KKC Confession

KKC Confession খেৰাজখাত মহাবিদ্যালয়ৰ সকলোকে আমি স্?

Can You Guess........!!!! This is Our Lovely KKC😍🔥🔥🔥🔥
28/03/2022

Can You Guess........!!!!
This is Our Lovely KKC😍🔥🔥🔥🔥

Transformation.....!!!🔥Long Live KKC❤💕
23/02/2022

Transformation.....!!!🔥
Long Live KKC❤💕

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত খেৰাজখাত মহাবিদ্যালয়ৰ  ষষ্ঠ তথা শেষ ষাণ্মাসিকৰ প্ৰত্যেকজন শিক্ষাৰ্থীলৈ অহা কাইলৈৰ পৰা অ...
22/08/2021

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত খেৰাজখাত মহাবিদ্যালয়ৰ ষষ্ঠ তথা শেষ ষাণ্মাসিকৰ প্ৰত্যেকজন শিক্ষাৰ্থীলৈ অহা কাইলৈৰ পৰা অনুষ্ঠিত হ'ব লগা পৰীক্ষাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
লগতে দ্বিতীয় আৰু চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰী সকললৈও অলেখ শুভকামনা জনাইছোঁ।

10/06/2021

#57

Kherajkhat College Confessions

Gender
male

Stream
Arts

Department *
Political science

হেভী দুখ 🥺

মই কলেজৰ পৰা 19ত উলালোঁ, কলেজ গৈ এ ছোৱালী এজনী পতাম বুলি ভাবি গৈছিলো🤷, কিন্তু কলেজ গৈ চ'ব খেলি মেলি হৈ গ'ল🥺। আৰে ভাই যি জনিকে চাওঁ তাইকে ভাল লাগে বে, চাল্লা 2 টা চেমিষ্টাৰ তেনেকৈয়ে পাৰ হ'ল, কাম নহল🙄। তাৰ পিছত নতুন আহিল সেইবাৰু যি জনীকে চাওঁ সেইজনিকে ভাল লাগে, ভাল লগা কেইজনক চাই থাকোতেই, ঘপকে কোনোবা এদিন চাদৰ মেখেলা পিন্ধি আহি যাই, অ আই কি আচৰিত, শিৰত আকৌ ৰঙা টাটো (টেটু) বনাই দিয়ে🙈। সেইবোৰ চাই থাকোতেই বাকী 2টা বছৰো খেদিলো। এতিয়া আহো মূল কথালৈ নিজৰ পলিটিকেল বিভাগৰে মোতকৈ সৰু দীপশিখা তোমাক প্ৰথম দেখা দিনাই মোৰ বুকুত ধান বনা মেচিনটো চলিছিল, কলিজাত মৰমৰ চুনামি আহিছিল, উফ কি চকু তোমাৰ, হাতী হেন তোমাৰ কঁকালৰ ভাঁজ দেখি অতদিনে ৰাখি থোৱা প্ৰেম উফণ্ডি উঠিছিল, তোমাৰ ৰূপৰ প্ৰশংসা কৰিব নোৱাৰোঁ মই, মুঠতে মই ফিদা 🤷 তোমাক দুদিনমান দেখাৰ পিছত লগত এজনী ক্ষীণ কে উখকে ছোৱালী এজনী লগত দেখিছিলো, কোন আছিল তাই? তাইৰ লগত চিনাকি হম ভাবোতেই কলেজ শেষ হ'ল মোৰ, পাৰিলে এটা হেলপ কৰি দিবানা দীপশিখা, তাই নম্বৰটো যেনেতেনে দিবা না কিবা কৰি প্লিজ 🥰 শেষত তাইক মোৰ মৰম দিবা দীপশিখা🤪

ইতি
তোমাৰ চিনিয়ৰ পাতল কে, ক্ষীণ, ওখ দাদা জন🤷

07/06/2021

#56

Kherajkhat College Confessions

Gender
male

Stream
Other:
মোৰ প্ৰেম মোৰ সহজ পাপ

Department *
ইংৰাজী ( তোমাৰ লগৰ)

