HSLC Assamese

HSLC Assamese Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from HSLC Assamese, Educational consultant, North Lakhimpur.

28/10/2020

অসমৰ প্ৰাকৃতিক সম্পদ
আৰম্ভণিঃ স্বাভাৱিকভাৱে উত্পন্ন হোৱা সম্পদৰ নামেই প্ৰকৃতিক সম্পদ। দ্বিতীয়তে, প্ৰকৃতিৰ বুকুত উত্পন্ন হোৱা সম্পদকে প্ৰকৃতিক সম্পদ বুলিব পাৰি। এফালৰ পৰা কৃষিজাত দ্ৰব্যবোৰকো প্ৰাকৃতিক সম্পদৰ ভিতৰত সামৰা হয়।
প্ৰাকৃতিক সম্পদৰ শ্ৰেণীবিভাগঃ অসমৰ প্ৰাকৃতিক সম্পদৰাজিক চাৰিটা ভাগত ভগাব পাৰি। য়েনে- কৃষিজাত, খনিজাত, বনজাত আৰু জলজাত। ধান, মাহ. সৰিয়হ আদি কৃষিজাত সম্পদ। কয়লা, চূণশিল, খাৰুৱাতেল, প্ৰাকৃতিক গেছ আদি খনিজাত সম্পদ। নানা প্ৰকাৰৰ গছ-গছনি, হাতী, গঁড় আদি জীৱজন্তু বনজাত সম্পদ আৰু মাছ, কাছ আদি জলজাত সম্পদ। নৈ, বিল আদিয়ো প্ৰাকৃতিক সম্পদৰ ভিতৰুৱা।
কৃষিজাত সম্পদৰ বিৱৰণঃ অসমৰ মৌচুমী অঞ্চলত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে পৰ্বতে আগুৰি আছে। সেইবাবে দক্ষিণ-পশ্চিম মৌচুমী বতাহে প্ৰবাহিত হোৱাৰ সময়ত বিশেষকৈ জেঠ, আহাৰ, শাওন আৰু ভাদ মাহত অসমত প্ৰৱল বৰষুণ হয়। অসমৰ মাটি সাৰুৱা। গতিকে খেতিৰ বাবে অসমৰ মাটি বৰ উপযোগী। আটাইকেইখন জিলাতে ধান, মাহ, সৰিয়হ আদি উত্পন্ন হয়। চাহৰ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰত প্ৰথম। ভাৰতৰ শতকৰা ৬৬ শতাংশ চাহ অসমত অসমত উৎপন্ন হয়। অসমৰ আটাইকেইখন জিলাতে কম-বেছি পৰিমাণে মৰাপাট উৎপন্ন হয়। নগাঁও, কামৰূপ আৰু গোৱালপাৰা জিলাত ইয়াৰ খেতি বেছি। এইবিলাকৰ উপৰিও আদা, হালধি, ধনিয়া, জলকীয়া আদি নানা প্ৰকাৰৰ শাক-পাচলি ইয়াত প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। ফলৰ ভিতৰত তামোল, নাৰিকল, আম, কঁঠাল, আনাৰস, সুমথিৰা আদি ইয়াৰ পৰা ভাৰতৰ নানা ঠাইলৈ ৰপ্তানি হয়।
খনিজাত সম্পদৰ বিৱৰণঃ খনিজাত সম্পদৰ ভিতৰত খাৰুৱা তেলৰ কথাকেই বিশেষভাৱে উল্লেখ কৰিব পাৰি। ভাৰতৰ ভিতৰত এই সম্পদ অসমত প্ৰথম। ডিব্ৰুগড় জিলাৰ ডিগবৈ, নাহৰকটীয়া, দুলীয়াজান, হুগ্ৰীজান, মৰাণ আদি ঠাইত তেল যথেষ্ঠ পৰিমাণে পোৱা যায়। অসমত বৰ্তমান চাৰিটা তেল শোধনাগাৰ আছে। যেনে- ডিগবৈ, নুনমাটি, নুমলীগড় আৰু বঙাইগাঁও। খাৰুৱাতেলৰ উপৰিও মৰাণ আৰু নাহৰকটীয়া খনিৰ পৰা প্ৰাকৃতিক গেছো আহৰণ কৰা হয়। প্ৰকৃতিক গেছৰ পৰা ডিব্ৰুগড় জিলাৰ নামৰূপ আৰু গুৱাহাটীত বিজুলী উৎপাদন কৰা হয়।
তিনিচুকীয়া জিলাৰ জয়পুৰ, মাৰ্ঘেৰিটা, মাকুম, লিডু আদিত কয়লাৰ খনি আছে। কাৰ্বি আংলং জিলাত যথেষ্ঠ পৰিমাণে চূণশিল পোৱা যায়। সেইবাবে এই জিলাৰ বোকাজানত এটা বিলাতী মাটি তৈয়াৰ কৰা কাৰখানা স্থাপন কৰা হৈছে। গোলাঘাট জিলাৰ নামবৰ হাবিত এটা গৰমপানীৰ উঁহ আছে। ইয়াৰ পানীত গন্ধক মিহলী হৈ আছে।
বনজাত সম্পদৰ বিৱৰণঃ প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ বাবে অসমৰ অনেক ঠাইত ডাঠ হাবি পোৱা যায়। সেইবোৰত শাল, সোণাৰু, গমাৰী, বনচোম, চেগুণ আদি মূল্যবান কাঠ পোৱা যায়। সেইবোৰৰ উপৰিও বাঁহ-বেত, খেৰ-ইকৰা, খাগৰি, নল আদিও অনেক ঠাইত পোৱা যায়। শিলিখা, আমলখি, ভোমাৰা, শতমূল, সৰ্পগন্ধা আদি ঔষধৰ গছো ইয়াত আছে। লা আৰু শালধূনা অসমৰ হাবিত পোৱা দুবিধ মূল্যবান বস্তু। অসমৰ হাবিত হাতী, গঁড়, বাঘ, ভালুক আদি নানা ধৰণৰ পশু আৰু ধনেশ, দেওঁহাঁহ আদি নানা তৰহৰ চৰাই আছে। অসমত বৰ্তমান ৫ খন ৰাষ্ট্ৰীয় উদ্যান আছে- কাজিৰঙা, মানাহ, ডিব্ৰু-চৈখোৱা, নামেৰী আৰু ওৰাং। এইবোৰত বিভিন্ন ধৰণৰ পশু-পক্ষী সংৰক্ষণ কৰি ৰখা হৈছে। কাজিৰঙাৰ এশিঙীয়া গঁড় পৃথিৱী বিখ্যাত।
জলজাত সম্পদৰ বিৱৰণঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন ডাঙৰ নদী। এই নৈ দুখনৰ অনেক উপনৈয়ে ৰাজ্যখনক জালৰ দৰে আগুৰি আছে। ইয়াৰ উপৰি অনেক বিলো ৰাজ্যখনৰ বিভিন্ন ঠাইত আছে। এই নদী আৰু বিলবোৰত মাছ, কাছ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। এইবিলাক ইয়াৰ মানুহৰ প্ৰধান আৰু প্ৰিয় খাদ্য। মাছ-কাছ আদিৰ উপৰিও নৈ-বিল আদিও জলজাত সম্পদৰ ভিতৰত পৰে। বাৰিষাকালত এইবোৰৰ পানীয়ে পথাৰ ওপচাই পেলায়। সেই পানীয়ে পলসৰ দ্বাৰা সেইবোৰ সাৰুৱা কৰে। নগাঁও জিলাৰ কপিলী নদীত বান্ধ দি জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে।
বৰ্তমান আৱস্থাঃ বৰ্তমান অসমৰ প্কৃতিক সম্পদৰাজি সংকটাপন্ন অৱস্থান উপনীত হৈছে। অসমৰ অৰণ্যত পোৱা বহুমূলীয়া গছবোৰ অসৎ লোকে চৰকাৰৰ অগোচৰে চোৰাংকৈ কাটি অসমৰ অৰণ্যসমূহ টকলা কৰিছে। অৰণ্যত পোৱা বহুমূলীয়া জন্তু তথা চৰাইৰ লগতে কাজিৰঙাত পোৱা আপুৰুগীয়া সম্পদ এশিঙীয়া গঁড়ো চোৰাং চিকাৰীৰ হাতৰ পৰাও হাৰি যোৱা নাই। খনিজ সম্পদসমূহো চোৰাং চিকাৰীৰ কবলত পৰিছে। নিজৰ লাভৰ কাৰণেই মুক্ত খনন পদ্ধতিৰে অসম মাতৃৰ বুকুৰ পৰা ‘ক’লাসোণ’
