28/05/2026
আর্থিক সীমাবদ্ধতাক নেওচি সফলতাৰ শিখৰত: ধৃতিস্মিতা শৰ্মাৰ এগৰাকী সফল নাৰ্চ হোৱাৰ এক অনুপ্ৰেৰণাদায়ক কাহিনী।
পৰিস্থিতিৰ সৈতে যুঁজি নিজৰ সপোনক বাস্তৱ কৰাৰ নামেই জীৱন। নালবাৰীৰ বৰকুৰাৰ পৰা আহি এম.এন.চি. মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী ধৃতিস্মিতা শৰ্মাই আজি প্ৰমাণ কৰিলে যে অদম্য ইচ্ছাশক্তি আৰু সঠিক পথ প্ৰদৰ্শক থাকিলে আৰ্থিক অৱস্থাই কেতিয়াও সফলতাৰ বাটত হেঙাৰ হ'ব নোৱাৰে। শিক্ষা ঋণৰ সহায়ত আৰু 'সাৰথি নাৰ্ছিং ইনষ্টিটিউট'ৰ নিৰন্তৰ প্ৰশিক্ষণত আজি তেওঁ এক স্বাৱলম্বী নাৰী হিচাপে প্ৰতিষ্ঠিত। সাৰথি হাস্পতালৰ ৱাৰ্ডত ৰোগীৰ সেৱা কৰি আজি তেওঁ কেৱল সমাজৰেই নহয়, নিজ পৰিয়ালৰো সাহস হৈ উঠিছে। আপুনিও যদি সপোন দেখে এক উজ্জ্বল কেৰিয়াৰৰ, তেন্তে সাৰথি নাৰ্ছিং ইনষ্টিটিউটৰ সৈতে যোগ দিয়ক।
"