উজাগৰী সপোন

অজান ৰাতি নিজান বনত , ঘপককৈ পৰিল তোমালৈ মনত, মনত পৰোঁতেই ধৰিলোঁ কলম , তোমালৈ বুলি পথালোঁ মৰম,
মৰমৰ
মৰম লবা আশা কৰোঁ তোমাৰ ভাল মোৰো ভালে , বহুত দিন হল তোমাক নেদেখা তথাপিও তোমালৈ মনত পৰে , তোমাৰ সেই তৰা জ্বলা নয়নীৰ হাঁহিটো বাৰু একে আছেনে ? ভূগোল যেতিয়া পঢ়োঁ তোমালৈ মনত পৰে যেন তুমি , অনুভৱবোৰ ডাঠকৈ এৰিব নোৱাৰি কিজানি তাতে লুকাই পৰে তোমাৰ হাঁহি , নিৰসংতাই যেতিয়া বৰকৈ জোকাই তোমাৰ হিয়াৰ উমান বিচাৰো । মোৰ প্ৰেমৰ পৃষ্ঠাটোত আৰু একো নিলিখোঁ সামৰণি মাৰিলোঁ , আৰু এটা কথা কি জানা ? তোমাৰ লগত কথা পাতিবৰ বৰ মন যায় , কিন্ত থমকি ৰয় দুভৰি , ঘূৰি চাই দেখোঁ অনুভৱৰ পুৰণি ঘাট । তুমি সুখী হোৱা।।
ইতি

Sui
চিঠিৰ উত্তৰ দিবা বুলি আশা কৰিলোঁ , KKC Confessions

06/06/2021

#55

Kherajkhat College Confessions

Gender
Female

Stream
Arts

Department *
নকওঁ😑😑

এক পক্ষীয় প্ৰেম কাহিনী বোৰ পঢ়ি ভাল লাগে সকলোৰে।

বাকী প্ৰাক্তন ছাত্ৰ ভূগোল বিভাগৰ ধ্ৰুৱ দা (সৰু), শিক্ষা তত্ত্ব বিভাগৰ বিটোপন দা, ৰিপুন দত্ত দা, লাচিত দাৰ এক পক্ষীয় প্ৰেম কাহিনী শুনিবলৈ পাম বুলি আশা কৰিলো।
ধন্যবাদ।

