নাৰী,এক সুন্দৰৰ প্ৰতীক

নাৰী,এক সুন্দৰৰ প্ৰতীক Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from নাৰী,এক সুন্দৰৰ প্ৰতীক, Education, North Lakhimpur.

 *Xসৰুৰে পৰা S*x Education সকলোকে দিয়া হয়(Class 8,9,10ৰ পৰা)। তথাপিও আমি S*x শব্দটো ডাঙৰকৈ ক'বলৈ লাজ কৰোঁ।Condom অথবা যৌ...
08/05/2021

*X
সৰুৰে পৰা S*x Education সকলোকে দিয়া হয়(Class 8,9,10ৰ পৰা)। তথাপিও আমি S*x শব্দটো ডাঙৰকৈ ক'বলৈ লাজ কৰোঁ।Condom অথবা যৌন ৰোধী বস্তুৰ নাম ক'বলৈ লাজ কৰো অথচ মদ, চিগাৰেট, গুটখা এইবোৰৰ কথা সহজকৈ ক'ব পাৰো! কিয়!

মাহেকীয়া (Periods) ৰ কথা সকলোৱে জানে,কিন্তু চেনিটাৰী পেডচ কিমানজন পুৰুষে সহজভাৱে কিনিব পাৰে? কিমানজন মানুহে ঋতুস্ৰাৱৰ কথা সাধাৰণভাৱে কৈ পেলায়! কিন্তু সেই তেজেৰেই যেতিয়া এসময়ত নতুন জীৱন এটাৰ সৃষ্টি হয়, মিঠাই খুৱায় সকলোকে!

কাৰোবাৰ ঘৰত মানুহজনীৰ অসুস্থতাৰ বাবে মানুহজনে কাপোৰ কেইটা মেলিলে, ওচৰ চুবুৰীয়াই মাইকী তলতীয়া বুলি কৈ দিলে,কাৰোবাৰ ঘৰত গিৰিয়েকে মদ খাই আহি মানুহজনীক অত্যচাৰ কৰিছে, সেইয়া সিহঁতৰ ঘৰুৱা সমস্যা হৈ পৰে?

কাৰোবাৰ বিবাহ বিচ্ছেদৰ কথা মুকলিকৈ কলে একো নাই।কিন্তু লৰা বা ছোৱালীজনী সমকামীতা হ'লে লেই লেই চেই চেই!

এজন পুৰুষে বেশ্যালয়ত গৈ কামনা বাসনা পূৰণ কৰি আহিলে কোনেও গমো নাপায়।
ছোৱালী এজনীৰ পুৰণা প্ৰেমিকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি চৰিত্ৰৰ বিচাৰ লোৱা হয়!

আমি এনেকুৱা এখন সমাজৰ বাসিন্দা য'ত ছোৱালী এজনীৰ ঘৰলৈ কোন গৈছে কোন নাই যোৱা এইবোৰৰ হিচাপ ৰখা হয়,কিন্তু ৰাস্তাত এজনী ছোৱালীক ওপৰৰ পৰা তললৈ চোৱা মানুহৰ অভাৱ নাই !

