Bidyabhawan Dimual

Bidyabhawan Dimual Stay tune for recent updates

শিৱসাগৰ জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হোৱা বিদ্যাভৱনে ১৯৯৫ চনৰে পৰা এই জিলাখনত এক শৈক্ষিক পৰিকাঠামো গঢ় দিয়াত উল্লেখনীয় বৰঙণি আগবঢ়াই আহিছে ৷ আহক আমি এই সকলোৱে সদৰ্থক ভাৱে এই যাত্ৰাৰ অংশীদাৰ হঁও ৷

প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হোৱা আমাৰ বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল  ৷ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি...
30/04/2025

প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হোৱা আমাৰ বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ৷

সন্মানীয় শুভাকাংক্ষী সকলৰ সদৰ্থক উপস্থিতি কামনাৰে 🙏
09/08/2024

সন্মানীয় শুভাকাংক্ষী সকলৰ সদৰ্থক উপস্থিতি কামনাৰে 🙏

নতুন শিক্ষাবৰ্ষৰ নতুন পৰিকল্পনাত সকলোৰে সহযোগিতা বিচাৰি -
16/03/2023

নতুন শিক্ষাবৰ্ষৰ নতুন পৰিকল্পনাত সকলোৰে সহযোগিতা বিচাৰি -

https://youtu.be/ZkP20AulplIবিদ্যালয়ৰ সংগীত বিষয়ৰ শিক্ষাগুৰু গৰাকীৰ বৰ্ণিল সাংগীতিক জীৱনেই কেৱল নহয় - ক৷ "বকতা"ৰ ঐতিহাসি...
16/10/2022

https://youtu.be/ZkP20AulplI

বিদ্যালয়ৰ সংগীত বিষয়ৰ শিক্ষাগুৰু গৰাকীৰ বৰ্ণিল সাংগীতিক জীৱনেই কেৱল নহয় -
ক৷ "বকতা"ৰ ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্ব ৷

খ৷ গীতিসাহিত্যক কোনসমূহ বিষয়ে প্ৰভাৱিত কৰে ৷

গ৷ পচলাৰ জনা, ফুলকোঁৱৰ - মণিকোঁৱৰ, টাই ভাষাৰ লোকসংগীত ৷

ঘ৷ গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ প্ৰথম বাৰলৈ বাণীৱদ্ধ হোৱা এটা গীতৰ পৰিচালনা আৰু চাৰ ৷
ঙ৷ নিজৰ একাগ্ৰতাৰে কেৱল শুনিয়েই বাদ্য বজাবলৈ শিকি উঠাৰ মনোৰম কাহিনী যেন লগা কথাৰ আৰৰ কথাবোৰ -

আপুনিও অনুভৱ কৰক চোন -

https://youtu.be/ZkP20AulplI

 #নিয়োগ
24/06/2022

#নিয়োগ

06/05/2022

মঞ্চবিহুৰ বতৰা ৷

সৃজনৰ আখৰাৰে, ন-পানীয়ে পথাৰ জীপাল কৰা দিনবোৰত কণমানি আঙুলিৰ ফাকেৰে ব’হাগ আহে ৷ আপুনিও আহিব এবাৰ ৷
11/04/2022

সৃজনৰ আখৰাৰে, ন-পানীয়ে পথাৰ জীপাল কৰা দিনবোৰত কণমানি আঙুলিৰ ফাকেৰে ব’হাগ আহে ৷ আপুনিও আহিব এবাৰ ৷

15/02/2022

উভতি আহক মুকলি দিনবোৰ ৷ বিদ্যালয়ত আৰম্ভ হৈছে সকলোৰে বাবে পাঠদান ৷ প্ৰাক - প্ৰাথমিক শ্ৰেণীৰ কণমানি সকলৰ সৈতে মৌচুমী বাইদেউ ৷ মনত পৰিছেনে আপোনাৰ শৈশৱৰ দিনবোৰ😊

