শংকৰদেৱ বিদ্যা নিকেতন , নাজিৰা

  • Home
  • India
  • Nazira
  • শংকৰদেৱ বিদ্যা নিকেতন , নাজিৰা

শংকৰদেৱ বিদ্যা নিকেতন , নাজিৰা শংকৰদেৱ বিদ্যা নিকেতন , নাজিৰা

19/08/2026

🙏*মানুহে মানুহৰ বাবে-------*🙏

আমাৰ দুখৰ সময়ত আগবঢ়োৱা সহায়ৰ হাতবোৰ----

👉শিশু শিক্ষা সমিতি, অসমে নিকেতনৰ আচাৰ্য-আচাৰ্যা আৰু কৰ্মচাৰীসকলৰ বাবে প্ৰতিজনক ১০,০০০/-(দহ হাজাৰ) টকাকৈ আগবঢ়াইছে।
👉শিশু শিক্ষা সমিতি, অসমে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰায় ২,৫০,০০০/-(দুই লাখ পঞ্চাশ হাজাৰ) টকাৰ মূল্যৰ কিতাপ- বহী আৰু অন্যান্য সামগ্ৰী আগবঢ়াইছে।
👉লখিমপুৰ বিভাগে নিকেতনৰ আচাৰ্য-আচাৰ্যা আৰু কৰ্মচাৰীসকলক (প্ৰতিজনক ২৫০০/- টকাকৈ) এককালীন সাহাৰ্য প্ৰদান কৰিছে।
👉বিদ্যা ভাৰতীৰ প্ৰাক্তন ছাত্ৰ ভাৰতীয়ে ছাত্ৰ- ছাত্ৰীসকলৰ বাবে বহী আৰু লিখন সামগ্ৰী আগবঢ়াইছে।
👉শিশু শিক্ষা সমিতি অসমে বানাক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইউনিফৰ্ম,কিতাপৰ বেগ আৰু জোতা-মোজাৰ দিয়াৰ ব্যৱস্থা কৰিছে। সামগ্ৰীসমূহ দিল্লীৰ পৰা যোগান ধৰিব।নিকেতন আহি পালে সকলোকে দিয়া হ'ব।
👉 নগাঁও-হোজাই বিভাগ, তিনিচুকীয়া সংকুল, বিদ্যা ভাৰতীৰ প্ৰাক্তন ছাত্ৰ ভাৰতী,বৰপেটাৰোড নিকেতন আৰু বৰপেটা সংকুলে বানে ধোৱা নিকেতনৰ আন্ত:গাঁথনিৰ আৰু উন্নয়নৰ বাবে প্ৰায় ১,২০,০০০/- (এক লাখ বিশ হাজাৰ)টকাৰ ব্যৱস্থা কৰিছে।
👉গড়গাঁও মহাবিদ্যালয় শিক্ষাগুৰুসকলে বহী আৰু লিখন সামগ্ৰী আগবঢ়াইছে।
👉 বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰ,অৱসৰী অধ্যাপক জীতেন ফুকন আৰু বিশিষ্ট সমাজকৰ্মী প্ৰশান্ত বৰঠাকুৰ ডাঙৰীয়াই ছাত্ৰ- ছাত্ৰীসকলৰ বাবে কিতাপৰ বেগ আৰু লিখন সামগ্ৰী আগবঢ়াইছে।
👉ধেমাজীৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সদাশয় ব্যক্তিয়ে বানাক্ৰান্ত ছাত্ৰ -ছাত্ৰীসকলৰ বাবে ৫০ টা টি চাৰ্ট আৰু ৫০ টা ট্ৰেক পেণ্ট আগবঢ়াইছে।
👉গুৱাহাটীৰ এটা অনুষ্ঠানে নিকেতনৰ দুখীয়া তথা বানাক্ৰান্ত ৭০ টা পৰিয়ালৰ বাবে আঁঠুৱা, চাবোন, ফেনাইল, বিচনা চাদৰ আদি আগবঢ়াইছিল।
👉সোণাৰি আৰু তিনিচুকীয়া সংকুলে ছাত্ৰ-ছাত্ৰীৰ বাবে কাপোৰ, খাদ্যৰ টোপোলা,কিতাপ আদি আগবঢ়াইছিল।
👉ডিব্ৰুগড়ৰ আইন মহাবিদ্যালয় শিক্ষাগুৰুসকলে ছাত্ৰছাত্ৰীসকলৰ বাবে বহী আৰু লিখন সামগ্ৰী আগবঢ়াইছে।
👉গোলাঘাটৰ বহেমিয়ান মটৰ চাইকেল ক্লাৱে কিতাপৰ বেগ আৰু জ্যামিতি বক্স আগবঢ়াইছে।
👉নেপাল ৰাষ্ট্ৰৰ এটা আন্ত:ৰাষ্ট্ৰীয় সংস্থাই বহী আৰু লিখন সামগ্ৰী আগবঢ়াইছে।
👉নিকেতনৰ কেইগৰাকীমান প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে এখন হাৰমনিয়াম আগবঢ়াইছে।
👉 নাজিৰা সমজিলা প্ৰশাসনৰ তৰফৰ নিকেতনৰ শিক্ষাগুৰু আৰু কৰ্মচাৰীসকললৈ খাদ্যৰ টোপোলা আগবঢ়াইছে।
👉আৰু যোগাযোগ চলি আছে।সময়ত সকলো ব্যৱস্থ

নিকেতনৰ ২০১০-১১ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে আজি নিকেতনলৈ এখন হাৰমনিয়াম আগবঢ়াইছে। উল্লেখযোগ্য যে যোৱা ১৯ জুলাইত অহা প্ৰলয়ংক...
19/08/2026