কয়লা চোৰাংকৈ আহৰণ কৰিছে। পনীয়াসোণ খাৰুৱাতেল পাইপলাইনত ফুটা কৰি চূৰ কৰাটো প্ৰায় প্ৰতিদিন বাতৰি কাকতত পোৱা যায়। অসমৰ বিভিন্ন নৈ আদিত অসমত মাছ-কাছ আদি ধৰি জলজ সম্পদো নিঃশেষ কৰিব বিচাৰিছে চোৰাং চিকাৰীয়ে। বৰ্তমান অসমৰ কৃষিজাত সম্পদৰো অৱনতি ঘটিছে। এসময়ত উচ্চ শিখৰত আৰোহন কৰা চাহ শিল্পৰ বৰ্তমান পুতৌ লগাকৈ অৱনতি ঘটিছে।
ৰক্ষণা-বেক্ষণ আৰু বিকাশঃ অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ ৰক্ষণা-বেক্ষণ অতি প্ৰয়োজনীয় হৈ পৰিছে। চৰকাৰৰ উপযুক্ত আইন প্ৰণয়ন কৰি কঠোৰ ভাৱে ৰক্ষণা-বেক্ষণ নকৰিলে অতিশীঘ্ৰে সুজলা-সুফলা শ্যামলী অসম মাতৃ মৰুভূমিত পৰিণত হ’ব।
প্ৰকৃতিয়ে বনজ, খনিজ আদি অজস্ৰ সম্পদেৰে অসমী আইক চহকী কৰিছে। কিন্তু অসমীয়া জাতিয়ে প্ৰকৃতিয়ে অবাঞ্চিতে আগবঢ়াই দিয়া অমূল্য সম্পদৰাজি যথাযথভাৱে আহৰণ কৰিব পৰা নাই। এই সম্পদৰাজি আহৰণ কৰিবলৈ অত্যাবশ্যকীয় যন্ত্ৰ পাতি আমদানি কৰা প্ৰয়োজন। তাৰ বাবে যাতায়ত ব্যৱস্থা উন্নত হ’ব লাগিব। উপযুক্ত থলুৱা বিজ্ঞানী, বিশেষজ্ঞ, কাৰিকৰ লাগিব। তদুপৰি আৱশ্যকীয় মূলধন লাগিব। এই প্ৰচেষ্টা অকল ৰাজ্যিক চৰকাৰে আগবঢ়ালে নহ’ব। কেন্দ্ৰীয় চৰকাৰেও এই উদ্যোগৰ ক্ষেত্ৰত অনুন্নত ৰাজ্যখনৰ সম্পদসমূহ আহৰণ আৰু বিকাশৰ বাবে হাতবাউলি দিব লাগিব।
লাভালাভঃ প্ৰাকৃতিক সম্পদৰ দ্বাৰা চৰকাৰ আৰু ৰাইজ উভয়ে অনেক ধৰণে উপকৃত হয়। ধান, মাহ আদি ইয়াৰ লোকৰ প্ৰধান খাদ্য। কপাহ, মৰাপাট আদিৰ পৰা নানা ৰকমৰ বস্তু তৈয়াৰ কৰা হয়। অসমৰ চাহ বিদেশলৈ ৰপ্তানি কৰা হয়। চাহৰ পৰা ভাৰত চৰকাৰে বৈদেশিক মুদ্ৰা উপাৰ্জন কৰে।
প্ৰাকৃতিক সম্পদৰাজি আহৰণ কৰা বাবে আৰু সেইবোৰৰ পৰা অন্যান্য বস্তু উৎপাদনৰ অৰ্থে ইয়াত নানা ধৰণৰ কল কাৰখানা, উদ্যোগ আদি স্থাপিত হৈছে। সেইবোৰত কাম কৰিও হাজাৰ হাজাৰ লোকে পেট প্ৰৱৰ্তন কৰে। এইদৰে প্ৰাকৃতিক সম্পদে অসমৰ নিবনুৱা সমস্যা কিছু পৰিমাণে হ্ৰাস কৰিছে।
সামৰণিঃ সম্পদ থাকিলেই নহয়, সেইবোৰ যথোচিত ব্যৱহাৰ হ’ব লাগে। তেহে সেইবোৰ সাৰ্থক হয়। অসমৰ প্ৰকৃতিক সম্পদসমূহৰ আটাইবোৰৰ যথোচিত ব্।ৱহাৰ এতিয়ালৈকে কৰিব পৰা হোৱা নাই। ৰাজ্যখনৰ অনেক ঠাইত খাৰুৱাতেল, কয়লা, সোণ, গন্ধক আদি খনিজ পদাৰ্থ পোৱা সম্ভাৱনা আছে। পিছে, আটাইবিলাক আহৰণ কৰাৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। অসমৰ প্ৰকৃতিক সম্পদৰ আলমত গঢ়ি উঠা অনেক উদ্যোগ এতিয়া অসমৰ বাহিৰৰ পৰা অহা লোকৰ হাতত। সেইবোৰৰ পৰা যাতে অসমৰ থলুৱা লোকসকল অধিক পৰিমাণে উপকৃত হ’ব পাৰে তাৰ বাবে অসমৰ চৰকাৰ আৰু ৰাইজ উভয়ে সজাগ হোৱা উচিত।

28/10/2020

কৰ’না ভাইৰাছৰ ওপৰত অসমীয়া ৰচনা
প্ৰস্তাৱঃ বিশ্ব স্বাস্থ্য সংস্থা (WHO)
ক'ৰনা ভাইৰাছক মহামাৰী হিচাপে ঘোষণা কৰিছে। ক'ৰনা ভাইৰাছ অতি সূক্ষ্ম কিন্তু অতি প্ৰভাৱশালী ভাইৰাছ। ক’ৰনা ভাইৰাছ মানুহৰ চুলিতকৈ 900 গুণ সৰু, কিন্তু বৰ্তমান সময়তো কৰ'নাৰ সংক্ৰমণ দ্ৰুতগতিত বিস্তৃত হৈ আছে।
* ক'ৰনা ভাইৰাছ কি?
ক'ৰনা ভাইৰাছ (COV) ভাইৰাছ এনে এক পৰিয়ালৰ সৈতে সম্পৰ্কিত যি পানীলগা জ্বৰৰ পৰা উশাহ চুটি হোৱালৈকে সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই ভাইৰাছটো আগতে কেতিয়াও দেখা পোৱা নাছিল। ২০১৯ চনৰ ডিচেম্বৰত চীনৰ উহানত এই ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল। বিশ্ব স্বাস্ব্য সংস্থা অৰ্থাৎ WHO ৰ মতে, জ্বৰ, কাহ, উশাহ চুটি হোৱা এই ভাইৰাছৰ দ্বাৰা সংক্ৰমণ হোৱাৰ লক্ষণ। এতিয়ালৈকে, ভাইৰাছটো বিয়পা প্ৰতিহত কৰিবলৈ কোনো ভেকছিনৰ সৃষ্টি কৰা হোৱা নাই।
এই ভাইৰাছৰ সংক্ৰমণৰ ফলত জ্বৰ, পানীলগা,
উশাহ চুটি হোৱা, হেঙুন ওলোৱা আৰু ডিঙিত সোপামৰা আদিৰ দৰে সমস্যা হয়। এই ভাইৰাছটো এজন ব্যক্তিৰ পৰা আন এজনলৈ সহজে বিয়পিব পাৰে। গতিকে, ইয়াৰ বাবে যথেষ্ট সাৱধানতা লব লগীয়া হৈছে। এই ভাইৰাছটো প্ৰথমে ডিচেম্বৰ মাহত চীনত ধৰা পৰিছিল আৰু পাছলৈ ই আন দেশলৈ তীব্ৰগতিত বিয়পি পৰা দেখিবলৈ পোৱা গৈছে।
ক'ৰনাৰ দৰে ভাইৰাছ কাহ আৰু হাঁচিৰ যোগেৰে বিয়পিব পাৰে। ক'ৰনা ভাইৰাছটো বৰ্তমান চীনত দ্ৰুত গতিত বিয়পি থকা নাই যিমান ই বিশ্বৰ আন দেশত বিয়পিবলৈ ধৰিছে। কোভিড-19 নামৰ এই ভাইৰাছটো এতিয়ালৈকে 70ৰো অধিক দেশলৈ বিয়পি পৰিছে। ক'ৰনা সংক্ৰমণৰ বৰ্ধিত বিপদাশংকাৰ প্ৰতি লক্ষ্য কৰি ইয়াক বিয়পা প্ৰতিহত কৰিবলৈ সতৰ্কতাৰ প্ৰয়োজন।
* এই ৰোগৰ লক্ষণবোৰ কি?