নীৰৱে দায়িত্বৰ গুৰুত্ব যথাৰ্থভাৱে কঢ়িয়াই , অহা বাটেৰেই নীৰৱে গুচি যায় কিছু পূণ্যাত্মা ৷ সিহঁতৰ সৰু সৰু মনবোৰক অজান প্ৰযু...
04/06/2021

নীৰৱে দায়িত্বৰ গুৰুত্ব যথাৰ্থভাৱে কঢ়িয়াই , অহা বাটেৰেই নীৰৱে গুচি যায় কিছু পূণ্যাত্মা ৷ সিহঁতৰ সৰু সৰু মনবোৰক অজান প্ৰযুক্তিৰ বাবে যোৱাৰ বাট এটাৰ আৰম্ভণি কৰি আছিল বাইদেৱে ৷ মাতৃৰ দৰে সিহঁতৰ শিশুসুলভ দুষ্টালিবোৰত খং কৰিলেও মমতাৰে শুধৰাই আছিল সকলোবোৰ ৷ নীৰৱে বিদ্যালয়ৰ সকলো কাৰ্য লক্ষ্য কৰি থকা বাইদেৱে , প্ৰয়োজনতকৈ যদিও বেছি কথা নকৈছিল সেইদৰে প্ৰতিটো দায়িত্বৰ প্ৰতি আছিল উৎসৰ্গিত ধৰণে দায়বদ্ধ ! সূৰয মানুহ হওঁক ! সি যে বাইদেউৰ সপোন আছিল , সেইয়া বুজিছিলো ৷ দায়িত্ব পূৰণৰ বাবে হয়তো মানুহ আছে এই পৃথিৱীত , কিন্তু আৱেগৰ আঁচোৰ সনা মানুহৰ সলনি মানুহ বাৰু পোৱা যায়নে ! শিক্ষাৰ্থীসকলে ভিৰ কৰি থকা কম্পিউটাৰ ৰূমৰ দুৱাৰ খুলি সোমাবলৈ বুলু বাইদেউ কেতিয়াও নাহে !

সৃজনৰ হেপাহেৰে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ অনিৰুদ্ধ গতি ৷ জিলাখনৰ সকলো প্ৰান্ততে সম্ভাৱনাৰ অনিন্দ্যসুন্দৰ বাৰ্তাবহনেৰে স্বে...
25/02/2021

সৃজনৰ হেপাহেৰে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ অনিৰুদ্ধ গতি ৷ জিলাখনৰ সকলো প্ৰান্ততে সম্ভাৱনাৰ অনিন্দ্যসুন্দৰ বাৰ্তাবহনেৰে স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ দ্বাৰা আয়োজিত সপ্তম শিৱসাগৰ গ্ৰন্থ উৎসৱত জিলাখনৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠান সমূহৰ মাজত প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতাত প্ৰথম স্থান আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ গ শাখাত প্ৰথম স্থান আৰু VED ACADEMY JUNIOR কলেজে নাজিৰা মহকুমা ভিত্তিত আয়োজন কৰা জাচিংফা শীৰ্ষক প্ৰতিযোগিতা লানিত কুইজ , তৰ্ক আৰু দলীয় সৃষ্টিশীল নৃত্যত প্ৰথম আৰু একক গীত প্ৰতিযোগিতাৰ ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ৷
শিক্ষাগুৰুসকলৰ সহযোগত শিক্ষাৰ্থীসকলৰ এই সাধনা নিৰন্তৰ অব্যাহত থাকক ৷

11/02/2021

সোঁৱৰণীৰ সূতাৰে

ষষ্ঠ বিংশতিতম প্ৰতিষ্ঠা দিৱসৰ স্মৰণীয় মূহূৰ্ত ৷
06/02/2021

ষষ্ঠ বিংশতিতম প্ৰতিষ্ঠা দিৱসৰ স্মৰণীয় মূহূৰ্ত ৷

Address

Kakajan-khelua Road
Nazira
785685

Alerts

Be the first to know and let us send you an email when Bidyabhawan Dimual posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Bidyabhawan Dimual:

Shortcuts

Share

Category