18/11/2025
জুবিন গাৰ্গ কেৱল এটা নাম নহয়, কেৱল গান নহয় - ই এক অনুষ্ঠান। জাতি-ধৰ্মৰ উৰ্দ্ধত থকা এক পুণ্যাত্মা। প্ৰতিজন অসমীয়াৰ হৃদয়ত থকা এক আৱেগ। আজি তেওঁৰ ৫৩ সংখ্যক জন্ম দিৱস। তেওঁৰ মতে কৰ্মই হে ধৰ্ম। মানৱতাবাদী, প্ৰকৃতিপ্ৰেমী, জাতীয়তাবাদী এইজন মহান শিল্পীৰ জন্মদিন উপলক্ষে আজি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সহযোগত ৫৩ টা নাহৰৰ পুলি বিদ্যালয়ৰ চৌহদত ৰোপন কৰা হয়। জুবিন দাৰ ওপৰতেই কেন্দ্ৰ কৰি শিক্ষক, ছাত্ৰৰ সহযোগত 'জুবিন' নামেৰে এখনি প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। প্ৰাচীৰ পত্ৰিকা খনি উন্মোচন কৰে এসময়ৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক শ্ৰীযুত জীৱন দত্ত ছাৰে। তেওঁৰ লগতে
তেওঁৰ সহধৰ্মিনী লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীণা দত্ত বাইদেউ অনুষ্ঠান ভাগত উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক বহুতো মূল্যৱান পৰামৰ্শ আগবঢ়ায়। শেষত সকলোৱে জুবিন দাই দেখুওৱা বাটেৰে আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতিৰে ' মায়াবিনী...' গীত পৰিৱেশন কৰি জুবিন দাৰ আত্মাৰ চিৰশান্তি কামনা কৰি, জন্ম দিনৰ শুভেচ্ছা জ্ঞাপনেৰে অনুষ্ঠানৰ অন্ত পৰে। জয় জুবিন দা, জুবিন দা অমৰ হওঁক।