E-Learning Express

E-Learning Express learn something new and useful.

05/07/2023

আজিৰ পৰা জুলাই- আগষ্ট মাহত প্ৰকাশ পাব লগীয়া 22,500 নিযুক্তিৰ বিজ্ঞাপনৰ বাবে প্ৰস্তুত হবলৈ দৈনিক সাধাৰণ জ্ঞানৰ প্ৰশ্ন ও উত্তৰ আমাৰ পেজৰ যোগেদি দিয়া হব। সকলোৱে তাৰ পৰা লাভাম্বিত হব বুলি আশা ৰাখিলোঁ। সকলোকে এই সাধাৰন জ্ঞানৰ প্ৰশ্নোত্তৰত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ 🙏🙏




🔥 মকৰ সংক্ৰান্তি🔥সকলোৰে মংগল হওঁক 🙏
13/01/2022

🔥 মকৰ সংক্ৰান্তি🔥
সকলোৰে মংগল হওঁক 🙏

01/01/2022

Happy new year everyone. Lot's of love from E- Learning express 💕🔥

05/12/2021

🔵 SOME MODERN VOCABULARY

⚫Gonna: going to
Example: I am gonna talk to Binod.

⚫Wanna: want to
Example: They wanna go with us.

⚫Gotta: got to
Example: I've gotta go.

⚫Hafta: have to
Example: I hafta do it.

⚫Lemme: let me
Example: Lemme do this.

⚫Gimme: Give me
Example: Gimme a pen please.

❤️
18/10/2021

❤️

🔵  অসমৰ ৰাষ্ট্ৰীয় উদ্যান মুঠ ৭ খন।সেইকেইখন হৈছে,১. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান : এই ৰাষ্ট্ৰীয় উদ্যান খন গোলাঘাট আৰু নগাঁ...
12/10/2021

🔵 অসমৰ ৰাষ্ট্ৰীয় উদ্যান মুঠ ৭ খন।
সেইকেইখন হৈছে,

১. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান : এই ৰাষ্ট্ৰীয় উদ্যান খন গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত।
ক্ষেত্ৰফল : ৪৩০ বৰ্গ কিঃমিঃ
স্থাপিত : ১৯৭৪

২. মানস ৰাষ্ট্ৰীয় উদ্যান : বৰপেটা জিলাত অৱস্থিত
ক্ষেত্ৰফল : ৯৫০ বৰ্গ কিঃমিঃ
স্থাপিত : ১৯৯০

৩. ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান : তিনিচুকীয়া জিলাত অৱস্থিত
ক্ষেত্ৰফল : ৩৫০ বৰ্গ কিঃমিঃ
স্থাপিত : ১৯৯৯

৪. নামেৰি ৰাষ্ট্ৰীয় উদ্যান : শোণিতপুৰ জিলাত অৱস্থিত
ক্ষেত্ৰফল : ২০০ বৰ্গ কিঃমিঃ
স্থাপিত : ১৯৭৮

৫. ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান : ওদালগুৰি আৰু শোণিতপুৰ জিলাত অৱস্থিত
ক্ষেত্ৰফল : ৭৮.৮১ বৰ্গ কিঃমিঃ
স্থাপিত : ১৯৮৫

নতুনকৈ ঘোষণা কৰা ৰাষ্ট্ৰীয় উদ্যান ২ খন হৈছে:

৬. দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান : ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত
ক্ষেত্ৰফল : ২৩১.৬৫ বৰ্গ কিঃমিঃ
স্থাপিত : ২০০৪ ( ১৩ ডিচেম্বৰ ২০২০ ত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়)

৭. ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান : কোকৰাঝাৰ জিলাত অৱস্থিত
ক্ষেত্ৰফল : ৪২২ বৰ্গ কিঃমিঃ
স্থাপিত : ৯ জুন ২০২১