কভিদে-১৯ বা ক'ৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’লে প্ৰথম জ্বৰ উঠে। তাৰ পিছত শুকান কাহ হয় আৰু তাৰ পিছত এসপ্তাহৰ পিছত উশাহ লোৱাত সমস্যাৰ সৃষ্টি হয়।
কেৱল এই লক্ষণবোৰৰ অৰ্থ সদায়ে এইয়া নহয় যে আপুনি ক'ৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। ক'ৰনা ভাইৰাছৰ গুৰুতৰ ক্ষেত্ৰত নিউমোনিয়া, অত্যাধিক শ্বাস-প্ৰশ্বাসৰ সমস্যা, বৃক্কৰ বিফলতা আৰু আনকি মৃত্যু পৰ্যন্ত হ'ব পাৰে। এই ভাইৰাছৰ জৰিয়তে সংক্ৰমিত হেৱাৰ পূৰ্বৰে পৰা যিসকল হাপানি, ডায়বেটিচ বা হৃদৰোগ থকা বৃদ্ধ বা লোকৰ ক্ষেত্ৰত বিপদাশংকা গুৰুতৰ হ'ব পাৰে। একে ধৰণৰ লক্ষণবোৰ জ্বৰ অথবা পানীলগা আৰু ফ্লু ভাইৰাছতো পোৱা যায়।
* কৰ’না ভাইৰাছ সংক্ৰমিত হ’লে?
বৰ্তমানে, ক'ৰনা ভাইৰাছৰ কোনো চিকিৎসা নাই কিন্তু ইয়াক ঔষধ দিব পাৰি যি ৰোগৰ লক্ষণসমূহ হ্ৰাস কৰে।
যেতিয়ালৈকে আপুনি আৰোগ্য নহয়, আপুনি আনৰ পৰা আতৰি থাকক।
কৰ’না ভাইৰাছৰ চিকিৎসাৰ বাবে ভেকছিন আবিস্কাৰৰ কাম চলি আছে।
কিছুমান চিকিৎসালয়ে এণ্টিভাইৰেল ঔষধ পৰীক্ষা কৰি আছে।
* প্ৰতিৰোধমূলক ব্যৱস্থা বোৰ কি?
স্বাস্থ্য মন্ত্ৰালয়ে ক'ৰনা ভাইৰাছ পৰা হাত হাৰিবলৈ কিছুমান নিৰ্দেশনা জাৰী কৰিছে।
তেওঁলোকৰ মতে, হাতবোৰ চাবোনেৰে ভালদৰে ধুব লাগে।
সুৰা আধাৰিত হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিব পাৰি।
কাহ আৰু হাঁচিয়াওতে নাক আৰু মুখ ৰুমাল বা টিছ্যু পেপাৰেৰে ঢাকি ৰাখিব লাগে।
পানীলগা জ্বৰ আৰু ফ্লুৰ লক্ষণ থকা লোকৰ পৰা দূৰত থাকিব লাগে।
কণী আৰু মাংস গ্ৰহণ পৰিহাৰ কৰিব।
বনৰীয়া জন্তুৰ সংস্পৰ্শলৈ আহিব নালাগে।
* মাস্ক(মুখা) কোনে আৰু কেতিয়া পিন্ধিব?
যদি আপুনি স্বাস্থ্যৱান, তেনেহ’লে আপুনি মাস্ক (মুখা) পিন্ধিব নালাগে।
যদি আপুনি ক'ৰনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তি এজনৰ যত্ন লৈছে, তেনে সময়ত আপুনি মাস্ক (মুখা) পিন্ধিব লাগিব।
জ্বৰ, কাহ বা উশাহ চুটি হোৱা আদিৰ দৰে সমস্যাত ভুগা লোকসকলে মাস্ক (মুখা) পিন্ধিব লাগে আৰু লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগে।
* মাস্ক (মুখা) কেনেদৰে পিন্ধিব: -
মাস্ক(মুখা)খন সন্মুখৰ পৰা হাতেৰে চুব নালাগে।
যদি আপুনি হাতেৰে চুৱে, তেনেস্থলত আপুনি লগে লগে হাত ধুব লাগে।
মাস্ক (মুখা) এনেদৰে পিন্ধিব লাগে যাতে আপোনাৰ নাক, মুখ আৰু দাঢ়ি ঢাক খাই থাকে।
আনকি আপুনি মাস্কখন আঁতৰ কৰিলেও,
মাস্কখন ইলাষ্টিক বা লেছেৰে ধৰি আঁতৰ কৰিব লাগে, আৰু মাস্কখন স্পৰ্শ কৰিব নালাগে।
দৈনন্দিন মাস্ক (মুখা) সলনি কৰিব লাগে।
* কৰ'নাৰ বিপদাশংকা কেনেদৰে হ্ৰাস কৰিব, প্ৰতিকাৰঃ
কৰ'নাৰ দৰে ভাইৰাছ কাহ আৰু হাঁচিৰ টোপালৰ যোগেৰে বিয়পে।
হাত ভালদৰে ধুব লাগে।
কাহ বা হাঁচিয়াওঁতে মুখখন ঢাকি দিয়ক।
হাত পৰিষ্কাৰ নকৰাকৈ চকু, নাক আৰু মুখ স্পৰ্শ নকৰিব।
কৰ’না সংক্ৰমণ বিয়পা কেনেদৰে ৰোধ কৰিব?
ৰাজহুৱা বাহন যেনে বাছ, ট্ৰেইন, অটো বা টেক্সিৰ দ্বাৰা ভ্ৰমণ নকৰিব।
ঘৰলৈ অতিথিক নামাতিব।
কাৰ্য্যালয়, স্কুল বা ৰাজহুৱা স্থানলৈ নাযাব।
যদি আপুনি অধিক লোকৰ সৈতে বাস কৰি আছে, অধিক সতৰ্ক হব।
পৃথক কোঠা এটাত থাকিব আৰু ভাগ বতৰা কৰা ৰান্ধনীঘৰ আৰু বাথৰুম অনবৰতে পৰিষ্কাৰ কৰিব।
সংক্ৰমণৰ বিপদাশংকা হ্ৰাস কৰিবলৈ 14 দিনৰ বাবে এনে কৰা অব্যাহত ৰাখিব।
যদি আপুনি সংক্ৰমিত স্থানৰ পৰা আহিছে বা সংক্ৰমিত ব্যক্তিএজনৰ সংস্পৰ্শৰ পৰা আহিছে, আপোনাক অকলে থাকিবলৈ পৰামৰ্শ দিয়া হ'ব পাৰে। গতিকে ঘৰত থাকক।
সামৰণি: প্ৰায় 18 বছৰ আগতে, চাৰ্ছ ভাইৰাছে একে ধৰণৰ ভাবুকি সৃষ্টি কৰিছিল। 2002-03 চনত, চাৰ্ছে বিশ্বৰ 700ৰো অধিক লোকক হত্যা কৰিছিল। বিশ্বৰ সহস্ৰাধিক লোক ইয়াৰ দ্বাৰা সংক্ৰমিত হৈছিল। ই অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰতো প্ৰভাৱ পেছিল। এতিয়ালৈকে কোৰ’না ভাইৰাছৰ কোনো প্ৰমাণ নাই যে কোৰোনা ভাইৰাছটো পাৰ্চেল, চৰাই বা খাদ্যৰ যোগেৰে সংক্ৰমিত হয়। ক'ৰনা ভাইৰাছৰ দৰে ভাইৰাছ শৰীৰৰ বাহিৰত বেছি দিন জীয়াই থাকিব নোৱাৰি।
ক'ৰনা ভাইৰাছক লৈ মানুহৰ মাজত এক পৃথক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে। দৰবৰ দোকানসমূহত মাস্ক আৰু ছেনিটেইটাৰৰ অভাৱে দেখা দিছে, কিয়নো লোকসকলে সেইবোৰ কিনিবলৈ হেতা-ওপৰা লগাইছে।
বিশ্ব স্বাস্থ্য সংস্থা, জনস্বাস্থ্য ইংলেণ্ড আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা (NSS) পৰা প্ৰাপ্ত তথ্যৰ ওপৰত আধাৰিত কৰি, আমি আপোনাক কৰোনা ভাইৰাছ কেনেদৰে প্ৰতিৰোধ কৰিব তাৰ ওপৰত এলানি আলোচনা যুগুত কৰিলো। বিমান বন্দৰত যাত্ৰীসকলৰ স্ক্ৰীণিং বা চৰকাৰে ক'ৰনা ভাইৰাছক প্ৰতিহত কৰাৰ বাবে বহুতো প্ৰস্তুতি চলাইছে। ইয়াৰ উপৰিও, যিকোনো ধৰণৰ উৰা-বাতৰি পৰিহাৰ কৰি, নিজকে সুৰক্ষিত কৰাৰ বাবে কিছুমান নিৰ্দেশনা জাৰী কৰা হৈছে যাতে কৰোনা ভাইৰাছৰ পৰা কিছু পৰিমানে হ’লেও উপশম পাব পাৰি।
loading... কৰ’না ভাইৰাছৰ ওপৰত অসমীয়া ৰচনা || Essay in Assamese about Corona Virus
TAGS: FEATURED
আনুষ্ঠানিক শিক্ষা ৰচনা

28/10/2020

ভাৱ বিষয়ক :-
১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?