শাৰীৰিকভাৱে ধৰ্ষণ হয় এজনী ছোৱালী, কষ্ট পাই তাইয়ে, জীৱন মৰণৰ সৈতে যুঁজে তাইয়ে আৰু জীৱনভৰ মানসিকভাৱে বোজা দিব তাইকে! ধৰ্ষণকাৰী কেইটাক যাৱৎজীৱন কাৰাদণ্ড দিব, তাতকৈ বেছি ফাচী কাঠত ওলমাই দিব। জীৱন শেষ, কষ্ট সিমানেই সিহঁতৰ! শাস্তি সিমানেই! ছোৱালীজনী যে কিমান যন্ত্ৰণাত মৰি যায় সেইয়া বিচাৰ কৰিছে! শৰীৰৰ এটা এটা অংগ ক্ষতি কৰাই নহয়, কাটি খুচি পেলাই দিছে, যেনেকে সৰু সৰু লৰা ছোৱালীৱে প্লাষ্টিকৰ পুতলাবোৰ ভাঙি পেলায়….. জীয়াই থাকিলেও মানসিকভাৱে মৰহি যাব, মাক দেউতাকে সমাজত মুখ উলিয়াব লাজ কৰিব, জীৱনটোত চেকা লাগিব, এজনী সাধাৰণ ছোৱালীৰ দৰে সপোন দেখাৰ অধিকাৰ হেৰুৱাই পেলাব.... বহুতেটো এতিয়া ন্যায়ৰ বাবে চিঞৰিব, মমবাতি জ্বলাই প্ৰতিবাদ কৰিব, কিন্তু ধৰ্ষণ হোৱা সেই ছোৱালীজনীক পত্নী ৰূপে গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা পুৰুষ বহুত কম, প্ৰায় নগণ্য।

শুনিবলৈ বেয়া হলেও এটা কথাৰ স্বীকাৰ কৰিবই লাগিব যে আমি নিজে নিজৰ মানসিকতাৰ হত্যা কৰিছো, ছ'চিয়েল মেডিয়াত Cool হৈছে ঠিকেই আছে। কিন্তু সত্যতাবোৰক গ্ৰহণ কৰিব লাগে... ঢাকিব চেষ্টা কৰিলেই উদঙোৱাৰ উৎপাত বাঢ়ে।

#শ্বেয়াৰ_কৰিব_পাৰে🙏❣️

Copied

 #ধৰ্ষণ        এজনী ধৰ্ষিতা কেতিয়াওঁ নিজ ইচ্ছাকৃতভাৱে ধৰ্ষণ নহয়, কিন্তু সেইটো জানিও সমাজৰ এচামে তাইক দূৰত ঠেলি দিয়ে।    ...
06/05/2021

#ধৰ্ষণ

এজনী ধৰ্ষিতা কেতিয়াওঁ নিজ ইচ্ছাকৃতভাৱে ধৰ্ষণ নহয়, কিন্তু সেইটো জানিও সমাজৰ এচামে তাইক দূৰত ঠেলি দিয়ে।
নাৰীৰ প্ৰতিটো কু-কৰ্মত পুৰুষ জড়িত থাকে, কাৰণ এখন তাল একলে নাবাজে, অথচ বেছিভাগ পুৰুষেই অপৰাধ কৰি মানুহৰ চকুত ধূলি পেলাই গুচি যায় কিন্তু জনসন্মুখত পৰিব লগা হয় নাৰী।
এই সমাজে বেশ্যাক নিজে তৈয়াৰ কৰে, কিন্তু সেই বেশ্যাৰ ওচৰত কোন যায়? যি পুৰুষে বেশ্যাক ঘৃণা কৰে সেই পুৰুষেই ৰাতিৰ এন্ধাৰত বেশ্যাক বুকুত সাৱতি লয় লোকচকুৰ অন্তৰালত।
পদপথত পৰি থকা পাগলী জনীৰো পেটত সন্তান হ'ব লগা হয়, কাৰ বাবে?
প্ৰতিদিনাই কোনোবা ধৰ্ষিতা হৈ নাৰীয়ে চকুপানীৰ নৈ বোৱায়/ আত্মহত্যা কৰে! কোনোবাই আকৌ পেটৰ ভোক নিবাৰণৰ বাবেই লাজ লজ্জা পাহৰি যায়! পেটৰ ভোক যেতিয়া বাঢ়ি যায়, বুকুত এচপৰা শিলে হেঁচা মাৰি ধৰে! ক্ষোভ অপমানত মানুহ হৈ জন্মাৰ ধিক্কাৰ ওপজে।