উৎস : ইন্টাৰনেট 🌐


~~অসমৰ অৰ্থনীতি~~⏺️অসমৰ অৰ্থনীতি কৃষি খণ্ডৰ লগত বিশেষ ভাৱে জড়িত, কিয়নো অসমৰ কৰ্মশক্তিৰ প্ৰায় ৬৯% লোক প্ৰধানকৈ কৃষি ক্ষ...
05/10/2021

~~অসমৰ অৰ্থনীতি~~

⏺️অসমৰ অৰ্থনীতি কৃষি খণ্ডৰ লগত বিশেষ ভাৱে জড়িত, কিয়নো অসমৰ কৰ্মশক্তিৰ প্ৰায় ৬৯% লোক প্ৰধানকৈ কৃষি ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰশীল।কিন্তু অসমৰ GSDP ত কৃষি খণ্ডৰ share মাত্ৰ ১৭%, অন্যহাতে
উদ্যোগিক খণ্ডৰ (industrial sector) ভাগ আছে ৩৯% আৰু সেৱা খণ্ডৰ ( service sector) ৪৪% (২০১৯-২০ ৰ তথ্যৰ পৰা)

⏺️অসমৰ কৃষি খণ্ড বিশেষকৈ চাহ ৰ ওপৰত নিৰ্ভৰশীল কাৰণ প্ৰায় ৬০% share অকলে চাহেই দখল কৰি আছে।

⏺️অসমৰ GSDP প্ৰায় 4.09 লাখ কোটি (ভাৰতৰ ভিতৰত স্থান 17) আৰু growth rate 8.5 %

⏺️2020-21 ৰ তথ্য মতে অসমৰ অৰ্থনীতিত যোগ তথা উপাৰ্জন হৈছে 92,231 কোটি আৰু খৰচ হৈছে 1.03 লাখ কোটি, অৰ্থাৎ উপাৰ্জনতকৈ খৰচৰ পৰিমাণ বেছি। ইয়াৰোপৰি চৰকাৰৰ ওপৰত অসমৰ GSDP ৰ 19.5% ৰ ঋণৰ বোজা আছে।



🔵 Don't waste your time
02/10/2021

🔵 Don't waste your time

🔵 Invest your time to learn something useful 🙏
29/09/2021

🔵 Invest your time to learn something useful 🙏

~~~ভাৰতীয় সংবিধানৰ ৰচনা~~~• ১৯৪৬ চনৰ মাৰ্চ মাহত ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰস্তুতি চলাবৰ বাবে ব্ৰিটিছ চৰক...
27/09/2021

~~~ভাৰতীয় সংবিধানৰ ৰচনা~~~

• ১৯৪৬ চনৰ মাৰ্চ মাহত ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰস্তুতি চলাবৰ বাবে ব্ৰিটিছ চৰকাৰে ইংলেণ্ডৰ তিনিজন মন্ত্ৰীৰে গঠিত
"কেবিনেট মিছন" ভাৰতবৰ্ষলৈ প্ৰেৰণ কৰে।

• এই কেবিনেট মিছনৰ তৎপৰতাত ১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰা হৈছিল।

এই বৈঠকৰ সভাপতিত্ব কৰিছিল ড° সচ্ছিদানন্দা সিনহাই আৰু
এই বৈঠকতে ড° ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল।

• এই সংবিধান সভাই ১৯৪৭ চনৰ ২৯ আগষ্টত সাতজন বিশেষজ্ঞৰে " খচৰা কমিটি" গঠন কৰে, য'ত ড° বি আৰ আম্বেদকাৰক সেই খচৰা কমিটিখনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছিল।
কমিটি খনৰ সদস্য সকলৰ নাম তলত উল্লেখ কৰা হৈছে:
ড° বি আৰ আম্বেদকাৰ ( সভাপতি)
এন গোপালস্বামী আয়েংগাৰ
আলাদি কৃষ্ণস্বামী আয়াৰ
কে এম মুন্সি
চৈয়দ মহম্মদ ছাদুল্লা
এন মাধৱ ৰাও
ডি পি খৈটান

