित करके यहाँ के सम्पूर्ण शैक्षिक क्रियाकलापों की योजना की जाती है । शिशु मन्दिर का वातावरण पूर्ण संस्कारक्षम होता है । वातावरण स्वच्छता , व्यवस्थितता , पवित्रता एवं आत्मीयता से परिपूर्ण रहता है । इस वातावरण में बालक का मानसिक , सामाजिक , नैतिक एवं आध्यात्मिक विकास सहज संस्कारों के द्वारा होता है ।
4. शिशु मन्दिर के आचार्यगण विद्यालय में तो संस्कारक्षम वातावरण निर्मित करने का प्रयास करते ही हैं , परन्तु साथ ही घरों और परिवारों में भी उसी प्रकार का संस्कारक्षम वातावरण बालकों को प्राप्त हो , इसके लिए प्रयास करते हैं । आचार्य घरों पर जाकर अभिभावकों से सम्पर्क स्थापित करते हैं । उनसे बालक के विकास की स्थिति के विषय में विचारों का आदान - प्रदान करते हैं तथा घरों पर उनके विकास के लिए संस्कारक्षम वातावरण निर्मित
करने के सम्बन्ध में परामर्श देते हैं । शिशु मंदिर में आचार्यों द्वारा अभिभावक सम्पर्क तक के विकास में अत्यधिक प्रभावी कारक बनता है । समय - समय पर मातृ - सम्मेलन एवं अभिभावकों के सम्मेलन आयोजित किये जाते हैं । इन सम्मेलनों में भी उक्त विषयों पर परिच्चाएँ की जाती है ।
5. बालक अपने घरों से दोपहर का भोजन या अल्पाहार साथ में लाते हैं और शिशु मंदिर में दैनिक सामूहिक भोजन मंत्र सहित करते हैं । जाति-पाति की भावना नष्ट होकर परस्पर प्रेम और समानता एवं एकता को भावना का हृदय में गहरा संस्कार करने का यह भोजन कार्यक्रम सबल साधन सिद्ध होता है ।
6. शिविरों के आयोजन शिशु मंदिर शिक्षण पद्धति के अभिन्न अंग है । प्रायः प्रतिवर्ष बच्चे दो - तीन दिन के लिए घर से बाहर शिविर जीवन व्यतीत करते हैं । इसके द्वारा उनके अन्दर क्रियाशीलता , स्वावलम्बन , सामूहिकता आदि जीवन के गुणों का विकास सहज रूप से होता है ।
7. छोटे - छोटे बच्चों में योगासन एवं ध्यान से एकाग्रता के गुण का विकास किया जाता है । अग्निचक्र के भीतर से कूदना , रस्से पर सन्तुलन बनाकर बन्दुक से लक्ष्यवेध ( निशाना लगाना ) आदि विभिन्न कार्यक्रमों के माध्यम से साहस , वीरता , निर्भयता आदि गुणों का विकास किया जाता
8. शिक्षा ग्रहण करने के पश्चात् शिशु मन्दिर छोड़कर जाने वाले बालकों से स्थायी सम्पर्क बनाये रखने की इन विद्यालयों में व्यवस्था है । पत्रव्यवहार एवं पूर्व छात्र सम्मेलन आदि कार्यक्रमों के माध्यम से उनसे सम्पर्क बनाये रखकर उनके संस्कारों को जाग्रत रखने के लिए प्रयास चलता रहता है । शिशु मन्दिर के शिक्षित छात्रों के जीवन में भारतीय संस्कृति के प्रति श्रद्धा , देश भक्ति , प्रामाणिकता , शिष्टता माता - पिता एवं बड़ों के प्रति आदर - भाव आदि नैतिक गुण स्पष्ट अनुभव किये जाते हैं ।

(उत्स: पंचपदी शिक्षण पद्धति-लज्जाराम तोमर)
(पृष्ठा 134/135)
--------------------------

Address

North Lakhimpur

Telephone

7002429091

Website

Alerts

Be the first to know and let us send you an email when Shishu Shiksha Samiti,Assam, Lakhimpur Bibhag posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category