নাৰীক লৈয়েতো আমাৰ সংসাৰ আমাৰ সমাজ। কেৱল ইটা, বালি, চিমেন্টেৰে তৈয়াৰী কেইটামান কোঠালিৰে নিৰ্মিত এটি ঘৰ পূৰ্ণ নহয়, তাক পূৰ্ণ হ'বলৈ নাৰীৰ প্ৰয়োজন হয়।
নাৰী চলনাময়ী, নাৰী বেইমানী, লোকৰ বাই/ভনী মাল, নিজৰ ভনীজনী বুকুৰ কলিজা, লোকৰ ল'ৰাটো দুষ্ট নিজৰ ল'ৰাটো ধোৱা তুলসীপাত! ৱাহ, আৰু কিমান গাব এনেবোৰ বদনাম! যেতিয়াৰ পৰা আমি নিজকে সলনি কৰিব নোৱাৰো আমাক মানসিক ৰোগে আৱৰি ধৰিবই। আমি ৰোগীক নহয় ৰোগক দূৰ কৰিব লাগিব তেতিয়াহে ৰোগীৰ সংখ্যা হ্ৰাস পাব।
প্ৰত্যেক নাৰীৰ মাজতেই এগৰাকী "মা" সত্তা বিৰাজমান। মাক যিদৰে বেয়া চকুৰে চাব নোৱাৰি তেনেদৰে বাকীবোৰক ও নাচাবচোন। নাৰীক সন্মান কৰিব শিকক, এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ হ'লে দৃষ্টিভঙ্গী সলনি কৰক, মনোভাৱ সলনি কৰক তেতিয়াহে জীৱন সলনি হ'ব, দেশ সলনি হ'ব… 🙏🙏

(কথাবিলাক হয়তো শুনিবলে বেয়া পাব পাৰে কিছুমানে কিন্তু বাস্তৱতা এয়াই)
✍️পূৰবী ডেকা

 -defense (সমস্যা নহয়... উপায়ৰ কথা ভাবো আহক)শিশুক নাচ-গান-ছবি অকা এইবোৰ শিকাওক বা নিশিকাওক... কুংফু-কাৰাটে-টাইকুৱাণ্ড'-ব...
06/05/2021

-defense (সমস্যা নহয়... উপায়ৰ কথা ভাবো আহক)

শিশুক নাচ-গান-ছবি অকা এইবোৰ শিকাওক বা নিশিকাওক... কুংফু-কাৰাটে-টাইকুৱাণ্ড'-বক্সিং জাতীয় আত্মৰক্ষাৰ কলা সমূহৰ কিবা অলপ অন্ততঃ আনুস্থানিক ভাৱে শিকোৱা ব্যৱস্থা কৰক অৱিভাবক সকলে। নিজেই নিজক কৰা সহায়হে উত্তম্ সহায়।জীৱন জীয়াতকৈ জীৱন যুজাৰ প্ৰাসংগিকতা বাঢ়িছে বৰ্তমানত। আপোনাৰ সন্তানটি যদি বুজন, তেন্তে কিছু কিছু ক্ষেত্ৰত তেওঁলোকক শূণ্য সহনশীল হ'ৱলৈ শিকাই থওক। 'ডাংকাটি' 'মুখচোকা' এইবোৰ শব্দ যে 'নিৰ্যাতিতা' 'ধৰ্ষিতা' আদি শব্দতকৈ কম ভয়ানক,তাকো বুজাই ক'ৱ।

সাজু আৰু সজাগ হৈ থাকক প্ৰতি মূহুৰ্তত । আপুনি, মই অথবা আমাৰ সন্তানো আহি থকা দিনবোৰত একো একোটা "কেচ" হৈ পৰিব পাৰো। নামৰ আগে পাছে RIP লগাই সমবেদনা লবলৈ সাজু থাকক, ন'হলে নিজৰ নিজৰ হাতবোৰ- মুঠিবোৰ অলপ কঠিন কৰি তুলিবলৈ যত্নপৰ হওক।

#দীপশিখা #চুমিলা ... এইসকলকৰ প্ৰশাসনিক ন্যায় লাভৰ সম্ভাৱনা শূন্য। ই আমাৰ সকলোৰে জ্ঞাত। পিছে আপোনাৰ মোৰ ঘৰত থকা দীপশিখা, চুমিলা হঁতৰ নিৰাপত্তাৰ দায়িত্ব আপোনাৰ মোৰ হাতত। আপুনি জানো গেৰান্টি দিব পাৰে আপুনি বা আপোনাৰ শিশুটি এনেকুৱা পৰিস্থিতিৰ মুখামুখি কেতিয়াও হৱ লগীয়া নহয় বুলি (?)