06/06/2021

#54

Kherajkhat College Confessions

Gender
male

Stream
Arts

Department *
Assamese

ভাল পাইছিলো তাইক বহুত ৰশ্মি...
আজি প্ৰায় আঢ়ৈ বছৰ হল..আৰু তাইও বহুত ভাল পাইছিল মোক.. 2018 চনৰ November মাহত, সেই দিনা মোৰ সাধাৰণ সম্পাদকৰ প্ৰতিবেদন খন পাঠ কৰাৰ দিন আছিল সেই দিনাই তাইক মই prposl দিছিলোঁ আৰু তেতিয়াৰ পৰাই আৰম্ভ হৈছিল মোৰ প্ৰথম প্ৰেম..আৰু তাইও কৈছিল তাইৰোঁ হেনো প্ৰথম প্ৰেম.. হয় নহয় নাজানো তথাপিও মই তাইক বিশ্বাস কৰোঁ সঁচা কথা কৈছিল সদায়..সেই দিনাৰ গধূলি তাই মোক ফোন কৰিছিল আৰু সেই দিনাৰ পৰাই মই তাইৰ লগত কথা পাতিব ললো.. তাই মোক কৈছিল তোমাক মই তই বুলি মাতিম বেয়া পাবা নেকি বুলি পিছে মোৰোঁ অভ্যাস নাইছিল তুমি বুলি কোৱা গতিকে পাৰিবা কলোঁ..এনেদৰে বহুত ভাল পাইছিলোঁ এজনে সিজনক.. তেনেতে মই সেই বি: পৰা বিদায় ললোঁ.. দেখা দেখ নাই কেতিয়াবা গৰলৈকে যাওঁ.
কেনেকৈ এবছৰ পৰ হৈ গল গম নাপালোঁ..তাইৰ finl exm আহিল 12 ৰ তাৰ 3 মাহৰ আগৰ পৰা কথা বতৰা মেচেজ একো নাই ইমান দিনে তথাপিও ভাল পোৱা অলপো কমি যোৱা নাই দুইজনৰে,exm শেষ হল আকৌ পুনৰ দৰে ৰেলচন..ভাল পোৱা আছে থাকিব..কিন্তু আমাৰ তাৰ পাছত কথা বতৰা কমি গৈছিল কিন্তু ভাল পোৱা নহয়..rslt দিলে তাই NLP কলেজ গল কথা বতৰা হয় কিন্তু কম হয় মোৰ কিছুমান কামৰ বাবে..
অলপ দিনৰ পাছত তাইৰ কিছুমান ব্যৱহাৰে মোক অলপ অনুভৱ কৰাৰে তাই মোক অলপ avoide,ignore কৰাব লৈছে.পিছত গম পালো তাইৰ জীৱনত বেলেগ এজন আছে.. তথাপিও মোৰ মৰম কমি যোৱা নাই কাৰণ ভুলটো মোৰেই মই সময় দিব নোৱাৰিলোঁ..
ইতি---ৰশ্মি,তাই এতিয়া NLT
Assamese department
সুখী হৈ থাক তই সিমানেই কামনা থাকিল..
ভাল পোৱা আছে সদায় থাকিব..
বহুত দীঘল কব গলে কিন্তু গোটেই খিনি কথা শেষ নহয় বাবে চমুকৈ কলোঁ.. #নাজানো_কিয় লৰা বোৰে নিজৰ প্ৰচণ্ড ছোৱালী বোৰকে হেৰুৱাই পেলাই..

03/06/2021

#53 (Part~F)

জীৱনৰ এই আলিবাটত খোজকাঢ়ি যাওতে নানা ভয়ংকৰ পৰিস্থিতিয়ে বাট আগচি ধৰিব সেই সময়ত খামুচি ধৰিবলৈ এখন হাত লাগে জানা? আৰু সেই হাতখন তুমি আগবঢ়াই দিয়া মোলৈ বুলি।বহুত বহুত মৰম তোমালৈ।সদায় এনেদৰেই মৰমিয়াল আৰু সহজ সৰল হৈয়েই থাকিবা দেই।আৰু তুমি যে মোক কোৱা মই ৰবটৰ দৰে থাকোঁ‌ বুলি এতিয়া এই ৰবটৰ বিম'ৰ্টটো তোমাৰ হাততে দি দিলোঁ‌ দেই। love you Mou❤️ মোৰ সমস্ত জীৱনটোৱেই তোমাৰ নামত।

03/06/2021

#53 (Part~ E)