উঃ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল- ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি ।
২। ' ফ্ৰম ভলগা টু গংগা ' কাৰ ৰচনা ?
উঃ ' ফ্ৰম ভলগা টু গংগা' পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা।
৩। সৰ্বপল্লী ৰাধাকৃষ্ণণে ' কালিয়দমন 'ৰ কি আখ্যা দিছে ?
উঃ সৰ্ৱপল্লী ৰাধাকৃষ্ণণে কালিয়দমন' ৰ আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে ।
৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ?
উঃ প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ।
৫।শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল ?
উঃ প্ৰত্নতাত্বিক পণ্ডিতসকলে শিৱ আৰু শক্তি মূল মহেঞ্জোদাৰোৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল ।
২নং) ধ্যানস্থ শিৱৰ কল্পনা মহেজ্ঞোদাৰোৰ সংস্কৃতি সম্পদ।
৬) ইছলাম ভাস্কৰ্যৰ মূল সম্পদ হ'ল-
উত্তৰঃ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হ'ল-
গঠনৰ সৰলতা আৰু সূক্ষ্মতা।
৭) অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাবিবস্ত্ত দুটা কি কি?
উত্তৰঃ অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাবিবস্ত্ত দুটাৰ এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন।
৮) গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সম্বন্ধয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে।
উত্তৰঃ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সম্বন্ধয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে।
৯) সুকুমাৰ কলাৰ ভিতৰত চিজ শিল্পক বেছি স্হায়ী বোলা হৈছে ?
উত্তৰঃ সুকুমাৰ কলাৰ ভিতৰত চিজ শিল্পক বেছি স্হায়ী বোলা হৈছে।
১০। হেম বৰুৱা সাহিত্য চৰ্চা সম্পৰ্কে পঁচিছটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া ।
উত্তৰঃ অসমৰ ভ্ৰমণ কাহিনীৰ লেখক আছিল হেম বৰুৱা । মৃত্যুৰ আগমূহূৰ্তলৈকে তেওঁ মুঠ ৩৫ খন গ্ৰন্থ ৰচনা কৰিছিল । মমতাৰ চিঠি , আইতা, জাৰৰ দিনৰ সপোন আদি তেখেতৰ বিখ্যাত কাব্য । কালিচন্দা (১৯৫৯ ) আৰু মনময়ূৰী (১৯৬৫) তেওঁৰ কবিতা সংকলন। ইয়াৰ বাহিৰেও তেখেতে 'আধুনিক সাহিত্য' ,সাগৰ দেখিছা', ' মানমিহলি', 'ৰঙা কৰবী ফুল', ' কিউপিড আৰু ছাইকি', 'বালিচন্দা' , ' এই গাওঁ ও
এই গীত', ' কন্নকী', 'মেকং নৈ দেখিলোঁ' ,' ' ইজৰাইল', ' স্মিতিৰ পাপৰি' ইত্যাদি উল্লেখযোগ্য পূথি । বৰুৱা দেৱে ' the red river and the blue hill ' নামৰ ইংৰাজী গ্ৰন্থ খনো ৰচনা কৰি উলিয়াইছিল । 'পছোৱা' নামৰ মাহেকীয়া আলোচনীখনৰ তেখেতে সম্পাদকৰ দায়িত্ব বহন কৰিছিল।
১১। ' ভাৰতীয় সংস্কৃতি' পাঠটোৰ সাৰাংশ লিখা।
উত্তৰঃ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্ধয়ৰ সংস্কৃতি যুগ যুগ ধৰি আৰ্য ,অনাৰ্য , মংগোলীয় , দ্ৰাবিড়ী আদি বিভিন্ন গোষ্ঠী সংস্কৃতি লগ হৈ
ভাৰতীয় সংস্কৃতি (মাগৰ *) ৰচিত হৈছে। অতিজতে প্ৰীক,হুন,শক আদি নানা জনগোষ্ঠীৰ মানুহে ভাৰতলৈ আহি বসবাস কৰিছিল। ভাষণ , সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন দিশ , বিশেষকৈ শিল্পকলা দৰ্শন ভাস্কৰ্য , ৰাজনৈতিক আদৰ্শ , চিএকলা আদি বিভিন্ন দিশত যুগ যুগ ধৰি হোৱা আদান প্ৰদান বিনিময় আদিৰ মাজেৰে পৰিবৰ্তিত ভাৰতীয় সংস্কৃতি স্বৰূপে আত্মপ্ৰকাশ কৰিছে। ক্ৰমবধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি বুলি কোৱা হৈছে। সভ্য সমাজ অবিহনে সৃষ্টিমূলক যি কোনো কাম হাতত লোৱাটো ব্যত্তিৰ সাপেক্ষে সম্ভৱপৰ নহয়। ভাৰতীয় সংস্কৃতি মৰ্মস্হলী সুসং গঠিত আৰু শক্তিশালী হোৱাৰ বাবে বাহিৰৰ পৰা সকলোবোৰ প্ৰভাৱৰ পৰা হাত সাৰি ভাৰতীয় সংস্কৃতিয়ে নিজৰ গতিৰে প্ৰবাহিত হৈ যাবলৈ সক্ষম হৈছিল। ভাষা , সাহিত্য , সুকুমাৰ কলা , দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ হোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি । আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সমন্বয় ভাৰতীয় ধৰ্মৰ ইতিহাসত সমন্বয়ৰ বাৰ্তা বহন কৰিছিল। শিৱ আৰু শক্তি পূজাৰ সৈতে জড়িত বিভিন্ন কাহিনীত এই বিষয়ে অনুমান কৰাত সহায় আগ বঢ়াইছে ।
ভাৰতত আদিম অধিবাসীসকলৰ অভিযানকাৰী আৰ্য সমাজৰ হাতত পৰাজিত হৈছিল যদিও সংস্কৃতিক ক্ষেত্ৰত আৰ্যসকলে অনাৰ্থৰ কৃষ্ঠি সমল গ্ৰহন কৰি স্বকীয় সংস্কৃতিত পৰিবৰ্ধন কৰিছিল । প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক হে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কোৱা হৈছিল। চুফীবাদ আৰু উপনিষদ দৰ্শনৰ মাজত এক অভূতপূৰ্ব সাদৃশ্য দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পৰা আমি সুকুমাৰ কলা, শিল্পী, সাহিত্য, ভাস্কৰ্য আদি সকলো ভাৰতীয় জীৱনৰ প্ৰাণ স্বৰূপ সমণ্বয়ৰ ইংগিত পাই আহিছিলো।
