24/12/2025
আলোকৰ যাত্ৰাত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন ২০২৫/২৬
নাজিৰা জাতীয় বিদ্যালয়
নিমন্ত্ৰণী শৰাই
_________________________
প্ৰতি,
নাজিৰা জাতীয় বিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকল,
জয় জয়তে তোমালোক সকলোলৈকে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন যাচিছো। আশা কৰোঁ আগন্তুক ইংৰাজী নৱবৰ্ষই তোমালোকলৈ কঢ়িয়াই আনক অফুৰন্ত আশা, উদ্দীপনা আৰু আনন্দ। ছাত্ৰ ছাত্ৰী সকল, তোমালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, অহা ৭/০১/২০২৬ বুধবাৰৰ দিনা
আমাৰ বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান ভাগি অনুষ্ঠিত কৰা হ'ব। অতি কম সময়ৰ ভিতৰতে অনুষ্ঠান ভাগি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ বাবে, অনুষ্ঠান ভাগি একেবাৰে অনুষ্টুপীয়াকৈ পালন কৰিব লগা হৈছে। সেয়ে তোমালোক সকলোলৈকে এই মাধ্যমৰ যোগেদি য়েই আমন্ত্ৰণ জনোৱা হ'ল। আশা কৰোঁ উক্ত দিনটোত সকলো ছাত্ৰ ছাত্ৰী সদলবলে আহি সামৰণি অনুষ্ঠান ভাগিত অঙ্খগ্ৰহণ কৰি , আমাৰ ২৫ বছৰীয়া ৰূপালী জয়ন্তী অনুষ্ঠান ভাগি সাফল্য মণ্ডিত কৰি তুলিবা।
ইতি
সকলো শিক্ষক শিক্ষয়িত্ৰী হৈ , হেমন্ত গগৈ
প্ৰধান শিক্ষক, নাজিৰা জাতীয় বিদ্যালয়।