এজনী ছোৱালীৰ লগত তিনিমাহ ধৰি লাগি আছ যে?? কিন্তু মই সকলো আওকাণ কএই নিজৰ স্থিতিত অটল আছিলো আৰু প্ৰেমৰ প্ৰতি থকা তীব্ৰ দুৰ্বলতাৰ বাবেই মই সকলো জলাঞ্জলি দি সেই বিষয়টোতেই লাগি আছিলোঁ‌ নিৰন্তৰভাৱে আৰু সততাৰে কিজানিবা তাইৰ হৃদয় গ'লে!এই দিনকেইটাটো দুই তিনিবাৰমান সৰু সুৰাকৈ কাজিয়াও হৈছিলে যিবোৰ এতিয়া ভাবি ভাল লাগে।কিন্তু এনেদৰে মই অনুভৱ কৰাৰ দৰে তাইৰো কিছুমান অনুভূতি মনত জাগ্ৰত হৈছিল আৰু যাৰবাবে সুদীৰ্ঘ পৰিক্ৰমা এটাৰ পিছত প্ৰায় ১০০ দিনত ইতিবাচক সঁ‌হাৰি দিলে।এইয়া হয়তু মোৰ সফলতা নহয় এইয়া এখন হৃদয়ে আন এখন হৃদয় জয় কৰাৰ মুহুৰ্ত্ব,সফলতা।প্ৰেমৰ জয়।আশা কৰিম যিমানেই প্ৰত্যাহ্বান আহক মই সন্মুখত থাকি আকোঁ‌ৱালি ল'ম সাহসেৰে আৰু নিষ্ঠাৰে।মানুহে যেতিয়াই কোনো এটা বস্তুক একান্তভাৱে বিচাৰে ঈশ্বৰে দিয়ে বুলি কয় আৰু মইয়ো সেই বিশ্বাসত বিশ্বাসী।আৰু এই বিশ্বাস শব্ধটোৰ ওপৰতো মোৰ গভীৰ বিশ্বাৰ আছে।কাৰণ য'ত প্ৰেম থাকে তাত বিশ্বাসৰ খুবেই প্ৰয়োজন আৰু বিশ্বাস থাকিলেই তাত দায়বদ্ধতা থাকে ভালপোৱা থাকে।এতিয়া তাই মোৰ উশাহৰ দৰে হৈ পৰিম।গাৰ্লফ্ৰেণ্ড শব্দটো নই নকওঁ‌ মই Soulmate শব্দটো ভালপাওঁ‌ আৰু তাইক তেনেধৰণেই ভাবোঁ‌ আৰু সদায় সেই ভাৱধাৰা অটুট থাকিব।বহুত স্মৃতি বহুত কথা থূপ খালে সেই সকলোবোৰ পিছে পৰে কেতিয়াবা প্ৰকাশ কৰিম কাৰণ ১০০ দিন পাৰ হৈ যোৱা আজি তিনিদিন হৈছে আৰু এই যাত্ৰা যিহেতু জীৱনব্যাপী চলাই নিম সেয়েহে সময়ে সময়ে ভাললগা মিঠা অনুভূতিবোৰ ভাগ বতৰা কৰিম সকলোৰে লগত।তোমাৰ মাজতে মই মোৰ সপোনে পোখা মেলিব পৰাকৈ এক বিশ্বাস আৰু আস্থা দেখা পাইছোঁ‌।মই এনে এগৰাকী নাৰীক ভালপাব খোজো যি মোৰ সফলতাৰ আঁ‌ৰত থাকে আৰু সেইখিনি মই তোমাৰ মাজত দেখা পাইছোঁ‌।এইয়া এক স্বতঃস্ফূৰ্ত হৃদয়ৰ আত্মিক প্ৰকাশ।প্ৰেম মানেই কেৱল দুটা সুন্দৰ তজবজিয়া চেহেৰা,গান অথবা কবিতা অথবা বাহ্যিক প্ৰদৰ্শন নহয়;প্ৰেম মানে আশ্ৰয়,আশ্বাস,দায়িত্ব,হাজাৰ প্ৰতিকূলতাইয়ো ম্লান কৰিব নোৱাৰা,সময় অথবা পৰিস্থিতিয়ে হানি কৰিব নোৱাৰা,অন্তৰৰ অটল গহ্বৰৰ পৰা নিঃসৰণ হৈ থকা অমৃত শ্ৰোত,যাৰ ফলত প্ৰেমাস্পদে লাভ কৰে কঠিনৰ পৰা কঠিন সময়ৰ লগত মুখামুখি হোৱাৰ সাহস।নিৰ্দিষ্ট এজনৰ বাবে যেতিয়া হৃদয়ৰ আলফুলীয়া সপোনবোৰে সাৰ পাই উঠে সেয়াই সঁ‌চা ভালপোৱা।তোমাৰ মাথোঁ‌ সান্নিধ্য বিচাৰিছোঁ‌ চিৰজীৱন ইজনে আনজনৰ সুখ-দুখৰ সমভাগী হৈ জীৱনটোক উপভোগ কৰিবলৈ বিচাৰিছোঁ‌।জীৱনৰ এই আলিবাটত (Continued....)

