08/06/2024
টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্রৰ বিভিন্ন প্ৰতিযোগিতা সমাপন
বিশেষ প্ৰতিবেদকৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ৮ জুন, ২০২৪
অসম প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অন্তৰ্গত আৰ্যভট্ট বিজ্ঞান কেন্দ্রৰ নলবাৰী জিলাৰ টিহু খণ্ডৰ দ্বাৰা আজি টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনত টিহু খণ্ড উন্নয়নৰ অধীনৰ বিদ্যালয়বোৰৰ ষষ্ঠ শ্রেণীৰপৰা দ্বাদশ শ্রেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান ভিত্তিক আৰ্হি, আকস্মিক বক্তৃতা, চিত্ৰাংকণ আৰু ধাৰণা প্রতিযোগিতাৰ আয়োজন কৰা হয় । এই উপলক্ষে আহা আমি পৃথিৱীখন বচাও শীর্ষক বিষয়ৰ চিত্রাংকন প্রতিযোগিতাত টিহুৰ এঞ্জেল একাডেমিৰ তাপসী কাশ্যপ প্ৰথম, টিহুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ উপাসনা ঠাকুৰীয়া দ্বিতীয় আৰু টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী নিকিতা হালৈয়ে তৃতীয় স্থান লাভ কৰে । আকস্মিক বক্তৃতা প্রতিযোগিতাত নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতার্থ ডেকা প্রথম, নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জৱলিকা ডি কাশ্যপ দ্বিতীয় আৰু হাৰিভাঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শান্তনু কলিতাই তৃতীয় স্থান অধিকাৰ কৰে । বিজ্ঞান ভিত্তিক আৰ্হি প্ৰতিযোগিতাত নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনুৰাগ ডেকা আৰু সাগৰ সংগম দাসৰ দলে প্ৰথম, টিহুৰ আৰ্যভট্ট একাডেমিৰ ধৃতিৰাজ চৌধুৰী আৰু বিটুষ্মিতা ডেকাৰ দলে দ্বিতীয় তথা টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ হেমৰাজ মেধি আৰু উপকূল কাশ্যপৰ দলে তৃতীয় স্থান লাভ কৰে । প্ৰতিযোগিতা সমাপন হোৱাৰ পাছতে আৰ্যভট্ট বিজ্ঞান কেন্দ্রৰ টিহু খণ্ডৰ সভাপতি দীপালী ডেকাৰ পৌৰোহিত্যত হোৱা তথা আর্যভট্ট বিজ্ঞান কেন্দ্রৰ টিহু খণ্ডৰ খণ্ড সমন্বয়ক অণিমা কলিতা ডেকা আৰু শিক্ষক হিতেশ মেধিয়ে আঁত ধৰা বঁটা বিতৰণ অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, নলবাৰী জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমন্বয়ক প্ৰদীপ মহন্ত, টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ উপদেষ্টা প্ৰমোদ ডেকাই প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলৰ মাজত বঁটা বিতৰণ কৰে । এই প্রতিযোগিতাৰ প্রতিটো বিষয়ৰ প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান প্রাপকে নলবাৰী জিলা পর্যায়ত হ’বলগীয়া প্রতিযোগিতাত অংশ ল’ব পাৰিব । টিহু মহাবিদ্যালয়ৰ অধ্যাপক দীপাঞ্জল দে’, নীলমজ্যোতি দত্ত, বিভিন্ন বিদ্যালয়ৰ শিক্ষক ক্ৰমে সংগীতা কলিতা, গিৰীশ তালুকদাৰ, বৰষা দাস, ৰূপম শৰ্মা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক দীপক শৰ্মাৰ বিশেষ সহযোগত হোৱা এই প্ৰতিযোগিতাবোৰৰ পূৰ্বে পুৱা আর্যভট্ট বিজ্ঞান কেন্দ্রৰ পতাকা উত্তোলনেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে আর্যভট্ট বিজ্ঞান কেন্দ্রৰ টিহু খণ্ডৰ খণ্ড সমন্বয়ক অণিমা কলিতা ডেকাই । আর্যভট্ট বিজ্ঞান কেন্দ্রৰ টিহু খণ্ডৰ খণ্ডৰ সভাপতি দীপালী ডেকা আৰু মণ্ডল সমন্বয়ক সঞ্জীৱ দাসে গছপুলি ৰোপণ কৰে । মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতিভা দেৱীয়ে প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে । উল্লেখযোগ্য যে এই অনুষ্ঠানৰ মাজতে চিকিৎসা বিভাগৰ বহুমুখী কৰ্মচাৰী কুলেন কলিতাই ধঁপাত নিয়ন্ত্ৰণ বিষয়ত উদ্দীপনাময় ভাষণ প্ৰদান কৰে ।
(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)
Protibedok Live: June 8, 2024