এতিয়া নিজক সোধক, আপুনি কিমান সজাগ, আপোনাৰ শিশুটি কিমান প্ৰস্তুত !!!

✍🏻 Sharmistha kaushik Sarma
(06-05-2021)

 #সন্তান ,মবাইল আৰু আমি ✍️=জোন বৰা     আজিকালি প্ৰায় মাতৃকে কেৱা শুনো যে লৰা-ছোৱালীয়ে মবাইলৰ প্ৰতি আসক্তি বেছি হৈছে... ক...
06/05/2021

#সন্তান ,মবাইল আৰু আমি
✍️=জোন বৰা

আজিকালি প্ৰায় মাতৃকে কেৱা শুনো যে লৰা-ছোৱালীয়ে মবাইলৰ প্ৰতি আসক্তি বেছি হৈছে...
কাৰণ আমি নিজেই নহয় জানো? এবাৰ ভাবিলেই হল আৰম্ভ কেনেকৈ হব পালে!
কাম অলপ বেছি আছিল, ঘৰত চাবলৈ কোনো নাই কনমানিটিৰ সৈতে অসুবিধা গতিকে মবাইলতো দি ব্যস্ত কৰি কাম খিনি কৰি লোৱা হল।
দুপৰীয়া বৰ ভাগৰ লাগিল দিনতো না না বস্ত্যতা ভাত পানী খায় অলপ শুবৰ মন কিন্তু কনমানিটিৰ নুশুৱে গটিকে বিচনাত কাষতে মবাইতো দি অকনমান দুচকু জপালো। মবাইল পালে লৰা ছোৱালী এক চিকুত লৰচৰ নহয় কতো।

আলহি আহিছে - কথা পতা, চাহ পানী জোগাৰ কৰা , কিন্তু বাৰে বাৰে কনমানিৰ আমনি , থেন থেননি গতিকে আকৌ মবাইলতো দি ৰুমত বহাই আলহিৰ সৈতে আদ্দা... একো আমনি নাই .. ।
দিন গৈ আছে কনমানিটি লাহে লাহে সকলোৰে পৰা আতৰি মবাইলৰ দিনে দিনে আপোন হৈছেগৈ ..
হঠাৎ অনুভৱ কৰিলো মোৰ লৰা ছোৱালী কেইটাৰ ইমান মবাইলৰ পোক হল! মবাইলৰ বাদে একো চিনি নাপায়, ইমান চেষ্টা কৰিও মবাইলৰ পৰা আতৰাব পৰা নাই । কেনেকৈ হল জানো ???? (নিজা অনুভৱ, অপৈনত হাত ক্ষমা কৰিব ) ।

 #প্ৰতি_গৰাকী_কন্যা_শিশুৰ_বাবে_কাৰাটে_কুংফু_বা_টাইকোৱানডো_শিক্ষা_বাধ্যতামূলক_হ'ব_লাগে_এই_ক্ষেত্ৰত_ৰাইজৰ_লগতে_চৰকাৰৰ_সম্প...
06/05/2021

#প্ৰতি_গৰাকী_কন্যা_শিশুৰ_বাবে_কাৰাটে_কুংফু_বা_টাইকোৱানডো_শিক্ষা_বাধ্যতামূলক_হ'ব_লাগে_এই_ক্ষেত্ৰত_ৰাইজৰ_লগতে_চৰকাৰৰ_সম্পূৰ্ণ_সহযোগীতাৰ_আৱশ্যক_।