03/06/2021

#53 (Part ~ D)

তোমাৰ প্ৰথম ফোন আছিল মোলৈ আৰু লগতে এইটোও ক'লা যে কাৰো গাৰ্লফেণ্ড নহয় বুলি।মইয়ো ইমান বেছি সেই কথাটোত চিন্তিত নহ'লো কাৰণ মই কাৰোলৈকে ভয় কৰি পোৱাই নাই গতিকে সেইধৰণেৰে আগবাঢ়িলোঁ‌।তুমি অৱশ্যে উত্তৰ দিয়া নাছিলা প্ৰস্তাৱটোৰ মইয়ো অধীৰ আগ্ৰগেৰে বাট চাই আছিলোঁ‌ আৰু কৈছিলো যে যিমান সময় লাগে মই দিবৰ বাবে প্ৰস্তুত আছোঁ‌ বুলি।তেনেকৈয়ে মাজে সময়ে কমকৈ কথা বাৰ্ত্তা আৰম্ভ হ'ল আৰু তাৰ সমান্তৰালভাৱে মোৰ প্ৰেমৰ গভীৰতা বাঢ়ি গৈ থাকিল।ক্ৰমান্বয়ে তোমাৰ মাতটো নুশুনিলে অশান্তিত চটফটাবলৈ ধৰিলোঁ‌।এদিন দুদিনকৈ বহুদিন গ'ল বন্ধুত্বসুলভভাৱেই কথা বতৰা চলি থাকিল তোমাকো বহুত বেছি পৰিমাণে বুজিবলৈ পালোঁ‌।তেনেকুৱাতে আহিলে নিৰ্বাচন তাতে আমাৰ দুয়োৰে মত বেলেগ আৰু সেইসময়ত অলপ কাজিয়া হ'ল আৰু প্ৰায় ৫ দিন মান কথা বতৰা বন্ধ মই ভাবিছিলোঁ‌ অকল ৰাজনৈতিক দৰ্শনৰ মতভেদ হোৱাৰ বাবেই যদি তুমি নাপাতা তেনেহ'লে নালাগে পাতিব কিন্তু ক'ৰবাত যে ৰাজনৈতিক আদৰ্শতকৈও ব্যক্তিগত আদৰ্শ আমাৰ দুয়োৰে মাজত শিপাইছিল সেইহেতুকেই তুমিয়েই ফোন কৰিছিলা আৰু মইয়ো ক্ষমা বিচাৰিলোঁ এনেকৈয়ে গতানুগতিকভাৱে চলি থাকিল।মাজে মাজে তুমি কোৱা যে মোক তুমি সেই দৃষ্টিৰে নাচাবা আৰু পাৰা যদি বেষ্ট ফ্ৰেণ্ড হৈ যাবলৈ কোৱা কিন্তু মই কওঁ‌ যে কোনো কাৰণত মই বন্ধু হ'ব নোৱাৰো তুমি মোক ভাল নাপালেও কোনো কথা নাই মই একপক্ষীয়কৈ হ'লেও ভালপাম কিন্তু প্ৰেমক বন্ধুত্বৰ নাম দিবলৈ মই অপাৰগ।তোমাৰ পৰা সেই প্ৰস্তাৱ বহুবাৰ পালোঁ‌ আৰু মই সজোৰে প্ৰতিবাৰেই প্ৰত্যাখ্যান কৰি আহিলোঁ।তাৰমাজতে তুমি বেলেগ এটা কথাও কৈছিলা যে ব্ৰহ্মকুমাৰী হৈ থাকিবা বুলি তথাপিও মই বাৰে বাৰে বুজাবলৈ চেষ্টা কৰিছিলোঁ।এনেকৈয়ে মোৰ জীৱনটো চলি আছিল প্ৰায়েই একেবোৰেই কথা ওলাই প্ৰথম ভালদৰেই আৰম্ভ হয় ঘন্টাজোৰা কথাৰ শেষত তুমি যেতিয়া কৈ দিয়া যে বন্ধু হৈয়ে থাকিম তেতিয়া মোৰ বুকুত শোকে খুন্দা মাৰি ধৰে।তথাপিও মই মোৰ মনৰ দৃঢ়তা আৰু প্ৰেমৰ প্ৰতি থকা সীমাহীন বিশ্বাসৰ বাবেই প্ৰায় ৯০ দিন একপক্ষীয়ভাৱে পাৰ হ'ল।মাজতে সঁ‌চা কথা ক'বলৈ গ'লে বহুত হতাশাত ভুগিছিলোঁ‌।সংগীবিহীন কেতেকী আৰু ফেঁ‌চীৰ ইননি-বিননিত শুই পৰিছিলোঁ‌ বিছনাত,সিহঁ‌তেও প্ৰেম বিছাৰি অপমানিত হোৱাৰ অপৰাধত মাজনিশা উচুপি উঠে আৰু লগতে মইয়ো নীৰৱে,নিঃশব্দে.....।বহুতে বুজাইছিল বহুধৰণেৰে আনকি এইবুলিও কৈছিল যে তোৰ আত্মসন্মান নাই নেকি এজনী ছোৱালীৰ লগত তিনিমাহ ধৰি (Continued..)