• খচৰা কমিটিৰ প্ৰায় তিনিবছৰ যোৰা পৰিশ্ৰমৰ অন্তত ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে সংবিধানৰ
খচৰা প্ৰতিলিপি প্ৰস্তুত হয় আৰু সেই প্ৰতিলিপিত
সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে স্বাক্ষৰ কৰে।

• ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন সমগ্ৰ দেশৰ বাবে বলৱৎ কৰা হয় আৰু সেই বিশেষ দিনটোক প্ৰতি বছৰে ভাৰতবৰ্ষৰ "গণতন্ত্ৰ দিৱস" ৰূপে পালন কৰা হয়।



ফটো: খচৰা কমিটিৰ সদস্যসকল
ফটোৰ উৎস: ইণ্টাৰনেট

অসমীয়া ভাষাৰ ক্ৰম বিকাশ!
24/09/2021

অসমীয়া ভাষাৰ ক্ৰম বিকাশ!



23/09/2021

পোষ্ট ১ - ভাষা (অসমীয়া ভাষা)

~~ অসমীয়া ভাষাৰ উৎপত্তি! ~~

• ভাষা বিজ্ঞানী সকলৰ মতে অসমীয়া ভাষাৰ উৎপত্তি হয় মধ্য ভাৰতীয় আৰ্যভাষাৰ অন্তৰ্গত মাগধীয় অপভ্ৰংশৰ পৰা। অন্য অৰ্থত কব গলে অসমীয়া ভাষাৰ মূল মাগধীয় ভাষা।
মগধ অঞ্চলৰ পৰা উত্তৰ বংগ হৈ অহা এই আৰ্য ভাষাই সপ্তম শতিকা মানৰে পৰা প্ৰাচীন কামৰূপ তথা পশ্চিম অসমৰ এটা সুকীয়া ভাষা ৰূপে বিকাশ হব ধৰে।

• ড. বাণীকান্ত কাকতিৰ মতে অসমীয়া ভাষাৰ বিকাশ তিনিটা ভাগত ভাগ কৰিব পাৰি -
ক) প্ৰাচীন অসমীয়া ভাষা - চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষলৈ।
খ) মধ্যযুগীয় অসমীয়া ভাষা - সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈ।
গ) আধুনিক অসমীয়া ভাষা - ঊনবিংশ শতিকাৰ পৰা বৰ্তমানলৈ।

• বৰ্তমান স্কুল - কলেজ, অফিচ, কিতাপ পত্ৰ ইত্যাদিত চৰকাৰী মান্য ভাষাৰ ব্যবহাৰ হয়।
কিন্তু বৰ্তমান এই মান্য ভাষাৰ উপৰিও অসমত আৰু চাৰিটা উপভাষা আছে -
ক) উজনি অসমৰ উপভাষা
খ) মধ্য অসমৰ উপভাষা
গ) কামৰূপী উপভাষা আৰু
ঘ) গোৱালপৰীয়া উপভাষা

• বৰ্তমান অসমত প্ৰায় ১.৩০ কোটিৰো অধিক অসমীয়াভাষী লোক আছে আৰু সমগ্ৰ বিশ্বত ইয়াৰ সংখ্যা প্ৰায় ২ কোটি।
• অসমীয়া ভাষা ভাৰতীয় সংবিধানত স্বীকৃতি প্ৰাপ্ত এটা ভাষা।

মনত ৰাখিব লগীয়া প্ৰশ্ন সমূহ :

ক) অসমীয়া ভাষাৰ মূল কি?
খ) কেতিয়াৰ পৰা অসমীয়া ভাষা অসমত বিকাশ হব ধৰে?
গ) বৰ্তমান অসমত অসমীয়া ভাষাৰ উপভাষা কেইটা আছে?
ঘ) বৰ্তমান অসমত অসমীয়াভাষী লোকৰ সংখ্যা কিমান?

#অসমীয়া_ভাষা

Address

NH15
North Lakhimpur
784165

Website

Alerts

Be the first to know and let us send you an email when E-Learning Express posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share