কাৰোবাৰ অকাল তথা অস্বাভাৱিক মৃত্যুৰ পিছত জোৰ সমদল / মৌন সমদল নতুবা গল্প-কবিতা-বাতৰি আদিৰ সৃষ্টিত কৈ জীয়াই থাকোঁতেই তাৰ উচিত ব্যৱস্থা লোৱাটোহে মানৱতাৰ কাম ।

✍️ভনিতা শৰ্মা ।

 #নাৰী ,সুৰক্ষিত হয় নে???নাৰী সুৰক্ষা কেৱল কিতাপ ,ভাষণ আদিতে সীমাবদ্ধ থাকিবনে ??নে নাৰীৰ বাবে কিবা পদক্ষেপ লব??? #নাৰীক...
06/05/2021

#নাৰী ,সুৰক্ষিত হয় নে???নাৰী সুৰক্ষা কেৱল কিতাপ ,ভাষণ আদিতে সীমাবদ্ধ থাকিবনে ??নে নাৰীৰ বাবে কিবা পদক্ষেপ লব???
#নাৰীক পুতলাৰ দৰে ব্যৱহাৰ কৰি হৰিণাৰ মাংসই বৈৰি দৰে দেহৰ লালসাত নাৰীক যোৰ কৰি নাৰী দেহৰ সোৱাদ লৈ শেষত হত্যা কৰে,,
তাৰ পাছতো কিন্তু আমাৰ দেশৰ সকলো নিমাত,দুদিন মান সমদল ওলাই,, হুলস্থুল হয় তাৰ পাছত সকলো শেষ,,
#আজি সেই কণমানি কেইজনিও সাৰি নহল,,
#চুমিলাক ধৰ্ষণ কৰি জ্বলাই দিলে তাৰ পাছতো দোষী এতিয়ালৈ একো শাস্তি নাই,,জেলত থাকিলেই এই পিশাস বোৰে শাস্তি নাপায়টো
#এই ঘটনাৰ দোষীয়ে শাস্তি নাপাওঁতে কালি আকৌ ৯বছৰীয়া দ্বীপশিখাক ধৰ্ষণ কৰি হত্যা কৰে,,
#কন্যা সন্তান জন্ম দিবলৈ ভয় হব এতিয়া পিতৃ মাতৃৰ,,
নাৰীৰ বাবে ইমান আঁচনি ,ইমান সুবিধা, কিন্তু নাৰীৰ বাবে প্ৰথম প্ৰয়োজন কি???
নাৰীৰ বাবে প্ৰথম প্রয়োজন হৈছে সুৰক্ষা,,
#ধৰ্ষণ কৰিলে তাৰ পাছত বৰ্বৰ ভাৱে হত্যা কৰিলে ,সকলো প্ৰমাণ চকুৰ আগত তাৰ পাছতো কি আইনী প্ৰক্ৰিয়া????
যেতিয়ালৈকে এই পিশাচবোৰক ফাঁচি নিদিব যেতিয়ালৈকে এই পিশাচবোৰৰ সমৰ্থনত ওকালতি কৰিবলৈ অধিবক্তা ওলাই থাকিব তেতিয়ালৈ নাৰী এনেদৰেই পিশাচবোৰৰ কামনাৰ বলি হৈ থাকিব।।
#কণমানি কেইজনিৰ হত্যাকাৰীক অতি সোনকালেই ফাঁচি দিয়ক
#নহলে নাৰী সকলে ওলাই আহি অন্য পদক্ষেপ লবলৈ বাধ্য হব,
#আমি আৰু কাৰো বাবে লিখিবলৈ নিবিচাৰোঁ
#আমাক সুৰক্ষা দিয়ক


#আমাক আঁচনি নহয় ,সুৰক্ষা প্ৰদান কৰক।
Sarbananda Sonowal
Himanta Biswa Sarma
Narendra Modi
Gauhati High Court
Suprim Court

Address

North Lakhimpur

Telephone

+919365647149

Website

Alerts

Be the first to know and let us send you an email when নাৰী,এক সুন্দৰৰ প্ৰতীক posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category