03/06/2021

#53 (Part~C)

তুমিও জ্ঞাত হ"লা আৰু তুমি যিহেতু ডিগ্ৰীৰ লগতে বহিঃৰাজ্যত আৰু এটা বিষয়ত অধ্যয়ণৰত সেইবাবেই খুউব কম সময়তে তালৈ যাবা বুলি খবৰ পাই মই কম সময়তেই তোমাক প্ৰস্তাৱটো দিবলৈ বুলি ঠিৰাং কৰিলোঁ‌।মই ভাবিছিলোঁ‌ অলপ সময় লৈ কৰিম বুলি কিন্তু সেইয়া হৈ নুঠিল।বাৰু যি কি নহওক ২০ ফেব্ৰুৱাৰীৰ দিনা মহাবিদ্যালয়ত তোমাক প্ৰেমৰ প্ৰস্তাৱ দিম বুলি প্ৰেমপত্ৰ প্ৰস্তুত কৰিলোঁ‌ সেইখন ছপা কৰিবলৈ এজন বন্ধুক দায়িত্ব দিলোঁ‌।সেইদিনা ৰাতিপুৱা ৯ বজাতেই উপবাসে থাকি সম্পূৰ্ণ ভক্তিভাৱেৰে মহাবিদ্যালয়ত উপস্থিত হ'লো তাৰো আগতেই মোৰ বন্ধুসকল তাত উপস্থিত আছিল।মই এই কথাটো নিশ্চিতভাৱে ক'বই লাগিব যে তেওঁলোকে মোক বহুত সাহস আৰু প্ৰেৰণা দিলে।মই সেইদিনা আনকি শুভৰং যিধৰণে আছিল সেই হিচাপত হালধীয়া কোট পৰিধান কৰি গৈছিলোঁ‌।চচিয়েল মিডিয়াৰ ধামখুমীয়াৰ মাজতো এইদৰে পৰম্পৰাগত পদ্ধতিৰে প্ৰায় বিলুপ্ত হোৱা চিঠিৰ মাধ্যমেৰে মনৰ কথা প্ৰকাশ কৰিবলৈ অহাব সকলোৱেই আচৰিত হৈছিল।তোমাৰ বিষয়ে ইতিমধ্যে মই মোৰ লগত সততে যোগাযোগত থকা বহুতকেই অৱগত কৰিছিলোঁ‌।সেইদিনা ১১ বজাৰ আগত প্ৰ'পজ কৰাৰ কথা কিন্তু তুমি ক্লাছত থকাৰ বাবে বাৰে বাৰে সেইফালে গৈ চাই আছিলোঁ‌ আৰু তেনেকুৱাতে কিছুমান কথাও শুনিলোঁ‌ যে অমুকৰ গাৰ্লফেণ্ড ধৰণৰ তেতিয়া মই ক্ষোভত ফাটি পৰিছিলোঁ সকলোৱে সান্তনা দি বুজাই বঢ়াই ঠাণ্ডা কৰিলে।এজনী বান্ধৱীৰ সহযোগত তোমাক চিনাকী হ'ম বুলি মাতি অনা হ'ল আৰু সেইধৰণেই তুমি প্ৰথম এটা গানো গাইছিলা।এটা কথা ক'বই লাগিব তোমাৰ কণ্ঠ বৰ ধুনীয়া।তাৰপিছত মই কথাটো আগবঢ়াবলৈ ধৰিলোঁ‌ বাকীসকল ছাত্ৰ-ছাত্ৰী ৰুমৰ বাহিৰত আৰু ভিতৰত তুমি মই আৰু এজনী বান্ধৱী কিন্তু মই সেই পৰিস্থিতি জীৱনত প্ৰথমবাৰ পোৱাৰ বাবে লাজ আৰু ভয়ত ৰঙা চিঙা পৰি গৈছিলোঁ‌ তোমাৰ হয়তু মনত আছে আৰু তুমিয়ে পৰিৱেশটো অলপ সহজ কৰি দিছিলা হয়তু মোৰ অৱস্থাটো দেখি আৰু মই প্ৰেমপত্ৰখন আগবঢ়াই দিছিলোঁ‌ আৰু লগত কিবা কিবি আছিল তুমি অমান্তি হৈছিলা যদিও মই জোৰজবৰদস্তি বেগত ভৰাই দিছিলোঁ‌ তোমাৰ।কথাটো কৈ যিদৰে অলপ শান্তি অনুভৱ কৰিছিলোঁ‌ ঠিক একেসময়তে কিছুমান মানুহৰ কথা কাণ্ড দেখি খঙো উঠিছিল তথাপিও প্ৰেমে যিহেতু শান্তিৰ বাৰ্তাহে দিয়ে হিংসাৰ নহয় সেইবাবে ধৈৰ্য্য ধৰিলোঁ‌।তাৰপিছতে ক'ৰবাৰ পৰা ফোন আহিল যে অমুকৰ গাৰ্লফেণ্ড কিবা কিবি মইয়ো প্ৰত্যুত্তৰ দিলোঁ‌।তাৰপিছত তোমাৰ পৰা ফোন আহিল তুমি বহুত খংত কিবা কিবি ক'লা সেইয়াই তোমাৰ প্ৰথম(Continued..)

