20/09/2025
একাজলি অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি......
“জুবিন, তুমি সুৰৰ অনন্ত যাত্ৰা”
অশ্ৰুতে ভিজা আজি আমাৰ নয়ন,
তোমাৰ গীতেই আছিল জীৱনৰ ধন।
হঠাতে থমকি গ’ল সেই সুৰৰ পথ,
মনত গম্ভীৰ হিয়া কঁপোৱা ব্যথা।
ও জুবিন, তুমি সুৰৰ অনন্ত যাত্ৰা,
তুমি হিয়াত জীয়াই থাকিবা চিৰকাল।
প্ৰতি শ্বাসত, প্ৰতি সুৰত,
তোমাৰ মৰমেৰে ভৰাই থাকিব জগৎ।
মঞ্চৰ আলোকে তোমাক বিচাৰে,
শ্ৰোতাৰ হৃদয় তোমাৰ গানেই উজাৰে।
তুমি যোৱা নথাকিলা সঁচাকৈয়ে,
চিৰজীৱী হৈ থাকিলা সংগীতৰ ৰঙত।
ও জুবিন, তুমি সুৰৰ অনন্ত যাত্ৰা,
তুমি হিয়াত জীয়াই থাকিবা চিৰকাল।
প্ৰতি শ্বাসত, প্ৰতি সুৰত,
তোমাৰ মৰমেৰে ভৰাই থাকিব জগৎ।
অসমৰ মাটি তোমাৰ গীতত ধ্বনি,
প্ৰজন্মে প্ৰজন্মে সোঁৱৰিব তোমাৰ কাহিনী।
অশ্ৰুশিক্ত নয়নৰে দোঁহাই দিছোঁ আজি,
ও জুবিন, তুমি আমাৰ অনন্ত সুৰৰাজি।