30/03/2024
দিনত তোমালোকক বিদ্যালয়ত অন্তিমবাৰৰ বাবে লগ পাইছিলোঁ, এইখন বিদ্যালয়ৰ বিদ্যাৰ্থী হিচাপে ৷ বুকুখন বিষাই গৈছে আজি ! 'অ, আ, A, B'ৰ পৰা Tense-লৈকে, '১,২,৩'ৰ পৰা 'আয়তন'লৈকে, 'জন্তু, চৰাই, নদী, পাহাৰ'ৰ নামৰ পৰা সামাজিক সমস্যা, ভাৰতৰ সংবিধানলৈকে বিস্তৃত সুদীৰ্ঘ এই ছটা বছৰে জীৱনৰ বাকী পৰ্যায়বোৰত তোমালোকক সফল তথা সজাগ নাগৰিক হিচাপে গঢ়াত কিঞ্চিত সহায় কৰিলে সমাজ আৰু দেশৰ বাবে আমাৰ কষ্ট ও চেষ্টা সফল হোৱা বুলি ভাবিম ৷ তোমালোকলৈ বহু বহু শুভকামনা 🥰💐