03/06/2021

#53 (Part B)

একেবাৰে চিনেমাৰ দৰে হঠাৎ কাৰোবাক প্ৰথম দেখিয়েই ভালপোৱা হোৱা আৰু কলেজতেই চিঠি দি প্ৰস্তাৱ আগবঢ়োৱা কিন্তু ভৱা নাছিলোঁ‌ এই কাহিনীৰ দৰে ভবা কথাবোৰ কেতিয়াবা বাস্তৱত হ'ব বুলি কিন্তু মই আজি লিখি থকা এই মুহুৰ্ত্বত আনন্দেৰে ক'ব খোজো মোৰ জীৱনতো ঠিক তেনেকৈয়ে প্ৰেম আহিল আৰু কইয়ো কলেজত প্ৰ'পজ কৰিলোঁ‌।এই কাহিনীৰ নায়িকা আমাৰ কলেজৰেই ভোগোল বিভাগৰ ছাত্ৰী।নতুনকৈ আহিছিল কলেজলৈ।২০২১ বৰ্ষৰ সৰস্বতী পূজাত প্ৰথম সাক্ষাৎ হৈছিল।তোমাক সেই প্ৰথম দেখোতেই মোৰ হৃদয় তিতিছিল প্ৰেমৰ বৰষুণত তোমাৰ নামতেই।সেই দিনটো সদায় মনত থাকিব প্ৰথমবাৰৰ বাবে কাৰোবাক দেখি মোৰ দৰে ধীৰ-স্থিৰ গম্ভীৰ স্বভাৱৰ এজন ল'ৰাৰ মনত খলকনিৰ সৃষ্টি কৰি তুলিছিল।দুচকুত যেন দিবাস্বপ্নৰ যাদু ছটিয়াই দিছিল তাই।তাই যেন মোৰ জীৱনৰ এক ডাঙৰ উপহাৰ।খেৰাজখাট কলেজে আগবঢ়োৱা শ্ৰেষ্ঠতম অনুভূতি।কি যে এক মনোমোহা নাম...তোমাৰ নামতেই যেন লুকাই আছে ঈশ্বৰ্য বিভূতি।এনেকুৱা লাগে যেন পৃথিৱীৰ সমস্ত সুখ মই তোমাৰ মাজতেই বিচাৰি পাম।আঁ‌কিম হেঁ‌পাহৰ সাতোৰঙী ৰামধেনু,মনৰ বৃন্দাবনত ফুলি উঠিবা তুমি প্ৰেমৰ কৃষ্ণচূড়া হৈ, বতাহত নাচিব নানাৰঙী পখিলাই,মোৰ আকাশখন পোহৰাব তোমাৰ জ্যোতিৰে...হৃদয়ৰ থাপনাত স্থান দিলোঁ‌ তোমাক,আজীৱন মই তোমাকে উপাসনা কৰিম।