আনহাতে হিন্দু ভাস্কৰ্য কলাৰ কেতবোৰ নিদৰ্শন ইছলামীয় অনুষ্ঠানত ব্যৱহাৰ হোৱা নিদৰ্শন পোৱা গৈছে। সাংস্কৃতিক ক্ষেত্ৰত দুয়োটা সম্প্ৰদায়ৰ মন উদাৰ আছিল। এই উদাৰতাই সুকুমাৰ কলাৰ ক্ষেত্ৰত এক নতুন নিদৰ্শন জন্ম দিছিল।
মোগল সম্ৰাট বাবৰৰ দিনত ভাৰতত প্ৰৱেশ কৰা চিত্ৰ-শিল্পৰ নতুন বীৰাৰ
মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ এই ব্যক্তিবাদী শিল্পকলাত জনজীৱন বা লমষ্ঠি জীৱনৰ কোনো সংবাদ নাছিল। আধ্যাত্মিকতাবাদে প্ৰাক-মুছলিম যুগৰ হিন্দু সমাজৰ ওপৰত এটা সুকীয়া প্ৰভাৱ বিস্তাৰ কৰি আহিছিল। ইছলামৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ধমনী কঁপাই তুলিছিল। সামাজিক জীৱন ধাৰাত ব্যক্তি মুক্তি বাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ দ্ৰুত কৰি তুলিছিল পৰম পুৰুষৰ ধ্যানে মানুহক সামাজিক অসামঞ্চস্যৰ কথাৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা চলাইছিল। পদদলিত সাধাৰণ মানুহে অদষ্টৰ ওপৰত আস্থা ৰাখি জীৱনৰ সকলো গ্লানি পৰাজয় স্বীকাৰ কৰি লৈছিল।
সাহিত্য সম্পদৰ দিশৰ পৰাও ভাৰতীয় সংস্কৃতি উল্লেখনীয়ভাৱে চহকী। সাধাৰণতে পুৰণি সাহিত্য ভক্তিমূলক আছিল যদিও আধ্যাত্মিকতাৰ দিশত ই আছিল অতন্ত্য চহকী। পাঠদান আৰু মোগলৰ অধীনত বংগদেশীয় কাব্য সাহিত্যই যথেষ্ট উকৰ্ষ লাভ কৰিছিল। সেইদৰে মাহাৰাষ্টৰ ভক্তিমূলক কাব্য সাহিত্যৰো সৌৰভ বিশ্বজনীত। অতীজৰ স আৰু সত্য়ৰূপে স্বীকৃত সাংস্কতিক সম্পদৰ সৈতে বৰ্তমান সাংস্কৃতিৰ ভেটি-নিৰ্মাণৰ চেষ্টা কৰিলেহে ভাৰতীয় সংস্কৃতিয়ে নব্যৰূপ লাভ কৰিব বুলি কবিয়ে আশা প্ৰকাশ কৰিছে। ভাৰতীয় সমণ্বয়ৰ আৰ্হি আগত ৰাখিহে যুগজয়ী ৰূপত আগবঢ়া উচিত।
১২ । 'ভাৰতীয় সংস্কৃতি এক বিৰাট সমণ্বয়ৰ বস্তু' এই কথাষাৰ কিমানদূৰ যুক্তিপূৰ্ণ, 'ভাৰতীয় সংস্কৃতি' পাঠটোৰ আধাৰত বিচাৰ কৰা।
উত্তৰঃ হেম বৰুৱাই ভাৰতীয় সংস্কতি পাঠটিৰ আৰম্ভণিতেই ভাৰতীয় সংস্কৃতিৰ স্বৰূপে সম্পৰ্কে কৈছে যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমণ্বয়ৰ বস্তু। ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে গভীৰ আৰু বিশাল যদিও নদী-উপনদীৰ সোঁতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে, ঠিক তেনেদৰে ভাৰতীয় সংস্কৃতিয়েও বিভিন্ন জাতি উপজাতিৰ ভাষা- সংস্কৃতিয়ে বিশালতা প্ৰদান কৰি আহিছে আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰবিড়, গ্ৰীক, শক, হুন আদি বিভিন্ন জাতি-উপজাতিৰ প্ৰবাহমান সোঁতৰ সমণ্বয়ত ভাৰতীয় সংস্কৃতিয়ে নিৰ্দিষ্ট ৰূপত আত্মপ্ৰকাশ কৰিছিল। ভাৰতীয় সংস্কৃতিলৈ যুগ যুগ ধৰি বিভিন্ন দেশী-বিদেশী সংস্কৃতিৰ সোঁত আহিছে। ইয়াৰ মূল কাৰণ হ'ল ভাৰতৰ ভৌগোলিক পৰিৱেশ। ভাৰতীয় বিশাল ভূমিখণ্ডৰ আহ্বানত যিদৰে বাহিৰৰ নন মানৱপুঞ্জত ভাৰতলৈ আহিছিল, তেনেদৰে ইয়াৰে পেৰত্যেকেই ব্যক্তিগত প্ৰতিভা অনুসৰি ভাৰতীয় সংস্কৃতিৰ বৰঙনি যোগাইছিল। বিভিন্ন দেৱ-দেবীৰ পূজা সম্পৰ্কে যি প্ৰচলিত নিয়ম আছে, সেই বোৰ প্ৰায়ে দ্ৰবিড় সকলৰ প্ৰভাৱত হোৱা বুলি ক'ব পাৰি। ইয়াৰ বাহিৰেও মৃতকক সকাৰ কৰা, লিংগ পূজা কৰা আদিও অনাৰ্য্য যুগৰ অৱদান আছিল। ভাৰতীয় ৰাজনীতি, সমাজকনীতি শিল্প, সাহিত্য, দৰ্শন, চিত্ৰকলা, ভাস্কৰ্য আদি যুগ যুগ ধৰি হোৱা বিনিময় আৰু আদান প্ৰদানৰ মাজেৰে ভাৰতীয় সংস্কৃতি জিয়াই ৰখা হৈছিল।
ওপৰৰ আলোচনাৰ পৰা ইযাকে বুজা গ'ল যে ভাৰতীয় সংস্কৃতি হ'ল এক সংমিশ্ৰিত সংস্কৃতি।
১৩ । 'সভ্যতা আৰু সংস্কৃতি ' শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।
উত্তৰঃ 'সভ্যতা আৰু সংস্কৃতি' -- এই শব্দ দুটাৰ মাজত যথেষ্ট পাৰ্থক্য দেখিবলৈ পোৱা যায়। এই দুয়োটা শব্দৰ ক্ষেত্ৰত এটাৰ সলনি আনটো শব্দ ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতা শব্দটোৱে বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাকহে বুজায়। এই সভ্যতা শব্দটোৰ প্ৰধান মাপকাঠী হ'ল সমাজ এখন বসবাস কৰা লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী। অৰ্থা, সভ্যতা হ'ল দক্ষতা, পুখ-সম্ভোগ, সম্পদৰ ব্যৱহাৰ, বৈদ্বিক চিন্তা-ধাৰা, আচাৰ ব্যৱহাৰ আদি আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱনৰ প্ৰতিভা। সংস্কৃতি প্ৰধান মাপকাঠী হ'ল -- ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি। অৰ্থা সংস্কৃতি যিকোনো জাতি এটাৰ ৰীতি-নীতি, বিশ্বাস, ভাষা-সাহিত্য, আচাৰ-ব্যৱহাৰ, কৰ্ম পদ্ধতি, সাজ-পোচাক আদি।