নিকেতনৰ ২০১০-১১ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে আজি নিকেতনলৈ এখন হাৰমনিয়াম আগবঢ়াইছে। উল্লেখযোগ্য যে যোৱা ১৯ জুলাইত অহা প্ৰলয়ংকাৰী বানপানীত অন্যান্য সামগ্ৰীৰ লগতে দুখন হাৰমনিয়ামো নষ্ট হৈছিল। প্ৰাক্তন ছাত্ৰ -ছাত্ৰীসকলৰ নিকেতনখনৰ প্ৰতি থকা মৰম আৰু দায়বদ্ধতাৰ বাবে নিকেতন পৰিয়ালৰ হৈ তোমালোকক আন্তৰিক শলাগ আৰু কৃতজ্ঞতা জনাইছোঁ।

*ধন্যবাদ/কৃতজ্ঞতা* সাদৰ নমস্কাৰ। প্ৰলয়ংকাৰী বানে ক্ষতি কৰা  নিকেতনৰ পলস চাফাই কাৰ্যসূচীত নাজিৰাৰ বিশিষ্ট ব্যৱসায়ী তথা সম...
07/08/2026

*ধন্যবাদ/কৃতজ্ঞতা*

সাদৰ নমস্কাৰ।
প্ৰলয়ংকাৰী বানে ক্ষতি কৰা নিকেতনৰ পলস চাফাই কাৰ্যসূচীত নাজিৰাৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী শ্ৰদ্ধাৰ জাকিৰুল হুছেইনদেৱে তেওঁৰ কৰ্মচাৰীসকলৰ সৈতে নিজে হাতে-কামে লাগি পলস উলিয়াই ৬ টা শ্ৰেণীকোঠাসহ বাৰান্দা সম্পূৰ্ণ চাফা কৰি দিয়ে। তেখেতৰ এই সহায়ৰ বাবে আমি বিশেষভাৱে উপকৃত হ'লোঁ।এই আপাহতে নিকেতন পৰিয়ালবৰ্গৰ তৰফৰ পৰা তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। ভগৱানে তেখেতৰ লগতে পৰিয়ালবৰ্গকসদায়ে কুশলে ৰাখক।

*গোপাল বৰুৱা*
প্ৰধান আচাৰ্য
শংকৰদেৱ বিদ্যা নিকেতন, নাজিৰা

05/08/2026
03/08/2026

আমাৰ নিকেতনখনত বানপানীয়ে পেলোৱা পলস আৰু নিকেতনৰ লেতেৰা পৰিৱেশ চাফা কৰিবৰ বাবে কালি ০২ আগষ্ট,দেওবাৰৰ পৰা বিশেষ চাফাই অভিযান হাতত লোৱা হৈছে। আচাৰ্য-আচাৰ্যা, অভিভাৱক-অভিভাৱিকা, প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী , শুভাকাংক্ষী সকলোৱে হাতে-কামে লাগি নিকেতনত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে পুনৰ শিক্ষাগ্ৰহণ কৰিব পৰাকৈ এটা স্বাস্থ্যসন্মত আৰু সুন্দৰ পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিছে।

বানপানীয়ে ধুই যোৱা আমাৰ নিকেতনৰ অৱস্থা 😭😭😭
26/07/2026

বানপানীয়ে ধুই যোৱা আমাৰ নিকেতনৰ অৱস্থা 😭😭😭

23/07/2026

*সাদৰ নমস্কাৰ* ।

সকলোকে দুখেৰে জনাওঁ যে আমাৰ নিকেতনখনি বানপানীত ডুবিল।তলত উল্লেখ কৰা সকলো বস্তু নষ্ট হ'ল।
👉সকলো লাগতীয়াল ফাইল আৰু নথি -পত্ৰসমূহ
👉 কম্পিউটাৰসমূহ
👉 পৰীক্ষাৰ ৰেকৰ্ড বহীসমূহ
👉 মাইকৰ ব্যৱস্থা
👉পানীৰ মটৰ
👉কিতাপ-বহী
👉হাৰমনিয়াম
👉ডেক্স-বেঞ্চসমূহ

কোঠাৰ ভিতৰত পলস পৰিল ডেক্স-বেঞ্চসমূহ আৰু অন্যান্য আচবাবসমূহ পলসৰ মাজতে আছে।নিকেতন চাফা কৰিবৰ বাবে কামকৰা মানুহ পোৱা নাই ।বৰ সমস্যাত পৰিছোঁ।কি কৰিম উপায় বিচাৰি পোৱা নাই।নিকেতনখনি আকৌ সজাই তুলিব লাগিব।সকলোৱে সহায়- সহযোগ কৰিব বুলি আশা কৰিলোঁ।

*গোপাল বৰুৱা*

অসম চৰকাৰৰ অনিৰ্ধাৰিত পুঁজি *৫০,০০,০০০* /-( *পঞ্চাশ লাখ* ) টকাৰে নিৰ্মাণ কৰি থকা আমাৰ নিকেতনৰ নতুন গৃহটিৰ আজি চাদ ঢালাইৰ...
16/07/2026

অসম চৰকাৰৰ অনিৰ্ধাৰিত পুঁজি *৫০,০০,০০০* /-( *পঞ্চাশ লাখ* ) টকাৰে নিৰ্মাণ কৰি থকা আমাৰ নিকেতনৰ নতুন গৃহটিৰ আজি চাদ ঢালাইৰ কিছু দৃশ্য ...

Address

ৰজাপুল
Nazira

Website

Alerts

Be the first to know and let us send you an email when শংকৰদেৱ বিদ্যা নিকেতন , নাজিৰা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category