মোৰ আকাশ-বতাহ নিনাদিত হ'ব তোমাৰ প্ৰতিধ্বনিত য'ত মই বিচাৰি পাম নিজক আৰু মোৰ অকথিত কাহিনীবোৰ পুনৰ লিখিম তোমাকেই সাৰথি কৰি।এই জীৱন নামৰ নাটকখনত মই বিচাৰোঁ‌ তুমি মোৰ নায়িকা হোৱাটো।মই তোমাৰ প্ৰেমত পৰিলোঁ‌,প্ৰথম দেখাতেই যি আলোড়ন মই অনুভৱ কৰিছিলোঁ‌ আজি মই একেই আছোঁ‌ জানা?একেই উৎসাহ,একেই লাজ,একেই ভয়;যেনিয়েই চাওঁ‌ তোমাৰেই উপস্থিতিৰ উমান পাওঁ‌।
তোমাক দেখাৰ দিনা তোমাৰ নাম জানিবলৈ মই ব্যাকুল হৈ পৰিছিলোঁ‌ মাজতে ভাৱ হৈছিল হয়তু তুমি কোনোবা বান্ধৱীৰ লগতহে আহিছা বুলি কিন্তু পিছত লগৰ বহুতক সুধি গম পালোঁ‌ তুমি আমাৰ মহাবিদ্যালয়ৰে ভূগোল বিভাগৰ নৱাগতা ছাত্ৰী।নাজানো কিয় এই কথাটোৱে মোৰ ধপধপনি আৰু বঢ়াই দিলে।তাৰপিছত সেইদিনা তোমাক ফেচবুক মেচেঞ্জাৰত মেচেজ কৰিছিলোঁ‌ তুমিয়ো সঁ‌হাৰি দিছিলা সীমিত কথা পাতিয়েই সামৰি থৈছিলোঁ‌ যদিও ক'বলৈ মন গৈছিল প্ৰাণখুলি বহুকথা।পিছত কলেজলৈ গৈ পিছদিনা তোমাৰ নাম্বাৰটো কেনেবাকৈ সংগ্ৰহ কৰিছিলোঁ‌ যদিও মেচেজ দিবলৈ সাহস হোৱা নাছিল তাৰপিছতে ইজন সিজনকৈ মোৰ হৈ তোমাৰ আগত বহুতে মোৰ কথাখিনি ক'বলৈ ধৰিলে তুমিও (Cont.....)

Address

NH15
North Lakhimpur
787033

Alerts

Be the first to know and let us send you an email when KKC Confession posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category