সভ্যতা যিকোনো এটা জাতি বা জনগোষ্ঠীৰ উখান-পতনৰ সৈতে জড়িত হৈ থকে, কিন্তু সংস্কৃতি সেই জাতী বা জনগোষ্ঠীৰ জীৱন পদ্ধতিৰ লৈতে হৈ জড়িত থাকে। সভ্যতাৰ কোনো সংমিলশ্ৰন নঘতে। সংস্কৃতি হৈছে মানৱ কৃতিৰ শ্ৰেষ্ঠ অংশ। ব্যত্তিৰ ব্যত্তিত্ব গঠনত সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱ অনস্বীকাৰ্য।
সেইবাবে সংস্কাৰ বা পৰিমাৰ্জন সংস্কৃতিৰ বা অপৰিহাৰ্য সভ্যতাৰ বিকাশৰ বাবে জ্ঞানৰ বিকাশ হোৱাটো অপহাৰ্য। শিক্ষা ব্যবস্থা আৰু যোগাযোগ ব্যৱস্থাই মানৱ সভ্যতাৰ বিকাশৰ যথেষ্ট প্ৰভাৱ পেলায়। সভ্যতাই দৰাচলতে মানুহৰ বহিজীৱন আৰু সংস্কৃতিয়ে মানুহৰ অন্তজীৱন প্ৰতিনিধিত্ব কৰে সভ্যাগ আৰু সংস্কৃতিক এই দুয়োটা শব্দৰ মাজত পাৰ্থক্য থাকিলেও এটাক বাদ দি আনটোৰ ব্যখ্যা দিয়া সম্ভব নহয়। সভ্যটাই সমাজ এখনৰ সু- শৃংখল কৰি সংস্কৃতি এটা গঢ়াৰ দিয়াত সহায় কৰে।
১৪) উত্তৰ ভাৰতীয় , ভাস্কৰ্যৰ বিষয়ে তোমাৰ প্যাঠ্যপুথিৰ সহায়ত লিখা।
উত্তৰঃ উত্তৰ ভাৰতৰ দৰে দক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপতীয়াকৈ পৰা নাছিল। অৰ্থাৎ ইয়াত এটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পোৱা গৈছিল। এই পদ্ধতিয়ে ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ ৰঙীন কৰি তুলিছিল। উত্তৰ ভাৰতীয় ভাস্কৰ্যত ইছলামীয় যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বক্ৰ আৰু বৃত্তৰেখাৰ প্ৰাদুৰ্ভাৱ অতি সৰহ আছিল। ই আচলতে সংহতিৰ ভাস্কৰ্যহে আছিল। জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰলতা দেখিবলৈ পোৱা গৈছিল। আচলতে উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তুহে। ইয়াক কোনো প্ৰকাৰেই সম্পুৰ্ণৰূপে ইছলামীয় বুলিব পৰা নাযায়। হিন্দু ভাস্কৰ্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্ৰাস কৰিছিল। ইয়াৰ বিপৰীতে ইছলামীয় ভাস্কৰ্যই হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছিল। এইদৰে এক নতুন ধাৰাৰ উৎপত্তি হৈছিল। তাজমহল, ফটেহপুৰ চিক্ৰি, ইচমৎদৌল্লাৰ আদি এনে কাৰু- কাৰ্য খোদিত উত্তৰ ভাৰতীয় ভাস্কৰ্য্যৰ আৰ্হি। এয়াই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ।
১৫) অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।
উত্তৰঃ অজন্তাৰ গুহাৰ অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ থাকে। যিবোৰ প্ৰাচীন শিল্পকলাই ভাৰতীয় ইতিহাসৰ যুগৰ সৃষ্টি কৰি আহিছে তাৰে ভিতৰত অজন্তাৰ শিল্পকলাই এক উল্লেখনীয় স্হান অধিকাৰ কৰি আহিছে। অজন্তাৰ শিল্পকলাৰ এটি মূল দিশ হল - চিত্ৰশিল্প। অজন্তাৰ চিত্ৰবোৰত মূলত দুটা ভাৱ বস্তুৰ প্ৰকাশ পাইছে। ইয়াৰে এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়োবিধ ছবি একেলগে অংকণ কৰা হৈছিল। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে - জীৱন আনন্দ উচ্ছাসময় চিত্ৰ। এই পৰ্যায়ৰ ছবিবোৰত শান্তি, গতি, প্ৰেম আৰু যৌনতা ফুটি উঠিছিল। আনফালে আকৌ প্ৰথম পৰ্যায়ত দয়া, ধ্যান আৰু মৌনতা ফুটি উঠিছে। ভাব বস্তুৰ ফালৰ পৰা দুয়োবিধ ছবিৰ দুখন সুকীয়া জগত ফুটি উঠিছে যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাছিল। দুয়োবিধ ছবিতে পুৰুষ মহিলা, শিশুকে ধৰি বিভিন্ন ভংগীমাত একে ঠাইতে অংকন কৰা হৈছিল। ইয়াত শিল্পীৰ শিল্পজাত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয়ৰ সৃষ্টি হৈছিল। ইয়েই অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ।
১৬) মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।
উত্তৰঃ মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে প্ৰৱেশ কৰিছিল। এই চিত্ৰশিল্পৰ ধাৰাটোৰ মূলতে প্ৰচুৰ ব্যক্তিবোধ আছিল। এই চিত্ৰশিল্পৰ ধাৰাটোত জনজীৱন বা সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল। ইয়াৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ কৰা। ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু হেংগীজ খঁাৰ ৰাজ দৰবাৰত, গতিকে এই চিত্ৰশিল্পৰ ধাৰাটোৰ যুগ অনুসৰি ই ব্যক্তিবাদী আৰ্ট আৰু কঠোৰ হবলৈ বাধ্য হৈছিল। ইয়াত কোনো ভাৱ অৱণতা নাই। আছে কেৱল বিপুল উৎসাহ- উদ্দীপনা আৰু প্ৰেৰণা। ব্যক্তিবাদে সমসাময়িকভাৱে হলেও চিত্ৰশিল্পত ইংগিত বা সংকেতৰ কোনো ধৰণৰ স্হান নোহোৱা কৰিছে। এইবোৰতে ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্ৰশিল্পৰ লগত প্ৰচলিত চিত্ৰধাৰৰ মিলন ঘটিছিল আৰু এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। এই ফালৰ পৰা চাবলৈ গলে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুট আৰ্ট ইয়াৰ প্ৰধান লক্ষণ। এবিধ মূলতে আনন্দাপুত ৰস চঞ্চল আৰু আনবিধ ধীৰ, মন্থৰ প্ৰাণ। এইবোৰৰ স্থবিৰতাৰ মাজতে হয়তো লুপ্ত আনন্দধাৰা উজ্জ্বল হৈ পৰিছিল।
১৭) উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?
