17/05/2026
শিক্ষাৰ প্ৰকৃত উদ্দেশ্য আগত ৰাখি নিৰ্মাণ কৰা অসমীয়া চলচ্চিত্ৰ "হোমৱ'ৰ্ক" প্ৰতিজন শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ ও সময়োপযোগী চিনেমা। অভিভাৱকৰ আশা-আকাংক্ষাই শিশুমনৰ ওপৰত পৰীক্ষা তথা প্ৰতিযোগিতাৰ চাপে কেনেদৰে প্ৰভাৱ পেলায়, সেই বিষয়সমূহ সুন্দৰভাৱে দাঙি ধৰা দেখিবলৈ পোৱা গৈছে ।
শিক্ষাৰ মূল উদ্দেশ্য কেৱল সৰ্বোচ্চ নম্বৰ প্ৰাপ্তিয়েই যে নহয়, বৰং এজন সুস্থ, সৃষ্টিশীল আৰু মানৱীয় গুণসম্পন্ন ব্যক্তি গঢ়ি তোলা, তাক অতি নিখুঁতভাৱে উপস্থাপন কৰিছে।
শেষত শিক্ষাৰ্থী ও অভিভাৱকসকলৰ বাবে প্ৰয়োজনীয় এই চিনেমাখন চোৱাৰ সুবিধা কৰি দিয়াৰ বাবে আমি বিদ্যালয়ৰ পৰিয়ালবৰ্গই আমাৰ সন্মানীয় বিধায়ক Manab Deka ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Lakhimpur TODAY
North Lakhimpur
পানীন্দ্ৰ বিদ্যালয়, North Lakhimpur