উত্তৰঃ উত্তৰ ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰেই গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ। উত্তৰ ভাৰতীয় সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। ই গাম্ভীৰ্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতৰ এক উৰণীয়া ভাবৰ সংযোগ ঘটাৰ কথা কৈছে। ইয়াকে সুৰ- বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলি কব পাৰি।
১৮) ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা।
উত্তৰঃ ভাৰতীয় সংস্কৃতিত পাঠটিত কোৱা হৈছে যে - `ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি'। ইয়াৰ অৰ্থ হল ভাৰতীয় সংস্কৃতি এক বিশাল সংমিশ্ৰিত সংস্কৃতি।
ভাৰতীয় বৈষ্ণৱ ভক্তিবাদ, উপনিষদৰ দৰ্শনৰ লগত ইছলামৰ চুফীবাদৰ যথেষ্ট মিল থকা দেখা গৈছে। এক ঈশ্বৰবাদ, মানৱ প্ৰেম, সংযম, উদাৰতা আদি কথাবোৰেই আছিল ভক্তিবাদ আৰু চুফীবাদৰ মূল কথা । ভাস্কৰ্য কলাৰ ক্ষেত্ৰতো ভাৰতীয় সংস্কৃতিত ইছলামিক সকলৰ যথেষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। উত্তৰ ভাৰতৰ মঠ- মন্দিৰ আদিত বক্ৰ আৰু বৃত্ত ৰেখা অংকন কৰা হৈছিল। ইয়াৰ মূলতে আছিল ইছলামীয় সকল।ইছলামীয় সকলে ভাস্কৰ্য কলাই হিন্দু ভাস্কৰ্য কলাক এক অতুলনীয় কাৰুকাৰ্য প্ৰদান কৰিছিল। তাজমহল, ফেটেহপুৰ চিক্ৰি, ইছমৎদৌল্লাৰ অসম্পুৰ্ণ ভাস্কৰ্যই ইয়াৰ এক সুন্দৰ নিদৰ্শন দিয়ে। ঠিক তেনেদৰে ইছলামীয় ভাস্কৰ্যৰ শৈলীত যি জটিলতা আছিল সেই সকলোবোৰ হিন্দু সংস্কৃতিৰ প্ৰভাৱত পৰি কিছু পৰিমাণে সৰল হৈ পৰিছিল।
ভাৰতীয় চিত্ৰ কলাটো ইছলামিক চিত্ৰ শৈলীৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। মোগল সম্ৰাট বাবৰৰ দিনতে চিত্ৰশিল্পৰ নতুন ৰীতি ভাৰতত প্ৰৱেশ কৰিছিল। ইয়াৰে এটা নতুন ৰীতিৰ বৈশিষ্ট্য হল - ব্যক্তিবীদ। অজন্তাৰ চিত্ৰশিল্পৰ এই নতুন ৰীতি আৰু ভাৰতীয় চিত্ৰশিল্পৰ সৰলতাৰ মাজত সংযোগ স্হাপন হোৱা দেখিবলৈ পোৱা গৈছিল। এইটো আছিল ইণ্ডোছাৰাচেনিক ৰীতি। ভাৰতীয় দৰ্শনত অতীন্দ্ৰিয়বাদৰ যি আত্মীয়তা দেখা যায় তাৰ মাজতো ইছলামিকৰ প্ৰভাৱ পৰা বুলি কব পাৰি। হিন্দু- মুছলমানৰ সংঘাতৰ ফলত সৃষ্টি হোৱা বিপ্লৱে পৰাজিত হিন্দুৰ মনত নৈৰাশ্যত ভাৱৰ সৃষ্টি কৰিছে। এই নৈৰাশ্যত ভাৱে হিন্দুসকলৰ মনত উদাসীনতাৰ সৃষ্টি কৰিছে। ফলত বাস্তৱ জগতৰ কহণ পাহৰি হিন্দুৰ মতে আত্মাৰ জগতখনলৈ আগবাঢ়ি গৈছে।
ইছলামীয় যুগতে ভাৰতত উৰ্দু ভাষাৰ বিভিন্ন শব্দৰ প্ৰৱেশ হৈছিল। মুক্ত বাণীয়ে ইছলাম ধৰ্মৰ প্ৰচাৰ কৰি তুলিছিল। ওপৰৰ আলোচনাৰ পৰা ইয়াকে বুজা গল যে - ভাৰতীয় সংস্কৃতিত ইছলামীয় সংস্কৃতিৰ সম্পৰ্ক এবাভ নোৱাৰা বিধৰ আছিলে।
১৯) প্ৰাক- মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা।
উত্তৰঃ প্ৰাক মুছলমান যুগৰ ভাস্কৰ্য্য আৰু শিল্পকলাৰ নিদৰ্শন হিচাপে অজন্তাৰ শিল্পকলাক দেখুৱাব হৈছিল।
প্ৰাক- মুছলিম যুগৰ জীৱন প্ৰাৰ্চুযৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছিল। পুৰুষ মহিলা, শিশু বিবিধ ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছিল। জীৱনৰ প্ৰাৰ্চুযত যেন শিল্পীক মতলীয়া কৰিছিল। এই জীৱন প্ৰাৰ্চুয একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদবাউল হৈ পৰিছিল। ছবিবোৰৰ ভাব- ভংগীমাত অসামঞ্জস্যৰ মাজতো বাস্তৱ জীৱনৰ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাছিল। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্হাপন হৈছিল অজন্তাৰ চিত্ৰশিল্পৰ।মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰিছিল। এই চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এনে তৰহৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো ধৰণৰ সংবাদ নাছিল। এই শিল্পবোৰৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ। ইয়াত কোনো ভাৱ প্ৰবণতা নাছিল, আছিল বিপুল উৎসাহ- উদ্দীপনা আৰু প্ৰেৰণা। উদাহৰণস্বৰূপে--অামি উৰ্দুৰ ৰোমাণ্টিক কাব্য সাহিত্যৰ কথা কব পাৰো।
ব্যক্তিবাদে সাময়িকভাৱে হলেও চিত্ৰশিল্পৰ ইংগিত বা সংকেতৰ স্হান প্ৰায় নোহোৱা কৰিছিল। এইবোৰত ফুটি উঠিছিল যুদ্ধৰ পৰিচয়। বাবৰ আমোলত বাহিৰৰ সুস্হ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই দুয়োবিধৰ মিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল। অজন্তাৰ সৰলতাৰ লগত নতুন ভাৰসাম্যৰ সংযোগ হৈছিল। এই দিশৰ পৰা চাবলৈ গলে অনুভূতিৰ প্ৰসাৰ মোগল আৰু ৰাজপুট আৰ্ট প্ৰধান লক্ষণ আছিল। এবিধ মূলতে আনন্দাপ্লুত, ৰস- চঞ্চল আকৌ আনবিধ আছিল ধীৰ, মন্থৰ প্ৰাণ।
২০) বাখ্যা কৰা।
ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।
উত্তৰঃ প্ৰসংগ :- উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত `ভাৰতীয় সংস্কৃতি' নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে।
সংগতি :- লিখকে ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে এই কথাষাৰত উল্লেখ কৰিছে।
বাখ্যা:- ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আৰ্য, অনাৰ্য, দ্ৰাবিড়, মংগোলীয় আদি বিভিন্ন জনগোষ্ঠীৰ সমিলমিল, সংস্কৃতি আদি বিভিন্ন বিনিময়ৰ যোগেদি ভাৰতীয় ৰূপ পৰিগ্ৰহ কৰিছে। অতিজৰে পৰা ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠী লোকৰ প্ৰবজন ঘটি আহিছে। ইয়াৰ উপৰিও কব পাৰি যে এঘাৰশ শতিকাৰ আগৰে পৰা এচিয়া, ইউৰোপ, ব্ৰহ্মদেশ, আফগানিস্তা, কম্বোডিয়া, ইণ্ডোনেছিয়া আদি বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি ভাৰতলৈ আহিছে। এওঁলোকে সাংস্কৃতিক বিনিময়ৰ যোগেদি ভাৰতীয় আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰণত ভাৰতীয় সংস্কৃতিয়ে বিশাল ভূমিকা লাভ কৰিছে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। এসময়ত আৰ্যসকলৰ আগমন ঘটিছিল যদিও তেওঁলোকে ইয়াত বসবাস কৰা দ্ৰাবিড়, মংগোলীয় আৰু অনান্যসকলৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য আদিক গ্ৰহণ কৰি নতুন ৰূপ দিছিল। আৰ্যসকলৰ প্ৰচেষ্টাৰ বাবে একালত ভাৰতীয় সংস্কৃতি সমগ্ৰ দক্ষিণ- পূব এছিয়ালৈকে স্পৰ্শ কৰাইছিল। গ্ৰীক, শক, হুণ প্ৰকৃতিৰ আগমনেও ভাৰতীয় সংস্কৃতিক ক্ৰমান্বয়ে সমৃদ্ধ কৰিছিল। এইদৰে বিভিন্ন সংস্কৃতিক সম্পদেৰে ভাৰতীয় জীৱন সমৃদ্ধ হৈছিল। আনকি ভাৰতীয় শুকান মৰুভূমি, মৌচুমী বায়ুৰ প্ৰভাৱ তথা হিমালয়ৰ বৈচিত্ৰ্যময় প্ৰাকৃতিক শোভাইও ভাৰতীয় জীৱনৰ সংস্কৃতিৰ অবিচ্ছিন্ন প্ৰভাৱ যুগ যুগ ধৰি আহবান জনাই আহিছে।
খ) ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান- পতন, ভঙা- গঢ়াৰ সবিশেষ বুৰঞ্জী।
উত্তৰঃ উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত `ভাৰতীয় সংস্কৃতি' নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে।
সংগতি :- লিখকে বিভিন্ন উত্থান- পতন সত্বেও ভাৰতীয় সংস্কৃতি নিৰৱচ্ছিন্নভাৱে বৈ থকাৰ কথা উল্লেখ কৰিছে।
বাখ্যা :- ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান- পতন আৰু ভঙা- গঢ়া বুৰঞ্জী। এই দেশখনৰ ওপৰত অতি প্ৰাচীন কালৰে পৰা চকু আছিল। এই দেশখনত ইটোৰ পিছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসন ভাৰ গ্ৰহণ, ইত্যাদি ঘটনাৰ ভাৰতৰ বুৰঞ্জীৰ ভাৰাক্ৰান্ত আছিল। তথাপি ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি ক্ৰমবৰ্দ্ধমান সোঁতেৰে বৈ আছিল। ই অকস্মাতে ৰাজ্য ভঙা- গঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য। ভাৰতৰ বুৰঞ্জী আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়, শক, হুণ, গ্ৰীক আদি বিভিন্ন দল আক্ৰমণকাৰী ৰূপে ভাৰতলৈ আহিছিল আৰু ভাৰতীয় সংস্কৃতিৰ সৈতে মিলি গৈছিল। ভাৰতীয় বুৰঞ্জীত এই মানৱ গোষ্ঠীসমূহৰ জয়- পৰাজয়, ৰাজ্যৰ উত্থান- পতন, ভঙা- গঢ়া আদিৰ বিভিন্ন কাহিনী ৰচিত হৈছিল। ইয়ে হল ভাৰতীয় সংস্কৃতিৰ উত্থান-পতন ভঙা- গঢ়াৰ ঐতিহ্য।
গ) সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।
উত্তৰ:- প্ৰসংগ :- উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি `অসমীয়া সাহিত্য চয়নিকা'ত অন্তগৰ্ত হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত `ভাৰতীয় সংস্কৃতি' নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে।
সংগতি :- লিখকে শিল্প সাধনৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ থাকে। ইয়াৰ প্ৰকাশ কিদৰে ঘটে তাকেই কবলৈ কথাষাৰ উল্লেখ কৰিছে।
ব্যাখ্যা:- সাধাৰণতে সকলো ধৰণৰ আৰ্টৰ মূলতে দুটা দিশৰ উন্মোচৰ কৰে। এটাৰ উদ্দেশ্য হৈছে - কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আৰু আনটোৰ উদ্দেশ্য হৈছে - সংযম আৰু আড়ম্বৰহীনতা। এটাই অভ্যন্তৰীণ দিশটোৱে মানুহৰ অন্তৰৰ অনুভূতিক জগাই তোলে। আনহাতে বাহ্যিক দিশটোৱে দৃষ্টিমুখৰ আড়ম্বৰ জৰিয়তে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। আৰ্ট বা কলাৰ উদ্দেশ্য হৈছে আনন্দ প্ৰদান কৰা আৰু তাৰ যোগেদি শৈল্পিক অনুভূতিৰ সঞ্চাৰ কৰা। সুক্ষ্ম আৰ্টে মানুহৰ অন্তৰ তীব্ৰ অনুভূতিৰ সঞ্চাৰ কৰি মানুহক অভিভূত কৰি তুলিবলৈ সক্ষম হৈছে। প্ৰথমবিধ আৰ্টে বাহ্যিক জাকজমকতাৰ যোগেদি আত্মপ্ৰকাশ কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি তুলিব বিচাৰে। আনহাতে দ্বিতীয়বিধে আড়ম্বৰহীনতাৰ মাজেদি মানুহৰ অনুভূতিত প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি যুগমীয়া প্ৰভাৱ বিস্তাৰ কৰি তোলে।
ভাষা- বিষয়কঃ
১) সন্ধি ভাঙাঃ
সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত।
উত্তৰঃ সংস্কৃতি = সম্ + কৃতি
সমন্বয় = সম্ + অন্বয়
সম্বন্ধ = সম্ + বন্ধ
ভাৰাক্ৰান্ত = ভাৰ + আক্ৰান্ত
সন্মত = সম্ + মত
২) বিশেষ্য বা বিশেষণলৈ নিয়াঃ
বৈচিত্ৰ্য, ভৌগোলিক , বিস্তৃতি, নৈৰাশ্য, বিপ্লৱ।
উত্তৰঃ বৈচিত্ৰ্য = বিচিত্ৰ
ভৌগোলিক = ভূগোল
বিস্তৃতি = বিস্তৃত
নৈৰাশ্য = নিৰাশ
বিপ্লৱ = বৈপ্লৱিক
অতিৰিক্ত প্ৰশ্নোত্তৰঃ
১) হেম বৰুৱাদেৱৰ কেতিয়া আৰু কত জন্ম হৈছিল?
উত্তৰঃ ১৯১৫ চনত তেজপুৰত হেম বৰুৱাদেৱৰ জন্ম হৈছিল।
২) হেম বৰুৱাদেৱে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল?
উত্তৰঃ ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভাপতি আছিল হেম বৰুৱাদেৱ।
৩) হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা।
উত্তৰ:- হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হল - “The Red River and Blue Hill ।"
৪) হেম বৰুৱাদেৱৰ কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:- ১৯৭৭ চনত হেম বৰুৱাদেৱৰ মৃত্যু হৈছিল।
৫) `ভাৰতীয় সংস্কৃতি' পাঠটোৰ লিখক কোন?
উত্তৰ:- `ভাৰতীয় সংস্কৃতি' পাঠটোৰ লিখক হেম বৰুৱা।
৬) ইংৰাজ ৰোমাণ্টিক কবি কীটছৰ সম্পুৰ্ণ নাম কি?
উত্তৰ:- ইংৰাজ ৰোমাণ্টিক কবি কীটছৰ সম্পুৰ্ণ নাম হল - জন কীটছ।
৭) ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ কি?
উত্তৰ:- ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ হল - সমন্বয়ৰ সংস্কৃতি।
৮) সংস্কৃতি অৰ্থ কি?
উত্তৰঃ সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা।
৯) হিন্দুৰ শ্ৰদ্ধ বিধি কোন যুগৰ অৱদান?
উত্তৰঃ হিন্দুৰ শ্ৰাদ্ধ বিধি অনাৰ্য যুগৰ অৱদান।
১০) অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতি কোন যুগৰ কথা সোঁৱৰাই দিয়ে?
উত্তৰঃ বৌদ্ধ যুগৰ ।
১১) কোন গৰাকী মোগল সম্ৰটৰ আমোলত চিত্ৰ শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে?
উত্তৰঃ বাবৰৰ আমালত।
১২) 'ফ্ৰম ভলগা টু গংগা' নামৰ কিতাপখনৰ লেখক কোন?
উত্তৰঃ পণ্ডিত ৰাহুল সাংকৃত্যায়ন।
১৩) ভাৰতীয় সংস্কৃতি প্ৰাণ কি?
উত্তৰঃ ক্ৰমবৰ্দ্ধমান শক্তি
১৪) শিৱ আৰ্য নে অন্যাৰ্য দেৱতা।
উত্তৰঃ অনাৰ্য।
১৫) কামাখ্যা দেৱী আগতে কোন গোষ্ঠীৰ দেৱী আছিল?
উত্তৰঃ অনাৰ্য গোষ্ঠীৰ।
১৬) উত্তৰ ভাৰতৰ ভাস্কৰ্যত কি ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ।
উত্তৰঃ বৃত্ত আৰু বক্ৰ।
১৭) নামঘোষা কোনে ৰচনা কৰিছিল?
উত্তৰঃ মাধৱদেৱে।
১৮) কীৰ্তন পুথিখনৰ কবিজনৰ নাম কি?
উত্তৰঃ শংকৰদেৱ।
১৯) সভ্যতা কি?
উত্তৰঃ সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি।
২০) ভাৰতীয় ভৌগোলিক জীৱন কেনেদৰে বিচিত্ৰময় ৰূপত প্ৰকাশ পাইছে? [HSLC 17]
উত্তৰঃ ভাৰতীয় ভৌগোলিক জীৱন বিচিত্ৰময়। এফালে শুকান মৰুভূমি, আনফালে মৌচুমীৰ তাণ্ডৱ নৃত্য। এফালে পৰ্বতমালাৰ উচ্চ শিখৰ, আনফালে যোজন ব্যপ্ত সমতল ভূমি। প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য জলবায়ুৰ পাৰ্থক্য, জীৱনৰ গতি ধাৰাৰ বৈচিত্ৰ্য ইত্যাদি সৃষ্টিয়েই ভাৰতীয় জীৱন।
২১) আৰ্টত কি কি বিপৰীত পন্থাই প্ৰকাশ লাভ কৰে? অথবা - “সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।" ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা। [HQ 15]
উত্তৰঃ সাধাৰণতে আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্যে কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা।
২২) পণ্ডিত ৰাহুল সংস্কৃত্যায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? [M.Q 15]
উত্তৰঃ “মধ্য এচিয়া কা ইতিহাস" নামৰ গ্ৰন্থৰ বাবে।

Address

North Lakhimpur
787032

Website

Alerts

Be the first to know and let us send you an email when HSLC Assamese posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share